পাঠ - ৫
লাচিত ফুকন
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত দোমোজাৰ কবি হিচাপে জনাজাত ৷
২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম- সাগৰ দেখিছা ৷
৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ "আমি দুৱাৰ মুকলি কৰোঁ" কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায় ৷
৪। "দেশৰ বাতৰি শুনিবানে বীৰ" - ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ "দেশৰ বাতৰি শুনিবানে বীৰ" - ইয়াত বীৰ বুলি লাচিত ফুকনৰ কথা কোৱা হৈছে ৷
৫। "নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে কি?
উত্তৰঃ "নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান ।
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায় ৷ ৰবাৰ্ট ব্ৰাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তি শৈলী বুলি কোৱা হয় ৷
২। ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
উত্তৰঃ ইব্ৰাহিম বাইবেল আৰু কোৰানত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী আছিল ৷ ঈশ্বৰে সপোনত দিয়া নিৰ্দেশ মতে তেওঁ নিজ পুত্ৰ ইছমাইলক বলিদান দিছিল ৷
৩। 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?
উত্তৰঃ 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে অসমত বাস কৰা নিৰ্বলী জনসাধাৰণক বুজাইছে ৷
৪। 'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?
উত্তৰঃ 'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কোৱা হৈছে ৷ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল ৷
৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি 'মুক্তি পলাল’ বুলি কবিয়ে কৈছে?
উত্তৰঃ দেশ জননীৰ পূজাৰ অদ্ভুত আয়োজন দেখি 'মুক্তি পলাল’ বুলি কবিয়ে কৈছে ৷
দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)
১। 'লাচিত ফুকন' কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?
উত্তৰঃ 'লাচিত ফুকন' কবিতাটিত সমসাময়িক সমাজৰ বৰমূৰীয়া সকলৰ ভুৱা স্বদেশপ্ৰেমৰ নমুনাই দেশৰ সোলোক-ঢোলোক পৰিস্থিতি কৰি তোলাৰ বাবে কবিক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছে ৷ তেওঁ লাচিত বৰফুকন আৰু বৰ্তমানৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ কৰণৰ তুলনা কৰি নিজকে নিজে দেশৰ ভৱিষ্যতৰ কথা ভাবি উৎকণ্ঠীত হৈ পৰা দেখা গৈছে ৷ অসমৰ সুযোগ্য বীৰ লাচিতে দেশৰ বাবে মোগল সেনাই কৰা আক্ৰমণক বাধা দিবৰ বাবে এৰাতিৰ ভিতৰতে গড় বান্ধি পেলাইছিল আৰু কামত গাফিলতি কৰাৰ বাবে নিজ মোমায়েকক কাটি দুটুকুৰা কৰিছিল ৷ এই বীৰ লাচিতৰ দেশৰে বৰ্তমান বংশধৰ সকলৰ স্বদেশপ্ৰেম হ’ল নকল নবীছ অৰ্থাৎ যাৰ অন্তৰত অকণমানো স্বদেশপ্ৰেম নাই ৷ আগৰ সেই বীৰ অসমীয়াৰ অকনো চিন চাব নাই, তাৰ ঠাইত ভৰি পৰিছে গাধৰ পাল বুলি কবিয়ে আক্ষেপ কৰিছে ৷ তেওঁৰ মতে পবিত্ৰ অসমভূমিত প্ৰভুক্ত গাধৰ পালে প্ৰভুৰ আজ্ঞা অনুসৰি বোজা কঢ়িয়াওঁতে কঢ়িয়াওঁতে পিঠিৰ ছাল ছিগি গৈছে ৷ ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশৰ তলবল অৱস্থা ৷ অন্ধ অনুকৰণকাৰী সকলে নিজৰ মাজত ব্যংগ যুদ্ধৰ ৰচনাৰ দ্বাৰা মিছা প্ৰৱঞ্চনাৰে দেশ ভৰাই পেলাইছে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ সলনি পিয়ানো বজাই, চাকিৰ সলনি বেদীত মমবাতি জ্বলাই আৰতি কৰে ৷ কবিয়ে এনেবোৰ কথাৰ জৰিয়তে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অন্ধ অনুকৰণৰ কথাকে সোঁৱৰাই যিবোৰৰ বাবে আত্মপৰিচয় গ্ৰাস কৰিবৰ উপক্ৰম হৈছে ৷ তেওঁৰ মতে স্বদেশৰ নামত এওঁলোকে নানা বিপ্লৱ কৰে কিন্তু দেশৰ প্ৰকৃতাৱস্থাৰ কোনো আওভাও নাপায় ৷ বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ খবৰ ৰখাৰ বিপৰীতে দেশপ্ৰেমিকে কানিৰ মূল্য কিমান তাৰ হিচাপতে ব্যস্ত থাকিব খোজে ৷ কবিৰ মতে বৰ্তমান নেতাসকল ভণ্ডামিৰে ভৰা৷তেওঁলোকে দেশৰ গভীৰ সমস্যাসমূহলৈ কৰ্ণপাত নকৰি সাধাৰণ কথা কিছুমানতে লাগি দেশ প্ৰগতিৰ স্বাভাৱিক পথ ৰুদ্ধ কৰি থয় ৷ এইসকল দেশ নিতাই লোকেল ব’ৰ্ডৰ সদস্য পদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব জ্ঞান কৰে, এই আশাতেহে দেশপ্ৰেমিকৰ ভাও জোৰে ৷ কবিৰ মতে এই অজ্ঞানী, অকমৰ্ণ্য লোকৰ কবলত পৰি দেশৰ অৱস্থা সোলোক-ঢোলোক হৈছে আৰু এইবোৰৰ গচকনিত অসম জননীৰ হাত ভৰি কোঙা হৈছে ৷
২। 'লাচিত ফুকন' কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?
উত্তৰঃ 'লাচিত ফুকন' নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিতৰ স্বদেশ প্ৰেমৰ কথা সোঁৱৰিছে আৰু বৰ্তমানৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে৷লগতে দেশৰ অৱস্থাৰ বাবে আক্ষেপ কৰিছে ৷ তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমী সকল হ’ল নকল নবীছ ৷ স্বদেশপ্ৰেমী দেখুৱাবৰ বাবে প্ৰয়োজন নহ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদীত ৰাখি তেওঁলোকে পৰিবৰ্তন আনিব খোজে ৷ এওঁলোকৰ স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিব ধৰিছে ৷ কিন্তু দেশৰ মানুহে যে খাবলৈ নাপাই মৰিছে তাৰ কোনো খবৰ ৰাখোতা নাই ৷ বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ খবৰ ৰখাৰ ঠাইত এইসকলে কানিৰ মূল্য নিৰূপণত ব্যস্ত থাকে ৷ সমস্ত শাস্ত্ৰ তলি উদং কৰিও তেওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত লাগে তাকো ঠিৰাং কৰিব নোৱাৰিলে৷মৃতকৰ কাম ত্ৰিশ দিনত নে এঘাৰ দিনত কৰিব তাকো ঠাৱৰাব নোৱাৰিলে ৷ অৰ্থাৎ এইসকল দেশহিতৈষীয়ে কেতবোৰ অৰ্থহীন কথাত লাগি সময় নষ্ট কৰে, সমাজখনৰ ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনক পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগুৱাই নিয়াৰ প্ৰতি তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই ৷ এইচাম দেশপ্ৰেমিক হ’ল ভণ্ডামিৰে ভৰা৷এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে৷বাঁহৰ কামীত ৰং সানি লৈ ৰণ কৰিব পাৰে ৷ কিন্তু এওঁলোকৰ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড৷অৰ্থাৎ মন্ত্ৰীত্ব এওঁলোকৰ লক্ষ্য আৰু ইয়াৰ জৰিয়তেহে দেশ সেৱা কৰিব বিচাৰে ৷ গতিকে তেওঁলোকে লাচিতৰ দৰে স্বদেশপ্ৰেম বুজি নাপায় ৷ এওঁলোকৰ স্বদেশপ্ৰেমক কবিয়ে ভুৱা বুলি কৈছে৷
৩। 'লাচিত ফুকন’ কবিতাটোত কবিয়ে 'দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
উত্তৰঃ কবিয়ে কবিতাটোত লাচিত বৰফুকনৰ দ্বাৰা বৰ্তমান সমাজৰ অধ:পতনৰ ফালে গতি কৰা ৰূপটোৰ কথা অতি দুখেৰে ব্যক্ত কৰিবলৈ বিচাৰিছে আৰু লগে লগে অসমৰ বীৰ সন্তানসকলৰ অন্তৰত বীৰত্বভাৱ ঘূৰাই আনিবলৈ প্ৰাৰ্থনা কৰিছে ৷ কবিয়ে অতি আক্ষেপেৰে কৈছে যে এনেকুৱা বীৰ লাচিতৰ দেশতে আজি কাপুৰুষ দল ভৰি পৰিছে যাক তেওঁ গাধৰ পাল আখ্যা দিছে ৷ গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই, যাৰ নিজস্বতা বুলিবলৈ একোৱেই নাই৷সকলো দিশে মাত্ৰ অন্ধ অনুকৰণ ৷ আধুনিকতাৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাই পিয়ানো আৰু চাকিৰ ঠাই মমবাতিয়ে লৈছে ৷ কবিৰ মতে আজিৰ দেশৰ নেতাসকল ভণ্ডামিৰ জালিয়তিৰে ভৰা ৷ ভণ্ডামিলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ ফালে পিঠি দি নিজৰ সুবিধা অনুযায়ী সাধাৰণ কথা কিছুমানত লাগি দেশৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায় ৷ লোকেল ব’ৰ্ডৰ সদস্যপদ,মন্ত্ৰীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য ৷ এইবোৰৰ বাবেই তেওঁলোকে দেশপ্ৰেমিকৰ অভিনয় কৰে ৷ এই স্বাৰ্থপৰ দেশপ্ৰেমিকৰ হাতৰ পৰা কেনেকৈ ক্ষমতাসমূহ আঁতৰাই প্ৰকৃত দেশপ্ৰেমিকৰ হাতত কাৰ্যভাৰ দিব পাৰি তাকেই আশা কৰিছে কবিয়ে ৷ কবিৰ মতে এই ভণ্ডসকলৰ বাদেও এনে বহুত যুৱক আছে যাৰ হৃদয় দেশমাতৃৰ ৰ্দুদশাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিঃস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে ৰৈ থাকে ৷ সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে এই যুৱকসকলক অনুপ্ৰাণিত কৰি তোলে ৷
৪। 'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷
উত্তৰঃ 'লাচিত ফুকন' নামৰ কবিতাটোত কবিয়ে লাচিতৰ স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে ৷ লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ আহোম সেনাপতি লাচিতৰ সাহস আৰু স্বদেশপ্ৰেমৰ কাহিনী সকলোৱে জানে কিয়নো দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিছিল ৷ কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দেহৰ কাৰণে মৃত্যুৰ আৱাহন শুনি, জাতিৰ বুকুত দুমদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে ৷ মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায় ৷ কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খনজৰ বহুৱা ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে ৷
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷
ক) "বক্তৃতা দি আকাশ কঁপাই,চিঞৰত টেটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি ৷"
উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাৰ ৰচিত 'লাচিত ফুকন’ কবিতাটোৰ পৰা লোৱা হৈছে ৷
কবিতাফাঁকিত কবিয়ে বৰ্তমান সময়ৰ দেশপ্ৰেমিকসকলৰ কথা কৰ্মক ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে৷
কবিয়ে আক্ষেপেৰে কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্ৰেমিকৰ দেশতে জন্ম লৈছে এচাম ভণ্ড দেশপ্ৰেমিকে ৷ তেওঁলোকৰ আহৰি নাই বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ উমান ৰখাৰ ৷ তেওঁলোকে কেৱল কানিৰ মূল্য নিৰূপণৰ দৰে কিছু তুচ্ছ কামত ব্যস্ত ৷ বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে ৷ এইচাম দেশ প্ৰেমিকে মাথো জানে আকাশ পাতাল কঁপোৱা বক্তৃতা দিবলৈ আৰু বাঁহৰ কামীত চূণ সানি সৰু ল’ৰা ছোৱালীয়ে কৰা ওমলা যুদ্ধৰ অভিনয় কৰিবলৈ ৷ লাচিতৰ দৰে সচাঁ তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশপ্ৰেমিকৰ কলিজাত সাহস নাই ৷
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Colours by: Jyotish Kakati (11-05-2022)
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক
-------------------------------