অধ্যায় ঃ ৯

ওজাপালি


১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ ঃ

ক) ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ ওজা শব্দটো সংস্কৃত 'উপাধ্যায়' শব্দৰ পৰা ওলাইছে।

খ) ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে?

উত্তৰঃ এই অনুষ্ঠানত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে।  

গ) অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি?

উত্তৰঃ অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত, সেয়া হ'ল - সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।

ঘ) বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা কি কি?

উত্তৰঃ বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা হ'ল- মহাকাব্য আশ্ৰিত ওজাপালি আৰু মহাকাব্য অনাশ্ৰিত ওজাপালি।

ঙ) মনসা-সংগীত কি?

উত্তৰঃ মহাকাব্য অনাশ্ৰিত ওজাপালিক মনসা সংগীত বুলিব পাৰি। সৰ্পদেৱীক বন্দনা কৰিবলে গোৱা ধৰ্মীয় গীতবোৰেই মনসা সংগীত।

চ) 'সুকনান্নী’ৰ ওজা কাক বোলা হয়?

উত্তৰঃ সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক 'সুকনান্নী'ৰ ওজা বোলা হয়।  

ছ) ওজাপালিত ওজাজন কেনে ব্যক্তি হ’ব লাগে?

উত্তৰঃ ওজাপালিৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা আৰু সম্যক জ্ঞান থকা ব্যক্তি হ'ব লাগে।

জ) দৰঙত দাইনাপালিক কি বোলে?

উত্তৰঃ দৰঙত দাইনাপালিজনক কথা শলগা বা কথা ধৰা পালিও বোলে। 

ঝ) বিয়াহৰ ওজাপালি কি সংগীতৰূপে আৰু ক'ত ক'ত প্ৰতিপালিত হ'ল?

উত্তৰঃ বিয়াহৰ ওজাপালি মাৰ্গসংগীতৰূপে পণ্ডিতসকলৰ ধৰ্মসভাত, জাতীয় উৎসৱত বা ৰজাসকলৰ আশ্ৰয়ত প্ৰতিপালিত হয়।

২) চমুকৈ উত্তৰ লিখাঁ ঃ

ক) ওজাপালিৰ উৎপত্তি সম্পৰ্কত থকা জনবিশ্বাসৰ বিষয়ে লিখাঁ।

উত্তৰঃ এক জনবিশ্বাস মতে, দৰঙত বহুলভাৱে প্ৰচাৰিত ব্যাসসংগীত হেনো পাৰিজাতী নামৰ এগৰাকী মহিলাই সপোনত পাইছিল। সপোনতে তাঁতশালত কাপোৰ বৈ থাকোঁতে তেওঁ হঠাতে স্বগৰ্গৰ পৰা মৰ্ত্যলৈ মধুৰ সুৰযুক্ত গীতৰ ধ্বনি নামি অহা শুনিছিল। সপোনত তেওঁ আত্মবিভোৰ হৈ তাতঁশালৰ পৰা উঠি আহি মুদ্ৰাসহ নৃত্য কৰিবলে লয়। পিছত পাৰিজাতীয়ে সপোনত লাভ কৰা নৃত্য-গীত শিষ্যসকলক শিকায় আৰু তাৰ পৰাই ব্যাসসংগীতৰ উপত্তি বুলি আজিও সেই অঞ্চলৰ লোকে বিশ্বাস কৰে।                                              

খ) মহাকাব্য আশ্ৰিত ওজাপালি প্ৰধানকৈ কিহৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে? এইবিধ ওজাপালিৰ ভাগবোৰ দেখুওৱাঁ।

উত্তৰঃ মহাকাব্য আশ্ৰিত জাপালিয়ে প্ৰধানকৈ মহাভাৰত আৰু ৰামায়ণৰ লগতে পুৰাণৰ কাহিনীৰ ওপৰত নিৰ্ভয় কৰে। 

ইয়াৰ ভাগবোৰ হ'ল - 

     ক) ব্যাসসংগীত বা বিয়াহৰ ওজাপালি বা ব্যাস গোৱা ওজাপালি।

     খ) ৰামায়ণ সংগীত বা ৰামায়ণ গোৱা ওজাপালি।

     গ) ভাউৰা বা ভাওৰীয়া বা ভাইৰা ওজাপালি।

     ঘ) দুৰ্গাবৰী ওজাপালি।

     ঙ) সত্ৰীয় ওজাপালি বা বিয়হীয়া ওজাপালি।

     চ) পাঞ্চালী বা দুলড়ী ওজাপালি।

গ) মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ কি কি?

উত্তৰঃ মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ এনেধৰণৰ-

    ক) সুকনান্নী ওজাপালি বা ৰং গোৱা ওজাপালি।

    খ) বিষহৰিৰ গান।

    গ) মাৰৈপূজাৰ গান বা মাৰেগান।

    ঘ) পদ্মপুৰাণৰ গান।

ঘ) ওজাপালিত দাইনাপালিজন কেনে হ’ব লাগে?

উত্তৰঃ দাইনাপালিজন বাকপটু, উপস্থিত বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাময়িক তথা দৈনন্দিন জীৱনৰ ঘটনা-প্ৰৱাহৰ লগত সু-পৰিচিত লোক হ'ব লাগে। তদুপৰি, তেওঁ নানা উপমা, কৌতুক, অতিৰঞ্জিত কথাৰ সহায়ত হাস্যৰস সৃষ্টি কৰি সমসাময়িক ঘটনাৰ লগত মূল বিষয়বস্তু ৰজিতা খুৱাই মনোৰমকৈ দাঙি ধৰিব পৰা ব্যক্তিত্বসম্পন্ন গুণৰ অধিকাৰী হ'ব লাগে। 

ঙ) ব্যাসগোৱা ওজাপালিৰ ওজা আৰু পালিসকলৰ সাজপাৰৰ বিষয়ে লিখাঁ।

উত্তৰঃ বৰ্তমান প্ৰচলিত ব্যাসগোৱা ওজাপালিৰ ওজাজনে চৌকাচাপকন চোলাৰে সংলগ্ন ঘূৰণীয়া জামা পৰিধান কৰে। সেই জামা নৃত্যৰ লগে লগে আকৰ্ষণীয়কৈ ফুলি উঠে। মূৰত অৰ্ধনৌকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ দুয়োকাষে দীঘলকৈ ওলোমাই লোৱা ৰঙীন ফুলাম পছৰা, হাতত গামখাৰু, গলত মণিমালা, হাতৰ আঙুলিত আঙঠি, ভৰিত নূপুৰ, কপালত চন্দনৰ ফোঁট। আৰু পালিসকলে শুধবগা ধূতি, চাপকন চোলা, মূৰত ডিম্বাকৃতিৰ পাগুৰি, কান্ধত গামোচা আৰু কপালত চন্দনৰ ফোঁট লয়।     

চ) সুকনান্নী ওজাপালিত ওজা, দাইনাপালি আৰু পালিসকলৰ সাজসজ্জাৰ বিষয়ে লিখাঁ।

উত্তৰঃ সুকনান্নী ওজাপালিত ওজাজনে ধৰ্মীয় পৱিত্ৰতাৰ প্ৰতীক কপাহী বা পাটৰ শুদ্ধ বগা পোছাক পিন্ধে। ওজা, দাইনাপালি আৰু পালিয়ে ধুতি আৰু চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে মূৰত পাগ মাৰে। ওজাৰ পাগটো ডিম্বাকৃতিৰ। দাইনাপালি আৰু পালিৰ পাগ মৈৰাচকীয়া, অৰ্থাৎ পাগমৰা চাদৰৰ আগটো মূৰৰ আগফালে মৈৰাই চালি ধৰা অৱস্থাৰ দৰে ওলাই থাকে। পালিৰ কান্ধত একোখন ফুলাম গামোচা থাকে। ওজাই কপাহী বা পাটৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়। ওজাজনৰ গলত সোণৰ ঢোল-মাদলী, আৰু ৰূপৰ খট খুওৱা মাদলী, কাণত সোণৰ কেৰু, হাতত ৰূপৰ গামখাৰু আৰু আঙুলিত আঙঠি পিন্ধে। দাইনাপালিজনে ওজাৰ দৰে হাতত গামখাৰু আৰু ঘট খুওৱা ৰূপৰ মাদলী আৰু আঙুলিত ৰূপৰ আঙঠি ব্যৱহাৰ কৰা বাহিৰে বাকী পালিবোৰৰ মাজত অলংকাৰ-পাতিৰ ব্যৱহাৰ প্ৰায় নাই বুলিবই পাৰি। তদুপৰি, ওজা আৰু পালিসকলে কপালত  ৰঙা ফোঁট লয়।    

ছ) ওজাপালিক কিয় পুতলা নাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক'ব পৰা যায়?

উত্তৰঃ নাৰায়ণদেৱৰ পদ্মপুৰাণ পাঁচালী বা ওজাপালি সাহিত্য আৰু কবিজনা পাঁচালী কবিৰূপে অসমত জনাজাত হৈ আহিছে। সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা শব্দৰ পৰা ওলোৱা পাঁচালী সাহিত্যক ওজাপালি সাহিত্য বুলি কোৱাৰ মূলতে হ'ল এই গীত-পদ সাধাৰণতে ওজাপালিয়ে প্ৰদৰ্শন কৰে। পাঁচালী শব্দৰ অৰ্থ পুতলা। ঐতিহ্যপূৰ্ণ প্ৰাচীন পুতলা নাচৰ লগত ওজাপালিৰ মিল আছে। পুতলা বা পাঁচালী নাচৰ আৰ্হিত বিবিধ নৃত্য, গীত, মুদ্ৰা, বাদ্যৰ সহায়ত সুৰযুক্তকৈ আবৃত্তি কৰা হয় বাবে এই কাব্য গীতক পাঁচালী গীত বোলে। এইফালৰ পৰা ওজাপালিক পুতলা নাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক'ব পৰা যায়।     

৩) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্য়া কৰাঁ ঃ

অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ স'তে তুলনা কৰিব নোৱাৰি।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ আৰ্ন্তগত 'ওজাপালি' নামৰ পাঠটোৰ পৰা উৎকলন কৰা হৈছে।

            অসমৰ যি সংস্কৃতি তাৰ এটা ডাঙৰ অংগ ওজাপালি। ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত - সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি। এই ওজাপালিসমূহৰ যি অনুষ্ঠান হয় তাত কোনো আধুনিক বাদ্যৰ সংযোগ কৰা দেখা নাযায় ইয়াত কেৱল খুটি তালহে ব্যৱহাৰ কৰা হয়। ওজাপালিত কোনো ৰং-বিৰঙৰ  সাজ- পাৰ বপৰিধান কৰা দেখা নাযায়। ওজাপালিত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে। ইয়াত এজনে গায়ক থাকে এইবোৰ পাৰ্থক্যৰ ভিত্তিত ওজাপালিক আন অনুষ্ঠানৰ লগত তুলনা কৰিব নোৱাৰি।     

৪) চমু টোকা লিখাঁ ঃ

ক) সুকবি নাৰায়ণদেৱঃ সুকবি নাৰায়ণদেৱ এগৰাকী পাঁচালী কবি আছিল। নাৰায়ণদেৱে ৰচনা কৰা এখন গ্ৰন্থৰ নাম - পদ্মপুৰাণ। কোনো কোনো পণ্ডিতৰ মতে নাৰায়ণদেৱ দৰঙী বা ধাৰয়ণ ৰাজত্ব কালৰ কবি। 

খ) দেওধনী নৃত্যঃ দেওধনী এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰচলন আছে। দৰঙত এই নৃত্য বেছি জনপ্ৰিয়। কেঁচাইখাইতী, সুবচনী, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে।

গ) কবি মনকৰঃ মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ নিৰ্মাতা। তেওঁ ৰজা জপ্লেশ্বৰ কালৰ লোক। মাকৰ নাম কালিন্দ্ৰী। মনকৰ এজন ওজা বা গীতাল আছিল।

ঘ) কবি দুৰ্গাবৰঃ দুৰ্গাবৰ এগৰাকী পাঁচালী কবি আছিল। বিশ্বসিংহৰ দিনৰ কবি আছিল। এওঁ কায়স্থ কুলত জন্ম হয়। জনা যায় যে তেওঁ নীলাচলত থাকিহে সাহিত্য চৰ্চা কৰে।

ঙ) মাৰেগানঃ ৰাভাসকলৰ মাজত মাৰেগান নামেৰে বহুলভাৱে প্ৰচলিত সুকনান্নী ওজাপালিয়ে সৰ্পদেৱী বিষহৰী মাৰেপূজাত কোনো মনসা কবিৰে ৰচিত পদ নাগায়।

[৬] সন্ধি ভাঙা আৰু কৰাঁ ঃ

গায়ক = গৈ + অক।

নায়ক = নৈ + অক।

সংস্কৃত = সম + কৃত।

নৌকা + আকৃতি = নৌকাকৃতি।

ডিম্ব + আকৃতি = ডিম্বাকৃতি।

মনোৰম = মনঃ + ৰম।

গৱেষণা = গো + এষণা।

[৭] নতুন শব্দ সাজা ঃ

অনুষ্ঠান + ইক = অনুষ্ঠানিক।

সংগীত + ইক = সংগীতিক। 

পুৰাণ + ইক = পুৰাণিক।

সমাজ + ইক = সমাজিক।

লোক + ইক = লোকিক।

সংস্কৃত + ইক = সংস্কৃতিক।

ৰস + ইক = ৰসিক

[৮] বিপৰীত শব্দ লিখা ঃ

প্ৰাচীন = আধুনিক।

বিশাল = ক্ষুদ্ৰ।

শিষ্য = গুৰু।

মৰ্যাদা  = অমৰ্যাদা।   

ৰসিক = অৰসিক।


DIKHA BORA


Post ID : DABP005878


বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক