অধ্যায়ঃ ১০

 অসমৰ উতসৱ-অনুষ্ঠান

১। অসমৰ উৎসৱ অনুষ্ঠানসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ? 

উত্তৰঃ অসমৰ উতসৱ অনুষ্ঠানসমুহক ধৰ্মীয় উতসৱ, কৃষিভিত্তিক উৎসৱ, আৰু সামাজিক উসৱ।

২। বহাগ , কাতি আৰু মাঘ বিহুত কৃষক সমাজে কোন কোন দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায় ?

উত্তৰঃ বহাগ, কাতি, আৰু মাঘ বিহুত কৃষক সমাজে সূৰ্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায়। 

৩। ভঠেলি উৎসৱক আন কি কি নামেৰে জনা যায় ?

উত্তৰঃভঠেলি উতসৱক আন সৰি বা সুঁৱেৰি, দেউল, বিষুৱা আদি নামেৰে জনা যায়।   

৪। বড়াে-কছাৰীসকলৰ মাঘ বিহুৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ অসমৰ বড়ো-কছাৰী সকলৰ মাঘ বিহুক দোমাসী বা দোমাহী বোলে। মাঘ বিহুৰ মেজিটোক বিলাগুৰ বুলি কয়। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা গা-পা ধুই বিলাগুৰ জনায় আৰু গৰুৰ উন্নতি আৰু গঞা ৰাইজৰ মংগল কামনা কৰে। তাৰ পিছদিনা সকলোৱে ভোজ-ভাত খায়।  

৫। বড়ােসকলৰ বৌইছাগু উৎসৱৰ বিষয়ে লিখা ।

উত্তৰঃবড়োসকলে বহাগ বিহুক বৌইছাগু বোলে। চত-বহাগৰ সংক্ৰান্তিৰ  দীনা পুৱা গৰুক গা ধুৱায়। গা ধুৱাবলৈ নিয়াৰ আগত গৰুৰ শিং আৰু খুড়াত মিঠাতেল ঘঁহে, চৰুৰ চাই মিঠাতেলৰ লগৰ মিহলাই গৰুৰ গাত চাব মাৰে। মাখিয়তী , দীঘলতীৰ ব্যৱহাৰ , নতুন বস্ত্ৰ উপহাৰ , নৃত্য-গীত এই সকলোবোৰ অসমৰ সকলো ঠাইৰে ৰঙালী বিহুত প্ৰয় একে ধৰণে পালন কৰা হয়। 

৬। মিচিংসকলৰ আলি - আই - লৃগাং উৎসৱৰ বিষয়ে এটা বিৱৰণ লিখা ।

উত্তৰঃঅসমৰ মিচিং সকল ৰ আলি-আই-লৃগাং উতসৱো  প্ৰাচীন কৃষি উতসৱেই। লৃগাং বিহুৰ  দিনা পুৱা কুকুৰা ডাকতে ঘৰে ঘৰে বৰকাঁহ বজায়। মিচিংসকলৰ বিশ্বাস  বঁৰকাহৰ মাতত মেঘদেৱতা সাৰ পায়, বৰষুণ হয় আৰু তেতিয়া পৃথিৱী শস্য-শ্যামলা হয়।  লৃগাং বিহু সাধাৰণতে মাঘ মাহৰ আঁউসীৰ  আগৰ বুধবাৰতে পালন কৰা হয়। পিছদিনা বৃহস্পতিবাৰে এঘৰৰ চোতালত আনুষ্ঠানিকভাৱে  বিহু আৰম্ভ হয়। নিদিষ্ট্য এঘৰমানুহৰ চোতালত   এখন বৰকাঁহ আঁৰি  তাৰ চাৰিওকাষে ঘূৰি ঘূৰি নৃত্য-গীত কৰা হয় । এনেদৰে নৃত্য়-গীত কৰিলে পৃথিৱী সন্তুষ্ট হয় আৰু লখিমী আহি শস্য পথাৰত থিয় দিয়ে বুলি বিশ্বাস কৰা হয়। 

৭। অসমৰ চাহ জনগােষ্ঠীৰ উৎসৱৰ বিষয়ে এটা টোকা লিখ ।

উত্তৰঃঅসমৰ চাহ জনগোষ্ঠীৰ উতসৱ সমূহ হল-কৰম পূজা আৰু টুচু পূজা । 

কৰম পূজা  কৰম পূজা ভাদ মাহত পালন কৰা হয়. । খেতি-বাতি আৰু ধল-ঐশ্বৰ্য বৃদ্বি কামনা কৰিয়ে এই পূজা পতা হয় । কৰম পূজা দুবিধ। ইবিধক ৰাজহ কৰম আৰু আৰু আনবিধক জিতিয়া কৰমবোলে। ভাদ মাহৰ পঞ্চমী তিথিৰ পৰা একাদশীলৈ এইখিনি সময়ত ৰাজহ কৰম পতা হয়। জিতিয়া কৰম পতাৰ কিন্তু এনে কোনো নিৰ্ধাৰিত সময় নাই। কৰম পূজাত নৃত্য়-গীত অপৰিহাৰ্য। কৰম পূজাৰ গীতবোৰ কেইবাভাগতো ভগাব পাৰি। যেনে-বন্দনা গীত, খেমটা গীত, ঝুমুৰ গীত, ৰং গীত,আৰু ভীনচেৰীয়া গীত।

                টুচুপূজাঃটুচুপূৰ্ব পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়।এই দিনা টুচুদেৱীৰ প্ৰতিমা স্থাপন  কৰি পূজা কৰা হয়।  প্ৰতিমা  স্থাপনৰ দিনা ৰাতি উজাগৰে থাকি নৃত্য-গীত কৰি  কটায় আৰু পিছদিনা সকলোৱে নৃত্য-গীত কৰি নদীত  প্ৰতিমা বিসৰ্জন দিয়ে। প্ৰতিমা বিসৰ্জন দিয়া আৰু স্নান কৰাটে পৱিত্ৰ কৰ্ম হিচাপে গণ্য কৰা হয়  আৰু এই স্নান কৰ্মক মকৰস্ন্ন বোলে। 

৮। অসমৰ সামাজিক উৎসৱসমূহৰ বিষয়ে এটি বিৱৰণ লিখা । 

উত্তৰঃঅসমৰ সাম৩াজিক অনুষ্ঠানৰ ভিতৰত বিবাহ অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ। বিবাহ অনুষ্ঠানক অতি পৱিত্ৰ অনুষ্ঠানৰুৰে মনা, দুৱাৰমুখত আমদালি অঁৰা, গাঁঠিয়ান খুন্দা, নোৱাবৰ বাবে বেই সজা, মৰল সজা দুণৰিত চাউন-বন্তি সজোৱা, দৈয়ম দিয়া ,খোবা-খুবুনী পূজা, পানী তোলা, সুৱাগুৰি তোলা, দৰা আদৰা,আদি আচাৰ-অনুষ্ঠান অসমৰ সকলো জনগোষ্ঠীৰ মাজত প্ৰায় একে।

            অসমীয়া সমাজত জন্ম-মৃত্য়ুৰ লগতো বহুবোৰ সামাজিক উতসৱ - অনুষ্ঠান  জড়িত হৈ আছে। জন্মৰ লগত নামকৰণ, অন্নপ্ৰাশন, চূড়াকৰণ আৰু বিদ্যাৰম্ভ আদি  অনুষ্ঠান বোৰ সামাজিক ভাৱেই পালন কৰা হয়। সেইদৰে মৃতকৰ সতকাৰৰপিছত পতা তিলনি চতুৰথা, আৰু শ্ৰাদ্ধ আদি  সামাজিক অনুষ্ঠান। 

৯। অসমৰ বিভিন্ন কৃষিভিত্তিক উৎসৱৰ বিষয়ে এটা আলােচনা আগবঢ়োৱা ।

উত্তৰঃ অসমৰ ৰঙালী বিহু , ভোগালী বিহু , আৰু কাতি বিহু এই তিনিটা প্ৰাচীন কানত বিহু নামেৰে জনপ্ৰিয় হোৱা নাছিল। প্ৰাচীন কালত বহাগ , কাতি আৰু মাঘ মাহত অৰ্থ্যাত তিনিটা বিশেষ ৰিতুত কৃষিকৰ্মৰ উদ্দেশ্য  প্ৰাচীন কৃষক সমাজে সূৰয , অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ অৰ্থে  পূজা-অৰ্চনা কৰিছিল। অসমৰ কৃষিভিত্তিক উতসৱ সমূহ হল- কৰম পূজা , টুচু পূজা , আলি-আই-লৃগাং,ইত্যাদি। 

Type-Arup koch and Apurbra Kakati