পাঠ ১২ 

প্ৰাকৃতিক সম্পদ


১। উত্তৰ লিখা-

(ক) প্ৰাকৃতিক সম্পদ কাক বোলে ?

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আৰু বন্যপ্ৰাণীৰে ভৰপূৰ। এইবোৰ প্ৰত্যেকেই একো একোটা সম্পদ। প্ৰকৃতিত পোৱা এই সম্পদবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। 


(খ) খনিজ সম্পদ কাক বোলে ?

উত্তৰঃ ভূ-গৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূ-গৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ।


(গ) অসমৰ খনিজ সম্পদসমূহ কি কি ?

উত্তৰঃ অসমৰ খনিজ সম্পদসমূহ হৈছে ভূ-গৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি।


(ঘ) অসমক কিয় ‘ পনীয়া সােণৰ ৰাজ্য’বুলি কোৱা হয় ? 

উত্তৰঃ অসম খাৰুৱা তেলৰ বাবে ভাৰতৰ চহকী ৰাজ্য। সেয়েহে অসমক 'পনীয়া সোণৰ ৰাজ্য' বুলি কোৱা হয়।


(ঙ) জলজ সম্পদ কি ? 

উত্তৰঃ নদ-নদী, খাল-বিল, পুখুৰী, আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানীত বিভিন্ন প্ৰাণী যেনে- মাছ, কাছ, ঘঁৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰণীসমূহ আমাৰ জলজ সম্পদ।


(চ) অসমক কিয় নদী মাতৃক দেশ ’ বুলি কোৱা হয় ?

উত্তৰঃ নদ-নদী বেছি থকা বাবে অসমক 'নদী মাতৃক দেশ'বুলি কোৱা হয়।


(ছ) তিনিবিধ বনজ সম্পদৰ নাম ।

উত্তৰঃ তিনিবিধ বনজ সম্পদৰ নাম হৈছে- গছ-গছনি, জীৱ-জন্তু, আৰু চৰাই-চিৰকটি।

 

২। আমি কিয় প্রাকৃতিক সম্পদবােৰৰ সদব্যৱহাৰ কৰিব লাগে?

উঃ সকলো প্ৰাকৃতিক সম্পদসমূহ অতি মূল্যৱান। সেয়ে আমি এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ সদব্যৱহাৰ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়।

৩। শুদ্ধ উত্তৰটোত শুদ্ধ দিয়া

(ক) আলকেতেৰা কয়লাখনিত পােৱা যায় ।

উত্তৰঃ ভূল।

 

(খ) চুণশিল এবিধ বনজ সম্পদ ।

উত্তৰঃ ভূল।


(গ) প্রাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে ।

উত্তৰঃ শুদ্ধ।

 

(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়।

উত্তৰঃ ভূল।

 

(ঙ) ভূ - গর্ভত পােৱা খাৰুৱা তেল পােনে পােনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ ভূল।

 

৪। 'ক' অংশৰ লগত 'খ' অংশ মিলােৱা

    'ক'                  -                    'খ'

কয়লা                 -               খনিজ সম্পদ

খাৰুৱা তেল        -                পনীয়া সোণ

গঁড় হাতী            -                 বনজ সম্পদ

পানীত থকা প্ৰাণীসমূহ    -    জলজ সম্পদ


-শ্ৰী হিৰু মনি বৰা