জলচৰ জীৱ | অধ্যায় ১২ | Chapter 12 |  Class 3  Environment Sankardev, School Questions and Answer | তৃতীয় শ্ৰেণী ভাৰতী পৰিৱেশ পৰিচয় শংকৰদেৱৰ প্ৰশ্ন উত্তৰ

 অধ্যায় ১২

জলচৰ জীৱ

 যিবিলাক উদ্ভিদ আৰু প্রাণী জলাশয় বা সাগৰ-মহাসাগৰত বাস কৰে সিবােৰক জলচৰ বােলা হয়। পানীত গজা কেইবিধমান উদ্ভিদ হ’ল— মেটেকা, পুণী, কলমৌ, হাইড্রিলা, ভেঁট ফুল, পদুম ফুল ইত্যাদি। পানীত বাস কৰা প্ৰাণীৰ ভিতৰত বিভিন্ন প্রজাতিৰ মাছ যেনে — ৰৌ, বৰালি, মাগুৰ, শ’ল, পুঠি, গৰৈ, শিঙি ইত্যাদি। ইয়াৰ উপৰিও ভেঁকুলী, সাপ, জোক, মাছখােৱা উদ, শামুক ইত্যাদি সততে দেখা জলচৰ প্রাণী। সাগৰ-মহাসাগৰৰ লুণীয়া পানীত ক্রমে ডলফিন বা শিহু , তিমিমাছ , নানা প্রজাতিৰ মাছ , ছীল সিন্ধুঘোটক ইত্যাদি  পােৱা যায়।

১। জলচৰ কাক বোলে?

উত্তৰঃ যিবিলাক উদ্ভিদ আৰু প্ৰাণী জলাশয় বা সাগৰ-মহাসাগৰত বাস কৰে সিবোৰক জলচৰ বোলা হয়।

২। পানীত গজা কেইবিধমান উদ্ভিদৰ নাম লিখা।

উত্তৰঃ পানীত গজা কেইবিধমান উদ্ভিদৰ নাম হ'ল- মেটেকা, পুণী, কলমৌ, হাইড্ৰিলা, ভেঁট ফুল ইত্যাদি।

৩। পানীত বাস কৰা কেইবিধমান জীৱৰ নাম লিখা।

উত্তৰঃ পানীত বাস কৰা কেইবিধমান জীৱৰ নাম হ'ল - ৰৌ, বৰালি, মাগুৰ, পুঠি, শিঙি আদি।

৪। সাগৰৰ লুণীয়া পানীত বাস কৰা প্ৰাণীবোৰৰ নাম লিখা।

উত্তৰঃ সাগৰৰ লুণীয়া পানীত বাস কৰা প্ৰাণীবোৰৰ নাম হ'ল- ডলফিন বা শিহু, তিমিমাছ, নানা প্ৰজাতিৰ মাছ, ছীল, সিন্ধুঘোটক ইত্যাদি।



Answer by - Punya Hazarika

Type Sumit Patar,



Post ID : DABP006058