অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ

১) উত্তৰ লিখাঁ ঃ

ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে?

উত্তৰঃ অনুৰাগক অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে তাক বৰকৈ আকৰ্ষণ কৰে।

খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে?

উত্তৰঃ অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে।

গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল?

উত্তৰঃ অনুৰাগে গাড়ীৰ খিৰিকীৰে সোণালী ধাননী পথাৰ, তাৰ পাছত অকোৱা পকোৱা পাহাৰীয়া বাট, তাৰ পাছত পুনৰ অৰণ্যৰ বিশালতা, দূৰত কাৰ্বি পাহাৰৰ ঘৰ-দূৱাৰ, মেঘে কপাহৰ জোলাৰ দৰে সাৰি নিয়া ঝুমখেতিৰ পথাৰবোৰ এইবোৰ দেখি সি আত্মহাৰা হৈছিল।

ঘ) স্কুটাৰ চলাই অহা অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন কোন আছিল?

উত্তৰঃ স্কুটাৰ চলাই অহা অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন কাৰ্বি জনগোষ্ঠীৰ লোক। তেওঁ অনুৰাগৰ দেউতাকৰ কাৰ্যালয়ৰ কাষতে আন এটা বিভাগত কাম কৰে।

ঙ) অনুৰাগহঁতে ৰাতি চাৰমেন ক্ৰ’ৰ ঘৰত কিয় থাকিবলগা হ’ল?

উত্তৰঃ অনুৰাগহঁত যিখন গাড়ীত আহিছিল সেইখন ডাফু পোৱাৰ আগতে বেয়া হ'ল। সেইকাৰণে ৰাতি চাৰমেন ক্ৰ'ৰ ঘৰত থাকিবলগা হ'ল।

চ) চাৰমেন ক্ৰ কোন?

উত্তৰঃ চাৰেমন ক্ৰ' এগৰাকী সুদক্ষ লোকশিল্পী।

ছ) পাঠটিত কাৰ্বি সাজপাৰৰ কেনে বৰ্ণনা পাইছা?

উত্তৰঃ চাৰেমন ক্ৰ'ৰ গাত পৰম্পৰাগত সাজ ৰিক; চই আৰু প'হ' অৰ্থাৎ চুৰীয়া, চোলা আৰু পাগুৰী।

জ) গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল?

উত্তৰঃ মানুহবোৰৰ বিভিন্নজনে হাতে হাতে শাক-পাচলি, মুৰ্গী, মাছ, ঘৰতে চাউলৰ  পৰা প্ৰস্তত কৰা পানীয় আদি আনিছিল।

ঝ) কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে?

উত্তৰঃ ৰজা অৰ্থাৎ 'লিন্দকপ' আৰু তেওঁৰ বিষয়াবৰ্গক অতীতৰ দৰেই সন্মান কৰে। সমাজৰ ভিতৰুৱা সমস্যা সমাধান কৰা, বিচাৰ আদিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম অৰ্থাৎ সামাজিক প্ৰথামতে কাৰ্বি সমাজখন চলে। এনেদৰে কাৰ্বি সমাজখনত ৰাজতন্ত্ৰ বৰ্তি আছে। 

ঞ) চাৰমেন ক্ৰ'ই অনুৰাগক কি গীত গাই শুনাইছিল?

উত্তৰঃ চাৰেমন ক্ৰ'ই তেওঁলোকৰ যি ৰামায়ণ আছে তাত থকা ৰাম আৰু সীতাৰ নামেৰে এটা গীত গালে।

ট) অনুৰাগে চাৰমেন ক্ৰ'ৰ ঘৰত দেখা বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা দিয়া?

উত্তৰঃ কিছুমান মুখেৰে ফুঁৱাই বজোৱা, কিছুমান চামৰাৰে চোৱা নানা সৰু-বৰ আকৃতিৰ ঢোল, তাল, বীণাসদৃশ আৰু বাঁহৰ বাদ্য। বাঁহৰ বাদ্যৰ ভিতৰত চেমকুম্বাং, চেংলাংপাং, পাংচি। ঢোলজাতীয় বাদ্য চেমকুম্বাং।   

ঠ) 'বাৰই' মানে কি?

উত্তৰঃ

ড) 'জাম্বিলী আথন' মানে কি? 

উত্তৰঃ এডাল কাঠ বা বাঁহ চাঁছি নানা ফুল তুলি তাত কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰভাৱে সজোৱা হয়।

ঢ) কি কথাই অনুৰাগৰ দেউতাকক আচৰিত কৰিলে?

উত্তৰঃ ধনসিঙৰ দেউতাকে অনুৰাগৰ দেউতাকক যেতিয়া কলে যে নিশা ধনসিং আৰু গাঁৱৰে আন দুজন ল'ৰা ড্ৰাইভাৰৰ লগত গাড়ীতে থাকিলগৈ। ধনসিঙে ঢলফাট দিয়াৰ পূৰ্বে  স্কুটাৰ লৈ মেকাৰ এজনক আনি গাড়ীখন ভাল কৰাই থৈছে। এই কাৰ্যবোৰৰ কথা শুনি অনুৰাগৰ দেউতাক আচৰিত কৰিলে।   

ণ) কাৰ্বি ৰামায়ণখনৰ নাম কি?

উত্তৰঃ ছাবিন আলুন । 

২) চমু টোকা লিখা ঃ

ক) চ'মাংকানঃ চ'মাংকান হৈছে কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত বা আদি দেৱৰূপী শিৱ বা বুঢ়াগোঁহাইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চ'মাংকন হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে এই উৎসৱ পতা হয়। তিনিদিনিয়াকৈ এই উসৱ পতা হয়। 

খ) ৰংবং তেৰাংঃ অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন ব্যক্তি। তেওঁ জীৱনৰ আদৰ্শ মহাত্মা গান্ধী। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। 

গ) ইয়াৰুইঙ্গমঃ ইয়াৰুইঙ্গম হৈছে অসমীয়া সাহিত্য জগতৰ লেখত ল'বলগীয়া উপন্যাসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাস ৰচয়িতা। এই উপন্যাসৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। এই উপন্যাসখন প্ৰকাশিত হয় ১৯৬০ চনত।

৪) তলৰ উৎসৱকেইটি ক’ত, কেতিয়া উদযাপিত হয় লিখাঁ ঃ

ক) বাৰেচহৰীয়া ভাওন ঃ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত এই ভাওনা উদযাপন কৰা হয়। ৫ বছৰৰ মূৰেৰে উদযাপন কৰে।

খ) ফাট বিহু ঃএই বিহু ছকুৱাখানাৰ চাৰিকড়ীয়া নৈৰ ম'হঘূলি চাপৰিত অনুষ্ঠিত কৰা হয়।ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।

গ) মহোহো ঃএই উৎসৱ সাধাৰণতে নামনি অসমত উদযাপন কৰা হয়। আঘোনী পূৰ্ণিনমাত এই উৎসৱ পালন কৰা হয়

ঘ) মাছ মৰা উৎসৱ ঃবিহু উৰুকা দিনা মাছ মৰা উৎসৱ পালন কৰা হয়। অসমৰ যি অঞ্চলত বিহু উদযাপন কৰা হয়, সেই অঞ্চলত এই উৎসৱ পালন কৰা হয়

ঙ) বোকা ভাওনা ঃনগাৱৰ পুৰণিগুদামত বোকা ভাওনা উদযাপন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছৰ একাদশ দিনটোত এই ভাওনা উদযাপন কৰা হয়।

চ) জোনবিল মেলা ঃ জোনবিল মেলা মৰিগাওঁ জিলাত পতা হয়। মাঘ বিহুৰ দ্বিতৃয় সপ্তাহত জোনবিল মেলা পতা হয়।

ছ) ভঠেলী ঃ ভঠেলী অসমৰ বিভিন্ন ঠাইত উদযাপন কৰা হয়। বহাগৰ এক নিৰ্দিষ্ট দিনত ভঠেলী উদযাপন কৰা হয়।

৫) সন্ধি ভাঙা ঃ

সংস্কৃতি = সম + কৃতি।

কাৰ্যালয় = কাৰ্য + আলয়।

সন্মুখ = সম + মুখ।

উৎসৱ = ৎ + সৱ।

মৰমিয়াল = মৰম + ইয়াল।

সম্ভাষণ = সম + ভাষন।

 নমস্কাৰ = নমঃ + কাৰ।

মনোৰম = মনঃ + ৰম।



Post ID : DABP005879