পাঠ -12
ধনবৰ আৰু ৰতনী
অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- কদমকলি ৷
২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- মোৰ জীৱন সোঁৱৰণ ৷
৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ৷
৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি ৷
৫। 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ 'বাঁহী' আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল ৷
চমু প্ৰশ্ন (মূল্যাংক ২/৩)
১। মালিতা কি?ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতা হৈছে আখ্যানমূলক গীত ৷ ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয় ৷
২। ধনবৰ আৰু ৰতনী কোন?
উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷
৩। " বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক" - বুলি কোনে কিয় কৈছে?
উত্তৰঃ উক্ত কথাষাৰৰ বক্ত্বা ধনবৰ ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বিলাপ কৰিছে ৷
৪। " ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কাল শতৰু কৰি"
- ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল ৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল ৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ৷
৫। " পাৰতে কান্দিছে ধনবৰ দুখীয়া" - ধনবৰে কিয় কান্দিছে?
উত্তৰঃ এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল ৷ ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল ৷ ব্যৰ্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিবলৈ ধৰিলে ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। 'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে ৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল ৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে ৷ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল ৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল ৷ সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল ৷ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল ৷
২। 'ধনবৰ আৰু ৰতনী' কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উত্তৰঃ 'ধনবৰ আৰু ৰতনী' কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে ৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল ৷ কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল ৷ সি ৰতনীৰ বিৰহত ব্ৰহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে ৷ বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনৰে বিলাপ কৰিছ৷ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতো পিতৃ মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্ৰশ্ন কৰিছে ৷ ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে "যাগে ৰতনী! নাহিবি নাহিবি, বিচাৰি নাহিবি মোক ৷" বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্ৰকাশ কৰিছে ৷
৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷
উত্তৰঃ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে ৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷ মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কয় ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷
৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দূৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰি পৰা ৷
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷
ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷
ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে ৷
খ) ফুটুকাৰ তলতে যখিনী ছোৱালী ৷
টুকটুক চাপৰি বায়
ধনাইৰ ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়৷
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷
ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷
অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে ৷ ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত ৰৈ ৰৈ বিলাপ কৰিছে ৷ ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে ৷ ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ৷
অতিৰিক্ত প্ৰশ্নঃ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি ৷
২। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি ৷
৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু,জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা ৷
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা ৷
৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল ৷
Check by -Mukesh Borah (7 june 2024 )