গোট ৩
মূল্যবোধ শিক্ষাঃ
ড° দুলুমণি গোস্বামী

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবোধ শিক্ষা আছিল ৷

২। প্ৰথম অৱস্থাত 'মূল্য' শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ প্ৰথম অৱস্থাত 'মূল্য' শব্দটো অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ৷

৩। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ ম’ৰীজ’ শব্দৰ পৰা হৈছে ৷

৪। মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
উত্তৰঃ মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে ৷ অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত ৷

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে ৷

 

চমু প্ৰশ্ন (মূল্যাংক ২/৩)

১। আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ তিনিটা ৷ সেইকেইটা হ’ল - সত্যম, শিৱম, সুন্দৰম্ ৷

২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে আৰু সেইকেইটা হ’ল - ধৰ্ম, অৰ্থ, কাম, মোক্ষ ৷

৩। প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ মানুহ সামাজিক জীৱ ৷ গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি ৷ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি ৷ কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য নাই ৷ সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা হে বিচাৰ কৰা উচিত ৷


৪। সহজ অৰ্থত মূল্যবোধ মানে কি?
উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি ৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী-এই সকলোবোৰক মূল্যবোধে সামৰি লয় ৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে ৷

৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ’ল- পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা, যুক্তিনিষ্ঠতা ৷

 
দীঘল প্ৰশ্ন (৪/৫)ঃ

১। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷
উত্তৰঃ আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ৷ মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে ৷ আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে ৷ আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায় ৷ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে- কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, সজানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷

২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ, সুন্দৰ ৷ এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ ৷ নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে ৷ জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে ৷ মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ণ হয় ৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠি ৷

৩। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- সত্যম, শিৱম, সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ ৷ চিৰন্তন মূল্যবোধ স্হায়ী তথা অপৰিবৰ্ত্তনীয় ৷ এই মূল্যবোধসমূহ সমাজত পূৰ্বৰে পৰা বিদ্যমান ৷ মানুহৰ দায়িত্ব হ’ল- কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা ৷ চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰেপৰাই আছে ৷ আন কথাত ক’বলৈ গ’লে ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ৷

৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ৷
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'ম’ৰেল' শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ 'ম’ৰীজ' শব্দটোৰ পৰা ৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে ৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে ৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে ৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে ৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ৷ সংক্ষেপতে ক’বলৈ গ’লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায় ৷

৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷
উত্তৰঃ মূল্যবোধ বুলিলে আমি এক উচ্চ আদৰ্শাত্মক জীৱন প্ৰণালীক বুজোঁ যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ শিকায় ৷ মানুহৰ জীৱনৰ কিছুমান নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ বাবে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয় ৷


অতিৰিক্তঃ

১। "মূল্যবোধ শিক্ষা" পাঠটিৰ লেখক কোন?
উত্তৰঃ "মূল্যবোধ শিক্ষা" পাঠটিৰ লেখক ড° দুলুমণি গোস্বামী।

২। ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় কোৱা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠান সমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালী শিক্ষা আহৰণ কৰিবলৈ আহে ৷ বিভিন্ন আৰ্থ-সামাজিক আৰু সামাজিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ ভিন্ন ভিন্ন ৷ আনহাতে বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে ৷ তেনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে ৷✅

৩। সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?
উত্তৰঃ সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৰ মতে, সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে ৷ আমি মাথো ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগিব ৷


৪। যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ 
যুক্তিনিষ্ঠতা- শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা ৷

পৰোপকাৰিতা - অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা ৷

দায়িত্ববোধ- সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্ৰুটিসমূহ স্বীকাৰ কৰা ৷

নৈতিক স্বতন্ত্ৰতা- নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা ৷ আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা ৷

৫। "ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি?
উত্তৰঃ "ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০ টা মূল্যবোধ - সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম, সামাজিক দায়িত্ববোধ ৷


Sangeeta Das
MA in Assamese

Paid E-Notes Available

Only 50 Rupees (Get All Chapter Notes)


----- STEP - 1 -----

Pay Now

----- STEP - 2 -----

Apply Now


   Product Code: DAM000038