পাঠ-৬


 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা


১। চমু উত্তৰ লিখা-

(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা ।

উত্তৰঃ লো তীখাৰ উদ্যোগ


(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা ǀ

উত্তৰঃ খাৰুৱা তেল ।


(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা ǀ

উত্তৰঃ মহাৰাষ্ট্ৰ


(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহন সেৱা বিধৰ নাম লিখা ǀ

উত্তৰঃ ৰেল পৰিবহন সেৱা ।


(ঙ) অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম লিখা ǀ

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (বৰঝাৰ)


২। শুদ্ধ উত্তৰটো লিখা-

(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত-

(ক) তৃতীয়  (খ) দ্বিতীয়  (গ) প্ৰথম

উত্তৰঃ (গ) প্ৰথম

(খ) ভাৰতত প্ৰথমে ৰে’ল চলিছিল-

(ক) ১৮৩৫ চনত  (খ) ১৯৩৫ চনত  (গ) ১৮৫৩ চনত

উত্তৰঃ (গ) ১৮৫৩ চনত


(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-

(ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ , (খ) ২নং ৰাষ্ট্ৰীয় ঘাইপথ,  (গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ (গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ


(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে-

(ক) অসম,  (খ) কেৰেলা , (গ) অন্ধ্ৰপ্ৰদেশ

উত্তৰঃ (খ) কেৰেলা


৩) উত্তৰ লিখাঃ 


(ক) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ?

উত্তৰঃ ভাৰতবষৰ প্ৰধান খনিজ বলয়সমূহহৈছে-

*  উত্তৰ পূৱ উপদ্বীপীয় বলয়- ছোটানাগপুৰ মালভূমি,                            উৰিষ্যা,ঝাৰখণ্ড,পশ্চিমবংগ

*  মধ্য বলয়- ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ

*  দক্ষিণ বলয়- কৰ্ণাটক মালভূমি আৰু তামিলনাডু

*  দক্ষিণ পশ্চিম বলয়-কৰ্ণাটক আৰু গোৱা

*  উত্তৰ পশ্চিম বলয়-আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট

*  উত্তৰ পূৱ তৈল বলয়- অসমৰ বহ্মপুত্ৰ উপত্যকা

হয়, অসমৰ বহ্মপুত্ৰ উপত্যকা উত্তৰ পূৱ তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে ǀ


(খ) ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগৰ নাম লিখা ǀ

উত্তৰঃ ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগ হৈছে- 

*  জামছেদপুৰ টাটা তীখা উদ্যোগ

*  বাৰ্ণপুৰ তীখা উদ্যোগ

*  ভদ্ৰাৱতী তীখা উদ্যোগ

*  ভিলাই তীখা উদ্যোগ

*  ৰুৰকেল্লা তীখা উদ্যোগ


(গ) মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে ?

উত্তৰঃ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ǀ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় ǀ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবেমুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে ǀ


৪। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিবৰ্তন আনিছে লিখা ǀ

উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা আনঠাইলৈ খোজ কাঢ়ি  অথবা হাতী,ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিলǀ জলভাগত নাৱেৰে মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিলǀ পুৰণি যাতায়ত আৰু পৰিবহন ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিলǀ  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে  স্থল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰ স্থলভাগে যোগাযোগ সম্ভৱ হৈছে ǀ কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলো অহা যোৱা কৰিব পাৰিছে ǀ  বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে  সা-সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে।অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী ǀ

ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে ǀ আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি ǀ

স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক  প্ৰযুক্তিসম্বলিত যানবাহন বোৰে আগতকৈ কম পৰিমাণে পৰিবেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে ǀ


৫। পৰিবহন ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ ǀ কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা ǀ

উত্তৰ- 

১) পৰিবহন ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয় ǀ

২) পৰিবহন ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে ǀ উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহন  সেৱাতে  ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে ǀ

৩) পৰিবহন ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে ǀ ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে  ǀ উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত  ৰেল পৰিবহন ব্যৱস্থাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল ǀ 


৬। ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা


ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা ǀ

উত্তৰঃ তিনিচুকীয়া, ডিব্ৰুগড়, শি‌ৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰঙ, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙাইগাঁও, ধুৱুৰী, কোকৰাঝাৰ ইত্যাদি ǀ


খ) ৰেলপথে সংযোগ নকৰা উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা ǀ

উত্তৰঃ নাগালেণ্ড,মণিপুৰ,মিজোৰাম আৰু মেঘালয়


গ) বহ্মপুত্ৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম লিখা ǀ

উত্তৰঃ মোকংচেলেক


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)