প্ৰকৃতি আৰু পৰিসৰ

A.  Short Type Questions .


১) মানৱ ভূলোগৰ দুটা উপশাখাৰ নাম লিখা।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ মানৱ ভূগোলৰ দুটা উপশাখা হ'ল- 

        (ক) প্ৰথম উপশাখাটো হ'ল প্ৰাকৃতিক ভূগোল।

       (খ) দ্বিতীয় উপশাখাটো হ'ল মানৱ ভূগোল।


২)  মানৱ ভূগোলৰ দুটা শাখা - ক্ষেত্ৰৰ নাম লিখা।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰঃ মানৱ ভূগোলৰ দুটা শাখা-ক্ষেত্ৰৰ নাম হ'ল- জনসংখ্যা ভূগোল আৰু জনবসতি ভূগোল।


৩) মানৱ ভূগোলে কি অধ্যয়ন কৰে?

( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিস )

উত্তৰঃ মানৱ ভূগোলে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পৰ্কৰ অধ্যয়ন কৰে।


৪) মানৱ ভূগোলৰ সংজ্ঞা দিয়া।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ মানুহ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক তথা আন্ঃক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ-ভূগোল বোলে।


৫) মানৱ ভূগোলৰ লগত আন আন সমাজবিজ্ঞানৰ সম্পৰ্ক কেনে?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰঃ মানৱ ভূগোলৰ লগত আন আন সমাজবিজ্ঞান সমূহ শৈক্ষিক আৰু প্ৰয়োগিক ভাৱে সম্পৰ্ক জড়িত হৈ আছে। মানৱ ভূগোলৰ লগত জড়িত আন বিষয় সমূহ হ'ল- অৰ্থনীতি বিজ্ঞান, মনোবিজ্ঞান, কৃষিবিজ্ঞান আদি। এই বিজ্ঞান সমূহে মানৱ ভূগোল বিভিন্ন ক্ষেত্ৰত সহায় কৰা দেখা যায়।


৬) মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত?

উত্তৰঃ মানৱ ভূগোলৰ লগত জড়িত আন সমাজ বিজ্ঞান সমূহ হ'ল- মনোবিজ্ঞান, অৰ্থনীতিবিজ্ঞান, কৃষিবিজ্ঞান, ৰাজনীতি বিজ্ঞান আদি। এই বিজ্ঞান সমূহ মানৱৰ কাম-কাজৰ লগত, মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্য়া পোনপটীয়াকৈ জড়িত হৈ থাকে।


৭) মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শই মানৱ ভূগোলৰ অধ্যয়নক্ষেত্ৰত সামাজিক কল্যাণ পৰিক্ৰমাৰ লগত প্ৰত্যক্ষভাৱে জড়িত গৃহসংস্থান, জনস্বাস্থ্য, শিক্ষা, মানৱ-অধিকাৰ প্ৰভৃতি সমস্যাসমূহৰ প্ৰক্ষেপণ তথা ভৌগলিক সমাধানৰ ওপৰত প্ৰাধান্য দিয়ে।


৮) মানৱীয় মতাদৰ্শ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ মতাদৰ্শে মানৱ ভূগোলৰ সামাজিক কল্য়াণ পৰিক্ৰমাৰ লগত জড়িত গৃহসংস্থান, জনস্বাস্থ্য, শিক্ষা, মানৱ-অধিকাৰ আদি সমস্যাসমূহৰ ভৌগলিক সমাধানৰ ওপৰত গুৰুত্ব বহন কৰে তাক মানৱীয় মতাদৰ্শ বোলে।


৯) পৰিবেশ নিয়ন্ত্ৰণবাদ কি?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা ধৰাৰ জীৱজগত নিয়ন্ত্ৰিত হৈ আহিছে। প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক প্ৰভাৱৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপৰ তথা কৰ্মৰাজিৰ মাজত য়ি প্ৰভেদ দেখা যায়, এই ধাৰাটোক পৰিৱেশ নিয়ন্ত্ৰণবাদ বোলে।


১০) প্ৰকৃতিৰ কিদৰে মানৱীকৰণ কৰা হয়?

উত্তৰঃ 


১১) সম্ভাৱ্যবাদ কি?

উত্তৰঃ প্ৰাকৃিতক পৰিৱেশক প্ৰয়োজন অনুসৰি সাল-সলনি কৰি লোৱাৰ সম্ভৱনাত বিশ্বাসী মানৱ ভূগোল চৰ্চাৰ মতবাদটোক সম্ভাৱ্যবাদ বুলি কোৱা হয়।


১২) নৱ্যনিয়ন্ত্ৰনবাদ কি?

উত্তৰঃ গ্ৰীফিট টেইলৰ নামৰ বৃটিস ভূগোলবিদ এজনে উপস্থাপন কৰা মানৱ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যনৰ দৃষ্টিভংগীক মতবাদটোক নৱ্যনিয়ন্ত্ৰনবাদ নামেৰে জনা যায়


B. Essay Type Questions . 

 

১) মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহৰ বৰ্ণনা কৰা।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰখনত মানৱ জীৱনৰ লগত জড়িত সকলোধৰণৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু জৈৱিক কাম-কাজসমূহৰ সংঘটনস্থলী অৰ্থাৎ সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালোচনা কৰা হয়। মানৱ ভূগোলৰ অধ্য়য়ণ পৰিক্ৰমাৰ লগত বহুধৰণৰ শৈক্ষিক আৰু প্ৰয়োগিক বিষয় জড়িত হৈ থাকে। মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰ যেনে- সম্পদ ভূগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল আদি। মানৱ ভূগোলৰ একোখন ক্ষেত্ৰ-উপক্ষেত্ৰৰ বিষয়বস্তু ইহঁতৰ চুবুৰীয়া ক্ষেত্ৰসমূহত আংশিকভাৱে সোমাই পৰে। আকৌ মানৱ ভূগোলৰ লগত সম্পৰ্ক জড়িত বিষয় সমূহ মানৱৰ কাম-কাজৰ লগত জড়িত হোৱাৰ হেতু মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ জড়িত হৈ থাকে।


২) মানৱ ভূগোলৰ পৰিসৰ সম্বন্ধে এটি টোকা লিখা।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

 উত্তৰঃ মানৱ ভূগোল বুলিলে মানুহ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগলিক অধ্যয়ন। মানৱ ভূগোল বুলি কলে মানৱ জাতিৰ যথেষ্টখিনি বিষয়বস্তু সোমাই পৰে। মানৱৰ কাম-কাজ, অৰ্হতা আৰু ধ্য়ান-ধাৰণা প্ৰভৃতিৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু সকলোধৰণৰ মানৱীয় ক্ৰিয়াকণ্ডৰ ক্ষেত্ৰীয় আৰু কালানুক্ৰমিক লক্ষণসমূহক মানৱ ভূগোলে অধ্য়য়ন কৰে। মানৱ ভূগোলৰ ওপৰত বহুতো ভূগোলবিদে বহুতো সংজ্ঞা আগবঢ়াইছে। যেনে- ৰাটজেলৰ সংজ্ঞা অনুসৰি মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাটোক মানৱ ভূগোল বোলে। আকৌ কুমাৰী এলেন চাৰ্চিল চেম্পোলৰ সংজ্ঞা অনুসৰি মানৱভূগোলক জিৰণিবিহীন মানৱ জাতি আৰু পৰিৱৰ্তনশীল পৃথিৱীৰ পৰিৱেশৰ মাজত প্ৰতিষ্ঠিত গতিশীল সম্বন্ধৰ অধ্যয়ন ৰূপে অভিহিত কৰা হয়। মানৱ ভূগোলৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পৰ্কৰ অধ্যয়ন। আদি।


৩) সময়ৰ সোঁতত মানৱ ভূগোলৰ কিদৰে অগ্ৰসৰ হৈছে , বাখ্যা কৰা।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ সময়ৰ সোঁতত মানৱ ভূগোল বহু পৰিমাণে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। প্ৰাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা নিচেই দুৰ্বল আছিল। যাৰ ফলত অঞ্চলবিশেষে গঢ়ি উঠা সমাজ-ব্যৱস্থা আৰু সামাজিক ৰীতি-নীতি, ধ্যান-ধাৰণা প্ৰভৃতিৰ বিষয়ে আন একোটা অঞ্চলৰ মানুহে খুব কমেইহে জানিব পাৰিছিল। তাৰোপৰি সময়য়ৰ সোঁতত মানুহে বিভন্ন ধৰণৰ আৱিস্কাৰ কৰা দেখা গৈছে। যাৰ ফলত মানৱ প্ৰজাতি উন্নত হোৱা দেখা যায়। সময়ৰ সোঁতত পৃথিৱীৰ বিভিন্ন ঠাইত অনু্ন্নত ব্যৱস্থা যেনে- শিক্ষা, চিকিৎসা ব্যৱস্থা, পৰিবহন আদি ব্যৱস্থা সমূহ উন্নত হোৱা পৰিলক্ষিত হয়। অৰ্থাৎ সময় পাৰ হৈ যোৱাৰ লগে লগে বিভিন্ন ব্যৱস্থা সমূহ উন্নত হৈছে লগতে মানৱ প্ৰজাতি সমূহ উন্নত পথত আগুৱাই গৈছে।


৪) মানৱ ভূগোলৰ প্ৰকৃতি সম্বন্ধে বৰ্ণনা কৰা।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰঃ মানৱ ভূগোলৰ প্ৰকৃতি বুলি কলে সাধাৰণতে মানৱ কাণ্ড-ক্ৰিয়া, মানৱৰ কাৰ্য, মানুৰ প্ৰকৃতিৰ লগত থকা আন্তঃসম্পৰ্ক সমূহকে জনা যায়। মানৱ ভূগোলৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে, প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পৰ্কৰ অধ্যয়ন। প্ৰাকৃতিক পৰিৱেশলব্ধ সম্পদ আৰু সুবিধা-অসুবিধাৰ অৱস্থানৰ লগত সম্পৰ্ক ৰক্ষা কৰিয়েই ঠায়ে ঠায়ে গাঁও-ভুঁই, চহৰ, উদ্যোগ, বাণিজ্য, পৰিবহন প্ৰভৃতি নানাবিধ সাংস্কৃতিক অৱয়বে মূৰ দাঙি ধৰে। যাৰ ফলস্বৰূপে সেই অঞ্চলৰ লোকসকলে কৰ্মসংস্থাপন পায় আৰু লগতে জীৱিকা নিৰ্বাহত যথেষ্ট খিনি সুবিধা অৱলম্বন কৰে। আদি।


৫) সম্ভাব্যবাদৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সম্ভাব্যবাদৰ প্ৰৰ্বতক আছিল ভাইডেল-দা- লা-ব্লাচি। সম্ভাব্যবাদৰ মতে মানুহৰ সন্মুখত অসম্ভৱ বুলি একো নাই। মহাযুদ্ধৰ বিভীষিকাই মানুহেই মানুহৰ ধ্বংসৰ আটাইতকৈ শক্তিশালী কাৰক বুলি জনা যায়। সাংস্কৃতিক পৰিৱেশত সমসাময়িক মানৱ-ভূগোল অধ্যয়নকাৰীসকলৰ একাংশই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ প্ৰাসংগিকতা ক্ৰমে অস্বীকাৰ কৰিবলৈ ধৰে। এখেতসকলৰ মতে মানুহ যথেষ্ট জ্ঞান আৰু কৌশলৰ অধিকাৰী হোৱাৰ হেতু মানুহৰ সাংস্কৃতিক অৰ্থাৎ বৌদ্ধিক কৰ্ম-কাণ্ডই প্ৰাকৃতিক পৰিৱেশৰ ওপৰত আৰোপ কৰা সাম্ভাব্য প্ৰভাৱ উলাই যোৱা বিধৰ নহয়। বৰঞ্চ বৌদ্ধিক মানৱে পৃথিৱীত নিজৰ বাঞ্চিত পৰিৱেশ নিজেই গঢ় দিয়ে। প্ৰাকৃতিক পৰিৱেশক প্ৰয়োজন অনুসৰি সাল-সলনি কৰি লোৱাৰ সম্ভৱনাত বিশ্বাসী মানৱ ভূগোল চৰ্চাৰ এই মতাবাদটোক সম্ভাব্যবাদ নামেৰে অভিহিত কৰা হয়।


৬) মানৱ ভূগোলৰ উপভাগ কেইটাৰ নাম আৰু ইয়াৰ বৰ্ণনা দিয়া।

উত্তৰঃ মানৱ ভূগোলৰ কিছুমান ক্ষেত্ৰ-উপক্ষেত্ৰ আছে। যিবিলাকে মানৱ ভূগোলৰ উন্নতিত সহায় কৰে। মানৱ ভূগোলৰ ক্ষেত্ৰ সমূহ হ'ল- জনসংখ্য়া ভূগোল, পৌৰ ভূগোল, অৰ্থনৈতিক ভূগোল, সমাজ ভূগোল, ৰাজনৈতিক ভূগোল আদি। এই ক্ষেত্ৰসমূহৰ উপক্ষেত্ৰ সমূহ হ'ল- অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰসমূহ হ'ল- কৃষি ভূগোল, উদ্যোগ ভূগোল, বিপনন ভূগোল, পৰ্যটন ভূগোল, বাণিজ্য ভূগোল, আচৰণ ভূগোল, কল্যাণ ভূগোল। সমাজ ভূগোলৰ উপক্ষেত্ৰসমূহ হ'ল- অৱসৰ ভূগোল, সাংস্কৃতিক ভূগোল, লিংগৰ ভূগোল, ঐতিহাসিক ভূগোল, চিকিৎসা ভূগোল, ভূ-ৰাজনীতি। ৰাজনৈতিক ভূগোলৰ উপক্ষেত্ৰসমূহ হ'ল- নিৰ্বাচন ভূগোল, প্ৰতিৰক্ষা ভূগোল, প্ৰশাসন ভূগোল আদি। এই উপক্ষেত্ৰসমূহ সময়ৰ সোঁতত অগ্ৰসৰ হৈ অহা দেখা গৈছে। বিশেষকৈ চিকিৎসা ভূগোল বহুতো ঠাইত উন্নত হোৱা দেখা যায়। আকৌ বাণিজ্য ভূগোলৰ ফলত সমাজ ব্যৱস্থা, সমাজতত্ত্ব আদি উন্নত হোৱা দেখা যায়। পৰ্যটন ভূগোলত সময়ৰ সোঁতত পৰিবহন ব্যৱস্থা উন্নত হোৱা দেখা যায়। এই বিলাকে মানৱ ভূগোলক বিভিন্ন ক্ষেত্ৰত সহায় কৰে।


৭) মানৱ ভূগোলৰ প্ৰচেষ্টা আৰু বিশাল বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ


৯) মানৱৰ প্ক-তিকৰণ সম্পৰ্কে বাখ্যা কৰা।

উত্তৰঃ


C. Very Short Type Questions .


১) নব্যনিয়ন্ত্ৰণবাদৰ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ নব্যনিয়ন্ত্ৰণবাদ বৃটিশ ভূগোলবিদ গ্ৰীফিট টেইলৰে প্ৰৱৰ্তন কৰিছিল।


২) মানৱ ভূগোলৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ মানৱ ভূগোলৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পৰ্কৰ অধ্যয়ন।


৩) ঔপনিবেশিক যুগ বুলিলে কি বুজা?

উত্তৰঃ পঞ্চদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মাজৰ সময়চোৱাক ঔপনিবেশিক যুগ বােলা হয়।


৪) মানৱ ভূগোলে কোনোবৰ বিষয়ে অধ্যয়ন কৰে?

উত্তৰঃ মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগলিক অধ্যয়ন কৰে।


৫) পৃথিৱীৰ মুখ্য উপাদান দুটা কি কি?

উত্তৰঃ পৃথিৱীৰ মুখ্য উপাদান দুটা হ'ল- স্থলভাগ আৰু জলভাগ।


৬) মানৱৰ প্ৰাকৃতিককৰণ সম্ভৱনে?

উত্তৰঃ 


৭) মানৱ ভূগোলৰ উপশাখা এটাৰ নাম লিখা।

উত্তৰঃ মানৱ ভূগোলৰ উপশাখা এটাৰ নাম হ'ল- সম্পদ ভূগোল।


৮) প্ৰাচীন মহাকাব্যবোৰ ভৌগলিক তথ্যৰ উৎস হয়নে?

উত্তৰঃ প্ৰাচীন মহাকাব্যবোৰ ভৌগলিক তথ্যৰ উৎস হয়।


৯) মানৱৰ প্ৰকৃত্যায়ন কি?

 উত্তৰঃ 


১০) মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া?

উত্তৰঃ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভূগোল বোলে।



Answer by- Punya Hazarika