অধ্যায়ঃ ষষ্ঠ

 আমাৰ কাপোৰ 

    👉Text Book PDF
    👉Short Question Answer
    👉MCQs Answer
    👉MCQ Online Exam

1 .শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

i ) ঊণ সুতা উৎপাদনৰ সৈতে জড়িত ৰােগবিধৰ নাম হ'ল-

a ) মেলেৰিয়া  b) এনথ্রাক্স c ) ডেংগি d ) এইডছ 

উত্তৰঃ   b) এনথ্রাক্স

 ii ) আঁহ উলিয়াবলৈ লেটাবােৰ কেনেকুৱা পানীত উতলায় ?

  a ) এছিডযুক্ত পানী b ) ক্ষাৰযুক্ত পানী  c ) কুঁৱাৰ পানী d ) বিশুদ্ধ পানী 

উত্তৰঃ  b ) ক্ষাৰযুক্ত পানী  

iii ) আজি-কালি লেটাৰপৰা আঁহ উলিয়াবলৈ পানীত মিহলােৱা পদার্থবিধ হ’ল—

a ) কাপােৰ ধােৱা ছডা   b ) নেমু টেঙাৰ ৰস c ) ছাই  d ) বিশুদ্ধ পানী

উত্তৰঃ  a ) কাপােৰ ধােৱা ছডা

2. অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা : 

a ) মুগা পলুৱে চোম গছৰ পাত খায় । 

b ) পৈণত পলুৱে মুখেৰে আঁহ উলিয়াই লেটাৰ সৃষ্টি কৰে । 

c ) তেলজাতীয় পদার্থ আঁতৰাবলৈ ঊণ শিল্পত ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰা হয় । 

d ) মথৰপৰা হ'ব পৰা ৰােগবিধৰ নাম হ'ল এনথ্রাক্স ।

উত্তৰঃ  d ) মথৰপৰা হ'ব পৰা ৰােগবিধৰ নাম হ'ল এনথ্রাক্স ।

3. ) পাট , মুগা আৰু এড়ী পলুৱে কি কি গছৰ পাত খায় নাম লিখা । 

উত্তৰঃ পাট  পলুৱে নুনি গছৰ পাত খায়, মুগা পলুৱে চোম গছৰ পাত খায়, এড়ী পলুৱে ওএৰা গছৰ পাত খায়।

4. চাৰিবিধ এনে জন্তুৰ নাম লিখা যাৰপৰা উণ সূতা পাব পাৰি ।

উত্তৰঃ ঊণ সূতা পাব পৰা চাৰিবিধ জন্তুৰ নাম হ'ল- 

5.ঊণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম লিখা । 

উত্তৰঃ ঊণ আঁহ আহৰণ কৰা চাৰিবিধ জন্তু হ'ল-  ভেড়া ছাগলী, য়াক, উট আৰু শহাপহু। 

6.মথৰপৰা হ'ব পৰা ৰােগৰ বিষয়ে চমুকৈ লিখা । ( n .

উত্তৰঃ  মথৰ সূতা আহৰণ কৰালৈ কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত।  পলুবোৰক পৰিস্কাৰ পৰিৱেশত ৰাখিব লাগে। পলুৰ মল সোনকালে আঁতৰাব লাগে। পৰিস্কাৰ কৰি নাৰাখিলে পলুৰ বেমাৰ হয় আৰু পলু মৰাৰ পাছত নুপুৰিলে মৰা পলু পচি পচি বীজাণৰ দ্বাৰা প্ৰতিপাৱকো ৰোগাক্ৰান্ত হব।

7 ) এনথ্রাক্স বুলিলে কি বুজা ? ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি ? কি উদ্যোগৰ সৈতে ই জড়িত ? 

উত্তৰঃ এনথ্ৰাক্স এবিধ ৰোগৰ নাম। ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম বেছিলাছ এন্থ্ৰাচিছ্ ।ই ঊণ উদ্যোগৰ সৈতে জড়িত।

৪ ) ঊণ আঁহ আহৰণৰ চাৰিটা পর্যায় কি কি ? পর্যায়কেইটাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ঊণউ আঁহ আহৰণৰ চাৰিটা পৰ্যায় হ'ল-

 মুণ্ডন, পৰিষ্কৰণ, পৃথকীকৰণ, ৰঙীকৰণ

মুণ্ডন- সাধাৰণতে বসন্ত কালত ভেড়াৰ নোম কটা হয়। ইয়াক মুণ্ডন বোলে। জন্তুটোৱে কষ্ট নোপোৱাকৈ মুণ্ডন কৰা হয়।

পৰিষ্কৰণ- মুণ্ডনৰ পাছত নোমবোৰ ভালদৰে ঘঁহি, ঘঁহি ধুব লাগে। ধোওঁতে অপমাৰ্জকো ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটোক পৰিষ্কৰণ বোলে।

পৃথকীকৰণ- একেটা ভেড়াৰ বিভিন্ন অংশত থকা নোমবোৰ একে নহয়। কান্ধৰ নোমবোৰ মিহি আৰু সমান হয়। কিন্তু পিঠিৰ নোম চুটিু আৰু লেহুকা। সেয়ে কোমল উৎকৃষ্ট নোমবোৰক আহবোৰৰ পৰা পৃথক কৰা প্ৰয়োজন। সেইকাৰণে পৰিষ্কৰণৰ পাছত পৃথকীকৰণ কৰা হয়।

ৰঙীকৰণ- বিভিন্ন ৰঙৰ কাপোৰ বনাবলৈ আঁহবোৰত ৰং কৰা হয়। সেইকাৰণে পৃথকীকৰণৰ পিছত ৰঙীকৰণ কৰা হয়।

9. লেটাৰপৰা আঁহ কেনেকৈ উলিয়ায় লিখা । 

উত্তৰঃ লেটাৰ পৰা আঁহ উলিয়াবলৈ লেটা গুটিবোৰ খাৰ-যুক্ত উতলা পানীত উতলোৱা হয়। উতলোৱা লেটাৰ পৰা হাতেৰে আঁহ উলিয়াই।

10. বাঁওফালৰ স্তম্ভত থকাবােৰক সোঁফালৰ স্তম্ভবােৰৰ সৈতে মিলােৱ : 

বাঁওফালৰ স্তম্ভ                                    সোঁফালৰ স্তম্ভ 

a ) এড়ী পলুৱে                                         i ) নুনি গছৰ পাত খায় 

b ) মুগা পলুৱে                                         ii ) এৰা গছৰ পাত খায়

c ) পাট পলুৱে                                         iii ) চোম গছৰ পাত খায়


উত্তৰঃ a) এড়ী পলুৱে  = ii) এৰাগছৰ পাত খায়।

            b) মুগা পলুৱে = iii) চোম গছৰ পাত খায়।

            c) পাট পলুৱে = i) নুনি গছৰ পাত খায়।

 


DIKHA BORA

Check by - Mukesh Borah