And a andClass 12 History
Book 1
Lesson 1
ইটা মণি আৰু হাড়বোৰ


A) Very Short Type Question :

1। ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালপ্ৰধান কোন আছিল ?
( এই প্ৰশ্নটো 2014 আৰু 2016 চনত আহিছিল )
উত্তৰঃ আলেকজেণ্ডাৰ কানিংঘাম।


2। মাটিৰ ঢিপ কি ? 
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ মাটিৰ ঢিপ আছিল মৃত্যু দেহ পুতি ঠাই।


3।  ভাৰতবৰ্ষৰ পুৰাতত্ত্বৰ  ' পিতা ' হিচাপে কাক আখ্যা দিয়া হয় ? 
( এই প্ৰশ্নটো 2012 আৰু 2015 চনত আহিছিল )
উত্তৰঃ আলেকজেণ্ডাৰ কানিংঘাম।


4। সিন্ধু উপত্যকাকত সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল ?
( এই প্ৰশ্নটো 2018 চনত আহিছিল  চনত আহিছিল )
উত্তৰঃ হৰপ্পাত।


5। হৰপ্পা সভ্যতাত শস্য গুড়ি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি ?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰঃ জাত ব্যৱহাৰ কৰা হৈছিল।

6। পোনপ্ৰথমে আৱিষ্কাৰ কৰা হৰপ্পীয় সভ্যতাৰ ঠাইখনৰ নাম কি ? 
( এই প্ৰশ্নটো 2013 চনত আহিছিল )
উত্তৰঃ হৰপ্পা |


7। Further Excavations at Mohenjo - daro কোনে লিখিছিল ?
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ আনেষ্ট মেকি।


8। ব্ৰাহ্মী আৰু খৰোষ্টি আখৰৰ পাঠ উদ্ধাৰ কোনে প্ৰথমে কৰে ?
( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উত্তৰঃ জেমছ প্ৰিয়েঞ্চ।

7। সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলি কিয় কোৱা হয় ?
উত্তৰঃ হৰপ্পাত সিন্ধু সভ্যতাৰ সংস্কৃতিৰ নিদৰ্শন প্ৰথমে আৱিষ্কাৰ হৈছিল সেই কাৰণে সিন্ধু সভ্যতা ক হৰপ্পা সভ্যতা বুলি জনা যায়।


8। হৰপ্পা সভ্যতাৰ কোন দুখন ঠাইত নাঙলৰ টেৰাকোটা আৰ্হি পোৱা গৈছে ?
উত্তৰঃ বনৱালি আৰু কালিংৱান |


9। হৰপ্পা সভ্যতাৰ কোনখন ঠাইত খেতিত পানী যোগানৰ বাবে খাল খন্দা হৈছিল ?
উত্তৰঃ  গুজৰাটৰ ধলভিৰা |


10।  সিন্ধু সভ্যতাৰ কোনটো অঞ্চল প্ৰথমে আৱিষ্কৃত হৈছিল ?
উত্তৰঃ হৰপ্পা।


11। হৰপ্পা সভ্যতাৰ বেছি সংখ্যক অঞ্চল কেনে ভূমিত অৱস্থিত ?
উত্তৰঃ অৰ্ধ অনুৰ্বৰ ভূমি।



12। হৰপ্পা সভ্যতাৰ বেছি সংখ্যক অঞ্চল কেনে ভূমিত অৱস্থিত আছিল ?
উত্তৰঃ অৰ্ধ অনুৰ্বৰ ভূমি ।



13। গুজৰাটৰ থকা হৰাপ্পা সভ্যতাৰ অঞ্চল দুটা কি কি ?
উত্তৰঃ  ধলভিৰা আৰু ব্ৰুচ।


14।  সিন্ধু সভ্যতাত ষ্টিটাইট ক'ৰপৰাা আহিছিল ?
উত্তৰঃ উত্তৰ ৰাজস্থান আৰু দক্ষিণ ৰাজস্থান।


15।  ভাৰতত কোনটো হৰপ্পা সভ্যতা বুলি কোৱা হয় ?
উত্তৰঃ সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলি কোৱা হয়।


16। মহেঞ্জদাৰোৰ খনন কাৰ্য কেটিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯২৫ চনত


17। গণেশ্বৰ যোধপুৰ সংস্কৃতি মানে কি ?
উত্তৰঃ ৰাজস্থান ৰ ক্ষেত্ৰী অঞ্চল ত প্ৰচুৰ পৰিমাণে তাম পোৱা গৈছিল। ক্ষেত্ৰী অঞ্চল ত  প্ৰাপ্ত মাটিৰ বাচন বোৰ হৰপ্পা ৰ মাটিৰ বাচন সৈতে একে নহয়। সেই বাবে  পুৰাতত্ত্ববিদ সকলে ক্ষেত্ৰী অঞ্চলক গণেশ্বৰ যথপুৰ সংস্কৃতি বুলি কৈছিল।



18। মহেঞ্জদাৰোত কিমানটা কুঁৱা আৱিষ্কাৰ হৈছে ?
উত্তৰঃ ৭০০ ত কুৱা আৱিষ্কাৰ হৈছিল।


19।  সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ আটাইতকৈ উল্লেখনীয় শিল্পকৰ্মটো কি আছিল ?
উত্তৰঃ হস্ত শিল্প।


20।  সিন্ধু সভ্যতাৰ সময়সীমা লিখা ।
উত্তৰঃ  আনুমানিক ২৬০০ ৰ পৰা ১৯০০ খিষ্টপূৰ্ব ৰ ভিতৰত।


21। সিন্ধু সভ্যতাৰ কোনটো অঞ্চলত হাল বোৱা পথাৰ আৱিষ্কাৰ হৈছে ?
উত্তৰঃ ৰাজস্থান কালিংবান।


22। হৰপ্পা বা সিন্ধু সভ্যতাৰ আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্যটো কি ?
উত্তৰঃ হৰপ্পা বা সিন্ধু সভ্যতা নগৰীয় সভ্যতা আছিল।


23।  সিন্ধু সভ্যতাৰ কোনটো অঞ্চল বেছি বিখ্যাত ?
উত্তৰঃ মহেঞ্জোদাৰো।


24। বনৱালী আধুনিক ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত ?
উত্তৰঃ  হাৰিয়ানা ৰাজ্যত।


25।  চীল - মোহৰৰ ব্যৱহাৰ সিন্ধু সভ্যতাত কিয় কৰা হৈছিল ?
উত্তৰঃ  দূৰ-দুৰণি সৈতে যোগাযোগ সুবিধা বাবে চিল-মোহৰ ব্যবহাৰ কৰা হৈছিল।


26। হৰপ্পা সভ্যতাৰ লোকসকলে ক'ৰপৰা ৰক্তপ্ৰবাল সংগ্ৰহ কৰিছিল ?
উত্তৰঃ আফগানিস্তান চৰটঘাই।


27। Further excavations at  Mahenjodaro পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ  আনেষ্ট মেকী।


28। ৰাজস্থানৰ কোনটো অঞ্চল তামৰ বাবে বিখ্যাত আছিল ?
উত্তৰঃ ক্ষেত্ৰি অঞ্চল


29।  হৰপ্পা সভ্যতাৰ কোন কোন অঞ্চলত শামুকৰ খোলা বেছিকৈ পোৱা গৈছিল ?
উত্তৰঃ নাগেশ্বৰ আৰু বালকত


30। মাগান বুলিলে কি বুজা ?
উত্তৰঃ  মাগান হল উমান নামৰ এখন ঠাই নাম।


31। হৰপ্পা সভ্যতাত কোনবিধ শস্য দুৰ্লভ আছিল ?
উত্তৰঃ ধান ।
 




B) Short Type Questions :


1। হৰপ্পা সভ্যতাৰ যি কোনো দুটা মূল বৈশিষ্ট্য কৰা ।
( এই প্ৰশ্নটো 20১৩ আৰু 2017 চনত আহিছিল )
উত্তৰঃ  হৰপ্পা সভ্যতা আছিল নগৰীয়া সভ্যতা।
১) হৰপ্পা সভ্যতা নগৰ সমূহ দুটা ভাগত ভাগ কৰা হৈছিল দুৰ্গ অঞ্চল আৰু নিম্ন অঞ্চল
২) সু-পৰিকল্পিত ভাৱে নিৰ্মিত জলনিস্কাখন ব্যবস্থা তথা পয়:প্ৰণালী আছিল হৰপ্পা সভ্যতা অন্যতম বৈশিষ্ট।


2। হৰপ্পাৰ লোকসকৰলৰ জীৱন - নিৰ্বাহৰ দুটা কৌশল ?
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ  হৰপ্পা লোকসকলে বহু প্ৰকাৰ উদ্ভিদ জাত খাদ্য আৰু মাছক ধৰি ভালেমান প্ৰাণী খাদ্য খাইছিল। হৰপ্পা সভ্যতা লোক সকলে বিভিন্ন ধৰণৰ
শস্যে উৎপাদন কৰিছিল। হৰপ্পা সভ্যতাৰ ঠাই সমূহত বহুতো জীৱ জন্তু জঁকা আবিষ্কাৰ হৈছে।তাৰ পৰা গম পোৱা যায় হৰপ্পা লোক সকলে জীৱ জন্তু পোহ পালন কৰিছিল।
হৰপ্পা লোক সকলৰ আন এটা জীৱন নিৰ্বাহৰ কৌশল আছিল ব্যৱসায় বাণিজ্য কৰা।তেওঁ লোকে আন দেশৰ লগত ব্যৱসায় কৰিছিল।সেই কথা প্ৰমাণ হৈ আন দেশ সমূহত আৱিষ্কৃত হৰপ্পা লিপি, ছিল মোহৰ আৰু অন্যান্য শিল্প জাত বস্তুৰ পৰা।


3।  হৰপ্পীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে চমুকৈ লিখা ।
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰঃ  হৰপ্পা সভ্যতা ধৰ্মীয় বিশ্বাস সম্পৰ্কে সঠিক জানিব পৰা নাযায় কাৰণ  হৰপ্পা সভ্যতাৰ কোনো লিখিত উৎস আবিষ্কাৰ হোৱা নাই।কিন্তু ইতিহাসবিদ সকলে পাপ্ত কিছুমান বস্তু ধৰ্মীয় ক্ষেত্ৰত জৰিত বুলি বিশ্বাস কৰে। এনে বস্তু বোৰৰ ভিতৰত পোৰা মাটিৰ সজা কিছুমান নাৰী মূৰ্তি পাইছে।এই নাৰী মূৰ্তি সমূহ মাতৃ দেৱী মূৰ্তি বুলি বিশ্বাস কৰে। মহেঞ্জোদাৰো আৱিষ্কৃত ডাগৰ গা ধোঁৱা ঘৰ, কলিংবান আৰু লোথাৰ আৱিষ্কৃত অগ্ননি বেদী ধৰ্মীয় ক্ষেতত জৰিত বুলি বিশ্বাস কৰে।ধৰ্মীয় ৰীতি নীতি জৰিত বুলি অনুমান কৰা কিছুমান ছিল মোহৰ আবিষ্কাৰ হৈছে। কিছুমান ছিল মোহৰত এখন ভৰি আনখনৰ উপৰত তুলি দি যোগী ভঙ্গী বহি থকা পুৰুষ মূৰ্তিও আবিষ্কৃত হৈছে। এই পুৰুষ মূৰ্তি টো  হিন্দু ধৰ্মৰ দেৱতা শিৱ ৰ চাৰিত্ৰিক বৈশিষ্টৰ মূৰ্তি পণ্ডিত সকলে অনুমান কৰিছে।


4। হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা ?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰো । 


5। হৰপ্পীয় লিপিসমূহৰ যিকোনো দুটা বৈশিষ্য লিখা ।
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰঃ  ১) হৰপ্পা ৰ লিপিবোৰ সোহাত পৰা আৰম্ভ কৰি বাওঁহাত পিনে লিখা হৈছে।
২) হৰপ্পা লিপি সমূহৰ চিহ্ন বহুতো। প্ৰায় ৩৭৫ ৰ পৰা ৪০০ ভিতৰত আছিল।


6। ইতিহাস পুনৰৰ্ণিমাণৰ বাবে পেলনীয়া বস্ত্তক দৰকাৰী সমল বুলি ভৱাৰ দুটা কাৰণ দৰ্শোৱা ?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ ইতিহাসবিদ সকলে ইতিহাস পুনৰ নিৰ্মাণ পেলনীয়া বস্তুক দৰকাৰী সমল বুলি ভবাৰ দুটা কাৰণ হল।
১)পেলনীয়া বস্তু সমূহৰ ভিতৰত শিল, খুট নথকা শামুকৰ খোলা,তামৰ আকৰ, হাতুৰী, বতালি ধৰি বিভিন্ন সামগ্ৰী কেতিয়াও সময়ৰ লগত বেয়া হৈ নাযায়। গতিকে এই সামগ্ৰী পুৰাতত্ত্ববিদ সকলে গবেৰ্ষণা কৰি ইতিহাস পুনৰ উৎদ্বাৰ কৰে।

২) পেলনীয়া বস্তু সমূহৰ যোগেদি পুৰাতত্ত্ববিদ সকলে বস্তু উৎপাদন কেন্দ্ৰ সমূহ কত অবস্থিত আছিল সেই কথা জনাত সহায় পায়।


7। সিন্ধু সভ্যতাৰ লোকসকলে কি কি শস্য খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ সিন্ধু সভ্যতা লোকসকলে উদ্ভিদ জাত খাদ্য আৰু মাছ ধৰি ভালেমান প্ৰাণীজ খাদ্য খাইছিল। হৰপ্পা অঞ্চল  প্ৰাপ্ত শস্য  ভিতৰত প্ৰধান কৈ গম, বাৰ্লি, মাটিমাহ,তিল,ডাইল পোৱা গৈছিল। কিছুমান অঞ্চলত বজৰা আৰু কণী ধান  পোৱা গৈছে। এইবোৰ শস্যকে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।


8। সিন্ধু অধিবাসীসকলৰ গৃহ নিৰ্মাণৰ বিষয়ে লিখা ।
উত্তৰঃ সিন্ধু সভ্যতা ৰ ভালেমান গৃহৰ স্থাপত্য কলাৰ নিদৰ্শন পোৱা যায়।অধিক সংখ্যক গৃহবোৰ মাজৰ ভাগত এখন চোতালক কেন্দ্ৰ কৰি কোঠা বোৰ নিৰ্মাণ কৰা হৈছে। গৃহ প্ৰবেশ দুৱাৰ এনে ধৰণে সজা হৈছিল যাতে বাহিৰৰ পৰা ঘৰৰ ভিতৰ বা চোতাল দেখা নাযায়। প্ৰতিটো ঘৰতে ইয়াৰে সজা একোটা গা ধোৱা ঘৰ আছিল।আৰু ইয়াৰ সৈতে সংযোগ একোটা নৰ্মদা আছিল যাতে লেতেৰা পানীবোৰ নৰ্মদাত পৰা।কিছুমান ঘৰত কুৱা আছিলে। মহেঞ্জোদাৰো এনেকুৱা ৭০০ কুৱা পোৱা গৈছে।


9। সিন্ধু সভ্যতাৰ কৃষি ব্যৱস্থাৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰঃ  সিন্ধু সভ্যতাৰ ঠাই সমূহত শস্য বীজ সমূহৰ আৱিষ্কাৰে খেতি-বাতিৰ প্ৰচলনৰ কথা প্ৰমাণিত কৰে।কিন্তু কি পদ্ধতিৰে খেতি কৰিছিল সেই বিষয়ে জনা নাজাই। কিন্তু হৰপ্পা ৰ কিছুমান চিল মোহৰ আৰু পোৰা মাটিৰ বস্তু বোৰত  গৰু চিত্ৰ দেখা যায়।সেই বাবে ইতিহাসবিদ সকলে অনুমান কৰা যে গৰু জৰিয়তে মাটিচহ কৰিছিল। হৰপ্পাৰ অন্ত্ভূক্ত হাৰিয়ানা বনৱালিত পোৰা মাটিৰে সজা নাগলৰ নষ্কাও পোৱা গৈছে। ৰাজস্থান কালিংবান এটুকুৰা চহোৱা মাটিৰ অৱস্থিতি পোৱা গৈছে। হৰপ্পাৰ অধিক ঠাই অৰ্ধ অনুৰ্বৰ আছিল বাবে নিশচয় জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োজন আছিল। হৰপ্পা সভ্যতা অন্ত্ভূক্ত আফগানিস্তান চতুৰ্ঘাইত জলসিঞ্চন বাবে খন্দা নলা পোৱা গৈছে। গুজৰাটৰ ঢলাভিৰাত দৃষ্টি গোচৰ হোৱা খাল বোৰ পানী জমা কৰাৰ বাবে খন্দা হৈছিল বুলি অনুমান কৰা হয়।



10। শিল্প উৎপাদনৰ কৌশল সম্পৰ্কে চমুকৈ লিখা ?
উত্তৰঃ সিন্ধু সভ্যতাৰ লোকসকলে হস্ত নিৰ্মিত শিল্প সমূহ বিশেষকৈ তৈয়াৰ কৰিছিল।সেই কথাৰ প্ৰমাণ পোৱা যায় সিন্ধু সভ্যতাৰ বিভিন্ন ঠাইত আৱিষ্কৃত হস্ত নিৰ্মিত বস্তু সমূহৰ পৰা।তেওঁলোকে শিল্প উৎপাদন বাবে বিশেষ কৌশল প্ৰয়োগ কৰিছিল। পুৰাতত্ত্ববিদ সকলে গৱেৰ্ষণা কৰি আবিষ্কাৰ কৰিছে যে এবিধ হালধীয়া কেঁচামাল আৰু বিভিন্ন মণি জুইত দিয়াৰ পিছত কৰ্ণলীয়ন ৰঙা বৰণটো পোৱা গৈছিল।এইদৰে প্ৰাপ্ত সৰু সৰু টোপুৰা বোৰ যিকোনো এটা আকৃতি সৰু সৰু কৰি তাৰ পিছত মিহিকৈ চকলিয়াই  এটা সম্পূৰ্ণ ৰূপে দিয়া হৈছিল।ইয়াৰ পিছত এইবোৰ ডলি, নিমজ  কৰি বিন্ধনা ছিদ্ৰত ঢালি মণি প্ৰস্তুত কৰা হৈছিল।

১১। সিন্ধু সভ্যতাৰ শিল্প উদ্যোগবোৰলৈ কেনেদৰে কেঁচা - সামগ্ৰী আহিছিল ? 
উত্তৰঃ পুৰাতাত্ত্বিক সকলে সিন্ধু সভ্যতাৰ বহুতো পুৰাতাত্ত্বিক সমল আবিষ্কাৰ কৰিছে।সেই কথাৰ পৰাই উমান পোৱা যায় যে  হৰপ্পা লোক সকল শিল্প ক্ষেত্ৰত আগবঢ়া আছিল। পুৰাততত্ববিদ অনুমান কৰিছে যে সিন্ধু সভ্যতাৰ বহুতো শিল্প উদ্যোগ আছিল।আৰু এই উদ্যোগ সমূহত কেঁচা মাল সমূহ বিভিন্ন ঠাই পৰা অনা হৈছিল।
সিন্ধু সভ্যতাৰ লোকসকলে জল পৰিবহণ  আৰু স্থল পৰিবহণ ব্যৱস্থাৰ যোগেদি কেঁচা মাল সমূহ বেলেগ ঠাই সমূহৰ পৰা আনিছিল।



12। সিন্ধু সভ্যতাৰ চিল - মোহৰ সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ সিন্ধু সভ্যতাৰ লোকসকলে দূৰ দুৰণি সৈতে যোগাযোগ সুবিধা বাবে ছিল মোহৰ ব্যৱহাৰ কৰিছিল। হৰপ্পাৰ লোকসকলে বস্তুৰ মোনা বোৰৰ মুখখন  ৰছী ৰে বান্ধি ৰছী ৰ গাঁঠিটোৰ তলত তিতি থকা আলতিয়া মাটিৰ এটা প্ৰলেপ দি ইয়াৰ ওপৰত এটা বা ততোধিক ছিল মোহৰ ছাপ দিয়া হৈচিল। যদি মোনাটোৰ ছিল মোহৰ নিখুদ অৱস্থাত থাকে তেন্তে এই টো কথা প্ৰতিপন্ন হয় যে মোনা টো কোনেও খোলা নাই বুলি হৰপ্পাৰ লোক সকলে ভাবিছিল। ইয়াৰোপৰি ছিল মোহৰ দিয়াৰ বাবে  মোনা টো কোনে পঠিয়াইছিল সেই কথা গম পাইছিল।


13। সিন্ধু সভ্যতাৰ জোখ - মাপৰ বিষয়ে লিখা ।
উত্তৰঃ  হৰপ্পা সভ্যতা ৰ লোকসকলে চাৰ্ত অথবা ক্ষিৰ প্ৰস্ত নামেৰে এবিধ শিল ৰে প্ৰস্তুত ওজনৰ দ্বাৰা এক নিৰ্দিষ্ট আৰু যথাযথ পদ্ধতিৰে বস্তু ক্ৰয় বিক্ৰয় কৰিছিল।ওজন বোৰ সাধাৰণতে আছিল ঘনাকাৰ  আৰু কোনো ধৰনৰ চিনহ নথকা। নিম্ন ওজন বাবে যুগ্ম সংখ্যা ১,২,৪,৮,১৬ আদি পৰা আৰম্ভ কৰি ১২,৮০০ লৈ আৰু উচ্চ ওজন বাবে দশমিক পদ্ধতি ব্যৱহাৰ হৈছিল। নিম্ন ওজন বোৰ আঁ- অলংকাৰ আৰু মণি জুখিবলৈ ব্যবহাৰ হৈচিল। ইয়াৰ বাহিৰে ধাতু নিৰ্মিত ভালেমান তুলাচনি আৱিষ্কাৰ হৈছে।
 

14।  মহেঞ্জদাৰোৰ গৃহ নিৰ্মাণ কৌশলৰ বিষয়ে লিখা ।
উত্তৰঃ মহেঞ্জোদাৰো নামনিৰ নগৰত ভালেমান গৃহ নিৰ্মাণ কৌশল দেখা যায়।গৃহ সমূহৰ মাজত এখন চোতাল আছিল আৰু চোতাল চাৰিওফালে কোঠা বোৰ নিৰ্মাণ কৰা হৈছিল। বিশেষকৈ জহৰ দিন আৰু শুকান বতৰত এই চোতালখন ৰন্ধা বঢ়া বোৱা কটা আদি কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গৃহ সমূহৰ প্ৰবেশ দুৱাৰ এনে ধৰণে সজা হৈছিল যাতে বাহিৰৰ পৰা ঘৰৰ ভিতৰ বা চোতাল খন দেখা নাযাই। প্ৰতি ঘৰতে ইটাৰে সজা একোটা গা ধোঁৱা আৰু ইয়াৰ সৈতে সংলগ্ন নলা আছিল যাতে গা ধোঁৱা পানী বোৰ পোনে পোনে নলাত পৰে। সকলো গৃহতে একোটা পানীৰ কুঁৱা আছিল। মহেঞ্জোদাৰো প্ৰায় ৭০০ কোঁৱা আছিল বুলি পণ্ডিত সকলে অনুমান কৰে। 


15। মহেঞ্জদাৰোৰ বৃহৎ গা - ধোৱাৰ ঘৰটোৰ বিষয়ে লিখা।
উত্তৰঃ  মহেঞ্জোদাৰোৰ দুৰ্গ অঞ্চলত এটা বৄহ গা-ধোৱা আৱিষ্কাৰ হৈছে। বৃহ গা- ধোঁৱা ঘৰ টো হৈছে এখন চোতাল মাজত অবস্থিত চাৰিচুকীয়া পুখুৰী আৰু ইয়াৰ চাৰিওফালে আছে এটা দীঘল কৰিদৰ। পুখুৰীতোত নামিবৰ বাবে যথাক্ৰমে উত্তৰ আৰু দক্ষিণে দুটা খটখটি আছে। খটখটি কাষত চুনচক্ৰি ৰে ইয়াৰ গাঁথনি দিয়াৰ উপৰিও জিপচ।ম খনিজ পদাৰ্থৰে প্লাষ্টাৰ দি ইয়াক পানী নসৰকা নি: ছিদ্ৰ কৰা হৈছিল। পুখুৰীটোৰ পাৰত তিনিও কাষে কিছুমান কোঠা আছিল। তাৰে এটাত আছিল এটা প্ৰকাণ্ড কুৱা ।এই কুৱা টোৰ পৰা এটা ডাঙৰ নৰ্দমা ত পানী প্ৰবাহিত হৈছিল। এই গা- ধোঁৱা ঘৰটোত কাষত ৮ টা গা ধুওৱা কোঠা আছিল।এই বৃহ গা – ধোঁৱা ঘৰটোৰ স্থাপত্য অতি দুৰ্লভ আৰু বহুবোৰ বৈশিষ্ট থকাৰ বাবে পণ্ডিত সকলে এই গা- ধোঁৱা ঘৰ টো ধৰ্মীয় দিশৰ লগত জৰিত বুলি ধাৰণা কৰে।

16। হৰপ্পা সভ্য়তাৰ লোকসকলৰ খাদ্যভ্যাস সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ হৰপ্পাৰ লোকসকলে বহু প্ৰকাৰ উদ্ভিদ জাত খাদ্য আৰু মাচকে ধৰি ভালেমান প্ৰাণীজ খাদ্য খাইছিল।হৰপ্পা বিভিন্ন স্থান সমূহত প্ৰাপ্ত পুৰি ছাই হৈ যোৱা শস্য আৰু বীজ সমূহ নিৰীক্ষণ কৰি পুৰাতত্ত্ববিড  সকলে হৰপ্পাৰ খাদ্য সমন্ধে এক নিৰ্দিষ্ট ৰূপ দিবলৈ সক্ষম হৈছে। হৰপ্পাৰ অঞ্চল সমূহত প্ৰাপ্ত শস্য সমূহৰ ভিতৰত প্ৰধানকৈ গম, বাৰ্লি, মাটিমাহ,তিল আদিয়ে প্ৰধান। হৰপ্পা সভ্যতা লোক জীৱ জন্তু খাদ্য হিচাপে খাইছিল বুলি অনুমান কৰে কাৰণ গৰু,মহ, ছাগলী, ভেহৰা আদিৰ জকা আবিষ্কাৰ হৈছে।

17। সিন্ধু সভ্যতাৰ নলা - নৰ্দমাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সু – পৰিকলপিতভাৱে নিৰ্মিত জলনিষ্কাখন ব্যৱস্থা তথা প্ৰণালী হৰপ্পা নগৰ সমূহৰ অন্যতম প্ৰধান দিশ।ইয়াৰ অধিবাসীসকল প্ৰথমে নৰ্মাদাজুক্ত পথবোৰ নিৰ্মাণ কৰি ইয়াৰ উচৰে উছৰে ঘৰ বোৰ সাজিছিল। ঘৰৰ পেলনীয়া পানিবোৰ আলিবাট ৰ নৰ্মদা ত পৰিছিল।


18। হৰপ্পা সভ্যতাৰ লিপিৰবিষয়ে লিখা ।
উত্তৰঃ 


19। হৰপ্পাত কি কি জন্ত্তৰ হাড় পোৱা গৈছে ?
উত্তৰঃ হৰপ্পাৰ লোক সকলে বহুপ্রকাৰৰ শস্য উৎপাদন কৰাৰ প্ৰমাণ পোৱা ৰ লগতে জীৱ জন্তু পুহিছিল বুলি ধাৰণা কৰা হয়। কাৰণ হৰপ্পা সভ্যতা ৰ বহুতো বহুতে জীৱ জন্তুৰ হাড় পোৱা গৈছে। তাৰে ভিতৰত গৰু, ছাগলী, মহ, গাহৰি, ভালুক, হৰিণা, ঘৰীয়াল আদি।


20। চিটাডেলৰ বিষয়ে লিখা ।
উত্তৰঃ হৰপ্পা সভ্যতা নগৰীয়া সভ্যতা আছিল। হৰপ্পা নগৰ সমূহক দুটা ভাগত ভগোৱা হৈছিল। যেনে দুৰ্গ অঞ্চল আৰু নিম্ন অঞ্চল।দুৰ্গ অঞ্চল সমূহক চিতাদেল বুলি কোৱা হয়। দুৰ্গ অঞ্চল সমূহত জনবসতি কম আছিল।আৰু উচ্চ স্থানত অৱস্থিত আছিল।দুৰ্গ নগৰ সমূহৰ উচ্চতাৰ কাৰণ আছিল বোকা মাটিৰে তৈয়াৰী ইটাৰে নিৰ্মিত ওখ আৰু সমান মঞ্চত ইয়াৰ ঘৰ সমূহ অৱস্থিত আছিল।দুৰ্গ নগৰ সমূহ আছিল প্ৰাচীৰ বেচিষ্টো ।


21। পুৰাতত্ত্ববিদসকলে সংস্কৃতি মানে কি অৰ্থ বুজাইচে ? হৰপ্পীয় সভ্যতাৰ দুটা অঞ্চল উল্লেখ কৰা ।
উত্তৰঃ  সাধাৰণতে আক নিদিষ্ট ভুগলিক পৰিসীমা আৰু ষ্টিতি কাল অন্তৰ্গত বিশেষ শৈলী কিছুমান সমষ্টিগত বস্তুৰ ক্ষেত্ৰত পুৰাতত্ত্ববিদ সকলে সংস্কৃতি শব্দ ব্যবহাৰ কৰে। 
 হৰপ্পা সভ্যতাৰ তেনে দুটা অঞ্চল হল হৰপ্পা আৰু মহেঞ্জোদাৰো।


22। সিন্ধু উপত্যকাৰ শ - দাহ পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ  সিন্ধু সভ্যতাৰ মৃত দেহ গাত খান্দি পুতি দিয়া হৈছিল। কিন্তু এইদৰে গাত খন্দা ক্ষেত্ৰত কেতিয়াবা কিছুমান প।থ্গ্য দেখা গৈছিল। উদাহৰণস্বৰূপে কোনো কোনো ক্ষেত্ৰত এনেস্থানত দপ খাই থকা মাটিত শাৰী পাতি ইয়াৰ গাঁথনি দিয়া হয়। এনেধৰণৰ তাৰতম্য সমূহে কিবা এটা সামাজিক বৈষম্য চিনাকি দিয়ে।কিছুমান সমাধিত বহুতো বাচন বৰ্তন  আৰু আ -অলংকাৰ পোৱা গৈছে।১৯৮০ চনৰ মাজ ভাগত হৰপ্পাৰ এটা সমাধি ষ্টলত খনন কাৰ্য কৰোঁতে তাত এটা এজন মৃতক লাওখোলাৰ দাঁতিত তিনিটা শামুকৰ খোলা আগুঠি সূৰ্য্যকন্ত মণি আৰু বহুটো চকুৰে মনিব নোৱাৰা মণি পোৱা গৈছে।

23।  সিন্ধু সভ্যতাৰ সম্পদ আহৰণ কৌশল সম্পৰ্কে লিখা।
উত্তৰঃ সিন্ধু সভ্যতাৰ লোক সকলে সম্পদ আহৰণ বাবে বিভিন্ন কৌশল অৱলম্বন  হস্ত নিৰ্মিত  বস্তু প্ৰস্তুত কৰিবলৈ বহুবোৰ সামগ্ৰী প্ৰয়োজন হয়। এইবোৰৰ ভিতৰত বোকা মাটিৰে দৰে সহজলভ্য বস্তু থাকিলেও কিছুমান বস্তু যেন শিল, কাঠ, আৰু বিভিন্ন ধাতু বাহিৰৰ আকৰৰ পৰা সংগ্ৰহ কৰিবলগীয়া হৈছিল।পোৰা মাটিৰে সজা পুতলা বলধ গাঢ়ী বোৰ স্থল পথেদি বস্তু  আৰু মানুহ অনা নিয়া বাবে এক প্ৰয়োজনীয় বাহন আছিল। ইতিহাসবিদ সকলে অনুমান কৰে যে সিন্ধু নদী আৰু ইয়াৰ জলপথ সমূহ সম্পদ বাহিৰৰ ঠাই পৰা আনিবৰ ব্যৱহাৰ হৈছিল।



24।  সিন্ধু সভ্যতাৰ লিপিৰ বিষয়ে লিখা ।
উত্তৰঃ  সিন্ধু সভ্যতাৰ বহুতো লিপি আবিষ্কাৰ হৈছেনে লিপি অধিকাংশ আছিল নাতিদীৰ্ঘ আৰু ইয়াৰ ভিতৰত আটইতকৈ দীঘল খনত চিহ্ন ৰ সংখ্যা আছিল প্ৰায় ২৬ কিন্তু এই লিপি সমূহ পাঠোদ্ধাৰ হোৱা নাই, তথাপি এটা কথা প্ৰমাণসহ বুজিব পাৰি যে ই আক্ষৰিক নহয়। কিয়নো  অক্ষৰ মালা প্ৰতিটো অক্ষৰ স্বৰবৰ্ণ বা ব্যজন বৰ্ণ । হৰপ্পাৰ এনে চিহ্ন বহুতো প্ৰায় ৩৭৫ ৰ পৰা ৪০০ ভিতৰত। হৰপ্পাৰ লিপি বোৰ  সোঁহাত পৰা আৰম্ভ কৰি বাওপিনৰ পিনে লিখা হৈছে। হৰপ্পা লিপিবোৰ খোদিত কৰা হৈছিল ছিল মোহৰ , তামৰ সা – সজুলি আদি।



c. Essay Type Questions :


1। প্ৰাচীন ভাৰতৰ এখন ৰেখা মানচিত্ৰ আঁকা আৰু হৰপ্পা , মহেঞ্জদাৰো , পাটলিপুত্ৰ , সাঁচি , মথুৰা , আৰু প্ৰাগজ্যোতটিষপুৰৰ স্থান নিৰ্ণয় কৰা ।
( এই প্ৰশ্নটো 2013 চনত আহিছিল )
উত্তৰঃ


2। পাঠ্যপুথিক সমল হিচাপে লওঁতে ইতিহাসবি্দসকলে কি কথাবিলাৰ প্ৰতি সচেতন হ'ব লাগে ?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ



3। হৰপ্পাৰ সভ্যতা কি কাীৰণৰ বাবে ধ্বংস হৈছিল ?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ 



4।  হৰপ্পাৰ লোকসকলে হস্তনিৰ্মিত সামগ্ৰী প্ৰস্ত্তত কৰিবলৈ কেঁচামাল কিদৰে সংগ্ৰহ কৰিছিল ?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰঃ  হৰপ্পা লোক সকলে হস্ত নিৰ্মিত বস্তু বোৰ প্ৰস্তুত কৰিছিল।এনে হস্ত নিৰ্মিত বস্তু প্ৰস্তুত কৰিবলৈ বহুতো কেঁচা মালৰ প্ৰয়োজন হৈছিল। এইবোৰৰ ভিতৰত বোকা মাটি সহজলভ্য হলেও কিছুমান বস্তু যেনে শিল,কাঠ আৰু বিভিন্ন ধাতু বাহিৰৰ  আঁকৰ পৰা সংগ্ৰহ কৰিবলগীয়া হৈচিল। উদাহৰণ স্বৰুপে নাগেশ্বৰ আৰু বালাকত দৰে ঠাইত শামুকৰ খোলা সহজলভ্য বাবে হৰপ্পা লোকসকলে তাত বসতি স্থাপন কৰিছিল। নীলা ৰঙৰ বৈদুজ্য মণি আনিছিল সুদূৰ আফগানিস্তান ছৰটঘাই , কৰ্ণলিয়ান পাতথৰ আনিছিল গুজৰাটৰ ব্ৰুচ পৰা। দক্ষিণ ৰাজস্থান আৰু উত্তৰ ৰাজস্থান পৰা আনিছিল চাবোন শিল।ৰাজস্থান বিভিন্ন ধাতু পোৱা গৈছিল। হৰপ্পাৰ লোঠাল টো বহুতো  ধাতু পোৱা হৈছিল।হৰপ্পা লোকসকলে আন দেশ যেনে উমান আৰু মেচপতেমিয়ো পৰা ধাতু সংগ্ৰহ কৰিছিল বুলি প্ৰমাণ পোৱা যায়। 
এই বস্তু আনিবলৈ তেওঁ লোকে জলপথ আৰু স্থলপথ ব্যৱহাৰ কৰিছিল।


5। সিন্ধু সভ্যতাৰ সামাজিক স্তৰত থকা বিভাজনৰ বিষয়ে লিখা ।
উত্তৰঃ  সিন্ধু সভ্যতাৰ সামাজিক ব্যৱস্থাৰ কথা ভাল দৰে জানিব পৰা নাযায়।কাৰণ সিন্ধু সভ্যতাৰ কোনো লিখিত সমল নাই।কিন্তু পণ্ডিত সকলে বাসগৃহ নিৰ্মাণৰ পদ্ধতি চাই ধাৰণা কৰে যে সমাজত সামাজিক বিভাজন আছিল।সমাজত ধনী আৰু দুখীয়া দুটা শ্ৰেণী আছিল। বৃহ প্ৰসাদ, দূৰ্গ আদি আছিল। নগৰ সমূহ দুটা ভাগত ভগোৱা আছিল দুৰ্গ অঞ্চল আৰু নামনি অঞ্চল। পণ্ডিত সকলে অনুমান কৰে যে দুৰ্গ অঞ্চল ত ধনী লোক সকলে আৰু নামনি অঞ্চল দুখীয়া লোক সকলে বাস কৰিছিল।



6। সিন্ধু সভ্যতাৰ অধ্য়য়নৰ সমস্যাবোৰ কি কি ?
উত্তৰঃ সিন্ধু সভ্যতাৰ অধ্যনৰ প্ৰধান সমস্যা হল কোনো লিখিত সমল নাই। সিন্ধু সভ্যতাৰ বহুতো লিপি পোৱা গৈছে যদিওঁ এইবোৰ পঢ়িব পৰা নাই।কোনো লিখিত অবিহনে কোনো  সভ্যতাৰ  সঠিক ইতিহাস জনাত বহুতো সমস্যা হয়। কেৱল হস্তনিৰ্মিত বস্তু আৰু বাসগৃহ সমূহৰ ভগনাংশ সমূহৰ যোগেদি পুৰাতত্ত্ব বিভাগৰ লোক সকলে সিন্ধু সভ্যতা অধ্যয়ন কৰিছে।
 

7। সমসাময়িক অন্যান্য সভ্যতাৰ লগত সিন্ধু সভ্যতাৰ সম্পৰ্ক লিখা ।
উত্তৰঃ সিন্ধু সভ্যতাৰ সমসাময়িক  সভ্যতা আছিল মেচপটেমিয়  সভ্যতা আৰু উমান  সভ্যতা । 
সিন্ধু সভ্যতাৰ লগত মেচপতেমীয়  সভ্যতাৰ সম্পৰ্ক আছিল সেই কথা বহুতো সমল পুৰাতাত্ত্বিক পৰা জনা যায়। মেচপতেমিয় ৰ পুৰাতাত্ত্বিক সমল সমূহে মেচপতেমীয় সেই সময়ৰ আন সভ্যতা ৰ লগত সম্পৰ্ক সেই কথাৰ গম পোৱা যায়।মেচপতেমিয়া ত হৰপ্পা ৰ বহুতো ছিল মোহৰ ,ওজন, পাশা আৰু মণি উদ্ধাৰ হৈছে। মেচপতামিয় পুথি ত ডিলমুন (সম্ভত ডিলমুন হৰপ্পা আন এটা নাম ) ৰ সৈতে যোগাযোগ থকাৰ কথা উল্লেখ আছে।ইয়াৰ উপৰি হৰপ্পাৰ বহুতো ছিল মোহৰ মেচপতেমীয়া উদ্ধাৰ হৈছে।
বৰ্তমান কালৰ কিছুমান পুৰাতাত্ত্বিক আৱিষ্কাৰে আৰৱ উপদ্বীপ দক্ষিণ পূব চুকত অৱস্থিত ওমানৰ পৰা হৰপ্পা লৈ তাম অনা সূচনা দিছে। হৰপ্পাৰ দৈনন্দিন জীৱনত লগা হস্তনীৰ্মিত দা কুঠাৰ আদি আৰু উমান তামৰ ৰাসায়নিক বিশ্লেষণ কৰি উভয়তে নিকেল ধাতু থকা থকাৰ চিন পোৱা গৈছে। ইয়াৰ পৰা আটা কথা প্ৰমাণিত হয় ইয়াৰ উৎস একেটাই।কলা মাটিৰ ডাঠ প্ৰলেপ দি বিশেষ ধৰণে হৰপ্পাত নিৰ্মিত ডাঙৰ বাচন ওমান পোৱা গৈছে।


8। পুৰাতত্ত্ববিদ সকলে কেনেদৰে অতীতৰ পুননিৰ্মাণ কৰে লিখা ।
উত্তৰঃ অতীতৰ পুনৰ নিৰ্মাণ কৰিবলৈ সাধাৰণতে ইতিহাবিদ সকলে লিখিত সমল আৰু পুৰাতত্ত্ব সমল ব্যবহাৰ কৰে। লিখিত সমল বেছি গ্ৰহণ যোগ্য অতীতৰ কথা জানিবলৈ কিন্তু লিখিত সমল কেতিয়াবা পাঠোদ্ধাৰ পৰা নাযায় আৰু কেতিয়াবা বহুতো লিখিত সমল সময়ৰ লগত নষ্ট হৈ যায় সযতনে ৰখাৰ অভাৱত। কিন্তু পুৰাতত্ত্ব সমল ৰ তেনেকুৱা হোৱা দেখা নাযায়।
হস্ত নিৰ্মিত বয় বস্তু পুনৰ উদ্ধাৰ জৰিয়তে পুৰাতত্ত্ববিদ সকলে অতীতৰ পুনৰ নিৰ্মাণ কৰে। হস্ত নিৰ্মিত বয় বস্তু পুনৰ উদ্ধাৰ ভৈছে পুৰাতাত্বিক উদ্যম আৰম্ভণি।ইয়াৰ পিছতে পুৰাতত্তববিদ সকলে এনে বস্তু বোৰ গুণাগুণ অনুসৰি শ্ৰেণবিভাজনত কৰে। এই ক্ষেত্ৰত এটা সহজ নীতি হৈছে বস্তু সমূহ ব্যৱহাৰ উপাদান যেনে ছিল, বোকা মাটি, ধাতু, হাড়, হাতীৰ দাত আদিৰ ক্ষেত্ৰত শ্ৰেণবিভাজন। শ্ৰেণবিভাজন দ্বিতীয়টো  ক্ষেত্ৰত পুৰাতত্ত্ববিদ সকলে বস্তুবোৰৰ কাৰ্য কাৰিতা সমন্ধে মতামত দিব লাগে বাবে ই আছিল এক জটিলতাৰ ক্ষেপ। হস্ত নিৰ্মিত কোনো এবিধ হাতিয়াৰ বা এপদ সোণৰ অলংগকাৰ বা উভয় বিধ বস্তু বা আন কিবা বস্তু কোনো ধৰ্মীয় কাৰ্য্যত ব্যবহৃত হৈছিল নেকি সেইটো সঠিকভাৱে নিৰ্ণয় কৰাৰ দায়িত্বও পুৰাতত্ত্ববিদ ওপৰতে ন্যস্ত হৈছিল। 
       কিছুমান ক্ষেত্ৰত পুৰাতত্ত্ববিদ সকলে পৰোক্ষ প্ৰমান  আশ্ৰয়  লয়। উদাহৰণ স্বৰুপে হৰপ্পাৰ কোনো কোনো ঠাইত যদিও কপাহৰ সন্ধান পোৱা গৈছে, এইবোৰ পৰা কেনেকুৱা ধৰনৰ বস্ত্ৰ উৎপাদন হৈছিল জানিবলৈ ভাস্কৰ্য ৰ চিত্ৰক ধৰি কিছুমান প্ৰমাণ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। পুৰাতত্ত্ববিদে কেতিয়াবা আন পুথি, প্ৰবন্ধ, টোকা আদিত থকা থকা উধৃতি বিন্যাস দ্বাৰা নিবন্ধ ৰচনা কৰিবলগীয়া হয়। এনেদৰে পুৰাতত্ত্ববিদ সকলে অতীতৰ পুনৰ নিৰ্মাণ কৰে।


9। সিন্ধু সভ্যতাৰ অৰ্থনীতিৰ বিষয়ে লিখা । 
উত্তৰঃ সিন্ধু সভ্যতাৰ অৰ্থনীতি মূল ভেঁটি আছিল কৃষি আৰু ব্যৱসায় বাণিজ্য। সিন্ধু সভ্যতাৰ লোক সকলে বিভিন্ন শস্য উৎপাদন কৰিছিল।যেনে গম, বালি, মাটিমাহ,তিল আৰু দাইল জাতীয় শস্য দানা সমূহ প্ৰধান। সিন্ধু সভ্যতাৰ লোকসকলে গৰু, ভেৰা, ছাগলী, মহ, গাহৰি পূহ পালন কৰিছিল বুলি পণ্ডিত সকলে অনুমান কৰে।কাৰণ জীৱ জন্তুৰ বহুতো জঁকা হৰপ্পাত পোৱা গৈছে।
 সিন্ধু সভ্যতাৰ লোক সকল ব্যৱসায় বাণিজ্য কৰিছিল সেই কথা প্ৰমাণ পোৱা যায় সিন্ধু সভ্যতাৰ ঠাই সমূহত আৱিষ্কৃত ছিল মোহৰ আৰু লিপি সমূহৰ পৰা।


10। বাসিন্দাসকলে কেতিয়া হৰপ্পাৰ স্থানসমূহ পৰিত্যাগ কৰিছিল ?
উত্তৰঃ 


11। সিন্ধু সভ্যতা কেনেদৰে ধ্বংস হৈছিল ?
উত্তৰঃ আনুমানিক খ্ৰীষ্টপূৰ্ব ,১৮০০ শতাব্দী চোলিষ্টান কে আদি কৰি হৰপ্পা সৰহভাগ পুৰঠ সভ্যতাৰ স্থান জনবসতি শূন্য হৈ পৰিছিল আৰু সিন্ধু সভ্যতা পতনৰ দিশে আগবাঢ়িছিল।ইতিহাস বিদ সকলে বহুতো কাৰণ উল্লেখ কৰিছে সিন্ধু সভ্যতা পতন হোৱাৰ। জলবায়ু আৰু পৰিবেশৰ পৰিবৰ্তন, বনাঞ্চল নষ্ট, ভয়াবহ বান পানী, নৈ সমূহৰ গতি পৰিবৰ্তন,আৰু অনাদৃত কুঞ্জবন অত্যধিক ব্যৱহাৰৰ আদি কাৰণ বোৰ সিন্ধু সভ্যতাৰ পতন ৰ মূল কাৰণ আছিল।



12। মণি তৈয়াৰ কৰা কেন্দ্ৰ কেইটামানৰ নাম লিখা আৰু এইবোৰ তৈয়াৰ কৰোতে কি কি বস্ত্ত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ সিন্ধু সভ্যতাৰ বহুতো বিভিন্ন ধৰনৰ মণি উদ্ধাৰ হৈছে। এই মণি সমূহ হৰপ্পা বহুতো ঠাইত উৎপাদন কৰা হৈছিল।সেই ঠাই অথবা কেন্দ্ৰ সমূহৰ নাম হল চানহুদাৰো, লোঠাল, ধলাভিৰা।
সমগ্রী ভেদে মণি তৈয়াৰী  প্ৰযুক্তি ভিন্ন ভিন্ন। অতি কোমল হোৱাৰ বাবে চাবোন শিলত মণি তৈয়াৰ কৰাটো সহজ আছিল। পুৰাতত্ত্ববিদ সকলে গৱেষণা কৰি আবিষ্কাৰ কৰিছে যে এবিধ হালধীয়া কেঁচা মাল দ্বাৰা আৰু কিছুমান মণি জুইত দিয়াৰ পিছত কৰ্ণলীয়ান নামৰ মণি বিধ তৈয়াৰ হৈছিল।




13। কোনবোৰ সামগ্ৰীৰ ওপৰত হৰপ্পীয় লিখনীসমূহ পোৱা গৈছে ?
উত্তৰঃ হৰপ্পা সভ্যতা ৰ বহুতো লিপি উদ্ধাৰ হৈছে।কিন্তু লিপি সমূহ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । এনে লিপি সমূহ অধিকাংশ আছিল নাতিদীৰ্ঘ।আৰু ভিতৰত আটইতকৈ দীঘল খনত চিহ্ন সংখ্যা আছিল 26। এই লিপি সমূহ বিভিন্ন বস্ত ওপৰত খোদিত কৰা হৈছিল যেনে ছিল মোহৰ,তামৰ সঁজুলি, বৃত্তকাৰ বাচন বহিপৰিধি, তাম আৰু পোৰা মাটিৰ ফলি, হাড়ৰে প্ৰস্তুত দণ্ড, আৰু বিভিন্ন ফলকটো লিপি পোৱা গৈছে।



14। সিন্ধু সভ্যতাৰ শাসন ব্যৱস্থা সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ সিন্ধু সভ্যতাৰ শাসন ব্যৱস্থাৰ সম্পৰ্কে সঠিক ভাবে জনা নাযায়। কাৰণ সিন্ধু সভ্যতাৰ কোনো লিখিত উৎস আবিষ্কাৰ হোৱা নাই। পুৰাতত্ত্ববিড সকলে মহেঞ্জোদাৰো আৱিষ্কৃত এটা বিৰাট অট্টালিকাক ৰাজপ্ৰখাদ বুলি অনুমান কৰে। একেধৰণে শিলৰ মূৰ্তি এটাক ভালে মান দিনলৈ অভিভিত কৰিছিল পুৰোহিত ৰজা বুলি। কোনো কোনো পুৰাত্ত্ববিদৰ মতে হৰাপ্পিয় সমাজত কোনো ৰজা নাছিল। আৰু ইয়াৰ প্ৰতি জন ব্যক্তি ভোগ কৰিছিল সমমৰ্যদা। কোনো কোনো আকৌ ভাবে যে হৰপ্পা অঞ্চসমূহত এজন নহয় বহু বোৰ ৰজা আছিল। যেন হৰপ্পাত এজন, মহেঞ্জোদাৰো এজন। তথাপি সমগ্ৰ অঞ্চলটোত প্ৰাপ্ত হস্তনিৰ্মিত দৈনন্দিন জীৱনৰ সজুলি, সু -পৰিকল্পিত জন বসতি, ইটা বোৰৰ সমান আকৃতি আৰু অনুপাত আৰু কেঁচা সামগ্ৰী উৎস ওচৰত  দেখি পণ্ডিত ইয়াত এখন ৰাজ্য আছিল বুলি অনুমান কৰে।


15। সিন্ধু সভ্যতাৰ শিল্প - উৎপাদনৰ বিষয়ে লিখা ।
উত্তৰঃ সিন্ধু সভ্যতাৰ লোক সকল শিল্প উৎপাদন ক্ষেত্ৰত বহুতো আগবঢ়া আছিল সেই কথা প্ৰমাণ পোৱা যায় সিন্ধু সভ্যতাৰ আৱিষ্কৃত বহু হস্ত নিৰ্মিত বস্তু পৰা।সিন্ধু সভ্যতাৰ লিখিত সমল সমূহ এতিয়ালৈ পঢ়িব পৰা হোৱা নাই,সেই কাৰণে হস্ত নিৰ্মিত বস্তু সমূহক সমল হিচাপে লৈ পুৰাতত্ত্ববিদ সকলে সিন্ধু সভ্যতা অধ্যায় কৰি বহুতো কথা সিন্ধু সভ্যতাৰ জানিব পাৰিছে। 
সিন্ধু সভ্যতাৰ লোক সকলে শিল্প উৎপাদন বাবে লগা কেঁচা মাল সমূহ বিভিন্ন ঠাইৰ পৰা আনিছিল। কেঁচামাল সমূহ আনিবৰ বাবে তেওঁ লোকে জলপথ আৰু স্থলপথ দুইটা ব্যৱহাৰ কৰিছিল।
সিন্ধু সভ্যতাৰ লোকসকলে শিল্প উৎপাদন বাবে বহুতো কৌশল প্ৰয়োগ কৰিছিল।পুৰাতত্ত্ববিদ সকলে গৱেষণা কৰি আবিষ্কাৰ কৰিছে যে এবিধ হালধীয়া কেঁচা মাল  আৰু কিছুমান মণি বিভিন্ন সময়ত জুইত দিয়াৰ পিছত কৰ্ণলিয়ন ৰঙা বৰণ পোৱা গৈছিল। এইদৰে প্ৰাপ্ত সৰু সৰু টোপুৰাবোৰ যিকোনো এটা আকৃতি সৰু কৰি তাৰ পিছত মিহিকৈ চকলিয়াই এটা সম্পূৰ্ণ ৰূপে দিয়া হৈছিল।ইয়াৰ পিছত এইবোৰ ডলি ডলি, ঘঁহি মজি বিন্ধনাৰে কৰা ছিদ্ৰ ঢালি মণি প্ৰস্তুত কৰা হৈছিল।আৰু এই মণিৰে মনিৰ মালা তৈয়াৰ কৰিছিল।এনেকুৱা বহুতো মনি মালা পুৰাতত্ত্ববিদ সকলে উদ্ধাৰ কৰিছে।


16। হৰপ্পীয় ভাৰতীয় উপমহাদেশখনৰ ভিতৰত আৰু বহিজগতৰ লগত বাণিজ্য কেনেদৰে চলিছইল তাৰ এটি চমু টোকা লিখা ।
উত্তৰঃ পুৰাতত্ত্ববিদ সকলেৱ । 



17।  হৰপ্পাৰ লোকসকলে লেপিছ লাজুলি ( নীলা ৰংৰ পাথৰ ) কাৰ্ণিলিয়ান আৰু শ্বেতপাথৰ কৰ পৰা সংগ্ৰহ কৰিছইল ?
উত্তৰঃ আফগানিস্তান চৰটঘাই পৰা।
 

18।  হৰপ্পা আৱিষ্কাৰ কৰোতে কাণিংহামে কোনোবৰ সমল ব্যৱহাৰ কৰিছইল ?
উত্তৰঃ আলেকজেণ্ডাৰ কানিংঘাম ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান আছিল। ১৯ শতিকাত তেওঁৱে হৰপ্পা বা সিন্ধু সভ্যতাৰ বিষয়ে পৃথিৱীৰ আগত দাঙি ধৰিছিল। প্ৰথম অৱস্থাত তেওঁ জনা নাছিল যে সিন্ধু সভ্যতা ভাৰতৰ প্ৰথম সভ্যতা। তেওঁ ভাবিছিল যে গঙ্গা উপত্যকা প্ৰথম নগৰী সমূহ স্থাপিত হোৱা কালৰ পৰা ভাৰতৰ ইতিহাস আৰম্ভ হৈছিল বুলি ভাবিছিল।
হৰপ্পা সভ্যতা আবিষ্কাৰ কৰোঁতে কানিংঘামে হৰপ্পা ছিল মোহৰ সমূহ সমল হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰথম হৰপ্পা ছিল মোহৰ আৱিষ্কাৰ কৰিছিল। কানিংঘাম হস্ত নিৰ্মিত শিল্প সমূহ তেওঁ সমল হিচাপে ব্যৱহাৰ কৰিছিল।


19। হৰপ্পীয় লোকসকলৰ মৃতব্যক্তিৰ সৎকাৰ ব্যৱস্থাৰ বিষয়ে যি জানা লিখা।
উত্তৰঃ কোনো এক বিশেষ সংস্কৃতি অন্তৰ্গত লোকসকল মাজত কিবা সামাজিক নাইবা অৰ্থনৈতিক তাৰতম্য আছে নে নাই সেই বিষয়ে জানিবলৈ পুৰাতত্ত্ববিদ সকলে সাধাৰণতে কিছুমান কৌশল অৱলম্বন কৰে। মৃতকৰ সৎকাৰ পদ্ধতি অধ্যয়ন এনে কৌশল সমূহৰ অন্যতম। 
হৰপ্পা লোক সকলে মৃত্যু দেহ বোৰ গাঁত খান্দি পুতি থৈ সমাধি কৰিছিল।কিন্তু এনে দৰে গাঁত খন্দা ক্ষেত্ৰত কেতিয়াবা কিছুমান বিভিন্নতা দেখা যায়। উদাহৰস্বৰূপে কোনো কোনো ক্ষেত্ৰত এনে স্থানত দোপ খাই থকা মাটিত শাৰী পাতি ইয়াৰ গাঁথনি দিয়া হয়। এনেধৰণৰ তাৰতম্য সমূহে সামাজিক বিভিন্নতা চিনাকি দিয়ে বুলি পণ্ডিত সকলে বিশ্বাস কৰে। কিছুমান সমাধিত বহুত বাচন পত্ৰ আৰু আ অলংকাৰ থকাকৈ চাই এনেহে লাগে যে সেইকালৰ লোকে এনে বস্তুবোৰ পৰলোক ত ব্যৱহৃত হব বুলি বিশ্বাস  কৰিছিল।১৯৮০  চনৰ মাজভাগত হৰপ্পা এটা সমাধিস্থলীত খনন  কৰোঁতে তাত এজন মৃত পুৰুষ লাওখোলা দাঁতিত তিনিটা শামুকৰ খোলাৰ আগুঠী,এটা মূল্যবান সূৰ্য্যকান্ত মণি আৰু বহুতো আন মণি পোৱা গৈছে।কিছুমান মৃতকৰ লগত তামৰ দাপোন পোৱা গৈছে।


২0। মহেঞ্জদাৰোৰ বিশেষ বৈশিষ্ট্য়সমূহ কি আছিল ?
উত্তৰঃ হৰপ্পা সভ্যতা ৰ মহেঞ্জোদাৰো এখন উলল্যেখযোগ্য নগৰ আছিলে। মহেঞ্জোদাৰো নগৰ কিছুমান বিশেষ বৈশিষ্ট আছে।যেন
১) এখন পৰিকল্পিত নগৰ কেন্দ্ৰ-   মহেঞ্জোদাৰো আটাইতকৈ বিখ্যাত স্থান আছিলে হৰপ্পা সভ্যতা ৰ। এই নগৰ খন দুটা ভাগত ভগোৱা আছিলে।দুৰ্গ অঞ্চল আৰু নামনি অঞ্চল।দুৰ্গ নগৰ  নামনি অঞ্চলত কৰি উচ্চতা ত অবস্থিত আছিলে আৰু প্ৰাচীৰ আৱৰা আছিলে। আৰু নামনি নগৰ প্ৰাচীৰ আৱৰা আছিলে।  সু পৰিকল্পিত ভাৱে নিৰ্মিত জলোনিস্কাখন ব্যৱস্থা তথা পয় প্ৰণালী  আছিলে মহেঞ্জোদাৰো অন্যতম বৈশিষ্ট। প্ৰতিটো ঘৰ লেতেৰা পানী বোৰ গৈ ঘৰ কাষত থকা নলত পৰিছিল।
২) ঘৰুৱা স্তাপত্য কলা- মহেঞ্জোদাৰো ঘৰ সমূহৰ মাজ ভাগত একো খন চোতাল আছিলে আৰু চোতাল চাৰি ফালে কোঠা বোৰ নিৰ্মাণ কৰা হৈছিল।প্ৰতি ঘৰতে গা ধুওৱা ঘৰ আছিল।আৰু প্ৰতি ঘৰতে কুৱা আছিলে। মহেঞ্জোদাৰো ত এনে ৭০০ কুৱা আৱিষ্কাৰ হৈছে। 


21। কাণিংহামৰ বিমোৰ অৱস্থআ বুলিলে কি বুজা ।
উত্তৰঃ ভাৰত চৰকাৰৰ পুৰাতাত্ত্বিক অনুসন্ধান বিভাগৰ সঞ্চালক প্ৰধান কানিংঘাম
১৯ শতিকাৰ মধ্যভাগত যেতিয়া খনন কাৰ্য আৰম্ভ কৰিছিল।তেতিয়া সমকালীন পুৰাতত্ত্ববিদ সকলে অনুসন্ধান কাৰ্য পথ পদৰ্শক হিচাপে নিৰ্ভৰ কৰিছিল। দৰাচলতে কানিংঘাম মুখ্য আগ্ৰহী আছিল খিষ্টপূৰ্ব ৬ পৰা খ্ৰীষ্টিয় ৪ শতিকা আৰু তাৰ পৰৱৰ্তী কালৰ পুৰাতাত্ত্বিক অধ্যয়নহে। খিষ্টিয় ৪ পৰা ৭ শতিকা ভিতৰত উপমহাদেশখনলৈ অহা চিন দেশীয় বৌদ্ধ ভ্ৰমণ কাৰি সকলে লিখা বিবৰণ সমূহৰ উপৰত নিৰ্ভৰ কৰি তেওঁ প্ৰাচীন কথা বোৰ জানিব চেষ্টা কৰিছিল। যিহেতু হৰপ্পাক প্ৰাচীন ইতিহাস এখন গুৰুত্বপূৰ্ণ স্থান বুলি চীনা পৰিব্ৰাজক সকলে নাজানিছিল আৰু এই ঠাই খন তেওঁ লোকৰ ভ্ৰমণ দিনপঞ্জীৰ অন্তৰ্গত নাছিল,সেইবাবে কানিঙঘাম অনুসন্ধানটো হৰপ্পা পৰিষ্কাৰ বাবে খাব পৰা নাই।সেইবাবে যদিও ১৯ শতিকাত হৰপ্পাৰ বহুতো সজুলি আবিষ্কাৰ হৈছিল আৰু ইয়াৰে কিছুমান কানিঙঘাম হাতত পৰিছিল।কিন্তু তেওঁ সেইবোৰ কিমান পুৰণি সেই টো বুজা নাছিল। এবাৰ এজন ইংৰাজী লোক হৰপ্পাৰ এটা ছিল মোহৰ কানিঙঘাম দিয়াত তেওঁ বস্তু নিৰীক্ষণ কৰি তাক তেওঁ জ্ঞাত সময় ৰেখা  অন্তৰ্ভুক্ত কৰিবলৈ গৈ বিফল হৈছিল।ইয়াৰ কাৰণ হল আন বহুজনৰ দৰে কানিঙঘাম গঙ্গা নদীৰ সভ্যতা প্ৰথম ভাৰতৰ প্ৰথম সভ্যতা বুলি ভাবিছিল। ইয়াকে কানিঙঘাম বিমোৰ অৱস্থা বুলি কোৱা হয়।

22। হৰপ্পা সভ্যতাৰ সমাজত কি ধৰণৰ আৰ্থ - সামাজিক পাৰ্থক্য প্ৰত্নতত্ববিদসকলে লক্ষ্য কৰিছিল ?
উত্তৰঃ হৰপ্পা সভ্যতাৰ সমাজত বিভিন্ন ধৰনৰ আৰ্থ আৰু সামাজিক বিভিন্নতা প্ৰত্নতত্ববিদ সকলে অনুমান কৰিছিল তাতে পোৱা বিভিন্ন সমল পৰা। হৰপ্পা সমাজত অৰ্থনৈতিক ভাৱে বহু বিভিন্নতা আছিল। অৰ্থনৈতিক বিভিন্নতাই সমাজত সামাজিক বিভিন্নতা আনিছিল।
হৰপ্পা সভ্যতা লোক সকলে কৃষি কাৰ্য্য নিজৰ জীৱন নিৰ্বাহ কৰাৰ লগতে ব্যৱসায় বাণিজ্য কৰিছিল।তেওঁ লোকে বিভিন্ন ধৰণৰ খেতি কৰিছিল।যেনে গম, বাৰ্লি, মাটিমাহ ,তিল, আৰু দাইলজাতিয় শস্য সমূহে প্ৰধান। হৰপ্পাৰ লোকসকলে কি পদ্ধতিৰে খেতি কৰিছিল সেই কথা ভাল দৰে জনা নাযায়। কিন্তু হাৰিয়ানা বনৱালি আৰু চোলিষ্টান পোৰা মাটিৰে সজা নাগল নক্সা পোৱা গৈছে। পুৰাতত্ত্ববিদ সকলে হৰপ্পাৰ কলিংবন এটুকুৰা চহোৱা মাটিৰ অৱস্থিতি পোৱা গৈছে। হৰপ্পাৰ লোকসকলে ব্যৱসায় বানিজ্য কৰিছিল নিজ ঠাই সমূহৰ মাজত লগতে বেলেগ দেশ সমূহৰ লগতো। হৰপ্পা লোক সকলে মেচপটেমিয়া ,উমান দেশৰ লগত ব্যৱসায় কৰিছিল। তেওঁলোকে হস্ত শিল্প বস্তু বনাবলৈ কেঁচা মাল বাহিৰৰ দেশৰ পৰা আনিছিল সেই কথা 
 প্ৰমাণ পোৱা যায়।
অনুমান কৰা হৈ যে অৰ্থনৈতীক বিভিন্নতা থকাৰ বাবে হৰপ্পা সমাজত সামাজিক বিভিন্নতা দেখা গৈছিল। পুৰাতত্ত্ববিদ সকলে অনুমান কৰে যে ব্যৱসায় কৰা লোক সকল আৰু ৰজা , পুৰোহিত সকলে দুৰ্গ অঞ্চল বাস কৰিছিল আৰু খেতি কৰা কৰা লোক সকলে নগৰ নামনি অঞ্চলত বাস কৰিছিল।


২৩। উন্নত নলা - নৰ্দমা ব্যৱস্থাই হৰপ্পাৰ নগৰীয়া সভ্যতাৰ নিদৰ্শন দাঙি ধৰে । - বাখ্য়া কৰা ।
উত্তৰঃ হৰপ্পা সভ্যতা আছিল নগৰীয়া সভ্যতা। এই কথা প্ৰমাণ কৰে হৰপ্পাৰ উন্নত নলা নৰ্দমা ব্যৱস্থা। হৰপ্পা সভ্যতা নগৰ সমূহ দুটা ভাগত ভগোৱা হৈছিল।দুৰ্গ অঞ্চল আৰু নামনি অঞ্চল।দুৰ্গ আৰু নামনি অঞ্চল ৰ প্ৰতি ঘৰৰ কাষতে নলা আছিল। প্ৰতিটো ঘৰৰ লেতেৰা পানী বোৰ নলাত পেলোৱাৰ সু ব্যৱস্থা আছিল।হৰপ্পা সভ্যতা ৰ নলা নৰ্দমা ব্যৱস্থা আধুনিক সময়ৰ নলা নৰ্দমা ব্যৱস্থা সৈতে  একে বুলি কব পাৰি। হৰপ্পা সভ্যতা নলা সমূহ ইটাৰে নিৰ্মাণ কৰা হৈছিল।হৰপ্পা সভ্যতা নলা নৰ্দমা ব্যৱস্থা  সেই সময়ৰ আন সভ্যতা যেনে মেচপতেমিয় সভ্যতা কৈ উন্নত আছিল।


24। প্ৰত্নপ্ৰস্তৰ যুগৰ অসমৰ সঁজুলীবিলাকৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ 


25।  মোহৰ আৰু মোহৰৰ ছাপ কিয় ব্য়ৱহাৰ কৰা হৈছিল ?
উত্তৰঃ হৰপ্পা লোকসকলে মোহৰ আৰু মোহৰ ছাপ ব্যৱহাৰ কৰিছিল ব্যৱসায় আৰু যোগাযোগৰ সুবিধাৰ বাবে।কোনো বস্তু এক ঠাইৰ পৰা আন ঠাইলৈ পঠিয়াৰ আগতে সেই বস্তুটোৰ উপৰত মোহৰ কৰা হৈছিল যাতে বস্তু হেৰাই নাযায় আৰু বস্তু টোৰ গৰাকী নাম গম পায়।ইয়াৰ উপৰিও বস্তু পঠিয়াও মোনাটো মাজপথত কোনেও খোলা নাই সেইটো প্ৰতিপন্ন কৰিবলৈ হৰপ্পা লোকসকলে মোহৰ মাৰিছিল বস্তু পঠিওৱা মোনাৰ ওপৰত।

Liku Moni Nath