Chapter 2

 'দ্বিতীয় বিশ্ব'ৰ ভাঙোন আৰু দ্বি-মেৰুৰ সমাপ্তি 

Disintegration Of The Second World And The Collapse of Bipolarity




১। তলত উল্লিখিত কোনটো উক্তি ছেভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্রকৃতি ( Nature ) নির্ণয় কৰাৰ ক্ষেত্ৰত অশুদ্ধঃ

    (ক) সমাজবাদ হ’ল প্ৰভাৱ বিস্তাৰ কৰিব বিচৰা আদর্শ । 

    (খ) উৎপাদনৰ ওপৰত ৰাষ্ট্ৰৰ মালিকীস্বত্বৰ নিয়ন্ত্রণ আছিল। 

    (গ ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা উপভােগ কৰিলে।

    ( ঘ ) ৰাষ্ট্ৰই সকলােধৰণৰ অর্থনীতিৰ পৰিকল্পনা আৰু নিয়ন্ত্র কৰিছিল। 

Ans: (গ ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা উপভােগ কৰিলে।



২। সময়ানুক্ৰমভাৱে সজোৱা? 

    (ক) ৰাছিয়াৰ আফিগানিস্তান আক্রমণ ।

    (খ) বার্লিন দেৱাল ভূপতিত ।

    (গ) ছােভিয়েট ইউনিয়নৰ ভাঙোন ।

    (ঘ) ৰাছিয়াৰ বিপ্লৱ । 

Ans: (ঘ) ৰাছিয়াৰ বিপ্লৱ,  (ক) ৰাছিয়াৰ আফিগানিস্তান আক্রমণ, (খ) বার্লিন দেৱাল ভূপতিত, (গ) ছােভিয়েট ইউনিয়নৰ ভাঙোন ।


৩। তলত উল্লেখ কৰাবােৰৰ কোনটো ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতি নহয় ঃ

(ক) আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি; 

(খ) চি আই এছৰ জন্ম ।

(গ) বিশ্বৰ ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱর্তন । 

(ঘ) মধ্য পূর্বত সংকট ।

Ans: (ঘ) মধ্য পূৰ্বত সংকেট।


৪। তলত দিয়াবােৰ মিলােৱাঃ

মিচাইল গৰ্বাচেভ

ছোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী

শ্বক থেৰাপি

সামৰিক চুক্তি

ৰাচিয়া

অৰ্থনৈতিক নমুনা (Model )

ৱাৰ্শ্ব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি


Ans: 
            মিচাইল গৰ্বাচেভ    :        সামৰিক চুক্তি
            শ্বক থেৰাপি            :        অৰ্থনৈতিক নমুনা (Model )
            ৰাচিয়া                     :        ছোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী
            ৱাৰ্শ্ব                          :        ৰাছিয়াৰ ৰাষ্ট্ৰপতি


৫। খালী ঠাই পূৰ কৰাঃ

(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা                       আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।

Ans: ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।


(খ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থাত                     দলে প্ৰভাৱ বিস্তাৰ কৰিছিল।

Ans: ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থাত কমিউনিষ্ট বা সাম্যবাদী দলে প্ৰভাৱ বিস্তাৰ কৰিছিল।


(গ) ১৯৮৫ চনত                    ছোভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল।

Ans: ১৯৮৫ চনত কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল।


(ঘ)                  প্ৰতনে শীতল যুদ্ধৰ আৱসানৰ ইংগিত দিছে।

Ans: ছোভিয়েট সংঘৰ প্ৰতনে শীতল যুদ্ধৰ আৱসানৰ ইংগিত দিছে।


(ঙ)                 চুক্তিৰ জৰিয়তে ছোভিয়েট ইউনিয়নে সামৰিক মিত্ৰতা গঢ়ি তুলিছিল।

(চ) বার্লিন দেৱাল                   চনত ভংগ হৈছিল।

Ans: বার্লিন দেৱাল ১৯৮৯ চনত ভংগ হৈছিল।



৬। তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে ছােভিয়েটৰ অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৃথক কৰে। 

Ans: ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰা তিনিটা বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট অৰ্থনীতি সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) সমাজবাদী ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ মূল লক্ষ্য হ'ল আৰ্থ-সমাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা;

(গ) সমাজবাদী ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আৰু এই ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে আৰু অৱসান ঘটাই।

     উক্ত বৈশিষ্ট্যসমূহে ছোভিয়েট অৰ্থনীতিক পুঁজিবাদী আমেৰিকাৰ পৰা পৃথক কৰে।


৭। ভাৰতৰ নিচিনা ছেভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবােৰ কি? 

Ans:   ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ হ'ল-

(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসান;

(খ) একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্বিভাৱ;

(গ) ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিত বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ আৰ্বিভাৱ;

(ঘ) বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা।


 ৮। আতংকৰ প্ৰতিকাৰ ( Shock Therapy ) কি ? সাম্যবাদৰ পৰা পুঁজিপতিলৈ ৰূপান্তৰিত হােৱাৰ সময়ত এইটো আটাইতকৈ উত্তম উপায় নেকি? 

Ans: পূব ইউৰোপ আৰু ছোভিয়েট সংঘত সাম্যবাদী/সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহ ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয় । ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পৰিৱৰ্তন বা উত্তৰণৰ এই আৰ্হিটোকে Shock Therapy বা আঘাত নিৰাময় নামেৰে জনা যায় । এই আৰ্হিৰ অধিনত সকলো দেশেই সমাজবাদী ৰাষ্ট্ৰব্যৱস্থা ত্যাগ কৰি পুঁজিবাদী অৰ্থব্যৱস্হাৰ দিশত গতি কৰিছিল । বিৱৰ্তন বা উত্তৰণৰ এই গোটেই প্ৰক্ৰিয়াটোক “আঘাত নিৰাময়” বুলি কোৱাৰ মূল কাৰণ এয়ে যে সমাজবাদী শিবিৰৰ পতন দীৰ্ঘকালীন পৰিকল্পনাৰ ফল নাছিল।ই অত্যন্ত তাৎক্ষণিক ধৰণৰ আছিল। ইমান দ্ৰুততাৰে আৰু কম সময়ৰ ভিতৰতে ছোভিয়েট সংঘ ব্যৱস্থা অথবা পূব ইউৰোপৰ সমাজবাদী ব্যৱস্থা ভাঙি পৰিল যে সেই দেশসমূহৰ জনসাধাৰণৰ বাবে বৃহৎ অনিশ্চিয়তা, সংকট আৰু নিৰাপত্তাহীন পৰিৱেশৰ উদ্ভৱ হয়। এনে এক ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এই দেশসমূহৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সমাজবাদী অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি পুঁজিবাদী অৰ্থব্যৱস্হা প্ৰৱৰ্তন কৰাৰ হকে পৰামৰ্শ আগবঢ়াইছিল আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে সূচনা কৰা সংস্কাৰে এই দেশসমূহৰ জনসাধাৰণে সমুখীন হোৱা সংকট আৰু অনিশ্চিয়তাক দূৰ কৰিব পাৰিব আৰু আৰু সেয়েহে এই সংস্কাৰ কাৰ্যসূচীসমূহক “আঘাত নিৰাময়” ব্যৱস্থা নামেৰে নামাকৰণ কৰা হয় ।

       সাম্যবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱা ই আটাইতকৈ ভাল উপায়। কাৰণ ইয়াৰ দ্বাৰা সমাজবাদী ব্যৱস্থা দ্ৰুতগতিত সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু সকলো দেশে একে লগে এই ব্যৱস্থা ত্যাগ কৰি পুঁজিবাদী ব্যৱস্থা গ্ৰহণ কৰিছিল । ফলত চলিত অনিশ্চিয়তা,সংকট আৰু নিৰাপত্তাহীনতাৰ পৰা মুক্ত হৈ পৰিছিল । এই পৰিৱৰ্তনে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনৈতিক কাঠামো ভাঙি পেলাই ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ কৰিছিল আৰু সম্পত্তিৰ ব্যক্তিগত মালিকানাস্বত্বক স্বীকৃতি দিছিল।



৯। দ্বিতীয় বিশ্ব ( Second World ) ৰ পৰিসমাপ্তিৰ পিচত ভাৰতবৰ্ষই ইয়াৰ বৈদেশিক নীতি সলনি কৰি পৰম্পৰাগত বন্ধু ৰাছিয়াৰ পৰিবৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতি মনােযােগ দিয়া উচিত। এই উক্তিটোৰ সপক্ষে বা বিপক্ষে এখন ৰচনা লিখা। 
Ans:

১০। মিখাইল গর্বাচেভে কি কাৰণত ছােভিয়েট ৰাছিয়াত সংস্কাৰমূলক কার্যসূচী আৰম্ভ কৰিছিল? 


১৩। ছােভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? তিনিটা কাৰণ দর্শোৱা।

১৪। ছােভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে এটা । চমুটোকা লিখা। 

Ans: ছোভিয়েট সংঘৰ পতনৰ লগে লগে বিশ্বত ছোভিয়েট সংঘৰ পৰা বহু কেইখন ৰাষ্ট্ৰই জন্ম লাভ কৰে। ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত হৈ থাকোতেই বহুবোৰ গণৰাজ্যত জাতীয়তাবাদী চেতনা গঢ়ি উঠিছিল আৰু স্বাধীনতাৰ দাবীও অনুৰণিত হৈছিল। ছোভিয়েট সংঘৰ সংকট ঘনীভূত হোৱাৰ লগে লগে এনে দাবী আৰু অধিক তীব্ৰ হৈ উঠিল আৰু অৱশেষত ছোভিয়েট সংঘৰ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিল। তাৰে কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আটলান্টিক চুক্তি সংগঠনত অংশগ্ৰহণ কৰে। লগে লগে ছোভিয়েট সংঘৰ ক্ষমতা এই গণৰাজ্য সমূহে হস্তগত কৰে। পৰিৱৰ্তিত পৰিস্থিতিত পূৰ্বৰ ছোভিয়েট সংঘৰ আটাইতকৈ শক্তিশালী গণৰাজ্য ৰাছিয়াক ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো ৰাছিয়াই স্বায়ী সদস্যপদ গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ পাৰমাণৱিক ক্ষমতাও ৰাছিয়াৰ হাতত ন্যস্ত হয়। তদুপৰি আন্তৰ্জাতিক ক্ষেত্ৰত ছোভিয়েট সংঘই স্বাক্ষৰ কৰা চুক্তিকে আদি কৰি অন্য সকলোবোৰ দায়িত্ব ৰাছিয়াৰ ওপৰত ন্যস্ত হয়। ফলত অন্য ৰাষ্ট্ৰসমূহে এই ব্যৱস্থাত কম গুৰুত্ব পায়।

      ছোভিয়েট সংঘৰ ভাঙোনে আন্তৰ্জাতিক ৰাজনীতিত নতুন নতুন শক্তি আৰু ক্ষমতাৰ সমীকৰণ গঢ়ি তুলিলে।


চমু উত্তৰ দিয়াঃ

১। দ্বি - মেৰুৰ পৰিসমাপ্তিৰ পিচত ৰাছিয়াত হােৱা বিচ্ছিন্নতাবাদী আলােচনা বিষয়ে চমুকৈ লিখা। 

২। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচত মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বিষয়ে চমুকৈ লিখা। 

৩। ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে বর্ণনা কৰা।

৪। ছছাভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচত নতুনকৈ স্বাধীন হােৱা ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত এটা টোকা লিখা।

৫। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচতু নতুনকৈ গঠিত হােৱা ৰাষ্ট্ৰসমূহত প্রকৃত গণতান্ত্রিক ব্যৱস্থা প্ৰৱৰ্তন হৈছিলনে? তােমাৰ মতামত আগবঢ়োৱা। 

৬। দ্বিতীয় বিশ্ব ( Second World ) বুলিলে কি বুজা? লিখা। 

Ans: দ্বিতীয় যুদ্ধৰ পিছত ছোভিয়েট সংঘৰ সৈন্যবাহিনীয়ে ফেচিষ্ট্ শক্তিৰ পৰা মুক্ত কৰা পূব ইউৰোপৰ দেশসমূহেও ছোভিয়েট সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা এই দেশসমূহকে দ্বিতীয় বিশ্ব বুলি জনা যায়।


৭। সাম্যবাদী শাসনৰ অন্ত পৰাৰ পাছত ত্রাসিক অথবা আতংক প্রতিকাৰ ব্যৱস্থাৰ অর্থ কি?

Ans: সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ হ'ল প্ৰতিষ্ঠিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সমাজবাদী অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি পুঁজিবাদী অৰ্থব্যৱস্হাৰ প্ৰৱৰ্তন কৰা।




অতি চমু প্রশ্নৰ উত্তৰঃ

১। দ্বি - মেৰুৰ পৰিসমাপ্তিৰ পিছত স্বাধীন হােৱা ৰাছিয়াৰ কোনখন প্রজাতন্ত্রত বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল?

২। মধ্য এছিয়াৰ এখন ৰাষ্ট্রৰ নাম লিখা। 

Ans: মধ্য এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম হ'ল- তাজিকিস্তান।



৩। বাল্কান ৰাষ্ট্র এখন প্রজাতন্ত্রৰ নাম উল্লেখ কৰা।

৫। ছােভিয়েট ইউনিয়ন ভংগ হােৱা বুলি ঘােষণা কৰা এখন ৰাষ্ট্রৰ নাম লিখা। 

Ans: ছোভিয়েট ইউনিয়ন ভংগ হোৱা বুলি ঘোষণা কৰা এখন ৰাষ্ট্ৰৰ নাম হ'ল: ৰাছিয়া।


৬। ৰাছিয়াই ছােভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ কি অর্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছিল?


৭। সাম্যবাদী শাসনৰ পিচত ৰাছিয়াত গণতান্ত্রিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলনে?

৮। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হােৱা ৰাষ্ট্রসমূহক উপশম দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাটো কি বুলি জনা যায়?


৯। ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা বিষয় উল্লেখ কৰা। 

Ans: ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা বিষয় হ'ল: সামৰিক ক্ষেত্ৰ।


১০। উজবেকিস্তানৰ ৰাষ্ট্রপতিক কিমান বছৰৰ বাবে নির্বাচিত কৰা হয়?

Ans: উজবেকিস্তানৰ ৰাষ্ট্রপতিক ১০ বছৰৰ বাবে নির্বাচিত কৰা হয়।


১১। মিখাইল গর্বাচেভে কোন চনত ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰিছিল?

১২। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বিশ্বত শীতল যুদ্ধৰ অৱসান ঘটিছিলনে? 


১৩। কোনখন ৰাষ্ট্ৰৰ পতনক ‘ দ্বিতীয় বিশ্ব’ৰ পতন হিচাপে জনা যায়। 

Ans: ছোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়।


১৪। বার্লিন প্রাচীৰ কোন চনত ভাঙোন হৈছিল? 

 ১৫। ছােভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? 



অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১। USSR কেতিয়া গঠন কৰা হৈছিল?

Ans: USSR ১৯১৭ চনত গঠন কৰা হৈছিল ।


২। বিশ্ব ৰাজনীতিৰ পৰা দ্বিমেৰুৰ কেতিয়া পৰিসমাপ্তি ঘটিছিল?

৩। মিখাইল গর্বাচেভ কোন? 

Ans: মিখাইল গৰ্বাচেভ ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ ছোভিয়েট ইউনিয়নৰ অন্তিমজন নেতা আছিল।


৪। ছােভিয়েট ইউনিয়নৰ সফলতাকাৰী ৰাষ্ট্র কোন আছিল? 

৫। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল?

উত্তৰ:- ছোভিয়েট ইউনিয়নৰ ভংগ হোৱাৰ অন্তৰালৰ মূল কাৰণ হ'ল ছোভিয়েট সমাজব্যৱস্হাৰ বুকুত দীৰ্ঘকাল ধৰি বৰ্তি থকা বিৰোধ বা অন্তৰ্দ্বন্দ্ব আৰু ১৯৮৫ চনত মিখাইল গৰ্বাচেভে সূচনা কৰা গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ।


৫। বাক্যটো শুদ্ধ কৰা—

(a) ষ্টেলিনে ছােভিয়েট ইউনিয়নত সংস্কাৰ আঁচনি আৰম্ভ কৰিছিল।

৬। USSR কোনটো দলে শাসন কৰিছিল? 

৭। USSR ৰ ভাঙোনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল? 

৮।  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একমাত্র শক্তিশালী হিচাপে কোন পৰিণত হৈছিল?

৯। CIS ৰ সম্পূর্ণ নামটো কি?

Ans: CIS ৰ সম্পূর্ণ নামটো হ'ল Commonwealth of Indepcndent Statcs.


১০। ছােভিয়েট ইউনিয়নে কোনটো আদৰ্শৰ ওপৰত বিশ্বাস কৰিছিল?

Ans:  ছােভিয়েট ইউনিয়নে সম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাস কৰিছিল



১১। ৱাৰশ্ব চুক্তি কেতিয়া সম্পাদন কৰা হৈছিল?

Ans: ৱাৰশ্ব চুক্তি ১৯৫৫ চনত সম্পাদন কৰা হৈছিল।


১২। দ্বিতীয় বিশ্ব পতন বুলি ক'লে কোনখন দেশৰ পতনক বুজায়?

Ans: দ্বিতীয় বিশ্বৰ পতন বুলি ক'লে ছোভিয়েট সংঘ বা ছোভিয়েট ৰাছিয়াৰ পতনক বুযায়।


১৩ । কোনখন দেশৰ ভাঙোনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰিছিল? 

Ans: সমাজবাদী ছোভিয়েট সংঘ বা ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে।


১৪। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল?

১৫। ছােভিয়েট ইউনিয়নত কিমানখন স্বায়ত্তশাসিত প্রজাতন্ত্র সংযুক্ত হৈ আছিল? 

Ans: ছােভিয়েট ইউনিয়নত ১৫ খন স্বায়ত্তশাসিত প্রজাতন্ত্র সংযুক্ত হৈ আছিল।


১৬। বলছেভিক কমিউনিষ্ট পার্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?

১৭। ৰাছিয়াৰ প্ৰথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি কোন? 

১৮। আতংক প্রতিকাৰ ব্যৱস্থা মানে কি?

১৯। ছােভেয়েট ইউনিয়ন কেতিয়া শক্তিশালী গােষ্ঠীত পৰিণত হৈছিল?


২০। ছােভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?

Ans: ছােভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে  আৰম্ভ কৰিছিল।


চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১। দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? 

Ans: দ্বিতীয় যুদ্ধৰ পিছত ছোভিয়েট সংঘৰ সৈন্যবাহিনীয়ে ফেচিষ্ট্ শক্তিৰ পৰা মুক্ত কৰা পূব ইউৰোপৰ দেশসমূহেও ছোভিয়েট সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা এই দেশসমূহকে দ্বিতীয় বিশ্ব বুলি জনা যায়।


২। গর্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা।

৩। USSR ৰ বিভাজন সম্পর্কীয় ঘােষণা কোনে আৰু কেতিয়া কৰিছিল?

 ৪। এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।

 ৫। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত সৃষ্টি হােৱা দুখন স্বাধীন ৰাষ্ট্রৰ নাম লিখা? 

Ans: ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত সৃষ্টি হােৱা দুখন স্বাধীন ৰাষ্ট্রৰ নাম হ'ল: ৰাছিয়া আৰু লাটকিয়া।॥


৬। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপীয়ে কি বুজায়?

৭। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্পৰ্কৰ কেনেদৰে পৰিৱর্তন হৈছিল?

৮। ছোভিয়েটৰ বিভাজনে কিদৰে শীতল যুদ্ধৰ বিবাদৰ অন্ত পেলাইছিল? 

৯। ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল?

১০। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল?

১১। আকস্মিকভাৱে ছছাভিয়েট ইউনিয়নৰ পতনৰ কাৰণবােৰ উল্লেখ কৰা। 

১২। ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। 

Ans: ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাত এটাই মাত্ৰ ৰাজনৈতিক দলৰ উপস্হিতি আছে আৰু সেয়া হ'ল কমিউনিষ্ট পাৰ্টি বা সাম্যবাদী দল।


১৩। আতংক প্রতিকাৰ ব্যৱস্থাৰ দুটা নেতিবাচক প্রভাৱ উল্লেখ কৰা?

Ans: আতংক প্ৰতিকাৰ ব্যৱস্থাৰ দুটা নেতিবাচক প্ৰভাৱ হ'ল: 

১। ৰাছিয়াৰু ৰুবলৰ মূল্য নাটকীয়ভাৱে হ্ৰাস পাইছিল।

২। এই ৰাষ্ট্ৰসমূহৰ বুদ্ধিজীৱীসকল মানসিকভাৱে হতাশগ্ৰস্ত হৈ আন দেশলৈ গুচি গৈছিল।


১৪। গ্লচনষ্টৰ অর্থ ব্যাখ্যা কৰা।

১৫। নিচেই ওচৰা - উঁচৰি’বুলিলে কি বুজা?

১৬। বৃহৎ খেল’খন কি? 

১৭। বার্লিনৰ দেৱাল কেতিয়া ভঙা হৈছিল? 

Ans: বাৰ্লিনৰ দেৱাল ১৯৮৯ চনত ভঙা হৈছিল।


১৮। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা।

 
চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১ । দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছছাভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলােচনা কৰা।

২ । ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ ছােভিয়েট পদ্ধতিত সন্তুষ্ট হােৱা নাছিল কিয়? চাৰিটা কাৰণ দর্শোৱা।


৩। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ ব্যাখ্যা কৰা। 

৪। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলত নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে চমুকৈ লিখা। 

৫। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক প্রকৃতি সম্পর্কে আলােচনা কৰা। 

Ans: পূৰ্বৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এক মধুৰ সম্পৰ্ক চলি আহিছে। শীতল যুদ্ধৰ কালতো ছোভিয়েট সংঘৰ লগত ভাৰতৰ সম্পৰ্ক ঘনিষ্ঠ আৰু মধুৰ আছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দিয়াৰ পাছতো ভাৰতে ছোভিয়েট সংঘৰ লগত ১৯৭১ চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল । শীতল যুদ্ধৰ অন্ত হোৱাৰ পাছতো পূৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ স্বাধীন গণৰাজ্যসমূহৰ লগত,বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে। ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ। গতিকে দুয়োখন দেশে নিজৰ পাৰস্পৰিক লভালাভৰ ভিত্তিত এই সম্পৰ্ক গঢ়ি তুলিছিল।

       আন্তৰ্জাতিক ক্ষেত্ৰত দয়োখন দেশেই কিছুমান মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ বাবে যৌথভাৱে কাম কৰি আহিছে ।তাৰ ভিতৰত অন্যতম হ'ল- আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহঅৱস্হান; সামূহিক নিৰাপত্তা; প্ৰসাৰিত আঞ্চলিকতাবাদ; আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান; সকলো দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান আদি।

     দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে। ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় আৰু ইয়াৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হয়। ৰাছিয়াই ভাৰতক বহু ক্ষেত্ৰত বহু ধৰণেৰে সহায় সহযোগ কৰি আহিছে। ৰাছিয়াই কাশ্মীৰৰ প্ৰশ্নত ভাৰতৰ স্হিতি সমৰ্থন কৰি আহিছে আৰু ভাৰতক চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰি আহিছে ।আন্তৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কতো দুয়োখন দেশে তথ্যৰ আদান-প্ৰদান কৰি আহিছে ।শক্তিৰ পৰা অস্ত্ৰৰ যোগানলৈকে এই ক্ষেত্ৰবোৰতো ভাৰত ৰাছিয়াৰ পৰা লাভৱান্বিত হৈছে।তদুপৰি সামৰিক ক্ষেত্ৰত ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক বৰ গভীৰ। ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰত হ'ল দ্বিতীয়খন বৃহৎ বজাৰ। তদুপৰি তৈল সংকটৰ মুহূৰ্তবোৰত আৰু পাৰমাণৱিক ক্ষেত্ৰতো ভাৰতে ৰাছিয়াৰ পৰা সহায় লাভ কৰিছে আৰু উপকৃত হৈছে।

    গতিকে দেখা গ'ল যে ৰাছিয়া আৰু ভাৰতৰ মাজত যি মধুৰ আৰু গভীৰ বন্ধুত্বপূৰ্ণ গঢ়ি উঠিছিল তাৰ আধাৰ হ'ল পাৰস্পৰিক লাভালাভ আৰু স্বাৰ্থসিদ্ধি।যিহেতু দুইখন দেশে পৰস্পৰৰ বাবে বিভিন্ন ধৰণেৰে অতি লাভৱান। সেই বাবে পূৰ্বতে গঢ়ি উঠা এই মধুৰ সম্পৰ্ক বৰ্তমানৰলৈকে বৰ্তি আছে।


৬। ১৯৭১ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি?

৭। গর্বাছেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা? 

৮। শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰসমূহৰ বিশদ তালিকা দিয়া ।

৯। USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল ?

১০। ভাৰতবর্ষ আৰু ছােভিয়েট ইউনিয়নৰ মাজত থকা ৰাজনৈতিক আৰু অর্থনৈতিক আদর্শ সাদৃশ্যবােৰ উল্লেখ কৰা ।

১১। ছােভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা ।

১২। গর্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ?

১৩। সাম্যবাদী দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ সম্পর্ক চমুকৈ আলােচনা কৰা ?

১৪। ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰ:- ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) ছোভিয়েট সংঘৰ গোটেই অৰ্থনৈতিক ব্যৱস্থা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আছিল। সমগ্ৰ অৰ্থনীতি ৰাষ্ট্ৰই পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল;

(গ) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ মালিকানাস্বত্বৰ অধিকাৰ নাছিল;

(ঘ) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাত ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছিল।

     এনেদৰে ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়।


১৫) ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্পৰ্ক চমুকৈ লিখা।

উত্তৰ:- পূৰ্বৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এটা বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্ক চলি আহিছে। শীতল যুদ্ধৰ সময়তো ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলন গুৰি ধৰি নিৰপেক্ষতা অৱলম্বন কৰিছিল যদিও ৰাছিয়াৰ লগত ভাৰতৰ তেতিয়াও এক ঘনিষ্ঠ আৰু মধুৰ সম্পৰ্ক আছিল। ১৯৭১ চনত ভাৰতে ছোভিয়েট সংঘৰ লগত মৈত্ৰী চুক্তি স্বাক্ষৰ কৰিছিল। শীতল যুদ্ধৰ অৱসান ঘটাৰ পাছতো পূ্ৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ স্বাধীন গণৰাজ্যসমূহৰ লগত, বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে।ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ।

        আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ বাবে যৌথভাৱে কাম কৰি আহিছে। তাৰ ভিতৰত অন্যতম হ'ল- আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহঅৱস্হান,সামূহিক নিৰাপত্তা,প্ৰসাৰিত আঞ্চলিকতাবাদ, আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান,সকলোৰ দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান আদি। তাৰোপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ গণতান্ত্ৰিকীকৰণৰ জৰিয়তে তাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশে গুৰুত্ব প্ৰদান কৰি আহিছে।

       দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে। ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হয়। কাশ্মীৰৰ প্ৰশ্নত ৰাছিয়াই ভাৰতৰ স্হিতি সমৰ্থন কৰি আহিছে আৰু তাৰোপৰি চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাতো ই ভাৰতক সহায় কৰি আহিছে। আন্তৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কত দুয়োখন দেশে তথ্যৰ আদান-প্ৰদান কৰি আহিছে। শক্তিৰ যোগানৰ পৰা অস্ত্ৰৰ যোগানলৈকে এই ক্ষেত্ৰবোৰতো ভাৰত ৰাছিয়াৰ পৰা লাভৱান্বিত হৈছে। সামৰিক ক্ষেত্ৰতো ভাৰতৰ লগত ৰাছিয়াৰ গভীৰ সম্পৰ্ক আছে। ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰত হ'ল দ্বিতীয়খন বৃহৎ বজাৰ । তৈল সংকটৰ মুহূৰ্তবোৰতো ভাৰতক ৰাছিয়াই বিভিন্ন ধৰণে সহায় কৰি আহিছে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো ভাৰত ৰাছিয়াৰ দ্বাৰা উপকৃত হৈ আহিছে আৰু সহায় সহযোগ লাভ কৰি আহিছে।

    পূৰ্বতে ৰাছিয়া আৰু ভাৰতৰ মাজত গঢ়ি উঠা এই মধুৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক এতিয়াও বৰ্তি আছে।

Type: Nayan Jyoti Bordoloi