ন্যায়পালিকা

 

*ৰচনাধৰ্মী প্ৰশ্ন:

। আইনৰ শাসন বুলিলে কি বুজা?বহলাই লিখা

উত্তৰঃ আইনৰ চকুত সমতাই ' আইনৰ শাসনৰ সাৰবস্তু চৰকাৰক আইন অনুসৰি ক্ষমতা প্ৰয়োগ কৰাৰ বিষয়ে সকিয়াই দিয়েআইনৰ শাসনৰ জৰিয়তে ব্যক্তি স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়া হয়চৰকাৰে স্বেচ্ছাচাৰীভাৱে কোনো লোকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে ,তেনে  হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তুলিব পাৰিআইনৰ শাসনে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰা নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা কৰেআইনৰ শাসন ব্ৰিটিছ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য

         গ্ৰেট ব্ৰিটেইনৰ বিখ্যাত আইনবিদ ডাইছিৰ মতে,আইনৰ শাসনে আইনৰ শ্ৰেষ্ঠতাক বুজায়আইনৰ শাসন ' নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কবচতেওঁৰ মতে,

 আইন উলংঘা কৰা অপৰাধত অপৰাধী হিচাপে দোষী সাব্যস্ত নকৰালৈকে কোনো ব্যক্তিক জীৱন আৰু সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি

। আইনৰ দৃষ্টিত সকলো সমান আৰু সকলো শ্ৰেণী মানুহৰ বাবে একে আইনসকলো লোককে একে ধৰণৰ আইনৰ মাধ্যমত বিচাৰ কৰা হয় আৰু একে অপৰাধৰ বাবে একে ধৰণৰ শাস্তি দিয়া হয়

 ইংলেণ্ডত লিখিত সংবিধান নথকাৰ বাবে ন্যায়পালিকাৰ সিদ্ধান্তৰ পৰাই ইংলেণ্ডৰ সংবিধানৰ সাধাৰণ নীতিবোৰৰ উদ্ভৱ হৈছে আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ নাগৰিকসকলৰ অধিকাৰবোৰ ৰক্ষণাবেক্ষণ দিয়ে


। আমাক স্বাধীন ন্যায়পালিকাৰ প্ৰয়োজন কিয়? মন্তব্য দিয়া

উত্তৰঃ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিয়ন্ত্ৰণাধীন নহৈ স্বাধীনভাৱে কাৰ্যনিৰ্বাহ কৰাৰ বাবে সমৰ্থৱান হোৱা ন্যায়পালিকাক স্বাধীন ন্যায়পালিকা বোলা হয়স্বাধীন আৰু নিৰপেক্ষ  ন্যায়পালিকা ব্যক্তি স্বতন্ত্ৰতাৰ বাবে অতিশয় প্ৰয়োজনভাৰতবৰ্ষৰ সংবিধানৰ ন্যায়পালিকাই যাতে স্বতন্ত্ৰভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা সংবিধানে লিপিবদ্ধ কৰিছেভাৰতৰ মৌলিক অধিকাৰ  ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ক অভিভাৱক বুলি অভিহিত কৰা হয়নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিলে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি

          ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলসমূহে সকলো আইন সংবিধান অনুসৰি প্ৰণয়ন কৰিব লাগেবিধানমণ্ডলসমূহে সংবিধান বৰ্হিভূত কোনো আইন প্ৰণয়ন কৰিলে,তেনে আইন -সাংবিধানিক বুলি ন্যায়পালিকাই ঘোষণা কৰি নাকচ কৰিব পাৰেকেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত হোৱা বিবাদ মীমাংসাৰ বাবে নিৰপেক্ষ ন্যায়পালিকাৰ আৱশ্যক

                      ন্যায়পালিকাৰ স্বাধীনতাই ইয়াৰ সীমাহীন ক্ষমতাক বুজোৱা নাইন্যায়পালিকাই সদায় সংবিধানে প্ৰদান কৰা ক্ষমতাৰ পৰিসৰৰ মাজত থাকি কাৰ্য পালন কৰিব লাগেতদুপৰি সংবিধানে চৰকাৰৰ অংগ তিনিটাৰ মাজত ক্ষমতা বিভাজন কৰি দিছেগতিকে,ন্যায়পালিকাই নিজৰ ক্ষেত্ৰৰ ভিতৰত থাকি কাৰ্য পালন কৰিব লাগে;বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ কামত হস্তক্ষেপ কৰিব নালাগেউক্ত গুৰু দায়িত্ববোৰ পালনৰ বাবে আমাৰ ন্যায়পালিকা স্বতন্ত্ৰ আৰু নিৰপেক্ষ হোৱাটো অতিশয় প্ৰয়োজন


। ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰাৰ সাংবিধানিক ব্যৱস্থাৱলীৰ বিষয়ে লিখা

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰাৰ সাংবিধানিক ব্যৱস্থাৱলীবোৰ '-

। নিয়োগ পদ্ধতিঃ ন্যায়ালয়ৰন্যায়াধীশসকলক নিয়োগ কৰাতবিধানমণ্ডলক জড়িত কৰিৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে,যাতে ন্যায়াধীশসকলৰনিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰেৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চন্যায়ালয়ৰন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে

। অপসাৰণৰ জটিল পদ্ধতিঃ ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে,যাতে তেওঁলোকক কেৱল অসৎ-আচৰণ বা -যোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়

চাকৰিৰনিৰাপত্তাঃউচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊৰ্ধতম বয়সৰ সীমা ৬৫ বছৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স ৬২ বছৰ ধাৰ্য কৰা হৈছেএই সময়ছোৱাত তেওঁলোকৰ চাকৰিৰ সম্পূৰ্ণ নিৰাপত্তা দিয়া হৈছে,যাতে ভয়ৰ বশৱৰ্তী হৈ তেওঁলোকে কোনো কাম নকৰে

। উচ্চ হাৰত দৰমহাঃ ন্যায়াধীশসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে,যাতে পাৰদৰ্শী,প্ৰতিভাৱান লোকসকলে নিষ্ঠা সহকাৰে বিচাৰকৰ গধুৰ দায়িত্ব বহন কৰিবলৈ ইচ্ছুক হয় আৰু দুৰ্নীতিত লিপ্ত নহয়

। সমালোচনাৰ পৰা মুক্তঃ ন্যায়াধীশসকলৰ কাৰ্যৰ বাবে কোনেও সমালোচনাৰ কৰিব নোৱাৰিব ;আনকি সংসদতো আলোচনা কৰাত বাধা প্ৰদান কৰা হৈছেসংসদত ন্যায়াধীশৰ অপসাৰণৰ প্ৰস্তাৱ উত্থাপন 'লেহে আলোচনা কৰিব পাৰি


। ভাৰতবৰ্ষত ন্যায়াধীশসকলৰ নিয়োগ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ ভাৰতবৰ্ষত ন্যায়াধীশসকলৰ নিযুক্তি যাতে মুক্ত আৰু নিকা হয়,তাৰ বাবে তেওঁলোকৰ নিয়োগ আৰু অৰ্হতাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰিছেন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়েসংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰোঁতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিব লাগে আৰু প্ৰয়োজন 'লে তেওঁ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ আন আন ন্যায়াধীশৰ লগত আলোচনা কৰিব পাৰেকিন্তু ব্যৱহাৰিক ক্ষেত্ৰত গৃহ মন্ত্ৰণালয় আৰু  মন্ত্ৰী পৰিষদৰ নিয়োগ সমিতিয়ে প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰেমুখ্য ন্যায়াধীশক সাধাৰণতে পৰম্পৰা অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰা হয়ন্যায়াধীশসকলৰ নিযুক্তি যাতে ৰাজনীতিৰ পৰা মুক্ত হয় তাৰ বাবে ১৯৮২ চনৰ পৰা ১৯৯৮ চনলৈকে কেইবাৰো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছিলঅৱশেষত ,উচ্চতম ন্যায়ালয়ে এক অভিনৱ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছেএই পদ্ধতি অনুসৰি মুখ্য ন্যায়াধীশে চাৰিজন জ্যেষ্ঠ ন্যায়াধীশৰ লগত পৰামৰ্শ কৰি কেইজনমান ব্যক্তিৰ নাম অনুমোদন কৰিব আৰু অনুমোদিত তালিকাৰ পৰা মন্ত্ৰী পৰিষদে ন্যায়াধীশসকলৰ নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিবন্যায়াধীশসকলৰ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান উচ্চতম ন্যায়ালয় আৰু মন্ত্ৰী পৰিষদ উভয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে


ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাৰ্যাৱলী আলোচনা কৰা

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাৰ্যাৱলী আলোচনা কৰা '-

। মৌলিক ক্ষেত্ৰাধিকাৰঃ উচ্চতম ন্যায়ালয়ে কিছুমান মোকৰ্দমাৰ শুনানি পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰেইয়াকে মৌলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয়সংবিধানৰ ১৩১-নং অনুচ্ছেদ অনুসৰি-

() ভাৰত চৰকাৰ আৰু এক বা একাধিক ৰাজ্যিক চৰকাৰৰ মাজত বিবাদ

(এটা পক্ষত ভাৰত চৰকাৰৰ লগত এক বা একাধিক ৰাজ্যিক চৰকাৰ আৰু আন পক্ষত এক বা একাধিক ৰাজ্যিক চৰকাৰ আৰু

() দুখন বা ততোধিক ৰাজ্যিক চৰকাৰৰ মাজত বিবাদ-উচ্চতম ন্যায়ালয়ে পোনপটীয়াকৈ বিচাৰ কৰিব পাৰেভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ক অভিভাৱক বুলি অভিহিত কৰা হয়উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বাবে বিভিন্ন লেখ জাৰি কৰিব পাৰে

। আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় ' -সাংবিধানিক,দেৱানী আৰু ফৌজদাৰী গোচৰ আপীল বিচাৰ কৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয়উচ্চতম ন্যায়ালয়ৰ আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰ তিনিটা ভাগত বিভক্ত কৰিব পাৰি- () সাংবিধানিক আপীল, () দেৱানী গোচৰৰ আপীল, (ফৌজদাৰী গোচৰ আপীল

। পৰামৰ্শ দানৰ ক্ষেত্ৰাধিকাৰঃ উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰেসংবিধানৰ ১৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন বা তথ্যসংক্ৰান্ত বিষয় উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে,তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰেউচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ বিচাৰিলে তেওঁক পৰামৰ্শ দিবলৈ বাধ্যইয়াক উচ্চতম ন্যায়ালয়ৰ  পৰামৰ্শদান ক্ষমতা বোলা হয়কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিব পাৰে বা নকৰিবও পাৰে অৰ্থাৎ   উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি বাধ্য নহয় উচ্চতম ন্যায়ালয়ে কেইবাবাৰো ৰাষ্ট্ৰপতিক পৰামৰ্শদান কৰাৰ উদাহৰণ আছে

। বিবিধ ক্ষমতাঃ ওপৰৰ ক্ষমতাসমূহৰ উপৰিও উচ্চতম ন্যায়ালয়ে অন্যান্য ভালেমান ক্ষমতা ভোগ কৰেসেইবোৰ ' -

(সংবিধানৰ ৰক্ষকঃ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় ' সংবিধানৰ ৰক্ষকসংবিধানৰ কোনো অংশৰ অৰ্থ বুজাত অসুবিধা 'লে উচ্চতম ন্যায়ালয়ে ইয়াৰ ব্যাখ্যা দাঙি ধৰে আৰু উচ্চতম ন্যায়ালয়ৰ ব্যাখ্যা চূড়ান্ত বুলি বিবেচিত হয়

 () ন্যায়িক সমীক্ষাঃ উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষা   ক্ষমতা লাভ কৰিছেসংসদে প্ৰণয়ন কৰা আইনৰ বৈধতা উচ্চতম ন্যায়ালয়ে পৰীক্ষা কৰি চাব পাৰে

 (মৌলিক অধিকাৰৰ অভিভাৱকঃ সংবিধানৰ তৃতীয় অধ্যায়ত উল্লেখিত জনসাধাৰণৰ মৌলিক অধিকাৰ সংৰক্ষণৰ কাৰণে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ ,আদেশ আৰু লেখ জাৰি কৰিব পাৰে

 (অভিলেখ আদালতঃ উচ্চতম ন্যায়ালয়ক অভিলেখ আদালত (court of Record)বোলা হয়,কাৰণ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অন্যান্য ন্যায়ালয়সমূহে অনুসৰণ কৰা বাধ্যতামূলকউচ্চতম ন্যায়ালয়ে দিয়া ৰায় আৰু কাৰ্যবিৱৰণী স্থায়ীভাৱে সংৰক্ষণ কৰা হয় আৰু সমগ্ৰ দেশৰ ন্যায়ালয়ত আৰ্হি হিচাপে গ্ৰহণ কৰা হয়

(নিজৰ ৰায় পুনৰ্বিবেচনাৰ ক্ষমতাঃ উচ্চতম ন্যায়ালয়ে আগতে দিয়া নিজৰ ৰায় পুনৰ বিচাৰ কৰি সৰনি কৰিব পাৰে

()আদালত অৱমাননা কৰাৰ বাবে শাস্তি বিহিব পাৰেঃ উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ বাবে শাস্তি বিহিব পাৰেআদালতৰ প্ৰতি অসন্মান সূচক ব্যৱহাৰ নাইবা ইয়াক হেয় প্ৰতিপন্ন কৰি মন্তব্য প্ৰকাশ বা  ন্যায়ালয়ে পক্ষপাতিত্ব কৰি ৰায় দিয়া বুলি মত প্ৰকাশ কৰা কাৰ্য আদিক আদালতৰ প্ৰতি অৱমাননা বুলি বিবেচনা কৰা হয়


। উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ এটা বিৱৰণ দাঙি ধৰা

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ '-

। মৌলিক ক্ষেত্ৰাধিকাৰঃ উচ্চ ন্যায়ালয়সমূহে দেৱানী আৰু ফৌজদাৰী উভয়মোকৰ্দমাৰ ক্ষেত্ৰত মৌলিক অধিকাৰ ক্ষেত্ৰ ভোগ কৰেভাৰতবৰ্ষৰ আন আন ৰাজ্যবোৰৰ উচ্চ ন্যায়ালয়সমূহে স্বাধীনতাৰ পূৰ্বে মৌলিক অধিকাৰ ক্ষেত্ৰত যিবোৰ ক্ষমতা ভোগ কৰিছিল বৰ্তমানো  একে ক্ষমতা ভোগ কৰেউচ্চ ন্যায়ালয়সমূহে বিবাহ,বিবাহ উচ্চ ন্যায়ালয়ৰ  বিচ্ছেদ,ইচ্ছাপত্ৰ,ন্যায়ালয়ক অৱমাননা আদি কিছু পৰিমানে মৌলিক ক্ষেত্ৰাধিকাৰৰ অন্তৰ্ভূক্ত

মৌলিক অধিকাৰ সন্দৰ্ভত ক্ষেত্ৰাধিকাৰঃ সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ে নাগৰিকসকলৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেখ জাৰি কৰিব পাৰেভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে উচ্চ ন্যায়ালয়ে জাৰি কৰা লেখবোৰ ' বন্দী প্ৰত্যক্ষকৰণ ,পৰমাধিদেশ,উৎপ্ৰেষণ আদি

। আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰঃ উচ্চ ন্যায়ালয় ' ৰাজ্যিক ন্যায়পালিকাৰ সৰ্বোচ্চ আপীল ন্যায়ালয়ইয়াৰ দেৱানী ফৌজদাৰী উভয় মোকৰ্দমাৰ আপীল বিচাৰ কৰা ক্ষমতা আছে

। অভিলেখ আদালতঃ উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়কো অভিলেখ আদালত বুলি গণ্য কৰা হয়কোনো ব্যক্তি বা অনুষ্ঠানে উচ্চ ন্যায়ালয়ক অৱমাননা কৰিলে শাস্তি বিধান কৰিব পাৰেইয়িৰ সিদ্ধান্তসমূহ অভিলেখ গণ্য কৰি নিজ এলেকাধীন আদালতবোৰত প্ৰযোজ্য কৰা হয় আৰু কোনো আদালতে ইয়াৰ বৈধতাৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে

। ন্যায়িক সমীক্ষাঃ উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়ো ন্যায়িক সমীক্ষাৰ ক্ষমতা ভোগ কৰেৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইন বা ৰাজ্যপালে ঘোষণা কৰা অধ্যাদেশ যদি সংবিধানৰ বিৰুদ্ধে যায় নাইবা সংবিধানৰ কোনো উপবন্ধক ভংগ কৰে,তেন্তে উচ্চ ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰে

। প্ৰমাণপত্ৰ দিয়া অধিকাৰঃ উচ্চ ন্যায়ালয়ৰ ন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিবলৈ 'লে,উচ্চ ন্যায়ালয়ৰ পৰা মোকৰ্দমাটো আপীলৰ যোগ্য বুলি উচ্চ ন্যায়ালয়ৰ পৰা প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগেউচ্চ ন্যায়ালয়ৰ প্ৰমাণপত্ৰৰ ভিত্তিত সৰহভাগ আপীল উচ্চতম ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে

। গোচৰ প্ৰত্যাহাৰঃ উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ অধস্তন ন্যায়ালয়ত বিচাৰধীন হৈ থকা কোনো গোচৰৰ সৈতে সংবিধানৰ ব্যাখ্যাৰ প্ৰশ্ন জড়িত থাকিলে,উচ্চ ন্যায়ালয়ে তেনে গোচৰ নিম্ন আদালতৰ পৰা নিজৰ অধীনলৈ আনি বিচাৰ কৰিব পাৰে,নাইবা সংবিধানৰ লগত জড়িত অংশটোৰ ব্যাখ্যা দাঙি ধৰি পুনৰ বিচাৰৰ বাবে সংশ্লিষ্ট আদালতলৈ ঘূৰাই পঠিয়াব পাৰে

। প্ৰশাসনিক ক্ষমতাঃ উচ্চ ন্যায়ালয়ে কিছুমান প্ৰশাসনিক ক্ষমতাও ভোগ কৰে-

() উচ্চ ন্যায়ালয়ে ইয়াৰ নিম্ন আদালতক তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণ কৰে

() উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁৰ অধিকাৰ ক্ষেত্ৰত কৰ্মচাৰী নিয়োগ আৰু তেওঁলোকৰ চাকৰিৰ চৰ্তৰ নিয়ম-কানুন তৈয়াৰ কৰিব পাৰে

(ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ সৈতে পৰামৰ্শ কৰি জিলা ন্যায়াধীশসকলৰ নিয়োগ ,স্থানান্তৰ ,পদোন্নতি আদিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে

(উচ্চ ন্যায়ালয়ে ইয়াৰ বিভিন্ন আদালতৰ কাৰণে বিধি প্ৰস্তুত কৰি দিব পাৰে আৰু নথি-পত্ৰ কেনেকৈ পত্ৰ ৰাখিব সেই সম্পৰ্কে নিৰ্দেশ দিব পাৰে


। ন্যায়পালিকাই কেনেদৰে জনস্বাৰ্থৰ বাবে ক্ষমতা প্ৰয়োগ কৰে;উদাহৰণৰ সৈতে বুজাই লিখা

উত্তৰঃ ন্যায়পালিকাই জনস্বাৰ্থৰ বাবে বিভিন্ন ক্ষমতা প্ৰয়োগ কৰেভাৰতবৰ্ষৰ সংবিধানৰ ৩৯() নং অনুচ্ছেেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাইবা আন কোনো কাৰণত নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়প্ৰত্যেকজন নাগৰিকে ন্যায় বিচাৰি ন্যায়ালয়ত প্ৰৱেশ কৰিব পাৰিবউচ্চতম ন্যায়ালয় আৰু উচ্চ  ন্যায়ালয়ে বিশ্বাসযোগ্য আৰু নিভাজভাৱে জনস্বাৰ্থ ৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছেভাৰতবৰ্ষত সাম্প্ৰতিক কালছোৱাত গণতান্ত্ৰিক অৱনতি আৰু দুৰ্নীতিৰ পয়োভৰ ঘটাত জনস্বাৰ্থ হানি 'বলৈ ধৰিছেইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্ৰিয় 'বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ "ন্যায়িক সক্ৰিয়তা"নীতি আচম্বিতে বহিঃপ্ৰকাশ পাইছে আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে"ন্যায়িক সক্ৰিয়তা"বৰ্তমান অধিক জনপ্ৰিয় হোৱাৰ মূলতে হৈছে 'ৰাজহুৱা স্বাৰ্থজনিক গোচৰ' আৰু সামাজিক কাৰ্যপদ্ধতি গোচৰ'ন্যায়ালয়ৰ সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে ন্যায়ালয়ৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছেৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে দুখীয়া লোকসকল যথেষ্ট উপকৃত হৈছেকাৰণ তেওঁলোকে আৰ্থিক অভাৱৰ বাবে ন্যায়ালয়ৰ ওচৰত যাব নোৱাৰিলেও তেওঁলোকৰ হৈ আনে গোচৰ দিব পাৰেইয়াৰ ফলত সকলো নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণত সুবিধা হৈছেউদাহৰণস্বৰূপে- প্ৰদূষণ নিয়ন্ত্ৰণ,ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ,গ্ৰাহক সুৰক্ষা,ডাক বিতৰণত পলম হোৱা,পৰিৱেশ সুৰক্ষা আদি গোচৰ ন্যায়ালয়ত তৰিব পাৰি আৰু ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক প্ৰশংসিত কৰিছে


। মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্ৰিয়তাৰ সম্পৰ্ক কেনেকুৱা ? ইয়েই মৌলিক অধিকাৰৰ পৰিসৰ সম্প্ৰসাৰণত সহায় কৰিছে নেকি?

উত্তৰঃ মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্ৰিয়তাৰ সম্পৰ্ক ঘনিষ্ঠকাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯() নং অনুচ্ছেেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাইবা আন কোনো কাৰণত নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়প্ৰত্যেকজন নাগৰিকে ন্যায় বিচাৰি ন্যায়ালয়ত প্ৰৱেশ কৰিব পাৰিবউচ্চতম ন্যায়ালয় আৰু উচ্চ  ন্যায়ালয়ে বিশ্বাসযোগ্য আৰু নিভাজভাৱে জনস্বাৰ্থ ৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছেভাৰতবৰ্ষত সাম্প্ৰতিক কালছোৱাত গণতান্ত্ৰিক অৱনতি আৰু দুৰ্নীতিৰ পয়োভৰ ঘটাত জনস্বাৰ্থ হানি 'বলৈ ধৰিছেইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্ৰিয় 'বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ "ন্যায়িক সক্ৰিয়তা"নীতি আচম্বিতে বহিঃপ্ৰকাশ পাইছে আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে"ন্যায়িক সক্ৰিয়তা"বৰ্তমান অধিক জনপ্ৰিয় হোৱাৰ মূলতে হৈছে 'ৰাজহুৱা স্বাৰ্থজনিক গোচৰ' আৰু সামাজিক কাৰ্যপদ্ধতি গোচৰ'ন্যায়ালয়ৰ সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে ন্যায়ালয়ৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছেৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে দুখীয়া লোকসকল যথেষ্ট উপকৃত হৈছেকাৰণ তেওঁলোকে আৰ্থিক অভাৱৰ বাবে ন্যায়ালয়ৰ ওচৰত যাব নোৱাৰিলেও তেওঁলোকৰ হৈ আনে গোচৰ দিব পাৰেইয়াৰ ফলত সকলো নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণত সুবিধা হৈছেইয়েই মৌলিক অধিকাৰৰ পৰিসৰ সম্প্ৰসাৰণতো যথেষ্ট সহায় কৰিছে


। ন্যায়পালিকাৰ স্বাধীনতাৰ অৰ্থই কাৰো ওচৰত দায়বদ্ধ নোহোৱা কথাটো বুজাইছে নে?মন্তুব্য দিয়া

উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতাৰ অৰ্থই কাৰো ওচৰত দায়বদ্ধ নোহোৱা কথাটো বুজোৱা নাইন্যায়পালিকাৰ স্বাধীনতাই ইয়াৰ সীমাহীন ক্ষমতাক বুজোৱা নাইন্যায়পালিকাই সদায় সংবিধানে প্ৰদান কৰা ক্ষমতাৰ পৰিসৰৰ মাজত থাকি কাৰ্য পালন কৰিব লাগেতদুপৰি সংবিধানে চৰকাৰৰ অংগ তিনিটাৰ মাজত ক্ষমতা বিভাজন কৰি দিছেগতিকে,ন্যায়পালিকাই নিজৰ ক্ষেত্ৰৰ ভিতৰত থাকি কাৰ্য পালন কৰিব লাগে;বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ কামত হস্তক্ষেপ কৰিব নালাগে


১০। "ৰাজহুৱা স্বাৰ্থজনিন"গোচৰে দুখীয়া মানুহক কেনেদৰে সহায় কৰিছে?

উত্তৰঃ ৰাজহুৱা স্বাৰ্থজনিন"গোচৰে দুখীয়া মানুহক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছেৰাজহুৱা স্বাৰ্থজনিন গোচৰৰ ফলশ্ৰুতিত চৰকাৰৰ বহুত দুৰ্নীতি উদ্ঘাটন হৈছে আৰু আমোলাতন্ত্ৰ চক্ৰত আতংকৰ সৃষ্টি কৰিছেবৰ্তমান আমোলাসকলৰ জনস্বাৰ্থবিৰোধী কাৰ্যত লিপ্ত হোৱাও ভালেখিনি হ্ৰাস পাইছেবিশেষকৈ দুখীয়া লোকসকল যথেষ্ট উপকৃত হৈছেতেওঁলোকে আৰ্থিক অভাৱৰ বাবে ন্যায়ালয়ৰ ওচৰত যাব নোৱাৰিলেও তেওঁলোকৰ হৈ আনে গোচৰ দিব পাৰেইয়াৰ ফলত সকলো নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণত সুবিধা হৈছে


১১। ভাৰতৰ ন্যায়িক সক্ৰিয়তাৰ ওপৰত এটা টোকা লিখা

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯() নং অনুচ্ছেেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাইবা আন কোনো কাৰণত নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়প্ৰত্যেকজন নাগৰিকে ন্যায় বিচাৰি ন্যায়ালয়ত প্ৰৱেশ কৰিব পাৰিবউচ্চতম ন্যায়ালয় আৰু উচ্চ  ন্যায়ালয়ে বিশ্বাসযোগ্য আৰু নিভাজভাৱে জনস্বাৰ্থ ৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছেভাৰতবৰ্ষত সাম্প্ৰতিক কালছোৱাত গণতান্ত্ৰিক অৱনতি আৰু দুৰ্নীতিৰ পয়োভৰ ঘটাত জনস্বাৰ্থ হানি 'বলৈ ধৰিছেইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্ৰিয় 'বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ "ন্যায়িক সক্ৰিয়তা"নীতি আচম্বিতে বহিঃপ্ৰকাশ পাইছে আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে"ন্যায়িক সক্ৰিয়তা"বৰ্তমান অধিক জনপ্ৰিয় হোৱাৰ মূলতে হৈছে 'ৰাজহুৱা স্বাৰ্থজনিক গোচৰ' আৰু সামাজিক কাৰ্যপদ্ধতি গোচৰ'ন্যায়ালয়ৰ সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে ন্যায়ালয়ৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছেৰাজহুৱা স্বাৰ্থজনিক গোচৰৰ বাবে দুখীয়া লোকসকল যথেষ্ট উপকৃত হৈছেকাৰণ তেওঁলোকে আৰ্থিক অভাৱৰ বাবে ন্যায়ালয়ৰ ওচৰত যাব নোৱাৰিলেও তেওঁলোকৰ হৈ আনে গোচৰ দিব পাৰেইয়াৰ ফলত সকলো নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণত সুবিধা হৈছে


*চমু উত্তৰৰ প্ৰশ্ন:

উচ্চতম ন্যায়ালয়ৰ গঠন প্ৰণালী বৰ্ণনা কৰা

উত্তৰঃ সংবিধানৰ ১২৪ ()নং অনুচ্ছেেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু সংসদে আইনৰ জৰিয়তে বৃদ্ধি নকৰালৈকে অন্যান্য জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত 'সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল জনসংসদৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পৰা ক্ষমতা থকাৰ কাৰণে আইন প্ৰণয়নৰ জৰিয়তে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি কৰা হৈছে


। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষেত্ৰাধিকাৰ বিষয়ে ব্যাখ্যা কৰা

উত্তৰঃ উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰেসংবিধানৰ ১৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন বা তথ্যসংক্ৰান্ত বিষয় উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে,তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰেউচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ বিচাৰিলে তেওঁক পৰামৰ্শ দিবলৈ বাধ্যইয়াক উচ্চতম ন্যায়ালয়ৰ  পৰামৰ্শদান ক্ষমতা বোলা হয়কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিব পাৰে বা নকৰিবও পাৰে অৰ্থাৎ   উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি বাধ্য নহয় উচ্চতম ন্যায়ালয়ে কেইবাবাৰো ৰাষ্ট্ৰপতিক পৰামৰ্শদান কৰাৰ উদাহৰণ আছে


। আইনৰ শাসন বুলিলে কি বুজা

উত্তৰঃ আইনৰ শাসন ' নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কবচআইনৰ চকুত সমতাই ' আইনৰ শাসনৰ সাৰবস্তু চৰকাৰক আইন অনুসৰি ক্ষমতা প্ৰয়োগ কৰাৰ বিষয়ে সকিয়াই দিয়েআইনৰ শাসনৰ জৰিয়তে ব্যক্তি স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়া হয়চৰকাৰে স্বেচ্ছাচাৰীভাৱে কোনো লোকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে ,তেনে  হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তুলিব পাৰিআইনৰ শাসনে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰা নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা কৰে


। চমুটোকা লিখাঃ ন্যায়পালিকাৰ স্বাধীনতা

উত্তৰঃ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিয়ন্ত্ৰণাধীন নহৈ স্বাধীনভাৱে কাৰ্যনিৰ্বাহ কৰাৰ বাবে সমৰ্থৱান হোৱা ন্যায়পালিকাক স্বাধীন ন্যায়পালিকা বোলা হয়স্বাধীন আৰু নিৰপেক্ষ  ন্যায়পালিকা ব্যক্তি স্বতন্ত্ৰতাৰ বাবে অতিশয় প্ৰয়োজনভাৰতবৰ্ষৰ সংবিধানৰ ন্যায়পালিকাই যাতে স্বতন্ত্ৰভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা সংবিধানে লিপিবদ্ধ কৰিছেভাৰতৰ মৌলিক অধিকাৰ  ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ক অভিভাৱক বুলি অভিহিত কৰা হয়নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিলে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি 

 ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলসমূহে সকলো আইন সংবিধান অনুসৰি প্ৰণয়ন কৰিব লাগেবিধানমণ্ডলসমূহে সংবিধান বৰ্হিভূত কোনো আইন প্ৰণয়ন কৰিলেতেনে আইন -সাংবিধানিক বুলি ন্যায়পালিকাই ঘোষণা কৰি নাকচ কৰিব পাৰেন্যায়পালিকাৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ বাবে গ্ৰহণ কৰা সাংবিধানিক ব্যৱস্থা '-

। নিয়োগপদ্ধতিঃ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাত বিধানমণ্ডলক জড়িত কৰিৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে,যাতে ন্যায়াধীশসকলৰ নিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰেৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে

। অপসাৰণৰ জটিল পদ্ধতিঃ ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে,যাতে তেওঁলোকক কেৱল অসৎ-আচৰণ বা -যোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়


। উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰেসংবিধানৰ ১৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন বা তথ্যসংক্ৰান্ত বিষয় উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে,তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰেউচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ বিচাৰিলে তেওঁক পৰামৰ্শ দিবলৈ বাধ্য


। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়েমুখ্য ন্যায়াধীশৰ কাৰ্যকাল ৬৫ বছৰ


। ন্যায়পালিকাৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ বাবে গ্ৰহণ কৰা দুটা সাংবিধানিক ব্যৱস্থাৰ বিষয়ে লিখা

উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ বাবে গ্ৰহণ কৰা দুটা সাংবিধানিক ব্যৱস্থা '-

। নিয়োগ পদ্ধতিঃ ন্যায়ালয়ৰন্যায়াধীশসকলক নিয়োগ কৰাতবিধানমণ্ডলক জড়িত কৰিৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে,যাতে ন্যায়াধীশসকলৰনিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰেৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চন্যায়ালয়ৰন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে

। অপসাৰণৰ জটিল পদ্ধতিঃ ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে,যাতে তেওঁলোকক কেৱল অসৎ-আচৰণ বা -যোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়


। উচ্চতম ন্যায়ালয়ৰ মৌলিক ক্ষেত্ৰাধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ উচ্চতম ন্যায়ালয়ে কিছুমান মোকৰ্দমাৰ শুনানি পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰেইয়াকে মৌলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয়


। আপীল কেই প্ৰকাৰৰউল্লেখ কৰা

উত্তৰঃ আপীল তিনি প্ৰকাৰৰ

(সাংবিধানিক আপীল 

() দেৱানী গোচৰৰ আপীল  

() ফৌজদাৰী গোচৰৰ আপীল


১০। উচ্চতম ন্যায়ালয়ক কিয় অভিলেখ আদালত (court of Record) বোলা হয়?

উত্তৰঃ উচ্চতম ন্যায়ালয়ক অভিলেখ আদালত (court of Record)বোলা হয়,কাৰণ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত   অন্যান্য ন্যায়ালয়সমূহে অনুসৰণ কৰা বাধ্যতামূলকউচ্চতম ন্যায়ালয়ে দিয়া ৰায় আৰু কাৰ্যবিৱৰণী স্থায়ীভাৱে সংৰক্ষণ কৰা হয় আৰু সমগ্ৰ দেশৰ ন্যায়ালয়ত আৰ্হি হিচাপে গ্ৰহণ কৰা হয়


১১। ন্যায়িক সমীক্ষা(Juducial Review)বুলিলে কি বুজায়?

উত্তৰঃ সংসদে প্ৰণয়ন কৰা আইনৰ বৈধতা উচ্চতম ন্যায়ালয়ে পৰীক্ষা কৰাকেই ন্যায়িক সমীক্ষা বোলা হয়


১২। "ৰাজহুৱা স্বাৰ্থজনিক গোচৰ (PIL)বুলিলে কি বুজায়?

উত্তৰঃ যেতিয়া গোচৰীয়াই গোচৰ নিদি জনস্বাৰ্থৰ বাবে গোচৰীয়াৰ হৈ আন ব্যক্তিয়ে ন্যায়ালয়ত গোচৰ তৰিছিল। এনেধৰণৰ গোচৰকে "ৰাজহুৱা স্বাৰ্থজনিক গোচৰ (PIL) বোলা হয়

 

*অতি চমু উত্তৰৰ প্ৰশ্ন:

। ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ শিখৰত থকা ন্যায়ালয়খনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ শিখৰত থকা ন্যায়ালয়খনৰ নাম ' উচ্চতম ন্যায়ালয়


। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ 'বৰ বাবে উচ্চ ন্যায়ালয়ত একেলেথাৰিয়ে কিমান বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ 'বৰ বাবে উচ্চ ন্যায়ালয়ত একেলেথাৰিয়ে বছৰৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব


। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলকৰাষ্ট্ৰপতিয়ে  নিযুক্তি দিয়ে


। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে কাৰ ওচৰত শপত গ্ৰহণ কৰে?

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে ৰাজ্যপাল বা তেওঁৰ দ্বাৰা নিয়োজিত ব্যক্তিৰ ওচৰত সংবিধানৰ প্ৰতি বিশ্বস্ততা আৰু আনুগত্য প্ৰদৰ্শনৰ শপত গ্ৰহণ কৰে


। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰত অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰত অৱসৰ গ্ৰহণ কৰে


। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰিত কৰিব পাৰে?

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে অপসাৰিত কৰিব পাৰে


। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে সংসদত উত্থাপিত অপসাৰণৰ প্ৰস্তাৱটো কিমানসংখ্যক সদস্যৰ দ্বাৰা সমৰ্থিত ' লাগে?

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে সংসদত উত্থাপিত অপসাৰণৰ প্ৰস্তাৱটো / সংখ্যক সদস্যৰ দ্বাৰা সমৰ্থিত ' লাগে


। উচ্চতম ন্যায়ালয়ৰ সদস্যসংখ্যা কোনে নিৰ্ধাৰণ কৰে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ সদস্যসংখ্যা ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে


। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা কোনে নিৰ্ধাৰণ কৰে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা সংবিধানৰ উল্লেখমতে ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে


১০বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা কিমান?

উত্তৰঃ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা - ৯০,০০০


১১। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰমহা কিমান?

উত্তৰঃ ৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰমহা -,০০০০০


১২। ৰাষ্ট্ৰপতিয়ে আইন সংক্ৰান্ত কিবা কথা জানিবলৈ ইচ্ছা কৰিলে কাৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে আইন সংক্ৰান্ত কিবা কথা জানিবলৈ ইচ্ছা কৰিলে উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে


১৩। ভাৰতবৰ্ষৰ সংবিধানৰ ৰক্ষক কাক বোলা হয়?

উত্তৰঃ ৰতবৰ্ষৰ সংবিধানৰ ৰক্ষক ন্যায়ালয়ক বোলা হয়


১৪। উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পৰা দুটা লেখ (writ) নাম উল্লেখ কৰা

উত্তৰঃ উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পৰা দুটা লেখ (writ) নাম '-বন্দী উপস্থাপন,উৎপ্ৰেষণ


১৫। উচ্চতম ন্যায়ালয়ে  আগতে নিজে দিয়া ৰায় পুনৰ বিচাৰ কৰি সলনি কৰিব পাৰে নে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ে  আগতে নিজে দিয়া ৰায় পুনৰ বিচাৰ কৰি সলনি কৰিব পাৰে


১৬। ন্যায়পালিকাৰ স্বাধীনতাৰ সৈতে জড়িত নথকা ভুল উত্তৰটো চিনাক্ত কৰাঃ 

(উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিযুক্তি কৰাৰ সময়ত মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰিব লাগে

(ন্যায়াধীশসকলক সাধাৰণতে অৱসৰৰ বয়সৰ আগতে অপসাৰণ কৰা নহয়

(এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক আন এখন ন্যায়ালয়লৈ বদলি কৰিব নোৱাৰি

(ন্যায়াধীশৰ নিযুক্তিত সংসদৰ কোনো ভূমিকা নাই

উত্তৰঃ () ন্যায়াধীশৰ নিযুক্তিত সংসদৰ কোনো ভূমিকা নাই


১৭। তলৰ উক্তিবোৰ পঢ়া আৰু কোনটো উচ্চতম ন্যায়ালয়ৰ মৌলিক,আপীল আৰু পৰামৰ্শ ক্ষেত্ৰাধিকাৰত পৰিব উল্লেখ কৰা:

(জম্মু আৰু কাশ্মীৰৰ পৰিস্তান অধিকৃত অঞ্চলৰ বাসিন্দাসকলক নাগৰিকত্ব প্ৰদান কৰাৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ পৰা জানিব বিচাৰিছে

উত্তৰঃ পৰামৰ্শ ক্ষেত্ৰাধিকাৰ


(কাবেৰী নদীৰ সমস্যাটো সমাধানৰ বাবে তামিলনাডু চৰকাৰে ন্যায়ালয়ৰ ওচৰ চাপিছে

উত্তৰঃ মৌলিক ক্ষেত্ৰাধিকাৰ


(বান্ধৰ কাষৰ পৰা উচ্ছেদ হোৱা মানুহবোৰৰ আপীল ন্যায়ালয়ে নাকচ কৰিছে

উত্তৰঃ আপীল ক্ষেত্ৰাধিকাৰ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer by: Chandana