পাঠ ১
জীৱ আৰু ইয়াৰ বৈশিষ্ট্য
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
১∣ জীৱদেহ গঠনৰ একক কি?
উত্তৰঃ জীৱদেহ গঠনৰ একক হৈছে - কোষ।
২∣ এককোষী জীৱ কি?
উত্তৰঃ যিবোৰ জীৱৰ দেহত এটা কোষ থাকে সেইবোৰেই হৈছে এককোষী জীৱ। যেনে - এমিবা, ইষ্ট, এণ্টামিবা, প্লাজম'ডিয়াম আদি।
৩∣ দুটা একোষী জীৱৰ উদাহৰণ দিয়া।
উত্তৰঃ দুটা একোষী জীৱৰ উদাহৰণ হৈছে - এমিবা আৰু ইষ্ট।
৪∣ জীৱ আৰু জড়ৰ দুটাকৈ পাৰ্থক্য লিখা।
উত্তৰঃ জীৱ আৰু জড়ৰ দুটা পাৰ্থক্য় হৈছে -
- জীৱৰ দেহত চেতনা থাকে। আনহাতে জড়ৰ দেহত চেতনা নাথাকে।
- জীৱৰ দেহত কোষ থাকে। আনহাতে জড় দেহত কোষ নাথাকে।
৫∣ তলত তালিকাৰ কোনবিলাক জড়?
চকী, ৰবৰ, কলম, গছ, হাতী, মকৰা, শিলগুটি, চকমাটি।
উত্তৰঃ জড়বিলাক হৈছে - চকী, ৰবৰ, কলম, শিলগুটি আৰু চকমাটি।
৬∣ জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা।
উত্তৰঃ জীৱৰ সাধাৰণ বৈশিষ্ট্য়সমূহ হৈছে -
- জীৱই জীয়াই থাকিবলৈ উশাহ-নিশাহ লোৱাৰ লগতে খাদ্য়ও গ্ৰহণ কৰে।
- জীৱৰ একক হৈছে কোষ।
- জীৱৰ বৃদ্ধি আৰু বিকাশ হয়।
- সকলো জীৱৰে বংশ বৃদ্ধি হয়।
৭∣ তলত কোনবোৰ জড় বস্তু এটা সময়ত জীৱৰ অংশ আছিল?
চামাৰাৰ বেগ, মেজ, ৰবৰ, চকমাটি, কলম, কাগজ, শিলগুটি, কপাহী কাপোৰ।
উত্তৰঃ এটা সময়ত জীৱৰ অংশ হিচাপে থকা বস্তুবোৰ হৈছে - চামৰাৰ বেগ, মেজ, ৰবৰ, কাগজ আৰু কপাহী কাপোৰ।
৮∣ সকলো জীৱই উশাহ-নিশাহত কি কি গেছ ব্যৱহাৰ কৰে?
উত্তৰঃ সকলো জীৱই উশাহ-নিশাহত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰা হয়।
উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ আৰু নিশাহত অক্সিজেন গেছ ব্য়ৱহাৰ কৰে।
আৰু আন প্ৰাণীয়ে উশাহত অক্সিজেন গেছ আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰে।
-Hiru Moni Bora
Check by - Mukesh Borah
Post ID : DABP005998