আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশৰ ৰাজনীতিত অধিপত্য
১। আধিপত্য সম্পর্কে তলত উল্লেখ কৰা বাক্যবােৰৰ কোনবােৰ অশুদ্ধ?
(ক) আধিপত্যই ( hegemony ) এখন ৰাষ্ট্রৰ নেতৃত্ব বা প্রাধান্য বুজায়;
(খ) প্রাচীন গ্রীচত এথেন্সৰ প্রাধান্যক বুজোৱা বাবে অপ্রতিহত শব্দটো ব্যৱহাৰ কৰা হৈছিল
(গ) ৰাষ্ট্র এখনৰ আধিপত্য থকা মানে ৰাষ্ট্ৰখনৰ অপ্রতিহিত ক্ষমতা আছে,
(ঘ) আধিপত্যৰ স্থান থিৰ বা অচল। এবাৰৰ আধিপত্য মানে সদায় আধিপত্য।
Ans: (ঘ) আধিপত্যৰ স্থান থিৰ বা অচল। এবাৰৰ আধিপত্য মানে সদায় আধিপত্য।
২। সমসাময়িক বিশ্ব শৃংখলাত তলত দিয়া কোনটো বাক্য অশুদ্ধ?
(ক) ৰাষ্ট্ৰবিলাকৰ আচৰণ নিয়ন্ত্রণ কৰাৰ বাবে এখন বিশ্ব চৰকাৰ নাই।
(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল বিশ্ব ঘটনা প্রৱাহৰ প্রাধান্য বিস্তাৰ কৰা খেলুৱৈ।
(গ) ৰাষ্ট্রবিলাকে ইখনে - সিখনৰ বিৰুদ্ধে বল প্রয়ােগ কৰে।
(ঘ) যিবিলাক ৰাষ্ট্ৰই আন্তর্জাতিক আইন উলংঘা কৰে ৰাষ্ট্ৰসংঘই সেইবােৰ ৰাষ্ট্ৰক কঠোৰ শাস্তি দিয়ে।
Ans: (গ) ৰাষ্ট্রবিলাকে ইখনে - সিখনৰ বিৰুদ্ধে বল প্রয়ােগ কৰে।
৩। তলত উল্লেখ কৰা কোনটো মন্তব্য ‘ ইৰাকী স্বাধীনতা অভিযান’ৰ ক্ষেত্ৰত অশুদ্ধ?
(ক) ইৰাক আক্রমণৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বত গঠিত হােৱা সংযুক্ত মৰ্চাত ৪০ খনৰাে অধিক ৰাষ্ট্ৰই যােগদান কৰিছিল ।
(খ) ইৰাক আক্রমণৰ যুক্তি দর্শোৱা হৈছিল যে অধিক ক্ষতিসাধন কৰিব পৰা উন্নত মানৰ অস্ত্র - শস্ত্র নির্মাণত বাধা প্রয়ােগ কৰাৰ বাবে।
(গ) ৰাষ্ট্ৰসংঘৰ পূর্ব অনুমােদনক্রমে ইৰাক আক্রমণ কৰা হৈছিল ।
(ঘ) ইৰাকী সৈন্যৰ পৰা আমেৰিকাৰ নেতৃত্বত থকা সংযুক্ত বাহিনীয়ে কোনাে বিশেষ বাধা পােৱা নাছিল।
Ans: (গ) ৰাষ্ট্ৰসংঘৰ পূর্ব অনুমােদনক্রমে ইৰাক আক্রমণ কৰা হৈছিল ।
(ঘ) ইৰাকী সৈন্যৰ পৰা আমেৰিকাৰ নেতৃত্বত থকা সংযুক্ত বাহিনীয়ে কোনাে বিশেষ বাধা পােৱা নাছিল।
৪। বিশ্বৰ ৰাজনীতিত তিনিধৰণৰ আধিপত্যসূচক প্রভাৱ কি কি? প্রত্যেকৰ এটাকৈ উদাহৰণ দিয়া।
Ans:
৫। আমেৰিকা যুক্তৰাষ্ট্রৰ ওপৰত হ'ব পৰা তিনিটা হেঁচা বা চাপ উল্লেখ কৰা ।
Ans: আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ওপৰত হ'ব পৰা তিনিটা হেঁচা বা চাপ হ'ল-
(ক) মাৰ্কিন ৰাষ্ট্ৰ ব্যৱস্থাৰ আনুষ্ঠানিক আৰু সাংবিধানিক গাঁথনি।
(খ) মাৰ্কিন মুক্ত সমাজ ব্যৱস্থা।
(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন আটলান্টিক চুক্তি সংগঠন।
৬। বৃহৎ শক্তিশালী ৰাষ্ট্ৰবােৰ যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক বাধা দিব নােৱাৰে, তেন্তে ক্ষুদ্র আৰু দুর্বল ৰাষ্ট্ৰবােৰে বাধা দিব পাৰিব বুলি আশা কৰিব নােৱাৰি । উপৰােক্ত বাক্যটো পৰীক্ষা কৰি তােমাৰ মন্তব্য দিয়া।
Ans: যদি বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰবোৰে আমেৰিকাৰ নেতৃত্বক বাধা দিব নোৱাৰে তেন্তে ক্ষুদ্ৰ আৰু দুৰ্বল ৰাষ্ট্ৰবোৰে বাধা দিব পাৰিব বুলি আশা কৰিব নোৱাৰি। এই কথাষাৰ একপক্ষে শুদ্ধ বা সত্য। কাৰণ আমেৰিকাৰ নেতৃত্ব আৰু প্ৰভাৱ গোটেই বিশ্ব জুৰি সকলো ক্ষেত্ৰতে যেনে অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আদিত বিয়পি আছে।শীতল যুদ্ধৰ অন্ত আৰু সমাজবাদী ছোভিয়েট সংঘৰ পতনৰ পিছৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ আছে। ই আৰ্থিক,সাংস্কৃতিক,সামাজিক,সামৰিক সকলো দিশৰ পৰাই অত্যন্ত শক্তিশালী ৰাষ্ট্ৰ। অন্য ৰাষ্ট্ৰসমূহ যদিও আগুৱাই গৈছে তথাপি আমেৰিকাৰ সৈতে কোনেও বৰ্তমানৰ লৈকে সম পৰ্যায়ৰ হ'ব পৰা নাই বা আমেৰিকাৰ আধিপত্যক দমন কৰিব পৰা নাই। বিশ্বত বৰ্তমান কোনো এটা শক্তিয়েই এককভাৱে আমেৰিকাৰ সামৰিক শক্তিৰ সমান নহয়। আমেৰিকা শক্তিশালী পাৰমাণৱিক শক্তিৰো অধিকাৰী ।আমৰিকাৰ সৈতে সংযুক্ত সামৰিক বাহিনীও (NATO) সমকক্ষ নহয়। আনকি বৃহৎ ৰাষ্ট্ৰ চীন দেশ, ভাৰত আৰু ৰাছিয়াৰো আমেৰিকাৰ আধিপত্য প্ৰতিৰোধ কৰিব পৰা সম্ভাব্য ক্ষমতা নাই ।তেনে স্হলত সৰু সৰু ৰাষ্ট্ৰসমূহে যে আমেৰিকাক প্ৰতিদ্বন্দ্বিতা কৰি ইয়াৰ আধিপত্য বা নেতৃত্বক যে বাধা দিব পাৰিব সেয়া প্ৰায় অসম্ভৱ। এই সৰু ৰাষ্ট্ৰসমূহ আৰ্থিক, সামাজিক, সামৰিক আদি সকলো দিশৰ পৰাই দুৰ্বল।
বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰতো আমেৰিকাৰ যি প্ৰতিপত্তি আৰু আধিপত্য সেয়া অপ্ৰতিদ্বন্দ্বনীয়। আমেৰিকাই বিশ্বত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে, বিশ্বত সকলোৰে সমূহীয়া সম্পদ ইন্টাৰনেট ব্যৱস্থাৰো শুভাৰম্ভ কৰিলে। তদুপৰি আমেৰিকাৰ আধিপত্য আদৰ্শগত আৰু সাংস্কৃতিক দিশতো গোটেই বিশ্বযুৰি এনেকৈ শিপাই আছে যে তাক উভালি পেলোৱাটো টান ।মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। মাৰ্কিন যুক্তৰাষ্ট্ৰ উন্নয়নৰ আৰ্হি,জীৱন ধাৰণ প্ৰণালী, সংস্কৃতি, খাদ্যাভ্যাস আজি বিশ্বত সকলোৱে অনুকৰণ কৰে। আমেৰিকাৰ সমান আন কোনো দেশে বিশ্বত ইমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।কোনো দেশে ইয়াক কোনো দিশৰ পৰা দমন কৰিব পৰা নাই। তেনে ক্ষেত্ৰত ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহে ইয়াৰ আধিপত্যক কেতিয়াও বাধা দিব নোৱাৰে। সেয়ে সৰু সৰু ৰাষ্ট্ৰবোৰে আমেৰিকাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাতকৈ নিজৰ লাভ আৰু নিৰাপত্তাৰ বাবে আমেৰিকাৰ সৈতে বন্ধুত্বহে কৰে।
৭। তলত উল্লেখ কৰা বাক্যাংশবােৰ মিলােৱা ঃ
(ক)
অসীম প্ৰসাৰিত অভিযান Operation
Infinite Reach |
(i) অল-কায়দা
আৰু তালিবানৰ বিৰুদ্ধে যুঁজ |
(খ)
স্থায়া স্বাধিনতা অভিধান Operation
Enduring Freedom |
(ii)স্বচ্ছাই
সংযুক্ত |
(গ) ‘মৰুভুমি
ধুমুহা অভিধান Operation Desert
Storm |
(iii) চুডানত
মিছাইন আক্ৰমণ |
(ঘ)
ইৰাকী স্বাধীনতা অভিযান |
(iv) প্ৰথম উপসাগৰীয়া যুদ্ধ |
৮ | আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ তথা ক্ষমতাৰ ওপৰত বর্তমান হেঁচা বা চাপ প্রয়ােগ হৈছে । ভৱিষ্যতে ইয়াৰ কোনটো বেছি গুৰুত্ব লাভ কৰিব?
৯। আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্রমণ কৰিছিল?
Ans: আমেৰিকাই ২০০৩ চনৰ ১৯ মাৰ্চৰ দিনা অপাৰেচন ইৰাকী ফ্ৰীডম অভিযান চলাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আমেৰিকাৰ ইৰাকৰ বিৰুদ্ধে এই যুদ্ধ বা আক্ৰমণৰ ৰাজহুৱাকৈ ব্যক্ত কৰা মূল কাৰণ বা উদ্দেশ্যটো আছিল ইৰাকক মানৱ ধ্বংসমুখী অস্ত্ৰ-শস্ত্ৰ উৎপাদন কৰাত বাধা দিয়া। কিন্ত বহু লোকৰ মতে এই আক্ৰমণৰ প্ৰকৃত উদ্দেশ্য আছিল অন্য ধৰণৰ। সেয়া হ'ল ইৰাকৰ তৈলভাণ্ডাৰ নিয়ন্ত্ৰণ কৰা আৰু ইৰাকত এখন মৈত্ৰী চৰকাৰ গঠন কৰা। সেয়ে আমেৰিকাই এই উদ্দেশ্য লৈয়ে ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
১০। ভাৰত -আমেৰিকা যুক্তৰাষ্ট্র সম্পর্কৰ ওপৰত এটা চমুটোকা লিখা।
Ans: শীতল যুদ্ধৰ কালৰ লৈকে ভাৰত আৰু আমেৰিকাৰ মাজত বৰ বিশেষ এটা সম্পৰ্ক নাছিল। সেই সময়ৰলৈকে ভাৰতৰ ছোভিয়েট ৰাছিয়াৰ সৈতেহে এটা মধুৰ সম্পৰ্ক বৰ্তি আছিল। কিন্ত ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিলে। ভাৰতৰ এই নীতি আৰু অৰ্থনৈতিক উন্নয়নত আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নৰ অংশীদাৰ হ'বলৈ আগুৱাই আহিল। এনেদৰে আমেৰিকা আৰু ভাৰতৰ মাজত লাহেকৈ এটা সম্পৰ্ক গঢ়ি উঠিল।
বৰ্তমান সময়ত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক স্হাপনৰ ক্ষেত্ৰত সহায় কৰিছে। সেইয়া হ'ল কাৰিকৰী যাত্ৰা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত কেইটামান মন কৰিব লগা কথা হ'ল:-
(ক) ভাৰতে ৰপ্তানি কৰা চফ্ট ওৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে।
(খ) ব'য়িঙত কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ।
(গ) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে।
(ঘ) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।
শীতল যুদ্ধৰ সময়ৰ লৈকে যদিও ভাৰত আৰু আমেৰিকাৰ মাজত এটা ভাল সম্পৰ্ক নাছিল কিন্ত শীতল যুদ্ধৰ পিছত এই সম্পৰ্কৰ উন্নতি হয় আৰু বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ঠ মধুৰ সম্পৰ্ক বৰ্তি আছে। দুই ৰাষ্ট্ৰৰ মাজত যথেষ্ট আদান -প্ৰদান গঢ়ি উঠিছে। দুই ৰাষ্ট্ৰৰ মাজত পৰস্পৰ ভ্ৰমণো বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু ওবামাৰ শাসন কালৰ পৰাই দুই ৰাষ্ট্ৰৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিছে। ২০১৫ চনত ৰাষ্ট্ৰপতি ওবামাই ভাৰতলৈ আহে আৰু তেতিয়াই দুয়ো ৰাষ্ট্ৰৰ মাজত সামৰিক আৰু পাৰমাণৱিক চুক্তি স্বাক্ষৰৰ পথ প্ৰসস্ত কৰা হয়। তদুপৰি ২০১৬ চনত দুই ৰাষ্ট্ৰৰ মাজত এক নিৰাপত্তা চুক্তি স্বাক্ষৰিত কৰা হয় যিয়ে ভাৰতক এই চুক্তিৰ অংশীদাৰ হিচাপে আমেৰিকাৰ পৰা নিৰাপত্তা আৰু প্ৰতিৰক্ষাজনিত কিছুমান সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই চুক্তিয়ে পিছত আইন হিচাপে স্বীকৃতি লাভ কৰে। ২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে আৰু দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি আৰু সবলীকৰণৰ বাবে বহু দিশত গুৰুত্ব দিয়ে আৰু আলোচনা কৰে যেনে- নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগীতা আৰু বন্ধুত্ব আৰু অৰ্থনৈতিক সম্পৰ্কৰ সবলীকৰণ আদি। এইদৰে আমেৰিকা আৰু ভাৰতৰ মাজত বৰ্তমান এক উন্নত সম্পৰ্ক বৰ্তি আছে।
১১। আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি ? প্রত্যেকৰে উদাহৰণ দিয়া।
Ans: (ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য:- অনমনীয় ক্ষমতাৰ বুলিলে অদম্য সামৰিক শক্তিক বুজাই যাৰ দ্বাৰা এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ ওপৰত নিজৰ আধিপত্য আৰু নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে ।
(খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য:- এই আধিপত্যই প্ৰধানতঃ বিশ্ব অৰ্থনীতিৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰে যাক মুক্ত বিশ্ব অৰ্থনীতি বুলি জনা যায় ।
(গ) নৰম ক্ষমতা হিচাপ আধিপত্য:- এই আধিপত্যই কোনো ৰাষ্ট্ৰৰ আদৰ্শগত আৰু সাংস্কৃতিক আধিপত্যৰ কথা বুজাই।
উক্ত প্ৰকাৰ সমূহৰ উদাহৰণ সমূহ হ’ল-
(ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, জাৰ্মানী, জাপান, ফ্ৰান্স, ইজৰাইল আদি ৰাষ্ট্ৰ।
(খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা, চীন, ইংলেণ্ড,ৰাছিয়া, ফ্ৰান্স আদি।
(গ) নৰম ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা, ইংলেণ্ড,ফ্ৰান্স, জাৰ্মানী, জাপান, কানাডা, চুইডেন, চুইজাৰলেণ্ড, নেডাৰলেণ্ড ,অষ্ট্ৰেলীয়া আদি।
১২। 'কঠোৰ ক্ষমতা হিচাপে আধিপত্য’ৰ বিষয়ে চমুকৈ আললাচনা কৰা।
Ans: কঠোৰ বা অনমনীয় ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। কঠোৰ ক্ষমতাৰ হিচাপে আধিপত্য বুলিলে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কক সূচায় য'ত প্ৰতিপত্তিশীল ৰাষ্ট্ৰ এখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। অৰ্থাৎ সামৰিক শক্তিৰে নিজৰ আধিপত্য চলোৱা ৰাষ্ট্ৰখন সামৰিক ভাৱে অতন্ত্য শক্তিশালী হ'ব লাগিব।
বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ অদম্য সামৰিক শক্তি আৰু প্ৰতিপত্তিৰ জৰিয়তে বিশ্বত এই ধৰণৰ এক আধিপত্য গঢ়ি তুলিছে। এনে সামৰিক আধিপত্যৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আৰু মতামত আনৰ ওপৰত জাপি দিবলৈ বিচাৰে। সেয়ে বতৰ্মান মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই প্ৰতিপত্তিৰ মূলতে আছে ইয়াৰ অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামৰিক আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ- চূড়ান্ত আৰু আপেক্ষিক। চূড়ান্ত আধিপত্য বুলিলে ইয়াকে বুজাই যে মাৰ্কিন যুক্তৰাষ্ট্ৰ নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে আৰু প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণতে অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। তাৰোপৰি এনে এক ক্ষমতাৰ আধিপত্যৰ বলেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত কৰি ৰাখে।
আমেৰিকা যুক্ৰৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বিশ্বৰ কোনো শক্তিয়ে কোনো ৰাষ্ট্ৰই ইয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু ইয়াৰ আধিপত্যক প্ৰতিহত কৰিব নোৱাৰে। আমেৰিকাই এক বৃহৎ পৰিমাণৰ ধন কেৱল সামৰিক ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিৰক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতে ব্যয় কৰে। এইদৰে নিজৰ অপৰিসীম সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে আৰু শীতল যুদ্ধৰ অন্তৰ পিছৰ পৰা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে। সেয়ে বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লগত দূৰত্ব আৰু শত্ৰুতা ৰখাতকৈ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে।
১৩। আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাধান্যৰ ক্ষেত্ৰত প্রতিবন্ধকতাসমূহৰ বিষয়ে আলােচনা কৰা ।
চুমু প্রশ্নৰ উত্তৰ
১। চমুটোকা লিখাঃ
( ক ) প্রথম উপসাগৰীয় যুদ্ধ
(খ) ৯ / ১১ ৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া
(গ) ইৰাকৰ ওপৰত আক্ৰমণ
(ঘ) আফগানিস্তানৰ ওপৰত আক্ৰণণ
২। বিশৰ অৰ্তনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই কেনেধৰণৰ অধিপত্য বিস্তাৰ কৰিছে? চমুকৈ লিখা।
৩। আমেৰিকা যুক্তৰাষ্ট্ৰ মতাদৰ্শ ( Ideology ) ৰ প্ৰভাৱ বিশ্ব আন ৰাষ্ট্ৰৰ ওপৰত কেনেদৰে পৰিছে?
চমুকৈ লিখা।
৪। আমেৰিকা যুৰক্তৰাষ্ট্ৰৰ প্ৰভাৱ কেনেদৰে প্ৰত্য়াহ্বান জনাব পাৰি? বুজাই লিখা।
৫। ভাৰতৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চমুকৈ লিকা।
৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল?
অতি চমু প্ৰশ্ন উত্তৰঃ
১। প্ৰথম উপসাগৰীয়া যুদ্ধ মূল কাৰণ কি?
Ans: প্ৰথম উপসাগৰীয়া যুদ্ধ মূল কাৰণ হ'ল: কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰা।
২। প্ৰথম উপসাগৰীয়া যুদ্ধখনক কি অভিধান ( Operation ) বুলি জনা যায়?
৩। প্ৰথম উপসাগৰীয়া যুদ্ধত আমেৰিকাই কি বোমা ব্যৱহাৰ কৰিছিল?
Ans: প্ৰথম উপসাগৰীয়া যুদ্ধত আমেৰিকাই স্মাৰ্ট বোমা (Smart Bombs) ব্যৱহাৰ কৰিছিল।
৪। ৯ /১১ ৰ আক্ৰমণ কোন চনত হৈছিল?
Ans: ৯ /১১ ৰ আক্ৰমণ ২০০১ চনত হৈছিল।
৫। 'ইৰাকী স্বাধীনতা অভিধান' কোন চনত হৈছিল?
Ans: 'ইৰাকী স্বাধীনতা অভিধান' ২০০৩ চনৰ ১৯ মাৰ্চত হৈছিল।
৬। আফগানিস্তানৰ আক্ৰমণ কৰাৰ অভিধানটোক কি অভিধান বুলি জনা যায়?
Ans: আফগানিস্তানৰ আক্ৰমণ কৰাৰ অভিধানটোক দীৰ্ঘস্থায়ী স্বতন্ত্ৰতা অভিযান বুলি জনা যায়।
৭। 'স্থায়ী স্বাধীনতা অভিযান' (Operation Enduring Freedom ) কোন লোকসকলৰ বিৰুদ্ধে চলাইছিল।
৮। 'স্থায়ী স্বাধীনতা অভিযান'ৰ এটা উদ্দেশ্য লিখা।
৯। ২০০৩ চনত ইৰাকৰ ওপৰত আক্ৰমণৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি কোন আছিল?
Ans: ২০০৩ চনত ইৰাকৰ ওপৰত আক্ৰমণৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন আছিল।
১০। গোলকীয় ৰাজহুৱা সামগ্ৰী এটা উদাহৰণ দিয়া।
১১। এম. বি. এ. ৰ সম্পূৰ্ণ অৰ্থ কি?
১২। আমেৰিকা যুক্তৰাষ্ট্ৰ এটা আৰ্দশ উল্লেখ কৰা।
Ans: আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা আৰ্দশ হ'ল: গণতান্ত্ৰিক পুঁজিবাদী আদৰ্শ।
১৩। 'অপাৰেচন ডেজাৰ্ট ষ্ট'ৰ্ম' অথবা 'মৰুভূমি ধুমুহা অভিযান' মানে কি?
Ans: ১৯৯০ চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক 'মৰুভূমি ধুমুহা অভিয়ান' বুলি কোৱা যায়।
অতিৰিক্ত সাম্ভাৱ্য প্ৰশ্নাৱলী
অতি চমু উত্তৰৰ আৰ্হি প্ৰশ্নঃ
১। এক মেৰুৰ ব্যৱস্থা মানে কি?
২। তলৰ বাক্যটো শুদ্ধকৈ লিখা।
অধিপত্যৰ ( Hegemony ) শব্দটোৰ উদ্ভৱ ৰোমত হগৈছিল।
৩। শুদ্ধ নে অশুদ্ধ লিখা।
প্ৰাচীন গ্ৰীকৰ এথেন্সৰ নগৰ ৰাষ্ট্ৰসমূহৰ ওপৰত প্ৰদৰ্শন কৰা প্ৰভাৱক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল।
৪। খালী ঠাই পূৰ কৰা ঃ
হ’ল মার্কিন সামৰিক গৱেষণা প্রকল্পৰ পােনপটীয়া ফল।
৫। নমনীয় ক্ষমতা মানে কি?
৬। প্রথম উপসাগৰীয় যুদ্ধ কেতিয়া উদ্ভৱ হৈছিল?
৭। অনমনীয় ক্ষমতা কাক বােলে?
৮। মৰুভূমি ধুমুহা অভিযান মানে কি?
৯। গঠনাত্মক প্রভাৱ বা আধিপত্যৰ এটা উদাহৰণ দিয়া?
১০। সমসাময়িক বিশ্ব ৰাজনীতিত ৯ / ১১'বুলি ক'লে কোনটো ঘটনাক বুজা যায়।
Ans: ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আৰব ৰাষ্ট্ৰসমূহৰ পৰা অহা বিমান অপহৰণকাৰীৰ এটা দলে আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰ, প্ৰতিৰক্ষা বিভাগ আদি আক্ৰমণ কৰে।গতিকে ৯/১১ শব্দটোৱে এই আমেৰিকাৰ এই আক্ৰমণকটোৰ কথাকে বুজায়।
১১। কোন বছৰত ইৰাকে কুৱেইট আক্রমণ কৰিছিল?
Ans: ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল।
১২। আমেৰিকান ক্ষমতাৰ সন্দৰ্ভত এটা বাধ্যবাধকতা লিখা।
১৩। মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল কেতিয়া?
Ans: মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল ১৯৯১ চনৰ পৰা।
১৪। কোন বছৰত মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল?
১৫। গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া।
১৬। গােলকীয় গাঁও কি?
১৭। প্রথম উপসাগৰীয় যুদ্ধ’ৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল?
১৮। মার্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
১৯। ৯/১১ ৰ আক্ৰমণত কিমান লােক নিহত হৈছিল?
২০। ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।
* চমু উত্তৰৰ আৰ্হি প্রশ্নঃ
১। আধিপত্য বুলিলে কি বুজা?
Ans: আধিপত্য বুুলিলে সকলো ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা দক্ষতাকে বুজায়। যেনে- সামৰিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰত।
২। ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া।
৩। কোনে কাৰ বিৰুদ্ধে 'অপাৰেচন স্থায়ী স্বাধীনতা’ আৰম্ভ কৰিছিল?
Ans: আমেৰিকাই যুক্তৰাষ্ট্ৰই 9/11 আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে উগ্ৰবাদৰ বিৰুদ্ধে 'অপাৰেচন স্থায়ী স্বাধীনতা’ আৰম্ভ কৰিছিল।
৪ । মার্কিন আধিপত্য কেতিয়া আৰম্ভ হৈছিল?
৫। ব্রেটন উড পদ্ধতি কোনে আৰু কেতিয়া প্রস্তুত কৰি উলিয়াইছিল?
৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিস্তাৰৰ দুটা আহিলা উল্লেখ কৰা?
৭। ‘হেণ্ডৱাগন’কৌশল কি?
৮। তুমি ভাবানে যে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্রসমূহে সীমিত কৰিব পাৰে মার্কিন আধিপত্য? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা ।
৯। ১৯৯২ আৰু ১৯৯৬ চনৰ আমেৰিকা ৰাষ্ট্রপতি নির্বাচনত কোনে জয়লাভ কৰিছিল?
Ans: ১৯৯২ আৰু ১৯৯৬ চনৰ আমেৰিকা ৰাষ্ট্রপতি নির্বাচনত বিল ক্লিন্টনে জয়লাভ কৰিছিল।
১০। ইৰাকী স্বাধীনতা অভিযান মানে কি? .
১১। বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান?
১২। কেতিয়া আৰু কিয় আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ আৰম্ভ হৈছিল?
Ans: শীতল যুদ্ধৰ অন্তৰ লগে লগে বিশ্বত আমেৰিকাৰ আধিপত্য আৰম্ভ হয়। কাৰণ শীতল যুদ্ধৰ পূৰ্বে আমেৰিকাৰ সৈতে সমানেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এক শক্তি আছিল সেয়া হ'ল ছোভিয়েট সংঘ। কিন্ত শীতল যুদ্ধৰ অন্তৰ লগতে ছোভিয়েট সংঘৰো পতন হয় আৰু তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই একক শক্তি হিচাপে বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে।
১৩। কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নির্ণয় কৰা।
৪। ৰাজনৈতিক প্রচাভিযানৰ কৌশল বুলিলে কি বুজা?
২। PPP- এ কি বুজায়?
২। মার্কিন আধিপত্য প্রতিবন্ধকতাবােৰ উল্লেখ কৰা।
৩। অল-কায়দা কি?
১৮। নমনীয় ক্ষমতাৰ অধিপত্য মানে কি?
চমু উত্তৰৰ আৰ্হি প্ৰশ্ন ঃ ( ৪ নম্বৰৰ )
১। গুৱাণ্টানাম উপসাগৰ কি? ইয়াৰ তাৎপৰ্য আলোচনা কৰা।
২। মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্ৰমণ কিয় কৰিছিল?
চমু উত্তৰৰ আৰ্হি প্রশ্নঃ ( ৪ নম্বৰৰ )
১। গুৱান্টানাম উপসাগৰ কি? ইয়াৰ তাৎপর্য আলােচনা কৰা।
২। মার্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্রমণ কিয় কৰিছিল?
৩। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্বন্ধৰ বিষয়ে বহলাই লিখা।
Ans: বৰ্তমান ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অতি ভাল সম্পৰ্ক দেখা গৈছে। অৱশ্যে দুয়োৰে মাজত তিক্ত সম্পৰ্কও আছিল। দুয়োৰে মাজৰ সম্পৰ্ক তলত চমুকৈ আলোচনা কৰা হৈছে-
(i.) শীতল যুদ্ধৰ সময়ত ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কক আমেৰিকাই ভালকৈ চোৱা নাছিল। সেয়েহে আমেৰিকাই পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিলে।
(ii) শীতল যুদ্ধৰ সময়ত আমেৰিকাক সমৰ্থন নকৰাকৈ ভাৰতে অগোট নীতিৰ সমৰ্থন কৰাটো আমেৰিকাই ভাল নাপালে।
(iii) বৰ্তমান সময়ত আমেৰিকাই ভাৰত আৰু আমেৰিকাৰ সৈতে বিশেষকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আছে। আকৌ ১৫ শতাংশ হাইটেক ভাৰত আৰু আমেৰিকাই পৰিচালনা কৰে।
(iv) ইয়াৰ উপৰিও আমেৰিকাই তিনি লাখ ভাৰতীয়ক চিলিকন উপত্যকাত কাম কৰিবলৈ যোগান ধৰিছে।
(v) ভাৰতৰ ব্যৱসায়িক খণ্ডত সহযোগিতাত আমেৰিকাৰ চফট্ ৱেৰ ৰপ্তানিৰ ৬৫ শতাংশ আমেৰিকাই।
(vi) আজিৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক ইমানেই উত্তপ্ত হৈ পৰিছে যে কেৱল আমেৰিকাই ভাৰতক নতুন অস্ত্ৰ-শস্ত্ৰ, হেলিকপ্টাৰ, যুঁজাৰু বিমান আদি আগবঢ়াই আহিছে।
৪। আধিপত্য প্রতিহত কৰাৰ কেইটামান উপায়ৰ পৰামর্শ দিয়া।
৫। আজিৰ বিশ্বত মার্কিন আধিপত্যই কি বুজায়? মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনাে দুটা প্রতিবন্ধকতা উল্লেখ কৰা ।
৬। গােলকীয় গাঁৱত ৰাষ্ট্ৰৰ ভূমিকা চমুকৈ আলােচনা কৰা।
৭। কিদৰে আধিপত্যক অতিক্রম কৰিব পাৰি?
৮। জেফাৰছন বিল ক্লিণ্টনৰ অধীনত মার্কিন আধিপত্যৰ বিষয়ে আলােচনা কৰা।
৯। 'ইৰাকী স্বাধীনতাৰ অভিযান’ কি? ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা।
১০। ৰাজহুৱা পণ্য বুলিলে কি বুজা? গােলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণৰ তালিকা দিয়া।
১১। মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক ব্যাখ্যা কৰা গুৰুত্বপূৰ্ণ কাৰকসমূহ উল্লেখ কৰা।
১২। ৯ / ১১'ৰ বিষয়ে এটা টোকা লিখা ।
Ans: ৯/১১ ঘটনা বুলিলে ২০০১ চনত আমেৰিকাত সংঘাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপক বুজাই। ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে আৰৱৰ বিভিন্ন দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে আমেৰিকাৰ চাৰিখন বাণিজ্যিক আকাশী যান নিজৰ কৰায়ত্তলৈ আনি আমেৰিকাৰ গুৰুত্বপূৰ্ণ বঙলা বিলাকত আক্ৰমণ কৰে। ইয়াৰে দুখন যানে নিউইয়ৰ্ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত বোমা বৰ্ষণ কৰি সমস্ত কেন্দ্ৰটো ধ্বংস কৰে। তৃতীয়খন যানে এৰিংটন ভাৰ্জিনিয়াত থকা আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান কাৰ্যালয়ত পেন্টাগনত বোমা বৰ্ষণ কৰে আৰু চতুৰ্থ খন আকাশীযানে আমেৰিকাৰ কংগ্ৰেছ ভৱনত আক্ৰমণৰ বাবে অগ্ৰসৰ হয়। এই আক্ৰমণত প্ৰায় তিনি হাজাৰ লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়।
আমেৰিকাই এই আক্ৰমণক সহজভাৱে গ্ৰহণ কৰা নাছিল কাৰণ এই আক্ৰমণ আছিল অতি ভয়াবহ আৰু বিধ্বংসী। আমেৰিকাৰ ইয়াৰ বাবে অত্যন্ত ক্ষতিগ্ৰস্হ হয়। সেয়ে এই ঘটনাৰ প্ৰতি আমেৰিকাৰ প্ৰত্যুত্তৰো আছিল দ্ৰুত আৰু অতি নিষ্ঠুৰ। ক্লিন্টনৰ পাছত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ. এইচ. ডব্লিউ. বুশ্বৰ পুত্ৰ ডব্লিউ. বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়। তেওঁ ক্লিন্টনতকৈ আমেৰিকাৰ স্বাৰ্থৰক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ আছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ব সংগ্ৰামৰ অংশৰূপে যিবিলাকে এই আক্ৰমণ কৰিছিল, বিশেষকৈ “অল-কাইদা” আৰু আফগানিস্তানৰ তালিবান প্ৰশাসনৰ বিৰুদ্ধে আমেৰিকাই অপাৰেচন এণ্ডৰিং ফ্ৰীডম ঘোষণা কৰিছিল। ইয়াৰ পিছত তালিবান প্ৰশাসনক আমৰিকা যুক্তৰাষ্ট্ৰই সহজে পৰাজিত কৰিলে। এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৯/১১ ঘটনাৰ প্ৰত্যুত্তৰ দিছিল। তথাপি কিন্ত এই ঘটনাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ ক্ষতিগ্ৰস্ত হৈছিল।
১৩। প্রথম উপ - সাগৰীয় যুদ্ধৰ কাৰণবােৰ কি কি আছিল?
১৪। ক্লিণ্টনৰ যুগত মার্কিন সামৰিক যুদ্ধৰ বিষয়ে ব্যাখ্যা কৰা।
১৫। অনমনীয় ক্ষমতা হিচাপে আধিপত্যক ব্যাখ্যা কৰা ।
১৬। বর্তমান বিশ্ব পৰিস্থিতিৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্রৰ স্থিতি কেনেকুৱা?
১৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য প্রতিষ্ঠা কৰা প্রতিক্রিয়াটোৰ বিষয়ে আলােচনা কৰা?
• দীঘলীয়া উত্তৰৰ আৰ্হি প্রশ্নঃ ( ৬ নম্বৰৰ )
১। আধিপত্যৰ বিভিন্ন প্রকাৰবােৰ কি কি? প্রত্যেকৰে উদাহৰণ দিয়া ।
Ans: বিশ্ব ৰাজনীতিত প্ৰাধান্য বা আধিপত্য তিনিটা অৰ্থত ব্যৱহাৰ হোৱা দেখা যায়। তলত এই প্ৰধান্য বা আধিপত্য তিনিটাৰ বিষয়ে উদাহৰণ সহ আলোচনা কৰা হ'ল:
i.) কঠিন আৰু নিৰ্দয় শক্তি হিচাপে আধিপত্য বা আধিপত্যঃ কঠিন বা নিৰ্দয় শক্তি হিচাপে আধিপত্যই আমেৰিকাৰ সামৰিক শক্তিৰ আধিপত্যক বুজায়। আজিৰ পৃথিৱীত আমেৰিকাৰ সামৰিক সামৰ্থ্য আৰু সামৰ্থ্য ইমানেই বৃদ্ধি পাইছে যে পৃথিৱীৰ যিকোনো ঠাইতে ক্ষন্তেকতে আঘাত কৰি সেই ঠাইখন ধ্বংস কৰিব পাৰে। আকৌ, আমেৰিকাৰ সামৰিক সামৰ্থ্যক বাধা দিব পৰা বা মোকাবিলা কৰিব পৰা দ্বিতীয় শক্তি পৃথিৱীত নাই। কাৰণ, আমেৰিকাৰ সেনাবাহিনী গুণগত আৰু উন্নত প্ৰযুক্তিৰে সুসজ্জিত। তদুপৰি আমেৰিকাই সামৰিক গৱেষণা আৰু বাহিনীৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে। যিটো আন কোনো দেশত দেখা নাযায়।
(ii) গঠনমূলক বা গঠনমূলক শক্তি হিচাপে আধিপত্য: গঠনমূলক আধিপত্যই অৰ্থনীতি আৰু দৈনন্দিন উপভোগ্য সামগ্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱৰ সম্প্ৰসাৰণক বুজায়। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক শক্তি। বৰ্তমানৰ বিশ্ব অৰ্থনীতিৰ প্ৰতিটো খণ্ড আৰু প্ৰযুক্তিতে আমেৰিকাৰ প্ৰভাৱ বিদ্যমান। আকৌ, এনে এটাও ব্যৱসায় নাই য’ত আমেৰিকাৰ ব্যৱসায়ীসকলে প্ৰথম তিনিটাৰ ভিতৰত স্থান নাপায়। গতিকে আজিৰ পৃথিৱীত দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীকে ধৰি বিশ্ব অৰ্থনীতি সম্পূৰ্ণৰূপে আমেৰিকাৰ নিয়ন্ত্ৰণত আছে।
(iii) নমনীয় শক্তি হিচাপে আধিপত্যঃ নমনীয় শক্তিৰ আধিপত্য বুলিলে সাংস্কৃতিক বা মতাদৰ্শৰ দ্বাৰা সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিব পৰা দক্ষতাক বুজোৱা হয়। আমেৰিকাই মতাদৰ্শ, সংস্কৃতি আদিৰ দ্বাৰা বিশ্বৰ জনসাধাৰণক প্ৰভাৱিত কৰি আহিছে আৰু বিশ্বৰ জনসাধাৰণেও আমেৰিকাৰ আদৰ্শ, সংস্কৃতি, চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈ সেইবোৰক আকোৱালি লৈছে। উদাহৰণস্বৰূপে জিন্স অৱ আমেৰিকা সমগ্ৰ বিশ্বতে জনপ্ৰিয় সাজ-পোছাক হিচাপে পৰিচিত।
২। আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ ওপৰত থকা হেঁচাৰ বিষয়ে লিখা?
৩। শেহতীয়া বছৰবােৰত ভাৰত - মার্কিন সম্পর্ক বিকশাই ভােলা নতুন কাৰকসমূহ উল্লেখ কৰা ।
৪। মার্কিন যুক্তৰাষ্ট্ৰৰ গাঁথনিগত ক্ষমতাৰ এটা ধ্রুপদী উদাহৰণ হ'ল ‘ মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিস্ট্রেচন নামৰ বিদ্যায়তনিক ডিগ্ৰীটো ' — বহলাই লিখা।
৫। মার্কিন আধিপত্যৰ সাংস্কৃতিক আয়তনৰ বিষয়ে এটা টোকা লিখা।
৬। প্রাধান্য সূচক প্রভাৱৰ ক্ষেত্ৰত ইতিহাসে কি শিক্ষা দিয়ে?
৭। আধিপত্যৰ বিভিন্ন প্রকৃতি বিশ্লেষণ কৰা।
৮। মার্কিন আধিপত্য প্রতিষ্ঠিত হােৱাৰ প্রক্রিয়াসমূহ বিশ্লেষণ কৰা।
৯। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্রেক্ষাপতত আধিপত্যৰ বিষয়ে আলােচনা কৰা?
১০। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত সম্পর্ক স্বাভাৱিক কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।
১১। অধিপত্য আৰু কিমান দিনলৈ টিকি থাকিব? অধিপত্যৰ উৰ্ধ্বলৈ আমি কিদৰে যাব পাৰোঁ?
Type: Nayan Jyoti Bordoloi
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)