অধ্যায়ঃ ১৫
জলবায়ু আৰু প্ৰাণীৰ অভিযোজন
👉Text Book PDF
👉Short Question Answer
👉MCQs Answer
👉MCQ Online Exam
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল
a ) ৰেইন গজ b ) বেৰ মিটাৰ c ) হাইগ্র মিটাৰ d ) এনেম মিটাৰ
উত্তৰঃ b ) বেৰ মিটাৰ
ii ) মৰু অঞ্চলৰ জলবায়ু
a ) গৰম আৰু শুকান b ) গৰম আৰু সেমেকা c ) ঠাণ্ডা আৰু সেমেকা d ) ঠাণ্ডা আৰু শুকান
উত্তৰঃ a ) গৰম আৰু শুকান
iii ) ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ'ল—
a ) উত্তৰ - পূব ভাৰত b ) ৰাজস্থান c ) মধ্যপ্রদেশ d ) ঝাড়খণ্ড
উত্তৰঃ a ) উত্তৰ - পূব ভাৰত
2. খালী ঠাই পূৰ কৰাঁ ।
a ) বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ'ল সূৰ্য।
b ) পেংগুইন চৰাই মেৰু অঞ্চলত বাস কৰে ।
c ) মেঘালয়ৰ জলবায়ু শীতল আৰু সেমেকা ।
d ) বগা ভালুকৰ ছালৰ তলত এটা ডাঠ চর্বীৰ তৰপ থাকে ।
3. বতৰ কাক বােলে ?
উত্তৰঃ কোনো এখন ঠাইৰ এক নিদিৰ্ষ্ট সময়ত বায়ুমণ্ডলৰ সাময়িক আৰু পৰিৱৰ্তনশীল অৱস্থাটোৱে হ'ল বতৰ।
4 . বতৰৰ মৌলসমূহ কি কি ? অভিযােজন বুলিলে কি বুজা ?
উত্তৰঃ বতৰৰ মৌলসমূহ হ'ল- তাপ, চাপ, বৰষুণ, আদ্ৰতা।
6 . মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা ।
উত্তৰঃ বগা ভালুক, আৰু পেংগুইন।
7. ক্রান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশৰ নাম লিখা ।
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্য থকা দুখন দেশৰ নাম হ'ল- মধ্য আফ্ৰিকা, আৰু দক্ষিণ-পূব এছিয়া।
৪. দিনটোৰ সর্বোচ্চ আৰু সর্বনিম্ন তাপমাত্রা কেতিয়া জোখা হয় ?
উত্তৰঃ দিনটোৰ আগভাগত আৰু দিনটোৰ শেষৰ ভাগত।
9. পেংগুইনৰ অভিযােজন সম্বন্ধে চমুকৈ লিখা ।
উত্তৰঃ পেংগুইন মেৰু অঞ্চলত বাস কৰে। এইবিধ চৰায়ে মাছ খায় জীয়াই থাকে। এইবিধ চৰায়ে শীতৰ পৰা ৰক্ষা পৰিবলৈ উলম্বভাৱে থাকি মূৰটো ওপৰলৈ তুলি থাকে।
10. জম্মু - কাশ্মীৰ আৰু কেৰালাৰ বতৰ তুলনা কৰাঁ ।
উত্তৰঃ জম্মু-কাশ্মীৰৰ তুলনাত কেৰেলা যথেষ্ট গৰম ঠাই। কেৰালাত বছৰটোৰ অধিকভাগ সময়তেই বতৰ গৰম আৰু সেমেকা হৈ থাকে।
11. ক্রান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য কি ?
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্যৰ বৈশিষ্ট্য হ'ল-
ক) এই অঞ্চলসমূহ জৈৱ- বৈচিত্ৰ্যত অতি চহকী,
খ)এই অঞ্চলত বিভিন্ন পতংগ আদি থাকে।
12. ছাইবেৰীয়া ক্রেইন ' কোন দেশৰ ? ইহঁতে শীতকালি কলৈ অভিগমন কৰে ?
উত্তৰঃ ছাইবেৰীয়া ক্ৰেইন ভাৰতৰ ভৰতপুৰত থাকে। ইহঁতে শীতকালত চীনলৈ অভিগমন কৰে।
13. ক্রান্তীয় বৰ্ষাৰণ্যৰ জীৱ - জন্তুৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্য জীৱসমূহৰ বিচৰণভূমি। এই অৰণ্যত খাদ্য আৰু বাস্থানৰ বাবে জীৱ-জন্তু মাজত প্ৰতিযোগিতা চলি থাকে। কিছুমান জীৱই গছত বাস কৰে। গছত বগাব পৰাকৈ বান্দৰবোৰৰ নেজ দীঘল হয়। বহুতো ক্ৰান্তীয় জীৱ-জন্তুৰ তীক্ষ্ণ দৃষ্টি, ডাঠ ছাল, স্পৰ্শকাতৰ শ্ৰৱণ শক্তিযুক্ত হয়।
14. গৰমকালি আৰু শীতকালিৰ বতৰৰ পাৰ্থক্য লিখা ।
উত্তৰঃ গৰমকালি বৰষুণ হয়। আনহাতে শীতকালি বৰষুণ নহয়। গৰম বতৰত সাপবোৰ উলায় আহে, আনহাতে ঠাণ্ডা বতৰত সাপবোৰ গাতত খোমাই থাকে।
15. বগা ভালুকৰ অভিযােজনৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলত বাস কৰে । ইহতৰ ছালৰ তলতে এটা ডাঠ চৰ্বীৰ তৰপ থাকে। স্থানীয় বৰফাবৃত পৰিৱেশৰ লগত মিলাই প্ৰাণীবোৰৰ গাৰ ৰং বগা হয় যাতে চিকাৰীয়ে সিঁহতক সহজে নেদেখে।
16. জলবায়ু আৰু অভিযােজনৰ সম্পর্ক কি ?
উত্তৰঃ কিছুমান প্ৰাণী যিটো জলবায়ুত থাকে তাতে অভিযোজন কৰিবলৈ সিহতে শিকি লয়। ফলত ভালদৰে অভিযোজন কৰিব পাৰে। বতৰ যেনেকুৱা অভিযোজন তেনেকুৱা হ'ব।
DIKHA BORA
Check By - Mukesh Borah