Lesson 19 

নিয়ৰ


অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

পাহি     =    ফুলৰ সৰু পাপৰি

ফটিক    =    স্বচ্ছ; পৰিষ্কাৰ

শোভে    =    শোভাযুক্ত হয়

হেঙুলি    =    ৰঙচোৱা


[১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁ ঃ

ক) মুকুতা মণিটি ক'ত জিলিকে?

উত্তৰঃ মুকুটা মণিতি ফুলৰ পাহিত জিলিকে।

খ) নিয়ৰে হিয়াত কি সাঁচি থৈছে বুলি কবিয়ে কৈছে?

উত্তৰঃ নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি  সাঁচি থৈছে।

গ) কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে?

উত্তৰঃ নিয়ৰৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে।

ঘ) 'নিয়ৰ'ৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰাঁ।

উত্তৰঃ নিয়ৰৰ দৰে প্ৰকৃতিৰ অন্য় কিছুমান বস্তু হৈছে- জোন, বেলি, তৰা, গ্ৰহ-নক্ষত্ৰ ইত্য়াদি।


[২] ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ




উত্তৰঃ 




[৩] বাক্য ৰচনা কৰাঁ ঃ

নিজম, মুকুতা, কঁহুৱা, সৰিয়হ, খাগৰি, ইকৰা


(ক) নিজমঃ নিশাৰ নিজম আকাশখনত তৰাবোৰ ধুনীয়াকৈ  জিলিকি থাকে।


(খ) মুকুতাঃ ৰাতিপুৱাৰ নিয়ৰৰ কণাবোৰ দেখিবলৈ মুকুতা মণিৰ দৰে লাগে।


(গ) কঁহুৱাঃ পুখুৰীটোৰ পাৰত কঁহুৱাবোৰ ধুনীয়াকৈ ফুলি আছে।


(ঘ) সঁৰিয়হঃ সঁৰিয়হ ফুলবোৰ দেখিবলৈ ধুনীয়া।


(ঙ) খাগৰিঃ খাগৰিবোৰ দেখাত নলৰ নিচিনা।


(চ) ইকৰাঃ অৰণ্য়খনৰ মাজত ইকৰাবোৰ গজি আছে।


[৪] চমুটোকা লিখাঁ ঃ

চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা।

(ক) চন্দ্ৰকুমাৰ আগৰৱালাঃ কবি চন্দ্ৰকুমাৰ আঘৰৱালাৰ জন্ম হৈছিল ২৭ নবেম্বৰ ১৮৬৭ চনৰ বিশ্বনাথ জিলাৰ কলংপাৰ মৌজাৰ ব্ৰহ্মজানত। তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা আৰু মালয়া। চন্দ্ৰকুমাৰ আঘৰৱালাই বিভিন্ন ধৰণৰ কবিতা পুথি লিখিছিল। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা প্ৰথমখন কবিতা পুথি আছিল প্ৰতিমা। প্ৰতিমা কবিতা পুথিখনৰ পাছত চন্দ্ৰকুমাৰ াগৰৱালাই "বীণ-বৰাগী" নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। এি পুথিখন ১৯২৩ চনত প্ৰকাশিত হয়।


(খ) হেমচন্দ্ৰ গোস্বামীঃ কবি হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম হৈছিল ১৮৭২ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে। তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু ঘনকান্তী দেৱী। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰাথমিক শিক্ষা তিনিটকীয়া বৃত্তি গাৱঁৰ বিদ্য়ালয়ৰ পৰা লাভ কৰিছিল। হেমচন্দ্ৰ গোস্বামীয়ে ১৮৮৮ চনত নগাওঁ জিলাৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে হেমচন্দ্ৰ গোস্বামীয়ে ক'লকতালৈ যায়। হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষ অভিধান ৰচনা কৰিছিল। 


(গ) লক্ষ্মীনাথ বেজবৰুৱাঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল ১৮৬৪ চনত। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। শিৱসাগৰৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱে স্কুলীয়া শিক্ষা শেষ কৰি ক'লকতাৰ চিটী কলেজৰ পৰা বি.এ পাছ কৰে। লক্ষ্মীনাথ বেজবৰুৱাই চৰকাৰী চাকৰি ত্য়াগ কৰি কাঠৰ ব্য়ৱসায়ত ধৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটকসমূহ হৈছে- লিতিকাই, নোমল, পাচনি, চিকৰপতি-নিকৰপতি ইত্য়াদি। লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য় পুথি, কবিতা পুথি ইত্য়াদিত হাঁহিৰ মাজেদিয়েই অসমীয়া সমাজৰ ভূলবোৰ আঙুলিয়াই দিয়াৰ কাৰণে তেখেতক ৰসৰাজ বুলি কোৱা হয়।

 

[৫] 'নিয়ৰ' কবিতাটোৰ দৰে অইন কিছুমান কবিতা সংগ্ৰহ কৰাঁ।


[৬] গদ্য ৰূপত লিখাঁ।

ভাল পাওঁ আকাশৰ            মেঘৰ ধেমালি

        বেলিৰ লগত থাকি লুকা-ভাকু খেলি

ভাল পাওঁ পথাৰৰ                ৰং সেউজীয়া

        ধাননি কঁপাই বোৱা বতাহ বলিয়া।  

উত্তৰঃ আকাশত বেলি আৰু মেঘৰ লুকা-ভাকু খেলা ধেমালি বোৰ চাই ভাল পাওঁ। পথাৰৰ সেউজীয়া ৰং আৰু ধাননি কপাঁই যোৱা বলিয়া বতাহ চাই ভাল পাওঁ।


[৭] কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰাঁ।

উত্তৰঃ নিজে কৰিবা। 


Type: Pallab Jyoti Bora

Author: Geetanjali bora