জীৱৰ প্ৰজনন  | অধ্যায় ৪ | Chapter 4 | Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ জীৱৰ প্ৰজনন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter 4

অধ্যায় ৪


1. চমুকৈ উত্তৰ লিখা ।


 ( ক ) প্রজনন বুলিলে কি বুজা ?

উত্তৰঃ পূৰ্বৱৰ্তী জীৱৰপৰা নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক প্ৰজনন বোলে।


( খ ) প্রজনন কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ প্ৰজনন দুই প্ৰকাৰৰঃ অযৌন প্ৰজনন আৰু যৌন প্ৰজনন।


 ( গ ) চাৰিবিধ সপুষ্পক উদ্ভিদৰ অযৌন প্রজনন প্রক্রিয়াৰ নাম লিখাঁ ।

উত্তৰঃ চাৰিবিধ সপুষ্পক উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ নাম হ'ল- 

ৰাইজ'মৰ দ্বাৰা, 

স্ফীতকাণ্ডৰ দ্বাৰা, 

স্থুলকাণ্ডৰ দ্বাৰা

ধাৱকৰ দ্বাৰা।


 ( ঘ ) কৃত্রিম প্রজনন বুলিলে কি বুজাঁ ?

উত্তৰঃ  কিছুমান উদ্ভিদ কৃত্ৰিমভাৱে অংগ প্ৰজননৰ দ্বাৰা প্ৰজনন কৰা হয়। এই প্ৰজননক কৃত্ৰিম প্ৰজনন বুলি কোৱা হয়। কৃত্ৰিম প্ৰজননত, নতুন উদ্ভিদৰ পুৰণি কাণ্ড বা শাখা কোষএটাৰ পৰা কাটি বা কেতিয়াবা মাটিত পুতি নতুন উদ্ভিদ সৃষ্টি কৰা হয়।

 ( ঙ ) দুবিধ কৃত্রিম প্রজননৰ নাম লিখাঁ ।

উত্তৰঃ দুবিধ কৃত্ৰম প্ৰজননৰ নাম হৈছে-

(ক) কলাকৰ্ষণ

(খ) কলম পদ্ধতি বা কলমদিয়া


 ( চ ) নিম্নশ্রেণীৰ উদ্ভিদত ঘটা দুবিধ অযৌন প্রজনন প্রণালীৰ নাম লিখাঁ ।

উত্তৰঃ নিম্নশ্ৰেণীৰ উদ্ভিদত ঘটা দুবিধ অযৌন প্ৰজনন প্ৰণালীৰ নাম হৈছে-

(১) দ্বি-বিভাজন

(২) ৰেণু গঠন


 ( ছ ) যৌন প্রজনন কাক বােলে ?

উত্তৰঃ পুংজননকোষ আৰু স্ত্ৰীজননকোষৰমিলনৰ ফলতযোজনকোষৰ সৃষ্টি হয়। যোজনকোষটোৰপৰা ভ্ৰূণৰ সৃষ্টি হয়। ভ্ৰূণটোৰ বৃদ্ধি আৰু বিকাশৰ ফলত নতুন উদ্ভিদৰ জন্ম হয়। ইয়াকে যৌন প্ৰজনন বোলে। 


 ( জ ) পৰাগৰেণুৰ উৎপত্তি স্থান ক’ত ?

উত্তৰঃ পৰাগৰেণুৰ উৎপত্তি স্থান হৈছে পৰাগথলীত।


( ঝ ) পৰাগযােগ কাক বােলে ?

উত্তৰঃ পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলনক নিষেচন বা গৰ্ভাধান বুলি কোৱা হয়। পূৰঠ পৰাগৰেণু গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে। সাধাৰণতে পৰাগৰেণু পূৰ্ণবিকশিত হোৱাৰ পিছত পুংকেশৰৰপৰা আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে।


( ঞ ) পৰাগযােগৰ পিছত পৰাগৰেণুৰ কি কি পৰিৱৰ্তন ঘটে ?

উত্তৰঃ পৰাগযোগৰ পিছত গৰ্ভমুণ্ডৰপৰা ওলোৱা ৰসৰসহায়ত পৰাগৰেণু অংকুৰিত হয়।পৰাগৰেণুৰ দুখন বেৰ থাকে। ভিতৰৰ বেৰখনে আৱৰি ৰখা জৈৱপদাৰ্থ বাহিৰৰ বেৰখনত থকা ৰন্ধৰ্ৰৰে ওলাই আহে। ওলাই আহোঁতে নলীকাৰ ৰূপ লয় আৰু গৰ্ভদণ্ডৰ মাজেৰে যায়। এই নলীকাটোক পৰাগনলীকা বোলে। পূৰ্ণবিকশিত পৰাগৰেণুত জননক্ষম কোষকেন্দ্ৰ আৰু এটা নলীকা কোষকেন্দ্ৰ থাকে। দুয়োটা কোষকেন্দ্ৰ পৰাগনলীকাৰ ভিতৰতে থাকি নলিকাৰ লগতে আগুৱাই যায়। পৰাগনলীকাই গৰ্ভদণ্ড ভেদ কৰি শেষত গৰ্ভাশয়ৰ দাঁতিয়েদি গৰ্ভাশয়ত থকা ভ্ৰূণস্থলীৰ কাষ চাপে। ইতিমধ্য়ে জননক্ষম  কোষকেন্দ্ৰটো বিভাজিত হৈ দুটা পুংজননকোষৰ সৃষ্টি কৰে আৰু নলীকা কোষকেন্দ্ৰটো বিনষ্ট হয়।


 ( ট ) পুংজননকোষ আৰু স্ত্রীজননকোষ ক’ত উৎপন্ন হয় ?

উত্তৰঃ পুংজননকোষ পৰাগনলীকাত উৎপন্ন হয় আৰু স্ত্ৰীজননকোষ গৰ্ভাশয়ত উৎপন্ন হয়।


 ( ঠ ) নিষেচন বা গর্ভাধান বুলিলে কি বুজা ?

উত্তৰঃ পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলনক নিষেচন বা গৰ্ভাধান বোলে। দুটাজনন কোষ একগোট হৈ গঠিত হোৱা কোষটোক যোজন বুলি কোৱা হয়। 


(ড)  নিষেচনৰ পিছত ভ্রূণাণু , ভ্রূণপােষ কোষকেন্দ্র , ডিম্বক আৰু গৰ্ভাশয়ৰ কি পৰিৱৰ্তন ঘটে চমুকৈ লিখাঁ ।

উত্তৰঃ নিষেচনৰ পিছত ভ্ৰূণাণুটো বীজৰ ভ্ৰূণলৈ পৰিণত হয়। ভ্ৰূণপোষ কোষকেন্দ্ৰ ভ্ৰূণপোষলৈ পৰিণত হয়। ডিম্বকৰ পৰা বীজ উৎপন্ন হয় আৰু বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ উৎপত্তি হয়। গৰ্ভাশয়ৰপৰা ভ্ৰূণ, ভ্ৰূণপোষ, কোষকেন্দ্ৰৰপৰা ভ্ৰূণপোষলৈ পৰিণত হয়। 


( ঢ ) দ্বৈতনিষেচন বুলিলে কি বুজা যায় ?

উত্তৰঃ সপুষ্পক উদ্ভিদৰ দুটা পুংজনন কোষৰ পৰা দুবাৰ নিষেচন হয়। এটাৰ ডিম্বাণুৰ লগত আৰু আনটোৰ নিশ্চিত কোষকেন্দ্ৰৰ সৈতে। এই নিষেচনক দ্বৈত নিষেচন বোলে।



2 . চমুটোকা লিখা ।

 ( ক ) নিষেচন । 

উত্তৰঃ পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলনক নিষেচন বা গৰ্ভাধান বোলে। পূৰঠ পৰাগৰেণু গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে। সাধাৰণতে পৰাগৰেণু পূৰ্ণবিকশিত হোৱৰ পিছত পুংকেশৰৰপৰা আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত পৰাগযোগৰ পূৰ্ণবিকশিত হয়।পৰাগযোগৰ পিছত গৰ্ভমুণ্ডৰপৰা ওলোৱা সহায়ত পৰাগৰেণু অংকুৰিত হয়। পৰাগৰেণুৰ দুখন বেৰ থাকে। ভিতৰৰ বেৰখনে আৱৰি ৰখা জৈৱপদাৰ্থ বাহিৰৰ বেৰখনত (বহিস্ত্বক) থকা ৰন্ধ্ৰৰে ওলাই আহে।


( খ ) জোৰাকলম 

উত্তৰঃ এজোপা উদ্ভিদৰ সৰু ডাল অথবা কলি এটা একেজাতীয় উদ্ভিদৰ ডাল কাটি সুমুৱাই বান্ধি থ'লে কিছুদিনৰ মূৰত দুয়োটা ডালি মিলি এক হৈ পৰে। এই একত্ৰিত ডালটো কাটি এঠাইত ৰুলে ই নতুন গছ এজোপাত পৰিণত হয়। ইয়াকে জোৰাকলম পদ্ধতি বোলে। জোৰাকলমক লগাই থোৱা ডালটোক কলম (Scion) আৰু যিটো ডালত লগাইদিয়া হয় সেইটোক পোষক বোলে। এই পদ্ধতিৰে একেডাল গছতে ভিন ভিন ৰঙৰ ফুল আৰু ভিন ভিন সোৱাদৰ ফল পাব পাৰি। 


( গ ) দ্বিবিভাজন

উত্তৰঃ সাধাৰণতে নিম্নশ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত অযৌন প্ৰজনন হোৱা দেখা যায়। এমিবা, পেৰামিছিয়াম আদি এককোষী প্ৰাণীয়ে দেহৰ একমাত্ৰ কোষটো বিভাজিত কৰি অপত্য় কোষৰ সৃষ্টি কৰে। প্ৰত্য়েকটো অপত্য় কোষ পুনৰ বিভাজিত হৈ একোটা একোটা ্পৰাণীত পৰিণত হয় আৰু পূৰ্ণাংগ অৱস্থা লাভ কৰি পুনৰ প্ৰজননকোষ হৈ উঠে। এনে বিভাজনক দ্বিবিভাজন বুলি কোৱা হয়।


( ঘ ) দ্বৈত নিষেচন 

উত্তৰঃ   সপুষ্পক উদ্ভিদৰ দুটা জনন কোষৰপৰা দুবাৰ নিষেচন হয়। এটাৰ ডিম্বাণুৰ সৈতে আৰু আনটোৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত। এF নিষেচনক দ্বৈত নিষেচন বুলি কোৱা হয়।এনেদৰে ডিম্বাণু বা স্ত্ৰীজনন কোষ আৰু নিশ্চিত কোষকেন্দ্ৰ নিষিক্ত কৰা হয়। নিষিক্ত প্ৰজনন কোষৰ এটা ফালে এখন দেৱাল গঠন হয় আৰু ইয়াক ভ্ৰূণ বুলি কোৱা হয়।  অৱশেষত বীজটো ভ্ৰূণলৈ ৰূপান্তৰিত হয়। দুটা প্ৰজনন কোষ আৰু নিশ্চিত কোষ কেন্দ্ৰৰ সংমিশ্ৰণে ভ্ৰূণকোষ কেন্দ্ৰ সৃষ্টি কৰে আৰু পিছত ভ্ৰূণপোষ হৈ পৰে। 


( ঙ ) ভ্রূণ । 

উত্তৰঃ ভ্ৰূণ হৈছে বহুকোষী জীৱৰ বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়। সাধাৰণতে, যৌন প্ৰজনন কৰা জীৱবোৰত, ভ্ৰূণৰ বিকাশ হৈছে জীৱন চক্ৰৰ এক অংশ যি নিষিক্তকৰণৰ ঠিক পিছতে আৰম্ভ হয় আৰু শৰীৰৰ গাঁথনি, যেনে কলা আৰু অঙ্গগঠনৰ জৰিয়তে অব্যাহত থাকে। প্ৰতিটো ভ্ৰূণে জাইগোট হিচাপে বিকাশ আৰম্ভ কৰে, গেমেটৰ সংমিশ্ৰণৰ ফলত হোৱা একক কোষ অৰ্থাৎ নিষিক্তকৰণ প্ৰক্ৰিয়া যি হৈছে স্ত্ৰীজননকোষ আৰু পুৰুষৰ শুক্ৰাণু কোষৰ সংমিশ্ৰণ। ভ্ৰূণৰ বিকাশৰ প্ৰথম পৰ্যায়ত, এককোষী গাইগোটে বহুতো দ্ৰুত কোষ বিভাজন কৰে।  

( চ ) পৰাগনলিকা

উত্তৰঃ পৰাগৰেণু পূৰ্ণবিকশিত হোৱাৰ পিছত পুংকেশৰৰপৰা আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত পৰাগযোগৰ পিছতহে পৰাগবোৰ পূৰ্ণবিকশিত হয়। পৰাগযোগৰ পিছত গৰ্ভমুণ্ডৰপৰা ওলোৱা ৰসৰ সহায়ত পৰাগৰেণু অংকুৰিত হয়। পৰাগৰেণুৰ দুখন বেৰ (ত্বক) থাকে। ভিতৰৰ বেৰখনে (অন্তস্ত্বক) আৱৰি ৰখা জৈৱপদাৰ্থ আৰু বাহিৰৰ বেৰখনত (বহিস্ত্বত) থকা ৰন্ধ্ৰ্ৰৰে ওলাই আহে। ওলাই আহোতে নলীকাৰ ৰূপ লৈ আৰু গৰ্ভদণ্ডৰ মাজেৰে যায়। এই নলীকাটোক পৰাগনলিকা বুলি কোৱা হয়।  


 ( ছ ) ভ্রণকোষ 

উত্তৰঃ সপুষ্পক উদ্ভিদৰ দুটা জনন কোষৰপৰা দুবাৰ নিষেচন হয়। এটাৰ ডিম্বাণুৰ সৈতে আৰু আনটোৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত। এF নিষেচনক দ্বৈত নিষেচন বুলি কোৱা হয়।এনেদৰে ডিম্বাণু বা স্ত্ৰীজনন কোষ আৰু নিশ্চিত কোষকেন্দ্ৰ নিষিক্ত কৰা হয়। নিষিক্ত প্ৰজনন কোষৰ এটা ফালে এখন দেৱাল গঠন হয় আৰু ইয়াক ভ্ৰূণ বুলি কোৱা হয়।  অৱশেষত বীজটো ভ্ৰূণলৈ ৰূপান্তৰিত হয়। দুটা প্ৰজনন কোষ আৰু নিশ্চিত কোষ কেন্দ্ৰৰ সংমিশ্ৰণে ভ্ৰূণপোষ কোষকেন্দ্ৰ সৃষ্টি কৰে আৰু পিছত ভ্ৰূণপোষলৈ ৰূপান্তৰিত হয়। ভ্ৰূণপোষক প্ৰাণকোষ নামেৰেও জানিব পৰা যায়।


( জ ) পুংজননকোষ

উত্তৰঃ পৰাগযোগৰ পিছত গৰ্ভমুণ্ডৰপৰা ওলোৱা ৰসৰ সহায়ত পৰাগৰেণু অংকুৰিত হয়। পৰাগৰেণুৰ দুখন বেৰ (তত্ব) থাকে। ভিতৰৰ বেৰখনে (অন্তস্ত্বক) আৱৰি ৰখা জৈৱপদাৰ্থ বাহিৰৰ বেৰখনত (বহিস্ত্বত) থকা ৰন্ধ্ৰেৰে ওলাই আহে।ওলাই আহোতে নলীকাৰ ৰূপ লয় আৰু গৰ্ভদণ্ডৰ মাজেৰে যায়। এই নলীকাটোক পৰাগনলীকা বোলে। পূৰ্ণবিকশিত পৰাগৰেণুত জননক্ষম কোষকেন্দ্ৰ আৰু এটা নলীকা কোষকেন্দ্ৰ থাকে। দুয়োটা কোষকেন্দ্ৰ পৰাগনলিকাৰ ভিতৰতে থাকি নলিকাৰ লগতে আগুৱাই যায়। পৰাগনলিকাই গৰ্ভদণ্ড ভেদ কৰি শেষত গৰ্ভাশয়ৰ দাঁতিয়েদি গৰ্ভাশয়ত থকা ভ্ৰূণস্থলীৰ কাষ চাপে। ইতিমধ্যে জননক্ষম কোষকেন্দ্ৰটো বিভাজিত হৈ দুটা পুংজননকোষৰ সৃষ্টি কৰে।


 ( ঝ ) স্ত্রীজননকোষ ।

উত্তৰঃ  উদ্ভিদৰ যৌন প্ৰজননত প্ৰজনন কোষ আৰু নাৰী কোষৰ সংমিশ্ৰণে এটা কোষ উৎপন্ন কৰে আৰু ইয়াৰ পৰাই নতুন উদ্ভিদৰ জন্ম হয়।স্ত্ৰীজননকোষ জৰায়ুৰ ভিতৰত হয় আৰু সম্পূৰ্ণ বিকাশৰ পিছত প্ৰজনন কোষৰ সৈতে নিষিক্ত কৰা হয়। স্ত্ৰীজননকোষটোৱে  ফুলৰ উদ্ভিদৰ প্ৰজননত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


3. পাৰ্থক্য লিখাঁ ।

( ক ) যৌন আৰু অযৌন প্রজনন 

উত্তৰঃ 

যৌন প্ৰজনন

অযৌনপ্ৰজনন

পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত যোজনকোষৰ সৃষ্টি হয়। যোজনকোষটোৰপৰা ভ্ৰূণৰ সৃষ্টি হয়। ভ্ৰূণটোৰ বৃদ্ধি আৰু বিকাশৰ ফলত নতুন উদ্ভিদৰ জন্ম হয়।

অযৌন প্ৰজননত জননকোষৰ মিলন নোহোৱাকৈ নতুন উদ্ভিদৰ উৎপত্তি হয়। সাধাৰণতে নিম্নশ্ৰেণীৰ প্ৰাণীৰ শৰীৰত অযৌনপ্ৰজনন হোৱা দেখা যায়।

 


( খ ) বাহ্যিক আৰু আভ্যন্তৰীণ নিষেচন ।

উত্তৰঃ 

বাহ্য়িক নিষেচন

আভ্য়ন্তৰীণ নিষেচন

শৰীৰ বাহিৰত ঘটা নিষেচনক বাহ্য়িক নিষেন বোলে।

উচ্চ শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত স্ত্ৰী প্ৰাণীৰ শৰীৰৰ ভিতৰত নিষেচন হয়। তেনে নিষেচনক আভ্য়ন্তৰীণ বা অন্তঃনিষেচন বোলে।

Author: Chinmay Kakati


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



Post ID : DABP006085