অধ্যায়ঃ ১৪ 

বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

( a ) বতাহৰ দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম

  ( i ) এনেম’মিটাৰ ( i ) উইণ্ড ভেন ( iii ) বেৰ'মিটাৰ ( iv ) থার্ম’মিটাৰ 

উত্তৰঃ  ( i ) উইণ্ড ভেন

( b ) বতাহৰ দ্ৰুতি নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম-

( i ) এনেম'মিটাৰ ( ii ) উইণ্ড ভেন ( i ) বেৰ'মিটাৰ ( iv ) থার্ম’মিটাৰ 

উত্তৰঃ ( i ) এনেম'মিটাৰ

( C ) বিউফর্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ? 

( i ) 3 ( ii ) 6 ( iii ) 7 ( iV ) 11

উত্তৰঃ  ( iV ) 11

( d ) বায়ু-

( i ) বেছি উষ্ণতাৰ ঠাইৰপৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায় । 

( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় । 

( iii ) সমান উষ্ণতাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ বৈ যায় । 

( iv ) i আৰু ii দুয়ােটাই শুদ্ধ

উত্তৰঃ ( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় । 


( e ) কোনাে ঠাইত বায়ুৰ পৰিমাণ কমি গ'লে বায়ুৰ চাপ 

( i ) বাঢ়ে 

( ii ) কমে 

( iii ) এবাৰ বাঢ়ে আৰু এবাৰ কমে 

( iv ) ওপৰৰ এটাও নহয়

উত্তৰঃ ( i ) বাঢ়ে  

2. চমু উত্তৰ দিয়া । 

( a ) বতাহ মানে কি ? 

উত্তৰঃ বায়ু মানে গতিশীল বায়ু।

( b ) বিউফর্ট স্কেল কি ?

উত্তৰঃ বিউৰ্ফট স্কেল মানে বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভয় কৰি 13 টা ভাগত ভাগ কৰিব পৰা ব্যৱস্থা।

( c ) বতাহ কেনেদৰে উৎপত্তি হয় লিখা । 

উত্তৰঃ বায়ুমণ্ডলত থকা দুখন ঠাইৰ উষ্ণতাৰ বাবে বায়ুৰ উৎপত্তি হয়।

( d ) ধুমুহা কেনেকৈ সৃষ্টি হয় ? 

উত্তৰঃ  সূৰ্যৰ তাপত কেতিয়াবা একোখন ঠাইৰ ওপৰৰ বায়ু গৰম হৈ দ্ৰুত গতিৰে ওপৰলৈ উঠাৰ ফলত বায়ুৰ চাপ কমি যায়। তেতিয়া আন এখন ঠাইৰ পৰা কোৱাল বেগেৰে বতাহ বলিবলৈ ধৰে। মাজে সময়ে এই বতাহে ধূলি উৰুৱাই আনে এনেদৰে ধুমুহাৰ সৃষ্টি হয়।

(e ) ধুমুহাৰ সৈতে বৰষুণ কেতিয়া আহে ? 

উত্তৰঃ ধুমুহাৰ  বাবে সেমেকা বায়ু গৰম বৈ প্ৰৱল বেগেৰে উৰি গ'লে বায়ুত থকা জলীয় বাষ্প গোট মাৰি আকাশত ক'লা মেঘৰ সৃষ্টি কৰে। এলেদৰে বৰষুণ হয়।

( f ) পৃথিৱীৰ ওপৰত বৈ থকা প্রধান বতাহকেইবিধৰ নাম লিখা ।

উত্তৰঃ  পৃথিৱীৰ ওপৰত বৈ থকা প্ৰধান বতাহকেইবিধৰ নাম - মোচুমী বতাহ, পচুৱা বতাহ।

( g ) পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য কেনেদৰে ঘটে লিখা ।

উত্তৰঃ ঋতুৰ পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য ঘটে।  

( h ) কোনবিধ মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয় ? 

উত্তৰঃ দক্ষিণ-পশ্চিম মোচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয়।

( i ) তামিলনাডুৰ প্ৰধান বাৰিষা কালটো কোনবিধ মৌচুমী বতাহৰ বাবে হয় ? 

উত্তৰঃতামিলনাডুৰ প্ৰধান বাৰিষাকালটো  উত্তৰ-পূব মৌচুমী বতাহৰ বাবে হয়।

( j ) বিষুৱীয় ঘূর্ণীবতাহ কাক বােলে ? 

উত্তৰঃ বিষুৱ অঞ্চলত থকা মহাসাগৰৰ ওপৰত উৎপত্তি বোৱা ঘূৰ্ণী বতাহক বিষুৱীয় ঘূৰ্ণী বতাহ বোলে।

( k ) হাৰিকেন , টাইফুন কাক বােলে ? 

উত্তৰঃহাৰিকেন আৰু টাইফুন এবিধ ঘূৰ্ণীবতাহ।  

আটলান্তিক আৰু উত্তৰ-পূব প্ৰশান্ত মহাসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহক হাৰিকেন বোলা হয়।

ঘূৰ্ণীবতাহ উত্তৰ-পশ্চিম প্ৰশান্ত মহাসাগৰত উদ্ভৱ হলে তাক কোৱা হয় টাইফুন।

( 1 ) টর্ণেড ’ কি ?

উত্তৰঃ টৰ্ণেড হ'ল স্থলভাগৰ ওপৰত সৃষ্টি হোৱা এবিধ ধ্বংসকাৰী ঘূৰ্ণীবতাহ। 

( m ) ঘূর্ণীবতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ । 

উত্তৰঃ সূৰ্যৰ পোহৰ বিষুৱীয় অঞ্চলত থিয়কৈ পৰিলে সাগৰপৃষ্ঠৰ পানী গৰম হয়। ফলত সাগৰৰ ওপপপ বায়ু গৰম হৈ ওপৰলৈ উঠে আৰু নিম্ন চাপৰ সৃষ্টি হয়।নিম্ন চাপৰ সেই ঠাইলৈ বতাহ ববলৈ ধৰে এই বতাহ ঘূৰ্ণনৰ বাবে এই বতাহক ঘূৰ্ণী বতাহ বোলা হয়। এনেদৰে ঘূৰ্ণী বতাহৰ সৃষ্টি হয়।

( n ) বিষুৱীয় অঞ্চল কাক বােলে ?

উত্তৰঃ যিবোৰ অঞ্চল বিষুৱ ৰেখাত অৱস্থিত সেই অঞ্চলবোৰক বিষুৱীয় অঞ্চল বোলে। 

( 0 ) চাইক্লনত বতাহ কোন দিশত ঘূৰে ? 

উত্তৰঃ  চাইক্লনত বতাহ দক্ষিণ- পশ্চিম দিশত ঘূূৰে।                                        

3. বিজুলী - ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল'ব লগা সাৱধানতা কি কি ? 

উত্তৰঃ বিজুলী-ঢেৰেকণিৰ সময়ত ঘৰৰ ভিতৰত ল'ব লগা সাৱধানতা সমূহ হ'ল- 

ক) বৈদ্যুতিক তাঁৰ সংযুক্ত হৈ থকা কম্পিউটাৰ বা আন বৈদ্যুতিক সা- সৰঞ্জাম হাতেৰে চুব নালাগে।

গ) পকী মজিয়াত খুব নালাগে  আৰু বেৰত আউজিব নালাগে।

খ) পাইপৰ পানী ব্যৱহাৰ কৰিব নালাগে। 

4. মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ ।

উত্তৰঃ ঋতুভেদে অৰ্থাৎ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভয় কৰি প্ৰৱাহিত

সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী বতাহৰ সৃষ্টি হয়।



DIKHA BORA