বায়ু আৰু পানীৰ প্ৰদূষণ
👉YouTube Video
১। কি কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে?
উত্তৰঃ পানী প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ'ল-
(ক) নদীত গা-ধোৱা ,কাপোৰ ধোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(খ) উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীৰত পৰাৰ ফলত পানী প্ৰদূষিত হয়।
(গ) খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ ফলত পানী প্ৰদূষিত হয়।
(ঘ) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ বাবে পানী প্ৰদূষিত হয়।
২। তোমালোকে ব্যক্তিগতভাবে বায়ু প্ৰদূষণ কেনেকৈ হ্রাস কৰিবা?
উত্তৰঃ বায়ু প্ৰদূষণ হ্রাস কৰিবলৈ আমি তলত দিয়া কামবোৰ কৰিব লাগিব-
(ক) গছ গছনি ৰোপন কৰিব লাগিব।
(খ) আমি যিমান পাৰোঁ গাড়ী মটৰ ব্যৱহাৰ কমাই কৰিব লাগিব।
(গ) ডিজেল পেট্ৰল আদিৰ সলনি CNG আৰু সীহনথকা পেট্ৰল ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰো।
(ঘ) জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধনৰ সন্ধান বিচাৰিব লাগিব।
(ঙ) বায়ু প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব।
৩। 'পৰিস্কাৰ ,স্বচ্ছ (ফটফটীয়া) পানী খোৱাৰ উপযোগী' - তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰঃ দেখাত 'পৰিস্কাৰ, স্বচ্ছ (ফটফটীয়া) পানী খোৱাটো উপযোগী' নহয়। কাৰণ দেখাত পৰিস্কাৰ, স্বচ্ছ পানীটো বহুতো বেমাৰ বীজাণু , বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰব্য আদি থাকিব পাৰে। সেয়েহে এই পানী আমাৰ বাবে ক্ষতিকাৰক হ'বা পাৰে। সেয়েহে আমি খোৱা পানী পৰিস্কাৰ, স্বচ্ছ হ'লেও আমি সদায় পানী পৰিশোধিত কৰি খাব লাগে ।
৪। ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰনিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলো বোৰ বাসিন্দা ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ বিশুদ্ধ পানী যোগান ধৰিবলৈ লোৱা ব্যৱস্থা সমূহ হ'ল -
(ক) পানী যোগান ধৰা পাইপ সমূহ যাতে নলা নৰ্দমা সংস্পৰ্শলৈ নাহে তাৰ বাবে চকু দিব লাগিব।
(খ) পানী টেংকি সমূহ ভালদৰে পৰিস্কাৰ কৰি ৰাখিব লাগিব।
(গ) ক্লৰিণ টেবলেট বা ব্লিচিং পাউদাৰ পানীত সময়মতে ব্যৱহাৰ কৰিব লাগিব।
(ঘ) পানী যোগানত ব্যৱহাৰ কৰা পাইপ সমূহত যাতে কোনো ধৰণৰ বিন্ধা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
(ঙ) খোৱা পানীৰ যোগান আঁচনিৰ জৰিয়তে প্ৰতি ঘৰ মানুহ লৈ খোৱা পানী যোগান নিশ্চিত কৰিব লাগিব।
৫। বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্য সমূহ ব্যাখ্যা কৰা।
উত্তৰঃ আয়তন হিচাপে বিশুদ্ধ বায়ুৰ মিশ্ৰণত ৭৮% নাইট্ৰজেন আৰু ২১% অক্সিজেন গেছ থাকে। ইয়াৰ উপৰিও অতি কম মাত্ৰাত কাৰ্বন ডাই অক্সাইড, মিথেন, আৰ্গন আৰু জলীয় বাষ্প থাকে।বিশুদ্ধ বায়ুৱে মানুহৰ স্বাস্থ্য সবল কৰি ৰাখে।
আনহাতে প্ৰদূষিত বায়ুত ওপৰৰ বায়ুৰ অনুপাতৰ তাৰতম্য ঘটে। এই বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। এই বায়ু শ্বাস প্ৰশ্বাস জৰিয়তে দেহৰ ভিতৰত প্ৰবেশ কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। প্ৰদূষিত বায়ুৰ ফলত হাপানী , কফ আদি ৰোগ হোৱা দেখা যায়।
৬। কেনেকুৱা পৰিস্থিতিত এছিড বৰষুণ হব পাৰে ব্যাখ্যা কৰা।এছিড বৰষুণে আমাক কেনেকৈ অপকাৰ কৰিছে?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগ সমূহ যেনে ৰাবাৰ উদ্যোগ, যানবাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিয়ে ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড আদিৰ দৰে বায়ু প্ৰদূষক বায়ুত এৰি দি বায়ুপ্ৰদূষক বায়ুমণ্ডলত বৃদ্ধি কৰিছে। এই গেছ সমূহ বায়ুমণ্ডলৰত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিড প্ৰস্তুত কৰে। এই এছিড সমূহে বৰষুণ পানী আম্লিক কৰে। এনে বৰষুণক এছিড বৰষুণ বোলে
এছিড বৰষুণে আমাক বিভিন্ন ধৰণে অপকাৰ কৰে। যেনে-
(ক) এছিড বৰষুণ বাবে কৃষি ভূমিৰ অম্লতা বৃদ্ধি হয়, ফলত উৎপাদন হ্ৰাস পায়।
(খ) এছিড বৰষুণে জলাশয় আদি পানীৰ অম্লতা বৃদ্ধি কৰে যাৰ ফলত তাত থকা মাছ , কাছ আদিৰ কণী বোৰ নষ্ট হয়।
(গ) গছ গছনিৰ পাত, ফল, ফুল সোনকালে সৰি পৰে আৰু কলি বোৰ লেৰেলি যায়।
(ঘ) এছিড বৰষুণে মাৰ্বলৰ ক্ষতি সাধন কৰে যাৰ বাবে অট্টালিকা আৰু প্ৰাচীন কৃতিস্তম্ভ বোৰৰ ক্ষতি সাধন হয়।
(ঙ) এছিড বৰষুণে ধাতুৰ ক্ষয়ী ভৱন বৃদ্ধি কৰে।
৭। তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয়?
(ক) কাৰ্বন-ডাই-অক্সাইড।
(খ) ছালফাৰ-ডাই-অক্সাইড।
(গ) মিথেন।
(ঘ) নাই'ট্ৰজেন।
উত্তৰঃ (ঘ) নাই'ট্ৰজেন।
৮। তোমাৰ নিজৰ ভাষাৰে 'সেউজ গৃহ প্ৰভাৱ' ৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ আমি জানো যে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱী পৃষ্ঠ গৰম কৰি ৰাখে। সূৰ্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীয়ে শোষণ কৰে আৰু আন এটা অংশ মহাকাশলৈ প্ৰতিফলিত কৰি ঘূৰাই পঠায়। এই ঘূৰি যোৱা ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে ফলত বায়ু প্ৰদূষিত হয় আৰু পৃথিৱী খন গৰম কৰি ৰাখে ইয়াক সেউজ গৃহ প্ৰভাৱ বোলে। এই পৰিঘটনা অবিহনে জীৱ জীয়াই থকাটো সম্ভৱ নহয় কিন্তু বৰ্তমান ই জীৱৰ কাৰণে ভাবুকিৰ কাৰণ হৈ পৰিছে ইয়াৰ কাৰণ হ'ল সেউজ গৃহ ত থকা কাৰ্বন ডাই অক্সাইড ৰ পৰিমাণ বৃদ্ধি হৈ বায়ুমণ্ডল প্ৰদূষণ কৰা। কাৰ্বন ডাই অক্সাইড গেছে তাপ শোষণ কৰি লয় আৰু এই তাপ ওপৰলৈ এৰি নিদিয়ে। ফলস্বৰূপে পৃথিৱীৰ তাপমাত্ৰা লাহে লাহে বৃদ্ধি হৈ গৈ আছে। ইয়াকে গোলকীয় উষ্ণতা বোলা হয়। গোলকীয় উষ্ণতাই সাগৰীয় জালপৃষ্ঠ অভাৱনীয়ভাবে বৃদ্ধি ঘটাইছে। গোলকীয় উষ্ণতাই বৰষুণ, কৃষি পথাৰ, উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলায়।
১০। তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ বিশেষজ্ঞ সকলৰ মতে বায়ু প্ৰদূষক বোৰে তাজমহলৰ মাৰ্বল মলিন কৰা লগতে বৰণহীন কৰি পেলাইছে। বিশেষকে আগ্ৰাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগ সমূহ যেনে ৰাবাৰ উদ্যোগ, যানবাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিয়ে ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড আদিৰ দৰে বায়ু প্ৰদূষক বায়ুত এৰি দি বায়ুপ্ৰদূষক বায়ুমণ্ডলত বৃদ্ধি কৰিছে। এই গেছ সমূহ বায়ুমণ্ডলৰত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিড প্ৰস্তুত কৰে। এই এছিড সমূহে বৰষুণ পানী আম্লিক কৰি এছিড বৰষুণ সৃষ্টি কৰিছে। এই এছিড বৰষুণে মাৰ্বলৰ বিশেষ ক্ষতি সাধন কৰিছে। তাজমহলক সুৰক্ষা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ে চি.এন.জি আৰু এল.পি.জি দৰে পৰিশোধিত গেছ ব্যৱহাৰ কৰিবলৈ উদ্যোগ সামূহক আদেশ দিছে। ইয়াৰ উপৰিও তাজমহলৰ ওচৰে পাজৰে চলাচল কৰা যানবাহনৰ পৰাও তাজমহলৰ সৌন্দৰ্যৰ ক্ষতি সাধন হৈছে।
১১। পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা।
উত্তৰঃ খেতি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ বোৰ গৈ পানীত পৰি পানী প্ৰদূষণ কৰে। এইবিলাকে শেলাইৰ পুষ্টি হিচাপে কাম কৰে আৰু শেলাইৰ পৰিমাণ বৃদ্ধি কৰে। যেতিয়া এই শেলাইবোৰ মৃত্যু হয় তেতিয়া শেলাই বোৰে বেক্টেৰিয়া বিয়োজনত সহায় কৰে। এই বেক্টেৰিয়া বোৰে পানীত থকা অক্সিজেন ব্যৱহাৰ কৰে ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায়। পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবে পানীত থকা জলজ জীৱ বোৰ মৃত্যু হব পাৰে। এনেদৰে পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায়।
অতিৰিক্ত প্ৰশ্নঃ
(ক) সেউজ গৃহ গেছ সমূহৰ নাম লিখা।
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি।
(খ) পানীৰ প্ৰদূষক বুলিলে কি বুজা?
উত্তৰঃ বিভিন্ন অপকাৰী পদাৰ্থ যেনে- আৱৰ্জনা, বিষাক্ত ৰাসায়নিক পদাৰ্থ, পলস আদি পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। এই পদাৰ্থ বিলাক যিবিলাকে পানী প্ৰদূষিত কৰে তেনে পদাৰ্থ বোৰক পানীৰ প্ৰদূষক বুলি কোৱা হয়।
Mukesh Borah