অধ্যায় ৯

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি


Edit This Post


প্ৰশ্নমালাঃ

১। ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছোৱাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰধান বিষয়সমূহ  লিখা। ৰাজনৈতিক দলৰ কেনেধৰণৰ সুকীয়া গঠনে এই পাৰ্থক্যবোৰ প্ৰতিফলিত কৰে? 

উত্তৰঃ ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছোৱাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰধান বিষয়সমূহ হ’ল যেনে ভাৰতীয় ৰাজনীতিত একদলীয় আধিপত্যৰ অৱসান, অনা কংগ্ৰেছ দলৰ উশ্থান, আঞ্চলিক দলসমূহৰ কেন্দ্ৰ আৰু ৰাজ্যত শক্তিশালী ভূমিকা, মৰ্চা চৰকাৰৰ গঠন আদি। ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনে ভাৰতৰ ৰাজনীতিত একদলীয় আধিপত্যৰ অৱসান ঘটাই কেন্দ্ৰত এক প্ৰকৃতাৰ্থত বহ দলীয় ব্যৱস্থাৰ আৰম্ভণি কৰে। ৰাজ্য সমূহত বহুদলীয় ব্যৱস্থাৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয় আৰু অনা কংগ্ৰেছ দলে আধা সংখ্যক ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সমৰ্থ হয়। ১৯৯০ ৰ দশকৰ পৰা ভাৰতৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী ৰূপত উশ্থান ঘটে। তাৰোপৰি ১৯৮৯ চৰনৰ পৰবৰ্তি সময়ৰ পৰা কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত আঞ্চলিক দলসমূহে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে ।ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত মৰ্চা চৰকাৰৰ উপস্থিতিত আঞ্চলিক দলসমূহে তেওঁলোকৰ গুৰুত্ব যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।

     ১৯৮৯ চনৰ নিৰ্বাচনত পূৰ্বৰ পৰা শক্তিশালী কংগেছ দলে নিজৰ জনপ্ৰিয়তা অব্যাহত ৰাখিবলৈ সমৰ্থ নহ’ল আৰু মাত্ৰ ১৯৭  খন আসন লাভ কৰে।১৯৮৯ চনত কেন্দ্ৰত নেচনেল ফ্ৰন্ট মৰ্চা চৰকাৰ এখন গঠন হয়। ১৯৮৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিবলৈ সমৰ্থ নহয় ফলত ওলমা সংসদৰ পৰিস্থিতিৰ সৃষ্টি হয়।  ইতিমধ্যে জনমৰ্চা, জনতা পাৰ্টি, লোক দল আদি বহুকেইটা দলে কংগ্ৰেছক পৰাজিত কৰিবলৈ ‘নেছনেল ফ্ৰন্ট’ নামেৰে প্ৰাক নিৰ্বাচনী মিত্ৰতা স্থাপন কৰে। কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক নোহোৱাত নেচনেল ফ্ৰন্টে চৰকাৰ গঠন কৰে। ইয়াৰ জৰিয়তে কেন্দ্ৰত কংগ্ৰেছ দলৰ আধিপত্যৰ নিম্নগামী যাত্ৰা আৰম্ভ হয়। ভাৰতীয় ৰাজনীতিত ১৯৮৯ চনৰ পৰা প্ৰকৃতাৰ্থত বহুদলীয় ব্যৱস্থাৰ আৰম্ভ হয়। ১৯৯০ ৰ দশকৰ পৰা ভাৰতীয় ৰাজনীতিত ভোটাৰ জনসাধাৰণ বহুধাবিভক্ত হৈ পৰে। তাৰোপৰি ভাৰতত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পায়।  ১৯৮৯ চনৰ পৰবৰ্তি সময়ত ভাৰতত মিত্ৰতাৰ ৰাজনীতি পৰিলক্ষিত হয়।১৯৯৬ চনত ইউনাইটেড ফ্ৰন্ট মৰ্চা চৰকাৰ আৰু ১৯৯৯ চনত নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰ গঠন হয়। এনেদৰে ৰাজনৈতিক দলৰ সুকীয়া গঠন আৰু মৰ্চা চৰকাৰ গঠনে এই পাৰ্থক্য পৰিলক্ষিত কৰে। বিভিন্ন ৰাজনৈতিক দলে নিজৰ লাভালাভ আৰু স্বাৰ্থ সিদ্ধিৰ বাবে সময় সাপেক্ষে একত্ৰিত হৈ পৃথক মৰ্চা গঠন কৰে বা মৰ্চাত অংশগ্ৰহণ  কৰে।


২।সংযুক্ত ৰাজনীতিৰ নতুন যুগ সূচনা হোৱাৰ ফলত ৰাজনৈতিক দলবোৰৰ মতাদৰ্শ গোষ্ঠীভুক্ত বা গোষ্ঠীনিৰপেক্ষ হয়। এই বিবৃতিটোৰ সপক্ষে বা বিপক্ষে কি যুক্তি তুমি আগবঢ়াবা।

উত্তৰঃ সংযুক্ত ৰাজনীতিৰ নতুন যুগ সূচনা হোৱাৰ ফলত ৰাজনৈতিক দলবোৰৰ মতাদৰ্শ গোষ্ঠীভুক্ত বা গোষ্পীনিৰপেক্ষ হয়। এই বিবৃতিটো সম্পূৰ্ণ সত্য বা সম্পূৰ্ণ অসত্য বুলিব নোৱাৰি । সেয়ে ইয়াৰ সপক্ষে বা বিপক্ষে যুক্তি আগবঢ়াব পাৰি। তলত সেইসমূহ ইয়াৰ সপক্ষে যুক্তি আগবঢ়োৱা হ’লঃ

(ক) সংযুক্ত ৰাজনীতিত বা মৰ্চা চৰকাৰ ব্যৱস্থাত ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক দলবোৰৰ মতাদৰ্শ গোষ্ঠীভুক্ত বা গোষ্ঠীনিৰপেক্ষ হয়। কাৰণ মৰ্চাত থকা দলৰ সৈতে একমত আৰু সহযোগী হ’লেহে দলসমূহ শাসনত আহিব পাৰিব আৰু ক্ষমতা দখল কৰিব পাৰিব।

(খ) তদুপৰি সংযুক্ত ৰাজনীতিত বা মৰ্চা ৰাজনীতিত ৰাজনৈতিক দলসমূহে অন্তৰ্ভুক্ত হৈ থকা মৰ্চাত কোনো অংশীদাৰী দলৰ গোষ্ঠী ল’ব নোৱাৰে। এনে হ’লে সংযুক্ত চৰকাৰখনত বিভাজনৰ সৃষ্টি হ’ব ফলত চৰকাৰখন ভাঙি যাব।

             উক্তধৰণেৰে আৰু বহুতো যুক্তি আগবঢ়াব পাৰি ।


৩। জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী কালত ভাৰতীয় জনতা দলক এক শক্তিশালী দল হিচাপে আলোচনা কৰা।

উত্তৰঃ ১৯৭৫ চনত একক শক্তিশালী কংগ্ৰেছ দলৰ শাসন কালত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰে। বহুতো ৰ্দুনীতি আৰু চেচ্ছাচাৰী শাসনৰ বাবে জনপ্ৰিয় দলটোৰ প্ৰতি জনগণৰ মাজত অসন্তষ্টি ভাৱৰ সৃষ্টি হয় আৰু বহু লোকে কংগ্ৰেছ দলৰ বিকল্প দলৰ কামনা কৰে।  ইয়াৰ পিছত বহুতো ৰাজনৈতিক দলৰ জন্ম হয় কিন্ত কোনেও কংগ্ৰেছৰ দৰে সবল আৰু শক্তিশালী স্থিতি গ্ৰহণ কৰিব নোৱাৰে। ১৯৮০ চনত একেদৰে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয়। ভাৰতক এখন আধুনিক গণতান্ত্ৰিক সমাজ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল বুলি দলটোৰ নেতৃবৰ্গই দাবী কৰে। ইয়াৰ মতাদৰ্শ আছিল সমতা, সুৰক্ষা, জাতীয়তাবাদ, সামাজিক সমিলমিল আৰু হিন্দুত্ব। 

      গঠনৰ পিছত ১৯৮০ আৰু ১৯৮৩ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে কিন্ত ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে উন্নত প্ৰদৰ্শন আগবঢ়াই ৮৫ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে দলটোৱে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা দখল কৰে। ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছৰ বিকল্প হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট চেষ্টা চলায়। ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ৰাজ্য  বিধানসভাৰ নিৰ্বাচনত দলটোৱে হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৯১ চনৰ দশম লোকসভা নিৰ্বাচনত দলটোৱে ১১৯ খন আসন লাভ কৰিবলৈ সমৰ্থ হয় । ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত দলটোৱে অধিক সফলতাৰ নিদৰ্শন দাঙি ধৰি ১৬১ খন আসনেৰে সৰ্বাধিক আসন লাভ কৰা দলৰূপে পৰিগণিত হয়। ১৯৯৮ চনৰ দ্বাদশ লোকসভা নিৰ্বাচনত দলটোৱে ১৮২ খন আসন লাভ কৰে। প্ৰথমবাৰৰ বাবে নেচনেল ডেম’ক্ৰেটিক এলায়েন্সে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। মিত্ৰগোষ্ঠীটোৱে সন্মিলিতভাৱে ২৫২ খন আসন লাভ কৰিছিল। ১৯৯৯ চনৰ ত্ৰয়োদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ১৮২ খন আসন লাভ কৰাৰ বিপৰীতে নেচনেল ডেম’ক্ৰেটিক এলায়েন্সে লাভ কৰে ২৯৭ খন আসন। ২০০৪ আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে যদিও নিম্নগামী যাত্ৰা কৰে  কিন্ত ২০১৪ চনৰ ষষ্ঠদশ লোকসভা নিৰ্বাচনত দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন দেখাই ২৮২ খন আসন লাভ কৰে। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। দ্বিতীয় বাৰৰ বাবেও এই চৰকাৰখনে জয়ী হয় আৰু মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে। বৰ্তমান মাৰতীয় ৰাজনীতিত এই দলে কংগ্ৰেছ দলতকৈ অধিক শক্তিশালী দল হিচাপেহে বৰ্তি আছে।


৪।কংগ্ৰেছ দলৰ আধিপত্য হ্ৰাস হোৱা স্বত্বেও দেশৰ ৰাজনীতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিৰাজমান । তুমি এই কথাত সন্মত নে?--- যুক্তি দৰ্শোৱা।

উত্তৰঃ  কংগ্ৰেছ দলৰ আধিপত্য হ্ৰাস হোৱা স্বত্বেও দেশৰ ৰাজনীতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিৰাজমান । এই কথাষাৰ সৈতে মই সন্মত। কাৰণ ১৯৮৯ চনৰ পৰা আনকি প্ৰকৃততে ১৯৭৭ চনৰ পৰাই যদিও ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্য হ্ৰাস পাইছে তথাপি কিন্ত স্বাধীনোত্তৰ কালৰ একমাত্ৰ শক্তিশালী দল কংগ্ৰেছ দলৰ ভাৰতৰ ৰাজনীতিত  এক শক্তিশালী প্ৰভাৱ বিৰাজমান। নেচনেল ফ্ৰন্ট মৰ্চা চৰকাৰ গঠনৰ জৰিয়তে  কেন্দ্ৰত কংগ্ৰেছ দলৰ আধিপত্যৰ নিম্নগামী যাত্ৰা আৰম্ভ হয়। ১৯৯১ চন আৰু ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে যদিও ক্ৰমে ২২৫ আৰু ১৪১ খন আসনহে দখল কৰিবলৈ সমৰ্থ হয় কিন্ত ইয়াৰ পিছৰ পৰা দলটোৰ আসনৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পায়। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে অধিক উন্নত প্ৰদৰ্শনেৰে ১৪৫ খন আসন লাভ কৰি মৰ্চা চৰকাৰ গঠন কৰে। ২০০৯ চনৰ পঞ্চদশ লোকসভা নিৰ্বাচনত দলটোৱে ১৯৯৬ চনৰ পৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ২০৬ খন আসন লাভ কৰি পুনৰ মৰ্চা চৰকাৰ গঠন কৰিবলৈ সম্ৰ্থ হয়। কিন্ত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হৈ মাত্ৰ ৪৪ খন আসনহে লাভ কৰে। ২০১৮ চনৰ মাৰ্চ মাহলৈ দলটো পঞ্জাৱ, কৰ্ণাটক আৰু মিজোৰামত শাসনত আছে।বৰ্তমান দলটোৰ স্থিতি সুবিধাজনক নহয় যদিও,কেন্দ্ৰত এই দলৰ বৰ্তমান চৰকাৰ নাই যদিও বিৰোধী দল হিচাপে হলেও দলটোৱে এক দৃঢ় ভূমিকাপালন কৰি আছে।


৫। বহু লোকে ভাৱে যে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ কাৰণে দ্বি-দলীয় ব্যৱস্থা থাকিব লাগে। কুৰি বছৰৰ ভাৰতৰ অভিজ্ঞতাৰ পৰা বৰ্তমানৰ দল ব্যৱস্থাৰ সুবিধাৰ ওপৰত এখন ৰচনা লিখা।

উত্তৰঃ বহুলোকে ভাৱে যে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে দ্বি-দলীয় ব্যৱস্থা থাকিব লাগে। কথাষাৰ সম্পূৰ্ণ অশুদ্ধও নহয়। কাৰণ বা গণতান্ত্ৰিক চৰকাৰ এখনৰ বাবে দলীয় ব্যৱস্থা অত্যাৱশ্যকীয়। বহুতৰ মতে এখন সফল গণতন্ত্ৰৰ বাবে দ্বি-দলীয় ব্যৱস্থা অধিক ফলপ্ৰসূ। তেওঁলোকৰ মতে বিশ্বৰ উন্নত গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত দ্বি-দলীয় ব্যৱস্থা পৰিলক্ষিত হয়। দ্বি-দলীয় ব্যৱস্থাই গণতান্ত্ৰিক চৰকাৰ গঠন প্ৰক্ৰিয়াতো সহজ কৰি দিছে। কিন্ত ভাৰত এক গণতান্ত্ৰিক ৰাষ্ট্ৰ হ’লেও ইয়াত বহুদলীয় ব্যৱস্থা বিৰাজমান। ভাৰতত বহুতো ৰাজনৈতিক দল আছে। যদিও দ্বি-দলীয় ব্যৱস্থা গণতন্ত্ৰৰ পূৰ্ব চৰ্ত আখ্যা দিয়া হয়, কিন্ত বিভিন্ন দিশৰ পৰা ভাৰতত বহুদলীয় ব্যৱস্থাৰ সুবিধা আছে। সেই সমূহ হ’লঃ

(ক) সকলোধৰণৰ মতামতৰ প্ৰতিনিধিঃ ভাৰতৰ বহুদলীয় ব্যৱস্থাৰ এক সুবিধা হ’ল যে ইয়াৰ জৰিয়তে বিধানমণ্ডলত সকলো ধৰণৰ মতামতে প্ৰতিনিধিত্ব কৰিব পাৰে। বিভিন্ন বৰ্ণ,শ্ৰেণী,সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰা বিভিন্ন দলে তেওঁলোকৰ মতামত ব্যক্ত কৰাৰ সুযোগ লাভ পায়।

(খ) ভোটাৰসকলৰ সন্মুখত অধিক পছন্দৰ উপস্থিতিঃ ভোটাৰ সকলে ভাৰতত এই ব্যৱস্হা থকা বাবে পছনৰ দল আৰু প্ৰাৰ্থী হকে ভোটদান কৰিবলৈ সুযোগ পায়।

(গ) সাংস্কৃতিক বহুত্ববাদঃ ভাৰতত বিভিন্ন সংস্কৃতি, জনগোষ্ঠী, ভাষাৰ সমাহাৰ ঘটা বাবে বহুদলীয় ব্যবস্থা অধিক উপযোগী ।দ্বি- দলীয় ব্যৱস্থাই সাংস্কৃতিক ভিন্নতাক প্ৰতিনিধিত্ব কৰে।

(ঘ)আঞ্চলিক মনোভাব আৰু প্ৰত্যাশাৰ সন্তষ্টিঃ বৰ্তমান বহুদলীয় ব্যৱস্থাটোৱে জনগণৰ আঞ্চলিকতাবাদী মনোভাব আৰু প্ৰত্যাশা পূৰণ কৰিব বাবে।

         সেয়ে প্ৰচলিত বহুদলীয় ব্যৱস্থাই ভাৰতৰ বাবে উপযুক্ত।


৭।  বস্তুনিষ্ঠ প্ৰশ্নঃ

(ক) নেচনেল ফ্ৰন্টে কোন চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ  নেচনেল ফ্ৰন্টে ১৯৮৯ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।


(খ) নেচনেল ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ নেচনেল ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল বিশ্বনাথ প্ৰতাপ সিং।


(গ) ১৯৯১ চনৰ নিৰ্বাচনত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ ১৯৯১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।


(ঘ) নেচনেল ফ্ৰন্ট চৰকাৰক বাহিৰৰ পৰা কোন কোন ৰাজনৈতিক দলে সমৰ্থন দিছিল?

উত্তৰঃ নেচনেল ফ্ৰন্ট চৰকাৰক বাহিৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি,  বাওঁ মৰ্চা দল যেনে ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আদি দলে সমৰ্থন দিছিল।


(ঙ) জনতা দল কোন চনত গঠন হয়?

উত্তৰঃ জনতা দল ১৯৭৭ চনত গঠন হয়।


(চ) ভাৰতীয় জনতা পাৰ্টি কোন চনত গঠন হয়?

উত্তৰঃ ১৯৮৪ চনত ভাৰতীয় জনতা পাৰ্টি গঠন হয়।


(ছ)ইউনাইটেড ফ্ৰন্ট চৰকাৰত কেইটা ৰাজনৈতিক দল আছিল?

উত্তৰঃ ইউনাইটেড ফ্ৰন্ট চৰকাৰত ১৩ টা ৰাজনৈতিক দল আছিল।


(জ)নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত কেইটা ৰাজনৈতিক দল আছিল?

উত্তৰঃ নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত ১৩ টা ৰাজনৈতিক দল আছিল। 


(ঝ) ইউ পি এ• (UPA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ UPA ৰ সম্পূৰ্ণ অৰ্থ হ’ল- United Progressive Alliance.


(ঞ) আৰ এচ এচ (RSS) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ RSS ৰ সম্পূৰ্ণ অৰ্থ হ’ল Rastriya Swayam Sevak Sangh.


(ট)ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) ৰ নেতৃত্ব ভাৰতীয় জনতা পাৰ্টিয়ে বহন কৰিছিল।


৮। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।

উত্তৰঃ অশুদ্ধ।


(খ) ১৯৮৪ চনত কংগ্ৰেছ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰে।

উত্তৰঃ শু দ্ধ।


(গ) জনমৰ্চা নেচনেল ফ্ৰন্টৰ অংশীদাৰ দল আছিল।

উত্তৰঃ শুদ্ধ।


(ঘ) কংগ্ৰেছ (S) দলে জনতা দলত চামিল হৈছিল ।

উত্তৰঃ অশুদ্ধ।                                     

                                                                                                                                                     ৯। খালী ঠাই পূৰণ কৰাঃ

(ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত ১৩  টা ৰাজনৈতিক দল আছিল।


(খ) হিন্দুত্ব  ভাৰতীয় জনতা পাৰ্টি ৰ ৰাজনৈতিক মতাদৰ্শ।


(গ) ইউ•পি•এ চৰকাৰে প্ৰথমবাৰৰ বাবে  ২০০৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰে।


১০। চমু প্ৰশ্নঃ

(ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী।


(খ) আঞ্চলিক দলৰ উশ্থানৰ দুটা কাৰণ লিখা।

উত্তৰঃ আঞ্চলিক দলৰ উশ্থানৰ দুটা কাৰণ হ’ল-

(১) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি আৰু

(২) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ।


(গ) আঞ্চলিক ৰাজনৈতিক দলৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ সপক্ষে দুটা যুক্তি হ’ল-

(১) আঞ্চলিক দলসমূহে নিৰ্দিষ্ট ৰাজ্যৰ বা অঞ্চলৰ লোকৰ ইচ্ছা আকাংশা প্ৰতিনিধিত্ব কৰে আৰু কেন্দ্ৰত সেইসমূহ দাঙি ধৰে ফলত কেন্দ্ৰই সেই ৰাজ্য বা অঞ্চলসমূহৰ উন্নতি সাধন কৰিব কৰিব পাৰে আৰু মনোযোগ দিব পাৰে।

(২)আঞ্চলিক ৰাজনৈতিক দলৰ জৰিয়তে সকলো অঞ্চলৰ জনসাধাৰণে দেশৰ ৰাজনীতিত আৰু চৰকাৰ ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে আৰু জড়িত হ’ব পাৰে।


(ঘ) জনতা দলৰ পতনৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ জনতা দলৰ পতনৰ দুটা কাৰণ হ’ল-

(১) জনতা দলৰ অস্পষ্ট মতাদৰ্শ,

(২) দলটোৰ আভ্যন্তৰীণ কন্দল আৰু ফৈদবাদেও দলটোৰ পতন আনে।


(ঙ) ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ দুটা অংশীদাৰ দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ দুটা অংশীদাৰ দলৰ নাম হ’ল- ডি এম কে আৰু অসম গণ পৰিষদ ।


(চ) কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল? প্ৰথম মৰ্চা চৰকাৰ কোনটো আছিল?

উত্তৰঃ  ১৯৭৭ চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ সূচনা হৈছিল। প্ৰথম মৰ্চা চৰকাৰ আছিল নেছনেল ফ্ৰন্ট।


(ছ) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক লিখা।

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক হ’ল-

(১) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতিঃ কংগ্ৰেছ দলৰ সংগঠন আৰু মতাদৰ্শ শক্তিশালী হৈ থকা সময়ত আঞ্চলিক দলসমূহৰ অস্তিত্ব বাস্তৱিক অৰ্থত প্ৰায় নাছিল বুলিব পাৰি । কংগ্ৰেছ দলৰ স্থিতি দুৰ্বল হৈ যোৱাৰ লগে লগে আঞ্চলিক দলসমূহৰ উশ্থান আৰম্ভ হয়।

(২) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদঃ  ভাৰতীয় সমাজৰ সাংস্কৃতিক- জাতিগত -ধৰ্মীয়-ভাষিক ভিন্নতাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰে।


(জ) ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-

(১) কংগ্ৰেছৰ বিৰোধিতাঃ ভাৰতত সন্মিলিত বা মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্য । এই ক্ষেত্ৰত বিৰোধী দলসমূহ সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।

(২) ৰাজনৈতিক সুবিধাবাদঃ সন্মিলিত বা মৰ্চা চৰকাৰ গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ । ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনত নিজ নিজ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে।


(ঝ) সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য হ’লঃ-

(১) একাধিক দলৰ উপস্থিতি ,আৰু

(২) অস্থিৰতাপূৰ্ণ চৰকাৰ।


১১। চমুটোকাঃ

(ক) ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল।

উত্তৰঃ ২০০৪ চনৰ চতুদৰ্শ লোকসভা নিৰ্বাচনৰ দ্বাৰা কংগ্ৰেছ দলে মৰ্চা ৰাজনীতিত প্ৰৱেশ কৰে। এই নিৰ্বাচনত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ( ইউ পি এ) নামেৰে নিৰ্বাচনী মিত্ৰতা স্থাপন কৰি সংঘবদ্ধভাৱে অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী মিত্ৰতাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ছোনিয়া গান্ধী। নিৰ্বাচিত ইউ পি এ মৰ্চাই এন ডি এক অভাৱনীয়ভাৱে বৃহৎ ব্যৱধানত পৰাজিত কৰে । ২০০৪ চনৰ এই নিৰ্বাচনত কংগ্ৰেছ দলটোৱে ১৪৫ খন আসন লাভ কৰি মৰ্চা চৰকাৰ গঠন কৰে  আৰু এই মৰ্চা চৰকাৰ খনত ১৫ টা অংশীদাৰী দল আছিল তাৰে ভিতৰত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল আছিল ।এই চৰকাৰৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হয় প্ৰাক্তন বিত্ত্বমন্ত্ৰী ড° মনমোহন সিং । উল্লেখযোগ্য যে ৪ টা প্ৰধান বাওঁপন্থী দলে ইউ পি এ চৰকাৰক সমৰ্থন আগবঢ়ায়। শাসনত অধিষ্ঠিত হোৱাৰ পিছত ইউ পি এ চৰকাৰৰ আৰু সমৰ্থনকাৰী বাওঁপন্থী দল চাৰিটাই চৰকাৰৰ উমৈহতীয়া নূন্যতম কৰ্মসূচী প্ৰস্তুত কৰি প্ৰকাশ কৰে।


(খ) মৰ্চা চৰকাৰত অনা-নীতিগত মিত্ৰতা।

উত্তৰঃ   কোনো  এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নোহোৱা পৰিস্থিতিৰ উদ্ভৱৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনৰ সময়ত মিত্ৰতা স্থাপনৰ  প্ৰৱণতা বৃদ্ধি পায়। এই ৰাজনৈতিক বা নিৰ্বাচনী মিত্ৰতা দুই ধৰণৰ। সেয়া হ’ল নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ সময়ত বিশেষ ৰাজনৈতিক দল কেইটামানে  একগোট হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু আনটো হ’ল নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত প্ৰয়োজন সাপেক্ষে এই মিত্ৰতা  স্থাপন কৰিব পাৰে। সম্প্ৰতি নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিছত ৰাজনৈতিক দলসমূহৰ অনা-নীতিগত মিত্ৰতা ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্যত পৰিণত হৈছে। এই ক্ষেত্ৰত নেচনেল ফ্ৰন্টৰ উদাহৰণ দিব পাৰি। এই চৰকাৰক বাহিৰৰ পৰা সমৰ্থন জনাইছিল ভাৰতীয় জনতা পাৰ্টি আৰু বাওঁ মৰ্চাই। দুই সম্পূৰ্ণ বিপৰীতমুখী  মতাদৰ্শৰ গোট মাত্ৰ এটা কাৰণতে নেচনেল ফ্ৰন্ট চৰকাৰলৈ সমৰ্থন আগবঢ়াইছিল  আৰু সেয়া হ’ল কংগ্ৰেছৰ উৎখাত। ১৯৯৯ চনৰ ত্ৰয়োদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক ফ্ৰন্টে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে।  এন ডি এফত ১৩ টা ৰাজনৈতিক দলৰ সমাহাৰ ঘটিছিল।এই দলসমূহৰ অধিকাংশৰ মাজত আঁচনি আৰু মতাদৰ্শগত পাৰ্থক্য আছিল। ঠিক তেনেদৰে ২০০৪ আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত এন ডি এ ৰ লগতে কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ গঠন হয়।  ২০০৪ চনত ইউ পি এ চৰকাৰখনক বাওঁপন্থী দলসমূহে বাহিৰৰ পৰা সমৰ্থন জনাইছিল ।  কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ মতাদৰ্শ সম্পূৰ্ণ সুকীয়া।  সেয়ে  বহুবাৰ বাওঁপন্থী  দলসমূহে ইউ পি এ চৰকাৰৰ পৰা  সমৰ্থন প্ৰত্যাহাৰৰ ভাবুকি প্ৰদান কৰি আছিল । অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ  সৈতে ভাৰতৰ পাৰমাণৱিক চুক্তিক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বাওঁমৰ্চাৰ মাজত সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু বাওঁমৰ্চাই ইউ পি এ চৰকাৰৰ পৰা  সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত চৰকাৰখনৰ পতন ঘটে। ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদানৰ পৰিবৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয়। মৰ্চা ৰাজনীতিৰ যুগত ৰাজনৈতিক দলসমূহে মতাদৰ্শগত ভিত্তিত সংগঠিত হোৱাৰ পৰিৱৰ্তে পৰিস্থিতিগত দিশটোতহে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। এক অনীতিগত মিত্ৰতাই ‘সুবিধাবাদৰ ৰাজনীতি’  আৰু যথাৰ্থতাৰ ৰাজনীতিৰ’ জন্ম দিছে। বৰ্তমান ভাৰতৰ প্ৰায় সকলো ৰাজনৈতিক  দলে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবে যিকোনো মিত্ৰতাত আবদ্ধ হ’বলৈ প্ৰস্তুত থাকে।


(গ) জনতা দলৰ উশ্থান।

উত্তৰঃ ১৯৮৮ চনৰ ১১ অক্টোবৰত বাংগালোৰ চহৰত অনুষ্ঠিত এখন সন্মিলনৰ জৰিয়তে জনমৰ্চাৰ নেতা বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত তিনিটা প্ৰধান ৰাজনৈতিক দল একত্ৰিত হৈ জনতা দলৰ গঠন হয়। জনমৰ্চাৰ বাহিৰে এই নতুন দলটোত চামিল হোৱা অন্য দল দুটা আছিল জনতা পাৰ্টি আৰু লোক দল । বিশ্বনাথ প্ৰতাপ সিং সৰ্বসন্মতিক্ৰমে জনতা দলৰ নেতা নিৰ্বাচিত হয়। ১৯৮৯ চনৰ ২২ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগে জনতা দলক তেওঁলোকৰ দলীয় প্ৰতীক ‘চক্ৰ’ প্ৰদান কৰে।  ১৯৮৯ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনত জনতা দলে ১৪১ খন আসন লাভ কৰে। বিশ্বনাথ প্ৰতাপ সিঙক জনতা দল আৰু নেচনেল ফ্ৰন্টৰ সংসদীয় শাখাৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয়। এইদৰে বিশ্বনাথ প্ৰতাপ সিঙে ৯ বছৰৰ মূৰত  কেন্দ্ৰত পুনৰ এখন অকংগ্ৰেছী মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰে। তাৰোপৰি ৰাজ্যসমূহতো জনতা দলে উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হয়। জনতা দলে ১৯৯০ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিহাৰ, গুজৰাট আৰু উৰিষ্যাত চৰকাৰ গঠন কৰে।

       কিন্ত জনতা দলৰ এই সফলতাৰ এই ধাৰা অধিক দিন অব্যাহত ৰাখিব নোৱাৰিলে । বিশ্বনাথ প্ৰতাপ সিঙৰ নেচনেল ফ্ৰন্ট চৰকাৰখন মাত্ৰ ১১ মাহ পিছতে ভংগ হৈ যায়।


(ঘ) ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতীয় ৰাজনীতিত প্ৰভাৱ।

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতীয় ৰাজনীতিত প্ৰভাৱ গভীৰ। বৰ্তমান ভাৰতীয় ৰাজনীতিত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ উশ্থান ঘটিছে। দলটোৱে ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ চাৰিবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হোৱাৰ লগতে দুবাৰকৈ প্ৰধান বিৰোধী দল হিচাপে কাৰ্য কাৰ্যসম্পাদন কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ বহু কেইখন ৰাজ্যত ক্ষমতা দখল কৰিছে। ১৯৮০ চনৰ সপ্তম লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত জনতা পাৰ্টিত হোৱা দ্বিতীয়টো বিভাজনৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয়। ভাৰতীয় জনতা পাৰ্টিৰ মতাদৰ্শ সুচিতা ( ৰাজহুৱা জীৱনত সমতা), সুৰক্ষা, স্বদেশী ( অৰ্থনৈতিক জাতীয়বাদ), সামাজিক সমাৰাচাত (সামাজিক সমিলমিল) আৰু হিন্দুত্ব ( সাংস্কৃতিক জাতীয়বাদ) এই ৫ টা মূল স্বম্ভৰ ওপৰত প্ৰতিষ্ঠিত।  পিছলৈ দলটোৱে বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে ভাৰতীয় উদ্যোগ আৰু উৎপাদনক উৎসাহিত কৰিবলৈ ‘স্বদেশী’ ৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে।  ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে উন্নত প্ৰদৰ্শন দেখুৱাই ৮৫ খন আসন লাভ কৰিবলৈ সমৰ্থ হয় আৰু লগতে ই মধ্যপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা দখল কৰে। ভাৰতীয় জনতা দলটোৱে কংগ্ৰেছৰ বিকল্প হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট চেষ্টা চলায়। ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৯১ চনৰ দশম লোকসভা নিৰ্বাচনত দলটোৱে ১১৯ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত দলটোৱে অধিক সফলতাৰ নিদৰ্শন দাঙি ধৰি ১৬১ খন আসনেৰে সৰ্বাধিক আসন লাভ কৰা দলৰূপে পৰিগণিত হয়। ১৯৯৮ চনৰ দ্বাদশ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নেচনেল ডেমক্ৰেটিক এলায়েন্সে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ২০১৪ চনত ষষ্ঠদশ লোকসভা নিৰ্বাচনত দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ২৮২ খন আসন লাভ কৰে। নৰেন্দ্ৰ মোদীয়ে প্ৰধানন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে আৰু বৰ্তমান তেওঁৰ নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰত বৰ্তি আছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিধানসভাসমূহতো দলটোৱে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতৰ ২৯ খন ৰাজ্যৰ ভিতৰত ২১ খন ৰাজ্যতে এই দলটোৰ নিজাববীয়া অথবা সন্মিলিত চৰকাৰ আছে। ২০১৮ চনৰ মাৰ্চ মাহলৈ ১৫ খন ৰাজ্যত দলটোৰ মূখ্যমন্ত্ৰী আছে।বাকী ৬ খন ৰাজ্যত আঞ্চলিক দলসযূহৰ সৈতে মৰ্চা চৰকাৰ গঠন কৰিছে। দলটোৱে অকংগ্ৰেছী আঞ্চলিক দলসমূহৰ সৈতে নিৰ্বাচনী মিত্ৰতা স্থাপন কৰি আহিছে। যেনে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ হিচাপে উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা (NEDA) ৰ কথা উল্লেখ কৰিব পাৰি। এনেদৰে ভাৰতীয় ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰভাৱ বিস্তাৰ কৰি আছে। 


(ঙ) ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ পতনৰ কাৰণসমূহ।

উত্তৰঃ ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এখন মৰ্চা চৰকাৰ গঠন কৰা হয়। জনতা দল আৰু ইয়াৰ মিত্ৰগোষ্ঠীৰ দ্বাৰা গঠিত এই চৰকাৰখনৰ নাম ‘ইউনাইটেড ফ্ৰন্ট’ ৰখা হয়। ইউনাইটেড ফ্ৰন্ট চৰকাৰখনে দেৱগৌড়াৰ নেতৃত্বত ১৯৯৬ চনৰ ১ জুনৰ পৰা ১৯৯৭ চনৰ ২১ এপ্ৰিললৈ শাসনত অধিষ্ঠিত হৈ থাকে।  কিন্ত এই চৰকাৰ খনে বেছি সময়লৈ শাসনত বৰ্তি নাথাকে আৰু চৰকাৰ খনৰ পতন হয়।  এই ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ পতনৰ বহুতো কাৰণ আছে।কংগ্ৰেছ দলে মৰ্চা আৰু তেওঁলোকৰ মাজত যোগাযোগ নথকাৰ অজুহাতত সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগে লগে দেৱগৌড়াৰ ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ পতন ঘটে। তদুপৰি প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ ব্যক্তিত্ব আছিল চৰকাৰখনৰ এক অন্যতম দুৰ্বল দিশ আৰু ব্যৰ্থতাৰ কাৰণ। এখন মৰ্চা চৰকাৰ চলোৱাৰ বাবে প্ৰয়োজনীয় শক্তিশালী ব্যক্তিত্ব আৰু ৰাজনৈতিক বিচক্ষণতা দেৱগৌড়াৰ নাছিল। আকৌ পিছলৈ দেৱগৌড়াই নিজৰ ইচ্ছানুসৰি কাৰ্যসম্পাদন কৰিবলৈ আৰম্ভ কৰাত অংশীদাৰ দলসমূহ ক্ষুণ্ণ হৈছিল । গৌড়াৰ মৰ্চা চৰকাৰে সময় নিৰ্ধাৰিত খোৱা পানী, দৰিদ্ৰতা নিৰ্মূলকৰণ, স্বাস্থ্য সেৱা, বাসস্থান আঁচনিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া ভালদৰে কাৰ্যকৰী নহ’ল। এনেবোৰ কাৰণতে ইউনাইটেড ফ্ৰন্ট চৰকাৰ ব্যৰ্থ হয় আৰু পতন ঘটে।


(চ) ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান ভূমিকা ।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলসমূহে এটা নিৰ্দিষ্ট অঞ্চল বা এখন নিৰ্দিষ্ট ৰাজ্যৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। ভাৰতত বহু সংখ্যক আঞ্চলিক দল আছে। সেইসমূহ যেনে তামিলনাডুৰ ডি এম কে আৰু এ আই এ ডি এম কে, পঞ্জাৱৰ আকালি দল, মহাৰাষ্ট্ৰৰ শিৱ সেনা, অন্ধ্ৰপ্ৰদেশৰ তেলুগু দেশম, অসমৰ অসম গণ পৰিষদ,জম্মু আৰু কাশ্মীৰৰ নেচনেল কনফাৰেন্স আদি অন্যতম। এই ৰাজনৈতিক দলসমূহে ৰাজ্য’সমূহত প্ৰাধান্য বিস্তাৰ কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ক্ৰমাগতভাৱে ইয়াৰ ভূমিকা অধিক বৃদ্ধি পাব ধৰিছে। ১৯৯০ ৰ দশকৰ পৰা পৰিবৰ্তিত ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ৰাজ্য বা অঞ্চলসমূহৰ লগতে আঞ্চলিক ৰাজনৈতিক দলসমূহে কেন্দ্ৰতো বিশেষ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰত এই দলসমূহৰ ভূমিকা ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাই আছে। বিগত লোকসভা নিৰ্বাচনসমূহত কোনো এটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এককভাৱে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এনে এক পৰিস্থিতিত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে  মৰ্চা চৰকাৰ গঠন একমাত্ৰ বিকল্প হৈ পৰে। বিভিন্ন ৰাজ্যত শক্তিশালী নিয়ন্ত্ৰণত থকা আঞ্চলিক ৰাজনৈতিক দলসমূহে লোকসভালৈ অধিকসংখ্যক সদস্য প্ৰেৰণ কৰাৰ বাবে তেওঁলোকৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পায়। মৰ্চা ৰাজনীতিৰ অংশ হিচাপে এই দলসমূহে  মৰ্চা চৰকাৰত  অংশগ্ৰহণৰ বিনিময়ত তেওঁলোকৰ অঞ্চল বা ৰাজ্যসমূহলৈ বিভিন্ন সুযোগ-সুবিধাৰ দাবী জনায়।

               আঞ্চলিক ৰাজনৈতিক দলসমূহে ১৯৯১ চনৰ পৰা কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৯১ চনৰ কংগ্ৰেছ চৰকাৰক এ আই এ ডি  এম কে দলে সমৰ্থন আগবঢ়াইছিল। ১৯৯৬ চনৰ এইচ• ডি• দেৱগৌড়া নেতৃত্বাধীন ইউনাইটেড ফ্ৰন্ট চৰকাৰখনত ডি এম কে, অসম গণ পৰিষদ, তামিল মানিলা কংগ্ৰেছ, তেলুগু দেশম আদি আঞ্চলিক ৰাজনৈতিক দল জড়িত আছিল।১৯৯৮ আৰু ১৯৯৯ চনৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ ১৩ টা অংশীদাৰ দলৰ ভিতৰত কেইবাটাও আঞ্চলিক দল আছিল। ১৯৯৯ চনৰ অক্টোবৰত এ আই এ ডি এম কে দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে মৰ্চা চৰকাৰখনৰ পতন ঘটে। ২০০৪ চনৰ কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেচিভ এলায়েন্স চৰকাৰখনৰ ১৫ টা অংশীদাৰ দলৰ ভিতৰত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০৯ চনৰ ইউ পি এ চৰকাৰখনতো কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি আছে। সেয়ে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰভাৱ আৰু ভূমিকা যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত এনে এখন ৰাজ্য বিচাৰি পোৱা কঠিন হ’ব, য’ত আঞ্চলিক ৰাজনৈতিক দল নাই। ৰাষ্ট্ৰীয় ৰাজনীতিতো এই দলসমূহে গুৰুত্বপূৰ্ণ আসন দখল কৰিবলৈ সমৰ্থ হৈছে। এনেদৰে ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।


(ছ) আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কাৰণসমূহ।

উত্তৰঃ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত  ক্ৰমাগতভাৱে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব আৰু প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ বহুতো কাৰণ আছে সেইসমূহ তলত আলোচনা কৰা হ’লঃ

(১) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতিঃ কংগ্ৰেছ দলৰ সংগঠন আৰু মতাদৰ্শ শক্তিশালী হৈ থকা সময়ত আঞ্চলিক দলসমূহৰ অস্তিত্ব বাস্তৱিক অৰ্থত প্ৰায় নাছিল বুলিব পাৰি । কংগ্ৰেছ দলৰ স্থিতি দুৰ্বল হৈ যোৱাৰ লগে লগে আঞ্চলিক দলসমূহৰ উশ্থান আৰম্ভ হয়।

(২) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদঃ ভাৰতীয় সমাজৰ সাংস্কৃতিক-জাতিগত-ধৰ্মীয়-ভাষিক ভিন্নতাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰে।

(৩) আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশাঃ-

আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি। ভাৰতত আঞ্চলিকতাবাদী মানসিকতা বৃদ্ধি হৈ অহাৰ লগে লগে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। বিভিন্ন অঞ্চলৰ প্ৰতি কেন্দ্ৰই কৰি অহা অৱহেলাৰ বাবেও বিভিন্ন আঞ্চলিক দলৰ আৱিৰ্ভাৱ ঘটি আহিছে।

(৪)  এটা দলৰ শাসনৰ অৱসানঃ এটা দলৰ আধিপত্যৰ সমাপ্তি আঞ্চলিক দলসমূহৰ ক্ৰমবৰ্ধমান ভূমিকাৰ এক অতি গুৰুত্বপূৰ্ণ কাৰণ। বিগত আঠটা লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। বৰ্তমান মৰ্চা চৰকাৰৰ দিনত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা বৃদ্ধি পাইছে। আঞ্চলিক দলৰ সহায় অবিহনে কেন্দ্ৰত চৰকাৰ গঠন কৰাটো বৰ্তমান প্ৰায় অসম্ভৱ।

            উক্ত কাৰণসমূহৰ বাবে আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে।


১২। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ওলোমা সংসদ কি? ভাৰতৰ সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা ওলোমা সংসদ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লোকসভাত কোনো এটা দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে সেই পৰিস্থিতিক ‘ওলমা সংসদ’ বোলা হয়। ১৯৮৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত নৱম লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৫২৯ খন আসনৰ ভিতৰত মাত্ৰ ১৭৯ খন আসনহে লাভ কৰে। কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল। ফলত ‘ওলমা সংসদ’ৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঠিক তেনেদৰে  ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ নকৰে । ফলত ওলোমা সংসদৰ পৰিস্থিতিৰে সৃষ্টি হয়। ফলত জনতা  দল আৰু ইয়াৰ মিত্ৰগোষ্ঠীয়ে ইউনাইটেড ফ্ৰন্ট মৰ্চা গঠন কৰে। এনেদৰে ওলোমা সংসদৰ পৰিস্থিতিৰ ভাৰতত বহুবাৰ সূচনা হৈছে।


(খ) জনতা দলৰ নিৰ্বাচনী সফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জনতা দলে ১৯৮৮ চনত ইয়াৰ গঠনৰ পাছত নিৰ্বাচনসমূহত বহুখিনি সফলতা অৰ্জন কৰিছিল। ১৯৮৯ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা নৱম লোকসভা নিৰ্বাচনত জনতা দলে ১৪১ খন আসন লাভ কৰে।বিশ্বনাথ প্ৰতাপ সিঙক জনতা দল আৰু নেচনেল ফ্ৰন্টৰ সংসদীয় শাখাৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয়। এইদৰে বিশ্বনাথ প্ৰতাপ সিঙে ৯ বছৰ মূৰত কেন্দ্ৰত পুনৰ এখন অকংগ্ৰেছী মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰে। অন্যহাতে ৰাজ্যসমূহতো জনতা দলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হয়। জনতা দলে ১৯৯০ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিহাৰ,গুজৰাট আৰু উৰিষ্যাত চৰকাৰ গঠন কৰে।

       কিন্ত জনতা দলৰ এই সফলতাৰ ধাৰা অধিক দিন বৰ্তি নাথাকিল।বিশ্বনাথ প্ৰতাপ সিঙৰ নেচনেল ফ্ৰন্ট চৰকাৰখন মাত্ৰ ১১ মাহ পিছত ভংগ হৈ যায়। সমাজবাদী জনতা পাৰ্টিৰ নেতা চন্দ্ৰশেখৰৰ নেতৃত্বত আৰু কংগ্ৰেছৰ সমৰ্থনেৰে নেচনেল ফ্ৰন্টৰ অন্য এখন চৰকাৰ গঠন হয় যদিও ৬ মাহ পিছত কংগ্ৰেছ দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত চন্দ্ৰশেখৰ চৰকাৰৰো পতন ঘটে। ইয়াৰ পিছত ১৯৯১ চনত দশম লোকসভা নিৰ্বাচনত জনতা দলে ৫৬ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। একে সময়তে অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো কোনো এখন ৰাজ্যতে জনতা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে ৪৩ খন আসন আৰু ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ ৬ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। এনেদৰে ভাৰতীয় ৰাজনীতিত জনতা দলৰ শক্তিশালী উশ্থান আৰু সফলতা মাত্ৰ কেইটামান বছৰৰ ভিতৰতে স্তব্ধ হৈ যায়।


(গ) ভাৰতীয় ৰাজনীতিত মিত্ৰতাৰ ৰাজনীতিৰ সম্পৰ্কে মূল্যায়নমূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় ৰাজনীতিত বহু সময়ত মিত্ৰতাৰ ৰাজনীতিৰ পৰিলক্ষিত হয়।কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নোহোৱা পৰিস্থিতিৰ উদ্ভৱৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনৰ সময়ত মিত্ৰতা স্থাপনৰ প্ৰৱণতা বৃদ্ধি পায়। এই ৰাজনৈতিক বা নিৰ্বাচনী মিত্ৰতা দুই ধৰণৰ হ’ব পাৰে। প্ৰথমতে, নিৰ্বাচনৰ সময়ত বিশেষ ৰাজনৈতিক দল কেইটামানে একগোট হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু দ্বিতীয়তে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত প্ৰয়োজন সাপেক্ষে এই মিত্ৰতা স্থাপন কৰিব পাৰে। ভাৰতৰ ৰাজনীতিত এই দুই ধৰণৰ মিত্ৰতা পৰিলক্ষিত হয়। সম্প্ৰতি নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিছত ৰাজনৈতিক দলসমূহৰ অনা-নীতিগত  মিত্ৰতা ভাৰতীয় ৰাজনীতিৰ এক গুৰুতপূৰ্ণ বৈশিষ্ট্যত পৰিণত হৈছে। এই ক্ষেত্ৰত নেচনেল ফ্ৰন্টৰ উদাহৰণ দিব পাৰি। এই চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টি আৰু বাওঁ মৰ্চাই ।দুই সম্পূৰ্ণ বিপৰীতমুখী মতাদৰ্শৰ গোট বা সংগঠনে মাত্ৰ এটা কাৰণতে নেচনেল ফ্ৰন্ট চৰকাৰলৈ সমৰ্থন আগবঢ়াইছিল আৰু সেয়া হ’ল কংগ্ৰেছৰ উৎখাত। ১৯৯৮ চনৰ দ্বাদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চা চৰকাৰ এখন গঠন এখন হয় যদিও এই চৰকাৰ খন ১৩ মাহো তিষ্ঠি থাকিব নোৱাৰিলে। জয়াললিতাৰ অল ইণ্ডিয়া আন্না ড্ৰাভিডা মুনেত্ৰা কাজাগামে জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ পৰা  সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলতে চৰকাৰখনে অনাস্থা প্ৰস্তাৱত পৰাজয়বৰণ কৰিবলগীয়া হয়। ঠিক তেনেদৰে ১৯৯৬ আৰু ১৯৯৭ চনৰ ইউনাইটেড ফ্ৰন্ট চৰকাৰখনো কংগ্ৰেছৰ সমৰ্থন প্ৰত্যাহাৰৰ বাবে পদত্যাগ কৰিবলগীয়া হয়। ১৯৯৯ চনৰ ত্ৰয়োদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক ফ্ৰন্টে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে। এন ডি এফত ১৩ টা ৰাজনৈতিক দলৰ সমাহাৰ ঘটিছিল। ঠিক তেনেদৰে ২০০৪ আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত এন• ডি•এৰ লগতে কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA)ৰ গঠন হয়।এই ইউ পি এ চৰকাৰখনে বিগত দুটা কাৰ্যকাল কেন্দ্ৰত শাসন কৰে। ২০০৪ চনত ইউ•পি•এ চৰকাৰখনত বাওঁপন্থী দলসমূহে বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছিল । ২০০৯ চনত ড° মনমোহন সিং নেতৃত্বধীন ইউ পি এ চৰকাৰ গঠন হয়। ২০১৪ চনত চনত পুনৰ নেচনেল ডেমক্ৰেটিক এলায়েন্সে চৰকাৰ গঠন কৰে।

        দেখা গ’ল যে মৰ্চা ৰাজনীতিৰ যুগত ৰাজনৈতিক দলসমূহে মতাদৰ্শগত ভিত্তিত সংগঠিত হোৱাৰ পৰিবৰ্তে পৰিস্থিতিগত দিশটোতহে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। এক অনীতিগত মিত্ৰতাই ‘সুবিধাবাদৰ ৰাজনীতি’ আৰু ‘যথাৰ্থতাৰ ৰাজনীতিৰ’ জন্ম দিছে। বৰ্তমান ভাৰতৰ প্ৰায় সকলো ৰাজনৈতিক দলে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবে যিকোনো মিত্ৰতাত আবদ্ধ হ’বলৈ প্ৰস্তুত থাকে।


(ঘ) ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ বৰ্তমান ভাৰতীয় ৰাজনীতিত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টি বৰ্তি আছে। ইতিমধ্যে দলটোৱে ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ ৩ বাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হোৱাৰ লগতে দুবাৰকৈ প্ৰধান বিৰোধী দল হিচাপে কাৰ্যম্পাদন কৰি আহিছে । তাৰোপৰি কেইবাখনো ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতা দখল কৰিছে।

     ১৯৮০ আৰু ১৯৮৩ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচন আৰু ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অংশগ্ৰহণ কৰে যদিও বিশেষ সফলতা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ নহয়। কিন্ত ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে উন্নত আগবঢ়াই ৮৫ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিয়ে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা দখল কৰে। ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে।১৯৯১ চনৰ দশম লোকসভা নিৰ্বাচনত দলটোৱে ১১৯ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত দলটোৱে অধিক সফলতাৰ নিদৰ্শন দাঙি ধৰি ১৬১ খন আসনেৰে সৰ্বাধিক আসন লাভ কৰা দলৰূপে পৰিগণিত হয়। দলটোৱে নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চৰকাৰ গঠন কৰে।১৯৯৮ চনৰ দ্বাদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ১৮২ খন আসন লাভ কৰে। অটল বিহাৰী বাজপেয়ী পুনৰ প্ৰধানমন্ত্ৰী হয়। প্ৰথমবাৰৰ বাবে নেচনেল ডেম’ক্ৰেটিক এলায়েন্সে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। মিত্ৰগোষ্ঠীটোৱে সন্মিলিতভাৱে ২৫২ খন আসন লাভ কৰিছিল । ১৯৯৯ চনৰ ত্ৰয়োদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ১৮২ খন আসন লাভ কৰে। ২০০৪ চনৰ পৰা ২০০৯ চনৰ নিৰ্বাচনত দলটোৱে নিম্নগামী যাত্ৰা আৰম্ভ কৰে। কিন্ত পুনৰ ২০১৪ চনৰ ষষ্ঠদশ লোকসভা নিৰ্বাচনত পুনৰ দলটোৱে চমকপ্ৰদ প্ৰৰ্দশন আগবঢ়াই ২৮২ খন আসন লাভ কৰে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়। বৰ্তমান এই চৰকাৰ খনে কেন্দ্ৰত বৰ্তি আছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিধানসভাসমূহতো দলটোৱে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে।ভাৰতৰ ২৯ খন ৰাজ্যৰ ভিতৰত ২১ খন ৰাজ্যতে এই দলটোৰ নিজাববীয়া বা সন্মিলিত চৰকাৰ আছে। ২০১৮ চনৰ মাৰ্চ মাহলৈ ১৫ খন ৰাজ্যত দলটোৰ মুখ্যমন্ত্ৰী আছে। 


(ঙ) মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ আঞ্চলিক প্ৰত্যাশাৰ সৈতে সংসদীয় গণতন্ত্ৰৰ অংশ হিচাপে গভীৰভাৱে জড়িত হৈ আছে আঞ্চলিক ৰাজনৈতিক দল। ভাৰতত যথেষ্ট সংখ্যক আঞ্চলিক দল আছে। এই দলসমূহৰ ভিতৰত তামিলনাডুৰ ডি এম কে আৰু এ আই এ ডি এম কে, পঞ্জাৱৰ আকালি দল, মহাৰাষ্ট্ৰৰ শিৱ সেনা, অন্ধ্ৰপ্ৰদেশত তেলুগু দেশম, অসমৰ অসম গণ পৰিষদ, জম্মু আৰু কাশ্মীৰত নেচনেল কনফাৰেন্স আদি বিশেষভাৱে উল্লেখযোগ্য। ১৯৯০ ৰ দশকৰ পৰা পৰিবৰ্তিত ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ৰাজ্য বা অঞ্চলসমূহৰ লগতে আঞ্চলিক ৰাজনৈতিক দলসমূহে কেন্দ্ৰতো বিশেষ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰত এই দলসমূহৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে। বিগত লোকসভা নিৰ্বাচনসমূহত কোনো এটা প্ৰধান ৰাজনৈতিক দলে এককভাৱে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এনে এক পৰিস্থিতত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে মৰ্চা চৰকাৰ গঠন একমাত্ৰ বিকল্প হৈ পৰে। বিভিন্ন ৰাজ্যত শক্তিশালী নিয়ন্ত্ৰণ থকা আঞ্চলিক ৰাজনৈতিক দলসমূহে লোকসভালৈ অধিকসংখ্যক সদস্য প্ৰেৰণ কৰাৰ বাবে তেওঁলোকৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পায় । মৰ্চা ৰাজনীতিৰ অংশ হিচাপে এই দলসমূহে মৰ্চা চৰকাৰত অংশগ্ৰহণৰ বিনিময়ত তেওঁলোকৰ অঞ্চল বা ৰাজ্যসমূহলৈ বিভিন্ন সুযোগ সুবিধাৰ দাবী জনায়। ৰাষ্ট্ৰীয় দলসমূহে চৰকাৰ গঠনৰ স্বাৰ্থতে এই দাবীসমূহ মানি ল’বলৈ বাধ্য হয়।

    আঞ্চলিক ৰাজনৈতিক দলসমূহে ১৯৯১ চনৰ পৰা কেন্দ্ৰত গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৯১ চনৰ কংগ্ৰেছ চৰকাৰক এ আই এ ডি এম কে দলে সমৰ্থন আগবঢ়াইছিল। ১৯৯৬ চনৰ এইচ •ডি দেৱগৌড়া নেতৃত্বাধীন ইউনাইটেড ফ্ৰন্ট চৰকাৰখনত জনতা দল আৰু ইয়াৰ মিত্ৰদলসমূহ ,সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি আদি ৰাষ্ট্ৰীয় দলৰ সৈতে জড়িত আছিল ডি এম কে, অসম গণ পৰিষদ, তামিল মানিলা কংগ্ৰেছ, তেলুগু দেশম আদি আঞ্চলিক ৰাজনৈতিক দল।১৯৯৮ আৰু ১৯৯৯ চনৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ ১৩ টা অংশীদাৰ দলৰ ভিতৰত কেইবাটাও আঞ্চলিক দল আছিল। আনকি ১৯৯৯ চনৰ অক্টোবৰত এ আই এ ডি এম কে দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে মৰ্চা চৰকাৰখনৰ পতন ঘটে।  ২০০৪ চনৰ কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স চৰকাৰ খনৰ ১৫ টা অংশীদাৰ দলৰ ভিতৰত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল আছিল । ২০০৯ চনৰ ইউ পি এ চৰকাৰখনতো কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি আছে। এইদৰে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত এনে এখন ৰাজ্য বিচাৰ পোৱা কঠিন হ’ব,য’ত আঞ্চলিক ৰাজনৈতিক দল নাই। ৰাষ্ট্ৰীয় ৰাজনীতিতো এই দলসমূহে গুৰুত্বপূৰ্ণ আসন দখল কৰিবলৈ সক্ষম হৈছে। এনেদৰে মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে।


(চ) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ আলোচনা কৰা।

উত্তৰঃ ১৯৯৯ চনৰ  কংগ্ৰেছ দলক কেন্দ্ৰত সম্পূৰ্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি আৰু  ইয়াৰ মিত্ৰ দলসমূহৰ লগতে ডি এম কে, ইণ্ডিয়ান লোক দল আদিয়ে এক উমৈহতীয়া ইস্তাহাৰেৰে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত নিৰ্বাচনত অংশগ্ৰহণ কৰে। এই প্ৰাক নিৰ্বাচনী মিত্ৰতাটোক নেচনেল ডেম’ক্ৰেটিক এলায়েন্স বা চমুকৈ এন ডি এ নামেৰে জনা যায়। নেচনেল ডেম’ক্ৰটিক চৰকাৰৰ বহুকেইটা নীতি আৰু কৰ্মসূচী আছে। তলত সেইসমূহ আলোচনা কৰা হ’লঃ

(১) নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰে ভাৰতীয় জাতিটোক ভুখ (ভোক), ভয় আৰু ভ্ৰষ্টাচাৰ (দুনীৰ্তি) এই তিনিটা অভিশাপৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

(২) চৰকাৰখনে আৰক্ষী আৰু অন্যান্য অসামৰিক সেৱাসহ প্ৰশাসনীয় সংস্কাৰৰ প্ৰতিশ্ৰুতি দিয়ে।

(৩) মৰ্চা চৰকাৰখন বিধানমণ্ডলসহ নিৰ্বাচনৰ জৰিয়তে গঠিত হোৱা সকলোধৰণৰ সংগঠনৰ কাৰ্যকাল পাঁচ বছৰৰ নিৰ্দিষ্ট কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।

(৪) চৰকাৰখ নে নিবনুৱা সমস্যা দৃৰীকৰণ কৰিব।

(৫) এই চৰকাৰে সংখ্যালঘুসকলৰ প্ৰতি বন্ধুত্বমূলক সহায় আগবঢ়াব।

(৬) চৰকাৰখনে নিৰ্বাচনী সংস্কাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

(৭) মৰ্চা চৰকাৰখনে ভাৰতীয় সংবিধানৰ পৰ্যালোচনাৰ বাবে এখন আয়োগ গঠন কৰিব ।

(৮) চৰকাৰখনে প্ৰতিখন ৰাজ্যৰ বাবে পিছপৰা অঞ্চল আয়োগ গঠন কৰিব।

(৯) চৰকাৰে জাতীয় অৰ্থনীতিত এক শক্তিশালী স্বদেশী প্ৰভাৱৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

(১০) ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি এন ডি এ চৰকাৰে বহন কৰিব।

            উক্তধৰণেৰে নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ বহুতো নীতি আৰু কাৰ্যসূচী আছে।


(ছ) মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ মৰ্চা চৰকাৰৰ বহু বৈশিষ্ট্য আছে তলত সেইসমূহ আলোচনা কৰা হ’লঃ

(১) অস্থিৰতাপূৰ্ণ মৰ্চাঃ মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। ভাৰতত,বিশেষকৈ কেন্দ্ৰত অধিকাংশ মৰ্চা চৰকাৰ ব্যৰ্থ হৈছে। আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধাৰ সৃষ্টি কৰে।

(২) কংগ্ৰেছৰ বিৰোধিতাঃ ভাৰতত মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে । বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।

(৩) ৰাজনৈতিক সুবিধাবাদঃ মৰ্চা চৰকাৰ গঠনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ। ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনৰ নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে। বিভিন্ন মৰ্চা চৰকাৰত অংশগ্ৰহণক কেন্দ্ৰ কৰি ৰাজনৈতিক দৰ-দাম চলে।

(৪) অ-নীতিগত মিত্ৰতাঃ ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পৰিবৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয় । নীতিগত দিশটোৰ প্ৰতি উচিত গুৰুত্ব প্ৰদান নকৰাৰ ফলতে আভ্যন্তৰীণ সংঘাত অধিক পৰিমাণে ভাৰতৰ মৰ্চা চৰকাৰত পৰিলক্ষিত হয়।

     উক্ত ধৰণেৰে মৰ্চা চৰকাৰৰ বহুতো বৈশিষ্ট্য আছে।


(জ) কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় ৰাজনৈতিক দলসমূহৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ সবাতোকৈ পুৰণি, সু-সংগঠিত আৰু অতি গুৰুত্বপূৰ্ণ। স্বাধীনতাৰ পিছত দলটোৱে ১৯৪৭ ৰ পৰা ১৯৬৭ চনলৈ, ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ আৰু ১৯৮৩ চনৰ পৰা ১৯৮৯ চনলৈ ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰে। কিন্ত পিছলৈ বহুতো কাৰণত এই দলৰ ক্ৰমাৎ অৱনতি ঘটে। সেই কাণসমূহ তলত উল্লেখ কৰা হ’লঃ-

(১) কংগ্ৰছ দলৰ দুৰ্বল স্থিতিঃ কংগ্ৰেছ দলৰ সংগঠন,মতাদৰ্শ আৰু স্থিতি ক্ৰমাৎ দুৰ্বল হৈ অহাৰ বাবে কংগ্ৰছ দলৰ মূখ্যত অৱনতি ঘটে।

(২) দলটোত আভ্যন্তৰীণ বিভাজনঃ  কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিভাজনো এই দলৰ পতনৰ এক অন্যতম কাৰণ। কংগ্ৰেছ দলটো বহুবাৰ বিভাজিত হৈ আহিছে। ১৯৭৮ চনত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ পৰে। ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলটোক কংগ্ৰেছ (ই) হিচাপে জনা যায়। এই বিভাজনেও দলটোক যথেষ্ট দুৰ্বল কৰি তোলে।

(৩) দুৰ্বল নেতৃত্বঃ কংগ্ৰেছত পূৰ্বতে  জৱাহৰলাল নেহৰুৰ দৰে শক্তিশালী নেতাৰ নেতৃত্ব আছিল। কিন্ত তেওঁৰ মৃত্যুৰ পিছত এক শক্তিশালী নেতৃত্বৰ অভাৱ ঘটে ফলত জনগণৰো দলটোৰ প্ৰতি পুৰণি আস্থা হেৰাই যায় যি পিছলৈ দলটোৰ অৱনতিৰ এক কাৰণ হৈ পৰে।

(৪) জনগণৰ ইচ্ছা-আকাংশাৰ প্ৰতি গুৰুত্বহীনতাঃ কংগ্ৰেছ দলে ক্ৰমাৎ ইয়াৰ প্ৰতিষ্ঠাৰ লক্ষ্য আৰু আদৰ্শৰ গুৰুত্বহীনতা প্ৰদৰ্শন কৰে আৰু ক্ষমতা লাভৰ প্ৰতিযোগিতাত বেছিকৈ নামি পৰে যি পাছত দলটোৰ বাবে এক অৱনতিৰ কাৰণ হৈ পৰে।

     উক্তধৰণেৰে কংগ্ৰেছ দলৰ আৰু অৱনতিৰ আৰু বহুতো কাৰণ পৰিলক্ষিত হয়।


Nikita Chetia 

(M.A in Political Science)