এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন



১। তলত উল্লেখ কৰা উক্তিবােৰ ‘ভেটো ’ (Veto) ক্ষমতা সম্বন্ধে শুদ্ধনে অশুদ্ধ চিহ্নিত কৰাঃ 

(ক) নিৰাপত্তা পৰিষদৰ কেৱল স্থায়ী সদস্যসকলৰহে ভেটো ক্ষমতা আছে ।

Ans: শুদ্ধ।


(খ) ভেটো ক্ষমতা হ’ল ঋণাত্মক বা নেতিবাচক ক্ষমতা। 

Ans: শুদ্ধ।


(গ) ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানে ভেটো ক্ষমতা প্রয়ােগ কৰে যেতিয়া নিৰাপত্তা পৰিষদৰ কোনাে সিদ্ধান্তত সন্তুষ্ট নহয়।

Ans: অশুদ্ধ।


(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ বাতিল কৰিব পাৰে।

Ans: শুদ্ধ।


২। ৰাষ্ট্ৰসংঘৰ কাৰ্যবােৰৰ ধৰণ সম্পর্কে তলত উল্লেখ কৰা উক্তিবােৰ শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা?

(ক) নিৰাপত্তা পৰিষদে সকলােধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পর্কীয় বিষয়বিলাকৰ ওপৰত ব্যৱস্থা গ্রহণ কৰে। 

Ans: শুদ্ধ।


(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা ৰাষ্ট্ৰসংঘৰ প্রধান অংগ আৰু বিশেষ সংস্থাবােৰে সকলােধৰণৰ মানৱীয় নীতিবােৰ কাৰ্যকৰী কৰে।

Ans: শুদ্ধ।


(গ) নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কার্যকৰী কৰা অতি আৱশ্যক। 

Ans: অশুদ্ধ।


(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলাে সদস্যই স্বতঃস্ফুর্তভাৱে ৰাষ্ট্ৰসংঘৰ সকলাে প্রধান অংগ আৰু বিশেষ সংস্থাসমূহৰ সদস্য। 

Ans: অশুদ্ধ।


৩। ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা উচিত ? 

(ক) পাৰমাণৱিক শক্তিৰ অধিকাৰী ; 

(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য ;

(গ) ই এছিয়া মহাদেশত অৱস্থিত ; 

(ঘ) ভাৰতৰ বর্ধিত অর্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা

Ans: (খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য।


৪। ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপত্তা আৰু শান্তিৰ বাবে প্ৰয়ােগ কৰাৰ সৈতে জড়িতঃ

(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্রীকৰণ কমিটি;

(খ) আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেন্সি; 

(গ) ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক নিৰাপদ সমিতি;

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়। 

Ans: (খ) আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেন্সি।


৫। বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠনৰ উত্তৰাধিকাৰী।

 (ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি (গেট),

 (খ) বাণিজ্য আৰু শুল্কৰ বন্দৱস্ত,

 (গ) বিশ্বস্বাস্থ্য সন্থা,

 (ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি। 

Ans:  (ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি (গেট),


৬। খালী ঠাই পূৰণ কৰাঃ

 (ক) ৰাষ্ট্ৰসংঘৰ প্রধান উদ্দেশ্য হ'ল                    ।

Ans: ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ।


(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূর্ণ কার্যকৰী সন্থাটোক কোৱা হয়                ।

Ans: ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় নিৰাপত্তা পৰিষদ


(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত                       জন স্থায়ী সদস্য আৰু                   অস্থায়ী সদস্য আছে ।

Ans: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জন স্থায়ী সদস্য আৰু ১০ অস্থায়ী সদস্য আছে।


(ঘ)                    বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান ।

Ans: এন্টনিঅ' গোটাৰেছ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।


৭। ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ প্রার্থিত্ব সমর্থন কৰানে? তােমাৰ দাবী প্রতিপন্ন কৰা।

Ans: ভাৰতৰ নাগৰিক হিচাপে মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্হায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব গভীৰভাৱে সমৰ্থন কৰো। কাৰণ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এখন স্থায়ী আসন দাবী কৰিব পৰাকৈ বা সদস্যপদৰ প্ৰাৰ্থিত কৰিব পৰাকৈ ভাৰতৰ সকলোখিনি অৰ্হতা, গুণ, অধিকাৰ আৰু যুক্তি আছে। ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দাবীৰ সমৰ্থনৰ ভিত্তিত বহুকেইটা যুক্তি দাঙি ধৰিব পাৰি। তলত সেইসমূহ উল্লেখ কৰা  হ'ল-

(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। সমগ্ৰ বিশ্বৰ  এক পঞ্চমাংশ জনসংখ্যাই ভাৰতত বসবাস কৰে;

(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে;

(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে;

(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামৰ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে;

(৫) দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে;

(৬) ভাৰতে নিয়মিতভাৱে আৰ্থিক অনুদান আগবঢ়াই আছে।

    সেয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব লাভৰ বাবে কৰা দাবীক যুক্তিসংগত বুলি মই বিবেচনা কৰো আৰু  সমৰ্থন কৰো । কাৰণ ভাৰতৰ আটাইবোৰ যুক্তি ন্যায়সংগত। তদুপৰি ভাৰত আৰম্ভণিৰে পৰা ৰাষ্ট্ৰসংঘৰ সদস্য। ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয় । তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আছে। এই হিচাপেও ভাৰতৰ স্থায়ী সদস্যপদৰ বহুখিনি অধিকাৰ আছে। ই ৰাষ্ট্ৰসংঘৰ প্ৰতিটো কামতেই আগভাগ লৈ এক গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বৰ্তমান ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাকী স্হায়ী সদস্যৰ সমানেই অৰ্থনৈতিক,সাংস্কৃতিক, বাণিজ্যিক, ঔদ্যোগিক,বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ আদি সকলো ক্ষেত্ৰতে উন্নতি সাধন কৰিছে। তদুপৰি ই বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত শান্তি আৰু সহযোগিতা বজাই ৰাখিবলৈ  সদায় চেষ্টা কৰি আহিছে। 

    সেয়ে এনেবোৰ কাৰণতে আৰু যুক্তিৰ ভিত্তিতে মই ভাৰতৰ এগৰাকী নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দৃঢ়তাৰে সমৰ্থন কৰো।


৮। ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন সম্পর্কে আগবঢ়োৱা পৰামৰ্শাৱলীক কার্যকৰণত দেখা দিয়া অসুবিধাবােৰ সমালােচনামূলকভাৱে মূল্যাংকন কৰা।


৯। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ গঠন বুজায় । তুমি এই উক্তিটোৰ সৈতে একমনে?  ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

Ans: ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰকে বুজায়। মই এই উক্তিটোৰ লগত যথেষ্ট পৰিমাণে একমত। বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সকলোৱে কামনা কৰে। এই উক্তিটোৰ সপক্ষে আৰু বিপক্ষে তলত কিছুমান যুক্তি দাঙি ধৰা হ'ল-

সপক্ষে যুক্তিসমূহ:-

(ক) ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰকে বুজাই।কাৰণ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে যি তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল তাত নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে। যিহেতু নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা বা কাৰ্যকৰী অংগ।

(খ)তাৰোপৰি এই সংস্কাৰত নিৰাপত্তা পৰিষদৰ সদস্য নিযুক্তিৰ মানদণ্ড বা অৰ্হতা উল্লেখ কিছুমান উল্লেখ কৰা হৈছে।

(গ) তদুপৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ভেটো ক্ষমতা থকা আৰু অস্হায়ী সদস্যৰ নথকাক লৈয়ো বহু প্ৰশ্নৰ উশ্থাপন হৈছে।

     এই সমূহ সমূহ যুক্তিৰ ওপৰত ভিত্তি কৰিয়েই ক'ব পাৰি যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ।

বিপক্ষে যুক্তিসমূহ:-

(ক) ৰাষ্ট্ৰসংঘৰ সংস্কাৰত কেৱল নিৰাপত্তা পৰিষদৰ সংস্কাৰকে নুবুজাই।ইয়াত সমগ্ৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাত ভূমিকা বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰা হৈছিল।

(খ) তদুপৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ আৰু উন্নয়নক কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাতো গুৰুত্ব আৰোপ কৰা হৈছিল।

     সেয়ে এই সংস্কাৰে কেৱল নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰক নুবুজায়।


১০। শীলত যুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে? 

Ans: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংঘটিত হোৱা শীতল যুদ্ধৰ পিছত বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন আহে । তাৰ ভিতৰত বিশ্বসংস্হা ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তন বা সংস্কাৰ সাধন হৈছে এক উল্লেখযোগ্য পৰিৱৰ্তন। ৰাষ্ট্ৰসংঘলৈ অহা পৰিৱৰ্তন বা সংস্কাৰৰ ভিতৰত দুটা মূল পৰিৱৰ্তন হ'ল-

(ক) ৰাষ্ট্ৰসংঘৰ গাঁথনিৰ সংস্কাৰ:-  ৰাষ্ট্ৰসংঘৰ গাঁঠনিৰ সংস্কাৰৰ ভিতৰত নিৰাপত্তা পৰিষদৰ পৰিৱৰ্তন বা সংস্কাৰ উল্লেখযোগ্য। নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি পায়। ১৯৬৫ চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক প্ৰস্তাৱ যোগে নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি পায়।

 (খ) কাৰ্যপ্ৰণালীৰ সংস্কাৰ আৰু আলোচনাৰ বিষয়বোৰৰ পুনৰ নিৰীক্ষণ:-  আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম-নীতি আৰু প্ৰশাসনৰ উৎকৰ্ষ সাধনৰ ওপৰত প্ৰাধান্য দিয়ে। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ কাৰ্য প্ৰণালীৰ উন্নতি সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

(গ) শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘলৈ অহা আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল যে বহু সংখ্যক ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত যোগদান কৰিছে।

(ঘ) আন এক পৰিৱৰ্তন হ'ল যে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ বিশেষ তৎপৰ হৈ পৰিছে।

(ঙ) তদুপৰি ৰাষ্ট্ৰসংঘই পূৰ্বৰ তুলনাত ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক আৰু মানৱীয় অন্যান্য সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। লগতে স্বাস্হ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্ৰণ,মানৱ অধিকাৰ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ ধৰিছে।

      উপৰিউক্ত ধৰণেৰে শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘত বহুতো পৰিৱৰ্তন সাধন হৈছে।


১১। ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে ? কাৰণ দর্শোৱা।


১২। বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্তকতা প্রদর্শন কৰা।


 • চমু প্রশ্ন : 

১। ৰাষ্ট্ৰসংঘৰ কেনেধৰণৰ সংস্কাৰৰ প্ৰয়ােজন; চমুকৈ বর্ণনা কৰা।


২। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হােৱাৰ দিনৰ পৰা বর্তমান বিশ্বৰ ৰাজনীতিত হােৱা চাৰিটা পৰিৱৰ্তন উল্লেখ কৰা।


৩। ভাৰতবৰ্ষই কিয় ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন হােৱাত সমর্থন কৰে; চাৰিটা কাৰণ দর্শোৱা ।


৪। নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ চাৰিটা যুক্তি উল্লেখ কৰা।


৫। ভাৰতবৰ্ষৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্তিৰ কাৰণ কি? 


৬। বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কার্যকলাপ আলােচনা কৰা।

Ans: বিশ্ব বেংক স্থাপন কৰা হৈছিল ১৯৪৪ চনৰ জুলাই মাহত। ই এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। বিশ্ব বেংকৰ বহুতো কাৰ্যাৱলী আছে তলত সেইবোৰ আলোচনা কৰা হ'ল-

(ক) বিশ্ব বেংকৰ মূল কাৰ্য হ'ল ইয়াৰ সদস্যৰাষ্ট্ৰসমূহৰ উন্নয়নশীল কাৰ্যলৈ ঋন আগবঢ়োৱা। বিশেষকৈ অনুন্নত বা  পিছপৰা ৰাষ্ট্ৰসমূহলৈ।

(খ) বিশ্ব বেংকে ইয়াৰ সদস্যৰাষ্ট্ৰসমূহলৈ ইয়াৰ ধনৰাজিৰ ২০ শতাংশ ঋন হিচাপে প্ৰদান কৰিব পাৰে।

(গ) বিশ্ব বেংকে তদুপৰি ইয়াৰ নিজৰ দায়িত্ব আৰু তত্ত্বাৱধানত ৰাষ্ট্ৰসমূহৰ ব্যক্তিগত নিৱেষকসক বা ব্যৱসায়ীসকলকো ঋন প্ৰদান কৰিব পাৰে। কিন্ত ইয়াৰ বাবে তেওঁলোকে নিজৰ ৰাষ্ট্ৰৰ পৰা অনুমতি ল'ব লাগিব।

(ঘ) বিশ্ব বেংকৰ ঋনৰ সেৱাৰ পৰিমাণ বা মাত্ৰা, সুতৰ পৰিমাণ, নিয়ম আৰু চৰ্তসমূহ  বিশ্ববেংক নিজে গ্ৰহণ কৰিব লাগে।

(ঙ)সাধাৰণতে বিশ্ব বেংকে নিৰ্দিষ্ট কাৰ্য বা প্ৰকল্পলৈহে ঋন আগবঢ়াই যাক সদস্যৰাষ্ট্ৰসমূহে বিশ্ব বেংকলৈ প্ৰস্তত কৰিব লাগে।

    উক্ত ধৰণেৰে বিশ্ব বেংকৰ বহুতো কাৰ্যাৱলী আছে।


৭। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত                খন স্থায়ী আৰু                  খন অস্থায়ী সদস্য ৰাষ্ট্র।

 

 ৮। সমগ্র বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।


 • চমুটোকাঃ

 ১। (ক) নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন;

 (খ) আন্তর্জাতিক মুদ্রা নিধি;

 (গ) বিশ্ব বাণিজ্য সংস্থা;

 (ঘ) বিশ্ব বেংক;

 (ঙ) এমনেষ্টি ইণ্টাৰনেচনেল;

 (চ) হিউমে ৰাইট বাচ্চ 


২। বিশ্বৰ শাসন ব্যৱস্থাত নতুন অনুষ্ঠানবােৰ কিমানদূৰ গণতান্ত্রিক আৰু দায়বদ্ধ চমুকৈ লিখা।


৩। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তর্ভুক্তিৰ যুক্তিযুক্তকতা প্রদর্শন কৰা।



• অতি চমু প্রশ্নৰ উত্তৰ? 

১। ৰাষ্ট্ৰসংঘৰ কেতিয়া প্রতিষ্ঠা হৈছিল? 

Ans: ৰাষ্ট্ৰসংঘৰ ১৯৪৫ চনৰ অক্টোবৰ মাহৰ ২৪ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।


২। ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্যনে?

Ans: ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য।


৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?


৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য সংখ্যা কিমান?


৫। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা।


৬। নিৰাপত্তা পৰিষদ ভেটো ক্ষমতা কোনে প্রয়ােগ কৰিব পাৰে?


৭। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধানজনৰ নাম কি?


৮। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভানেত্রী হিচাপে কোনে কার্যনির্বাহ কৰিছিল?


৯। বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰখনৰ নাম কি?


১০। নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন এটাৰ নাম উল্লেখ কৰা।


১১। আন্তর্জাতিক মুদ্রানিধি কোন চনত প্রতিষ্ঠা হৈছিল?


১২। নতুন আন্তর্জাতিক বেচৰকাৰী সংগঠন ( NGO ) এটাৰ নাম উল্লেখ কৰা।


১৩। এমনেষ্টি ইণ্টাৰনেচনেলৰ এটা কার্য উল্লেখ কৰা।


১৪। হিউমেন ৰাইট বাচ্চ ’ পূর্বতে কি নামেৰে জনা গৈছিল।


১৫। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বর্গ তৈয়াৰ কৰিব নােৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে। এই উক্তিটো কাৰ?


১৬। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

Ans: ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত ৫১ খন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল


১৭। কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়?


১৮। ৰাষ্ট্ৰসংঘৰ বর্তমান সচিব - প্রধানগৰাকীৰ নাম কি?


 অতিৰিক্ত সম্ভাব্য প্রশ্নাৱলী

 অতি চমু উত্তৰৰ আদর্শ প্রশ্ন  ঃ

১।  যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল’— এই মন্তব্য কোনে কৰিছিল?


২।  ৰাষ্ট্ৰসংঘ প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল?

Ans: ৰাষ্ট্ৰসংঘ প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত ৫১ খন ৰাষ্ট্ৰই সদস্যই চহী কৰিছিল।


 ৩। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? 

Ans: ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো হ'ল: বিশ্বশান্তি প্রতিষ্ঠা কৰা।


৪। বর্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্যৰাষ্ট্র আছে?

Ans: বর্তমান ৰাষ্ট্ৰসংঘত ১৯২ খন সদস্যৰাষ্ট্র আছে।


৫। খালী ঠাই পূৰণ কৰাঃ

 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত                    স্থায়ী সদস্য আছে।

Ans:  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৫ খন স্থায়ী সদস্য আছে।


৬।  ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্রধানগৰাকী কোন?

Ans: ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্রধানগৰাকী এণ্টেনিঅ ’ গুটাৰ।


 ৭। IAEA ৰ পূৰ্ণ ৰূপটো লিখা।

Ans: IAEA ৰ পূৰ্ণ ৰূপটো হ'ল: International Atomic Energy Agency. 


৮। ভেটো ক্ষমতাই কি বুজায়?

Ans:  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনাে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰােধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা। 


৯।  ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধান কোন?

Ans: ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধান হ'ল: নৰৱেৰ ট্রিভি লি। 


১০। ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অৱদান থকা ৰাষ্ট্ৰখনৰ নাম কি?

Ans: ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অৱদান থকা ৰাষ্ট্ৰখনৰ হ'ল: আমেৰিকা যুক্তৰাষ্ট্র।


 ১১। ৰাষ্ট্ৰসংঘৰ দিৱস কিমান তাৰিখে পালন কৰা হয়?

Ans: ৰাষ্ট্ৰসংঘৰ দিৱস ২৪ অক্টোবৰ তাৰিখে পালন কৰা হয়?


 ১২। ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?

Ans: ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা  বিজয়লক্ষ্মী পণ্ডিত আছিল।


১৩। কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?

Ans: ২০০৫ চনত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল।


 ১৪। “বিশ্ব থ্রি' বুলিলে কি বুজা?

Ans: “বিশ্ব থ্রি' বুলিলে ৰুচভেল্ট , চার্চিল আৰু ষ্টেলিন ক বুজা ।


 ১৫। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্রীয় অভিকৰণটোৰ নাম লিখা।

Ans: পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্রীয় অভিকৰণটোৰ নাম হ'ল: UNEP।


১৬। ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কাৰ্যবাহীৰ নাম কি?

Ans: ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কাৰ্যবাহীৰ নাম হ'ল: সচিব প্রধান।


১৭। শান্তি গঢ়া আয়ােগ কেতিয়া গঠন কৰা হৈছিল?

Ans: শান্তি গঢ়া আয়ােগ ২০০৭ চনত গঠন কৰা হৈছিল।


১৮। ১৯৯৭ চনৰ খনি নিষিদ্ধকৰণ চুক্তিৰ মূল হােতাগৰাকী কোন আছিল?


১৯। ৰাষ্ট্ৰসংঘৰ সহস্রাব্দ ঘােষণাপত্র কেতিয়া অনুমােদিত হৈছিল?


২০। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?

Ans: এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা হ'ল: শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা।


 ২১। NGO সমূহৰ এটা দুর্বলতা লিখা।

Ans: NGO সমূহৰ এটা দুর্বলতা হ'ল: নিজৰ সিদ্ধান্ত কার্যকৰী কৰাৰ বাবে আইনগত কর্তব্য নাথাকে।


২২।  ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?

Ans: ভাৰতে ১৯৪৫ চনৰ ৩০ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল।


  অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১।  আন্তঃৰাষ্ট্রীয় সংগঠনৰ প্ৰয়ােজনীয়তা কি? 


২। তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্রীয় সংগঠন এটা অতি ৰাষ্ট্র ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 


৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহৰ নাম লিখা।


৪। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা উল্লেখ কৰা।


৫।  এমনেষ্টি ইণ্টাৰনেচনেল কি?


৬।  এক মেৰু বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?


৭।  সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা।


 ৮। সামাজিক আৰু অর্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা?


৯।  নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?


 ১০। ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত?


১১।  ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্রধান কোন আছিল?


 ১১। নিৰাপত্তা পৰিষদৰ কার্য কি?


 ১২। ৰাষ্ট্ৰসংঘৰ চনদত কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ২০০৬ পর্যন্ত তাত কিমান সদস্য আছিল?


 ১৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য আছে।


 ১৪। নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পর্কে লিখা।


 ১৫। সামাজিক আৰু অর্থনৈতিক বিষয়াসমূহৰ সৈতে জড়িত সংস্থাবােৰৰ নাম লিখা ।


 ১৬। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে?


 ১৭। ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে?


 ১৮। যিকোনাে দুটা সামৰিক মিত্রজোঁটৰ নাম লিখা।


 ১৯। ভেটো ক্ষমতা মানে কি?


 ২০। আইনৰ মতে সকলাে সমান ' বুলি কি বুজা?


 ২১। ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি?

Ans: ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য ইয়াৰ প্ৰস্তাৱনাত উল্লেখ আছে যে ভৱিষ্যৎ  মানৱ সমাজক যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাই ইয়াৰ মূল উদ্দেশ্য। ডাঙৰ-সৰু সকলো দেশে যাতে ন্যায্য অধিকাৰ ভোগ কৰিব পাৰে আৰু কোনো ব্যক্তিয়ে যাতে মানৱ অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত নহয়,সেই বিষয়ে লক্ষ্য ৰখাও ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য ।


 • চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১। নিৰাপত্তা পৰিষদৰ কার্যাৱলী কি কি ? 



২। ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দর্শোৱা। 

Ans: মই ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি একাষাৰে ক'ব নিবিচাৰিলেও কিন্ত ৰাষ্ট্ৰসংঘক এক যথেষ্ট সফল আৰু উন্নত আন্তঃৰাষ্ট্ৰীয় সংস্থা বুলি নিশ্চিয় ভাবো। ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে। সেইসমূহ তলত আলোচনা কৰা হ'ল-


(ক) ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য আৰু লক্ষ্য বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাত ই যথেষ্ট সফল হৈছে। ইয়াৰ অবিহনে বিশ্ব শান্তি আৰু নিৰাপত্তা বেছি বেয়াৰ ফালে ঢাল খাব;


(খ) বিশ্বৰ বিভিন্ন দেশ, বিভিন্ন জাতিৰ মাজত বুজা-বুজি আৰু সহায়-সহযোগিতা প্ৰতিষ্ঠা কৰাত ই যথেষ্ট সফল হৈছে;


(গ) ই বিশ্বৰ পৰা শীতল যুদ্ধৰ অৱসান ঘটালে;


(ঘ) তদুপৰি ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সংঘাত আৰু বিৰোধৰ সমাধানৰ পথ বিচাৰি উলিয়াবৰ বাবে বিভিন্ন জাতিসমূহক একত্ৰিত হৈ বহাৰ আৰু পৰস্পৰৰ অভাৱ-অভিযোগ, ওজৰ-আপত্তি আদি দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিছে। অৰ্থাৎ ই সকলো ৰাষ্ট্ৰৰ বাবে আলোচনাৰ এক মঞ্চ হিচাপে বৰ্তি আছে;


(ঙ) তাৰোপৰি ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত যথেষ্ট পৰিমাণে সহযোগিতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।


      এনেবোৰ কাৰণৰ বাবে ৰাষ্ট্ৰসংঘক মই এক সফল আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক'ব খোজো কিন্ত নিখঁত বুলি ক'ব নোখোজো। কাৰণ ৰাষ্ট্ৰৰ বহু বিফলতা আৰু ত্ৰুটিও আছে।


৩। WTO ৰ বিষয়ে এটা চমু টোকা লিখা।


৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভাৰতক অন্তর্ভুক্ত কৰাৰ দাবীৰ যুক্তিযুক্তকা প্রমাণ কৰা?


৫। কোন বছৰ বিশ্ব বেংক গঠন কৰা হৈছিল? ইয়াৰ কাম - কাজৰ বিষয়ে আলােচনা কৰা।


৬।  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন সম্পকে লিখা। 


৭। ৰাষ্ট্ৰসংঘৰ কেইটামান বিশেষীকৃত সংস্থাৰ নাম লিখা।


৮। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিজন নির্মাণকৰ্তাৰ নাম লিখা।


৯। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যইহে কেৱল ভেটো ক্ষমতাৰ অধিকাৰ লাভ কৰে কিয়?


১০। বিশ্বত আন্তঃৰাষ্ট্রীয় সংগঠন প্রয়ােজনীয় কিয় ? ইয়াৰ ভূমিকা ব্যাখ্যা কৰা।


১১। শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কাম - কাজত হােৱা পৰিৱৰ্তনবােৰ লিখা।


১২। বিশ্ববেংকৰ কাম - কাজবােৰ আলােচনা কৰা । বিশ্ব বেংকৰ বৰ্তমানৰ সচিবপ্রধানগৰাকী কোন?


১৩। আজিৰ বিশ্বই সন্মুখীন হােৱা প্রধান গােলকীয় প্রত্যাহ্বানবােৰ কি কি? 


১৪। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্রীয় সংস্থাবােৰৰ নাম লিখা।


১৫। শীতল যুদ্ধৰ পিছত বিশ্বত কেনেধৰণৰ পৰিৱর্তনে দেখা দিছিল?


 ১৬। IMF কি?


 ১৭। এমনেষ্টি ইণ্টাৰনেচল সম্পর্কে চমুকৈ লিখা।


 ১৮। বিশ্বৰ গােলকীয় প্রত্যাহানবােৰ কি কি?


 • দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্নঃ

১। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘক তুমি মার্কিন যুক্তৰাষ্ট্ৰৰ সমকক্ষ বুলি ভাবানে? কাৰণ দর্শোৱা।


২ । ৰাষ্ট্ৰসংঘৰ সংস্কাৰ মানে নিৰাপত্তা পৰিষদৰ পুনৰ গঠন’– মতামত দিয়া ।


৩। বর্তমান বিশ্বৰ প্ৰসংগত ৰাষ্ট্ৰসংঘক এক অপৰিহাৰ্য সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 


৪।  শীতল যুদ্ধৰ পিছত কি কি পৰিৱৰ্তন সংঘটিত হৈছে?


৫।  নিৰাপত্তা পৰিষদত নতুনকৈ স্থায়ী আৰু অস্থায়ী সদস্যৰ অন্তর্ভুক্তিৰ বাবে প্ৰস্তাৱ কৰা নিয়মবােৰ উল্লেখ কৰা।


৬। ৰাষ্ট্ৰসংঘই নিজৰ লক্ষ্যত উপনীত হ'বলৈ অৱলম্বন কৰা পদ্ধতিবােৰ কি কি?


৭।  UNO ৰ মূল উদ্দেশ্য আৰু লক্ষ্য তথা নীতিসমূহ আলােচনা কৰা।


৮। এটা বিশ্ব সংস্থা হিচাপে UNO ৰ সফলতা আৰু বিফলতাবােৰৰ বিষয়ে এখন ৰচনা লিখা


৯। মার্কিন আধিপত্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই এক সমকক্ষ হিচাপে সেৱা আগবঢ়াব পাৰেনে?


১০। ভাৰতে কিহৰ ভিত্তিত ৰাষ্ট্ৰসংগৰ পুনৰগঠনৰ প্রতি সমর্থন জনাইছে?


১১। বিধায়িনী , কাৰ্যপালিকা আৰুন্যায়পালিকা হিচাপে বিবেচিত ৰাষ্ট্ৰসংঘৰ তিনিটা মূল অংগৰ বিষয়ে আলােচনা কৰা । 


১২। বিশ্ব বেংক কেতিয়া প্রতিষ্ঠা হৈছিল? ইয়াৰ কাম কাজৰ বিষয়ে চমুকৈ লিখা?


 ১৩। বিশ্বায়নৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱ সম্পর্কে আলােচনা কৰা?


Type: Nayan Jyoti Bordoloi