অধ্যায়ঃ অষ্টম 

এছিড ক্ষাৰক আৰু  লৱন 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

 i ) ক্ষাৰকৰ সােৱাদ-  

a ) টেঙা  b ) তিতা  c ) লুণীয়া  d ) মিঠা

উত্তৰঃ b ) তিতা

ii ) মাখনত থকা এছিডবিধৰ নাম— 

 a ) হাইড্রক্লৰিক এছিড   b ) এছেটিক এছিড   c ) লেকটিক এছিড  d ) টাৰটাৰিক এছিড 

উত্তৰঃ c ) লেকটিক এছিড

 iii ) চণপানী এবিধ

a ) এছিড  b ) ক্ষাৰক  c ) প্রশম দ্ৰৱ   d ) এটাও নহয়

উত্তৰঃ b ) ক্ষাৰক 

2. খালী ঠাই পূৰ কৰা : 

a ) চাবােন পানীৰ দুৱত হালধী গুড়ি যােগ কৰিলে দ্রৱৰ বৰণ  ৰঙা হয় ।

b ) চূণপানীত থকা ক্ষাৰকবিধ হ’ল _কেলছিয়াম হাইড্ৰক্সাইড 

c ) পৰুৱাই কামুৰি দেহত ফৰমিক এছিড  সুমুৱাই দিয়ে । 

d ) ক্ষাৰকৰ সােৱাদ তিতা

3. অতি চমু উত্তৰ লিখা । 

a ) ভিনেগাৰত থকা এছিডৰ নাম লিখা । 

উত্তৰঃ ভিনেগাৰত থকা এছিডবিধৰ নাম হ'ল- এছেটিক এছিড।

b ) ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণৰ নাম লিখা । 

উত্তৰঃ ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণ হ'ল- নিমখ।

c ) প্রশমনত কি কি পদার্থ উৎপন্ন হয় ?

উত্তৰঃ প্ৰশমনত লৱন উৎপন্ন হয়।  

4 , শুদ্ধ / অশুদ্ধ লিখা ।

a ) কমলা ৰসত ৰঙা লিটমাছ দিলে বৰণৰ সলনি নহয় । শুদ্ধ।

b ) কাপােৰ ধােৱা ছডা আচলতে এবিধ লৱণ । শুদ্ধ।

c ) মেগনেছিয়াম হাইড্রক্সাইড এছিড প্ৰতিৰােধী ঔষধ হিচাপে ব্যৱহৃত হয় । অশুদ্ধ।

d ) ছালফিউৰিক এছিড হ’ল জৈৱ এছিড । অশুদ্ধ।

e ) এবিধ খনিজ এছিডৰ উদাহৰণ হ'ল নাইট্রিক এছিড । শুদ্ধ। 

5. চমু উত্তৰ লিখা : 

a ) সূচক কাক বােলে ? এটা উদাহৰণ দিয়া । 

উত্তৰঃ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থই হ'ল সূচক।  হালধী হৈছে সূচকৰ উদাহৰণ।

b ) জৈৱ এছিড কি ? দুবিধ এনে এছিডৰ নাম লিখা । 

উত্তৰঃ  জৈৱিক এচিড হৈছে এচিডিক গুণাগুণথকা এক জৈৱিক যৌগ।

 দুবিধ জৈৱিক এছিড হ'ল-নেমু (চাইট্ৰিক এচিড), ভিনেগাৰ (এচিটিক এচিড), ।

c ) মাখন , দৈ আৰু ভিনেগাৰৰ সােৱাদ কিয় টেঙা ? 

উত্তৰঃ মাখন, দৈ আৰু ভিনেগাৰৰ সোৱাদ টেঙা কাৰণ- ইয়াত লেকটিক এছিড থাকে।

d ) ক্ষাৰকৰ সংজ্ঞা লিখা । এটা উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ বস্তুৰ সোৱাদ তিতা তাত এছিড নাথাকে সেইবাবে এইবোৰ ক্ষাৰক প্ৰকৃতিৰ হয়। নিমপাত হৈছে ক্ষাৰকৰ এটা উদাহৰণ। 

E ) লৱণ কাক বােলে ? তােমাৰ ঘৰত থকা দুবিধ লৱণৰ নাম লিখা । 

উত্তৰঃ  আচলতে এছিড আৰু ক্ষাৰক মিহলালে ৰাসায়নিক দ্ৰব্য উৎপন্ন হয় ইয়াক লৱণ বোলে। দুবিধ লৱণ হৈছে নিমখ আৰু  খোৱা ছ'ডা। 

f ) তোমাৰ ঘৰত ক্ষাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা । 

উত্তৰঃ হালধী, আৰু চূণপানী।

g ) তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ , চুণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে । এখন ৰঙা লিটমাছ কাগজেৰে এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ?

উত্তৰঃ তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ , চুণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে। এই দ্ৰব্য বোৰৰ চিনাক্ত কৰণ-

নেমুত এছিড থাকৰে গতিকে নেমুত দিয়া লিটমাছৰ ৰং ৰঙা হ'ব।

চূণপানী ক্ষাৰক প্ৰকৃতিৰ বাবে ইয়াত দিয়া লিটমাছৰ ৰং ৰঙা নহয়।

নিমখ এবিধ লৱণ বাবে ইয়াত দিয়া লিটমাছৰ ৰং ৰঙা নহয়।


DIKHA BORA