Chapter 5 

সাগৰ-মহাসাগৰ


    👉MCQ Answer
    👉MCQ Online Exam
    👉Text Books PDF
    👉Click Here Youtube Video

১ ।তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা-

(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?

উত্তৰঃ পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকীল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে।

(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা ?

উত্তৰঃ শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্মমণ্ডলৰপৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰৱাহিত হয়। ইয়েই হ'ল গৰম পানীৰ সোঁত।

(গ) সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?

উত্তৰঃ সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ আৰু সেইবোৰ হৈছে- প্লেংকটন বা প্লৱক, বেনথ'জ আৰু নেকটন।  লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱকবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে।

(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্র গঢ়ি উঠে?

উত্তৰঃ সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য়ক্ষেত্ৰ গঢ়ি উঠে।


২। কাৰণ দর্শোৱা—

(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।

উত্তৰঃ পূৰ্ণিমাৰ আৰু অমাৱস্য়াৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে। ফলত ই শক্তিশালী হৈ পৰে।

(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

উত্তৰঃ  সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ।

(গ) জাপানত সঘনাই চুনামী হয়।

উত্তৰঃ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামীৰ সৃষ্টি হয়।

(ঘ) সূৰ্য আকাৰত বিশাল হোৱা সত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।

উত্তৰঃ সূৰ্য চন্দ্ৰতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ; আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ যোৱাৰ সৃষঅটিকাৰী শক্তি কম। 

(ঙ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

উত্তৰঃ বৈদেশিক বাণিজ্য়ৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য় ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমান বাবে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। 


৩। শুদ্ধ উত্তৰটোত চিন দিয়া—

(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়—

(ক) মেৰু অঞ্চলত  (খ) নিৰক্ষীয় অঞ্চলত  (গ) এটাও নহয়।

উত্তৰঃ মেৰু অঞ্চলত।

(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে –

(ক) সাগৰীয় সোঁত (খ) জোৱাৰ-ভাটা (গ) ঢৌ বোলে।

উত্তৰঃ জোৱাৰ-ভাটা।

(৩) চুনামী শব্দৰ অৰ্থ হ'ল—

(ক) ভূমিকম্প (খ) সাগৰৰ ঢৌ (গ) পোতাশ্ৰয়ৰ ঢৌ।

উত্তৰঃ পোতাশ্ৰয়ৰ ঢৌ।

(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—

(ক) নেক্‌টন (খ) বেনথ'জ  (গ) প্লেংকটন শ্ৰেণীৰ ৷

উত্তৰঃ বেনথ'জ।


 (৪) সোঁফালৰ লগত বাওঁফাল মিলোৱা-

ক) ডায়েটম

ক) নিৰক্ষীয় অঞ্চলত

গ) সাধাৰণ নিমখ

ঘ) সপ্তমী আৰু অষ্টমী তিথিত

ঙ) মৎস্য় ক্ষেত্ৰবোৰ

 

ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

খ) নানটি জোৱাৰ হয়।

গ) এবিধ উদ্ভিদ প্লেংকটন।ঙ) পানীৰ ঘনত্ব কম হয়।




উত্তৰঃ

 ক) ডায়েটম

 খ) নিৰক্ষীয় অঞ্চলত

 গ) সাধাৰণ নিমখ

 ঘ) সপ্তমী আৰু অষ্টমী তিথিত

 ঙ) মৎস্য় ক্ষেত্ৰবোৰ

 

গ) এবিধ উদ্ভিদ প্লেংকটন।

ঙ) পানীৰ ঘনত্ব কম হয়।

ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।

খ) নাটনি জোৱাৰ হয়।

ক) উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে   



 



Check by - Mukesh Borah 

Type-Ranjit Vikash Setia (Tinsukia)


Post Id: DABP000894