পাঠ ১৫

গ্ৰহ আৰু নক্ষত্ৰৰ কথা


১ । খালী ঠাই পূৰ কৰা

উত্তৰঃ

(ক) ৰাতিৰ আকাশত ত্ৰিবিৰাই থকা তৰাবােৰক নক্ষত্ৰ বুলি কোৱা হয়।


(খ) আমি পােহৰ আৰু তাপ পােৱা নক্ষত্ৰটোৰ নাম সূৰ্য


(গ) সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম বুধ


(ঘ) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন


(ঙ) আমি বাস কৰা গ্ৰহটোৰ নাম পৃথিৱী


২। উত্তৰ লিখা-

(ক) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি।

(খ) সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম বুধ। 

(গ) কৃত্রিম উপগ্রহ কিহৰ সহায়ত আকাশলৈ পঠিয়ায়?

উত্তৰঃ কৃত্ৰিম উপগ্ৰহ ৰকেটৰ সহায়ত আকাশলৈ পঠিয়াই।

(ঘ) ভাৰতে পঠিওৱা প্রথম কৃত্রিম উপগ্ৰহটোৰ নাম কি?

উত্তৰঃ ভাৰতে পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আৰ্যভট্ৰ।


৩। পার্থক্য লিখা - নক্ষত্র আৰু গ্রহ।

উঃ 

(ক) নক্ষত্ৰবোৰৰ নিজা তাপ আৰু পোহৰ আছে 

    কিন্তু গ্ৰহসমূহৰ নিজা তাপ আৰু পোহৰ নাই।

(খ) গ্ৰহসমূহে নক্ষত্ৰ চাৰিওফালে ঘূৰে

     কিন্তু নক্ষত্ৰ সমূহ নিজ ঠাইতে স্থিৰে থাকে।

(গ) নক্ষত্ৰ সমূহ গ্ৰহসমূহতকৈ বহুত ডাঙৰ হয়

    কিন্তু গ্ৰহসমূহ নক্ষত্ৰ তুলনাত যথেষ্ট সৰু হয়।

 

৪। কৃত্রিম উপগ্রহৰ সহায়ত কৰা দুটা কামৰ বিষয়ে লিখা। 

উত্তৰঃ

১। কৃত্ৰিম উপগ্ৰহৰ সহায়ত আধুনিক যোগাযোগ স্থাপন কৰা হয়। 

২। বতৰ আগজাননী কাৰণে কৃত্ৰিম উপগ্ৰহৰ সহায় লোৱা হয়।


৫। 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলােৱা 

উত্তৰঃ

    'ক'                -                    'খ'

শুক্ৰ                  -          পৃথিৱীৰ ওচৰত থকা গ্ৰহ

বৃহস্পতি            -          আটাইতকৈ ডাঙৰ গ্ৰহ।

বুধ                     -          সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ।

পৃথিৱী                -          জীৱ থকা গ্ৰহ।

নেপচুন              -          সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ।


Answered by Hiru Moni Bora

Last Update By Dipawali Bora (07.05.2022)