Lesson 6

বকুল নাৱৰীয়া


〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ 

সুহৃদ    =    আপোনজন

উছন    =    ধ্বংস

অভ্যস্ত    =    অভ্যাস থকা

সাৰথি    =    সহায়; সংগী

লগী    =    নাও চলোৱা দীঘল বাঁহ

ভৰুণ    =    ভৰুপূৰ, পৰিপূৰ্ণ

সুৰুঙা    =    ফাঁক

উদ্যল    =    উৎসাহ

পকনীয়া    =  নৈৰ সোঁতৰ পাক, চাকনৈয়া  

কালান্তক    =    জীৱনৰ কাল শেষ কৰোঁতা, যম

স্বস্তি    =    সন্তোষ


[১] প্ৰথমে কোৱা, আৰু তাৰ পিছত লিখাঁ ঃ

ক) বকুল নাৱৰীয়া ক'ত বাস কৰিছিল ?

উত্তৰঃ বকুল নাৱৰীয়া কদমনি গাঁৱত বাস কৰিছিল।

খ) বকুলে গাঁওবাসীক কিদৰে সহায় কৰে ?

উত্তৰঃ নদীৰ দুয়োপাৰৰ মানুহক ইপাৰ-সিপাৰ কৰি বকুলে গাঁওবাসীক সহায় কৰে।

গ) বকুলৰ নাওখন কিহেৰে সজা ?

উত্তৰঃ বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা আছিল।

ঘ)  'লগী' মানে কি ?

উত্তৰঃ নাও চলাবলৈ ব্যৱহাৰ কৰা দীঘল বাহকে লগী বুলি কোৱা হয়।

ঙ) কাৰ মাতত বকুল চক্ খাই উঠিছিল ?

উত্তৰঃ যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল।

চ) বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল ?

উত্তৰঃ বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন বান্ধি থোৱা ৰছী ডাল ছিঙি নদীৰ সোঁতত যোৱা দেখি জাপ মাৰিছিল। তাৰ পিছত সি  নাও খন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।


[২] কোনে, কাক, কিয় কৈছিল ঃ

ক) 'নহয়, মানে দাদাই, এই দিহিংখনৰ কথাকে ভাবি আছোঁ।'

উত্তৰঃ উক্ত কথাষাৰ বকুলে, যদু মাষ্টৰক কৈছিল।

খ) 'হয়হে বকুল, তই ঠিকেই ভাবিছ।'

উত্তৰঃ উক্ত কথাষাৰ যদু মাষ্টৰে, বকুলক কৈছিল।


[৩]বাক্য সাজাঁ ঃ

ইপাৰ-সিপাৰ- নদী এখন ইপাৰ-সিপাৰ  হ'বৰ কাৰণে নাৱৰ প্ৰয়োজন।

 কেও- কিছু- বকুলৰ কেও-কিছু নাছিল।

 ইপদ-সিপদ- বকুলক গাঁৱৰ মানুহে ইপদ-সিপদ বস্তু দি সহায় কৰিছিল।

 বয়-বস্তু- কাৰোবাৰ বিপদৰ সময়ত আমি বয়-বস্তু দি সহায় কৰিব লাগে।

 অতিথ্য়- ঘৰলৈ অতিথি আহিলে অতিথ্য সেৱাৰ সামগ্ৰীসমূহ অধিক প্ৰয়োজন হয়।

 তেজ- মংহৰ আপোন- গাঁৱৰ মানুহবোৰ বকুলৰ তেজ মঙহৰ আপোন নহ'লেও বহুত ভাল পাইছিল।

অভ্যস্ত- নিতৌ ভাল অভ্য়স্ত কৰিব লাগে।

 আপোন পাহৰা- ৰীয়া হৈছে সকলো সময়তে এজনী আপোন-পাহৰা ছোৱালী।

 কালান্তক- বাৰিষা কালত দিহিঙে কালান্তক ৰূপ লয়।


[৪] বুজা আৰু লিখাঁ ঃ

গাওঁ    +    ৰ    =       গাওঁৰ          

মানুহ   +     এ    =    মানুহে         

নদী    +        =         নদীৰ         

দিহিং    +    এ    =      দিহিঙে          

নাও    +    এৰে    =       নাৱেৰে         

দিহিং    +    অক    =           দিহিংক        

সিপাৰ    +    অলৈ    =    সিপাৰলৈ               

সোঁত    +    অত    =       সোঁতত          

পাৰ    +    অৰ    +    পৰা    =   পাৰৰ পৰা           


Type: Pallab Jyoti Bora

Author: Geetanjali Bora