পাঠ ৩

পৃথিৱীৰ উপৰিভাগ


১। স্থলভাগ বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ শিল, মাটি, বালি আদিৰে গঠিত কঠিন তৰপটোক স্থলভাগ বোলা হয়।


২। জলমণ্ডল বা বাৰিমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ দ অংশ, অৰ্থাৎ যিসমূহ চিৰকাল পানীৰে পৰিপূৰ্ণ হৈ থাকে সেইসমূহকে জলমণ্ডল বা বাৰিমণ্ডল বোলা হয়।


৩। পৰ্বত কাক বোলে? কেইখনমান প্ৰধান পৰ্বতৰ নাম লিখা।

উত্তৰঃ ওখ, বিস্তৃত, শিলাময় শিখৰযুক্ত ভূমিভাগক পৰ্বত বোলা হয়।

    কেইখনমান প্ৰধান পৰ্বতৰ নাম হৈছে - হিমালয়, আল্পছ, ৰকি, এণ্ডিজ, এটলাছ, এপেলেছিয়ান আদি।


৪। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কি? ই কিমান ওখ?

উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট। ই ৮,৮৪৮ মিটাৰ ওখ।


৫। মালভূমি মানে কি বুজা? পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম লিখা।

উত্তৰঃ বিস্তীৰ্ণ উচ্চভূমিক মালভূমি বোলা হয়। পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম হৈছে - দাক্ষিণাত্য় মালভূমি, তিব্বত, পামিৰ আদি।


৬। সমভূমি কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ নৈ, জান, জুৰিয়ে কঢ়িয়াই অনা বালি-বোকা আদিৰ পলস নৈৰ দুয়োকাষে বহুত দূৰলৈকে জমা হয়। এনেদৰে পলস জমা হৈ দ অঞ্চল পোত গৈ এক বৃহৎ সমভূমিৰ সৃষ্টি হয়।



৭। 'V' আকৃতিৰ উপত্যকা আৰু 'U' আকৃতিৰ উপত্যকা কেনেদৰে গঠন হয়?

উত্তৰঃ 'V' আকৃতিৰ উপত্য়কা নদীৰ সোঁতে স়ষ্টি কৰে। আৰু 'U' আকৃতিক উপত্য়কা হিমবাহে সৃষ্টি কৰে। 


৮। নদীৰ 'উৎস' বুলিলে কি বুজা?

উত্তৰঃ যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয়, সেই ঠাইকে নদীৰ উৎস বোলা হয়।


৯। মোহনা আৰু ব-দ্বীপ কাক বোলে?

উত্তৰঃ নদ-নদীৰ জলধাৰা উচ্চভূমিৰ পৰা মধ্য়ভূমিৰে বৈ গৈ নিম্নভূমিত পৰাকে নদ-নদীৰ মোহনা বোলা হয়।


১০। পৃথিৱীৰ কেইখনমান উল্লখযোগ্য নদীৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ কেইখনমান উল্লখযোগ্য নদীৰ নাম হৈছে - নৰ্মদা, তাপ্তী, গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, আমাজান, নীল, হোৱাংহো, ইয়াংছিকিয়াং, ৰাইন আদি।


১১। গ্ৰস্ত উপত্যকা কি? উদাহৰণ দিয়া।

উত্তৰঃ ভূ আন্দোলনৰ ফলত সৃষ্টি হোৱা দুটা চ্য়তিৰ মাজৰ নিম্নঅংশত যি উপত্য়কাৰ সৃষ্টি হয়, সিয়ে গ্ৰস্ত উপত্য়কা।


১২। হ্ৰদ বুলিলে কি বুজা? কেইটামান হ্ৰদৰ নাম লিখা?

উত্তৰঃ চাৰিওফালে মাটিৰে আগুৰা বিস্তৃত জলৰাশিক হ্ৰদ বোলা হয়। কেইটামান হ্ৰদৰ নাম হৈছে - আৰল, কাস্পিয়ান, জেনেভা, য়েল'ষ্টন, গাৰ্ডা, মেগগিয়'ৰ, ছুপিৰিয়'ৰ আদি।


১৩। সাগৰ, উপসাগৰ আৰু মহাসাগৰ সংজ্ঞা দিয়া।

উত্তৰঃ সাগৰ বা সমুদ্ৰ হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি।

    যি বিস্তীৰ্ণ জলভাৰ তিনিওফালে স্থলভাগ থছাকে, সিয়েই উপসাগৰ।

    মহাসাগৰ হৈছে অতি বিশাল আৰু লবণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে।


১৪। কেইখনমান সাগৰৰ নাম লিখা। 

উত্তৰঃ কেইখনমান সাগৰৰ নাম হৈছে - আৰাফুৰা, ওখটস্ক, ইষ্ট, চাইনা, জাপান, ছাভু, বাণ্ডা, ব'হাই, বিছমাৰ্ক, বেৰিং আদি।


১৫। কেইখনমান উপত্যকাৰ নাম লিখা।

উত্তৰঃ কেইখনমান উপত্য়কাৰ নাম হৈছে - বৰাক উপত্য়কা, ব্ৰহ্মপুত্ৰ উপত্য়কা, গংগেয় উপত্য়কা আদি।


১৬। পৃথিৱীৰ মহাসাগৰকেইখনৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ মহাসাগৰকেইখনৰ নাম হৈছে - প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ।


-Hiru  Moni Bora



Post ID : DABP005959