পাঠ ১১

আকস্মিক দুৰ্ঘটনা


১। উত্তৰ লিখা

(ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু সংগ্ৰহ কৰিব লাগে?

উঃ প্ৰাথমিক চিকিৎসাৰ বাকচত বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপোৰ, ডেঠল, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আৰু এখন সৰু কেঁচী সংগ্ৰহ কৰিব লাগে।


(খ) খেলোঁতে হাত-ভৰিত মোচোকা খালে কি কৰিব লাগে?

উঃ  খেলোঁতে হাত-ভৰিত মোচোকা খালে -

    -মোচোকা খোৱা ঠাইত লগে লগে পৰিষ্কাৰ পানী ঢালিব লাগে। যদি      পোৱা যায় বৰফ লগাই দিব লাগে।

    -বিষ কমোৱা মলম ঘঁহি তিতা কাপোৰেৰে বান্ধি থব লাগে।

    -কেঁচা হালধি পিহি লগাই থব লাগে।


(গ) কটা-ছিঙাত তেজ ওলালে কি কৰিব লাগে?

উঃ কটা-ছিঙাত তেজ ওলালে-

    -কটা ঠাই ডোখৰ টিপা মাৰি ধৰিব লাগে।

    -কটা ঠাই ডোখৰ পৰিষ্কাৰ পানীৰে ধুই দিব লাগে।

    -পৰিষ্কাৰ কপাহত ডেটল লগাই কটা ঠাইত লগাব লাগে।

    -নাৰ্জিফুল, মানিমুনি, দূৱৰি বন, বিশল্যকৰণী আদিৰ পাত তেজ ওলোৱা বন্ধ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

    -ক'লা কচুৰ ঠাৰিৰ আঠা লগালেও তেজ ওলোৱা বন্ধ হয়।

    -বৰফ লগালেও তেজ ওলোৱা বন্ধ হয়।


(ঘ) কীট-পতংগই কামুৰিলে কি কি ব্যৱস্থা ল'ব পাৰি?

উঃ কীট-পতংগই কামুৰিলে-

    -জোকে কামোৰা ঠাইত ডেটল ঘঁহি দিব লাগে।

    -মৌমাখি বা বৰলে বিন্ধিলে আদাৰ ৰস বা পিঁয়াজৰ ৰস লগাব লাগে।

    -জোকে কামুৰিলে নিমখ, কেঁচা হালধি বা ধপাত আদি সানিলেও জোক সৰি পৰে। তেজ ওলোৱা বন্ধ হয় আৰু ঘা শুকায়।


(ঙ) মূৰ্ছা গ'লে কি কৰা উচিত?

উঃ মূৰ্ছা গ'লে-

    -চকুৱে মুখে ঠাণ্ডা পানী ছটিয়াই দিব লাগে।

    -চোলাৰ বুটাম, পেণ্টৰ বেল্ট আৰু জোটা খুলি দিব লাগে।

    -মূৰ্ছা যোৱাজনক আগুৰি ধৰি ভিৰ কৰিব নালাগে।

    -হাত আৰু ভৰিৰ তলুৱা মোহাৰি দিব লাগে।

    -ভৰি চেঁচা হ'লে তেল মালিচ কৰিব লাগে।


(চ) পানীত পৰা মানুহক আৰোগ্য কৰিবৰ বাবে কি কি ব্যৱস্থা ল'ব লাগে?

উঃ পানীত পৰা মানুহক আৰোগ্য কৰি তুলিবৰ বাবে -

    -পানীত ডুবা মানুহক তলমূৰকৈ মাটিত শুৱাই দিব লাগে।

    -পিন্ধি থকা কাপোৰ সলাই দিব লাগে।

    -তলমূৰকৈ শুৱাই আঠুঁ দুটা কোঁচ খুৱাই বুকুৰ ওচৰলৈ কেইবাৰমান অনা-নিয়া কৰিব লাগে, যাতে পেটৰ পৰা পানী বাহিৰলৈ ওলায়।

   

(ছ) জুয়ে পুৰিলে কি কৰিব লাগে?

উঃ জুয়ে পুৰিলে -

    -জুয়ে পোৰা ঠাইত আলু ৰুকি লগাই দিলে পোৰা ঠাইৰ জ্বলা-পোৰা কম হয়।

   -পোৰা ঠাইত অমিতাৰ আঠা লগালেও যথেষ্ট উপকাৰ পোৱা যায়।

   -গাজৰ পিহি লগালে ঢৌ নুঠে।

   -ছালকুঁৱৰীৰ পাত খুন্দিও প্ৰলেপ দিব পাৰি।


(জ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত?

উঃ খেলোঁতে ল'বলগীয়া সাৱধানতা সমূহ হ'ল-

    -শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে।

    -ওখোৰা-মোখোৰা ঠাইত খেলিব নালাগে।

    -নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি-বন থকা ঠাইত খেলিব নালাগে।

    -আলিবাটৰ মাজত খেলিব নালাগে।

    -লাঠি, দা, কটাৰী, জুই আদি হাতত লৈ খেলিব নালাগে।

    -খেলি থাকোতে ইজনে-সিজনৰ গালৈ বস্তু দলিয়াব নালাগে।

    -খেলোঁতে অযথা ঠেলা-হেঁচা কৰিব নালাগে।


(ঝ) কাম কৰোতে কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগে?

উঃ কাম কৰোতে ল'ব লগা সাৱধানতাসমূহ হ'ল-

    -কাম কৰোতে বেছি খৰ-খেদা কৰিব নালাগে।

    -দা, কটাৰী, কোৰ আদিৰে কাম কৰোতে অন্য কথালৈ মন দিব নালাগে।

    -তিতা হাতেৰে বিজুলীৰ চুইচ চুব নালাগে।

    -গৰম কেটলি বা কেৰাহীৰ নাল কাপোৰ বা কাগজেৰে ধৰিহে দাঙিব লাগে।

    -গা ধোৱা ঘৰৰ মজিয়াৰ পৰা গা ধোৱা বা কাপোৰ ধোৱা চাবোনৰ ফেনবোৰ পানী ঢালি আঁতৰাই দিব লাগে।

    -জুইৰ কাষত কাগজ, কাপোৰ আদি ৰাখিব নালাগে।

    -দমকল মাৰোঁতে লাহে লাহে মাৰিব লাগে।


২। খালী ঠাই পূৰ কৰা-

উত্তৰঃ

(ক) শৰীৰত কম পৰিমাণে পোৱা আঘাত প্ৰাথমিক চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি।

(খ) কটা ঠাই ডোখৰ টিপা মাৰি ধৰিব লাগে।

(গ) মৌ নাইবা বৰলে বিন্ধিলে আদা বা পিঁয়াজৰ ৰস লগাব লাগে।

(ঘ) ভৰি চেচা হ'লে তেল মালি দিব লাগে।

(ঙ) সাপে খোঁটা ঠাই ডোখৰ দুয়োফালে টানকৈ গাঁঠি মাৰিব লাগে।

(চ) আলু ৰুকি লগাই দিলে পোৰা ঠাইৰ জ্বলা-পোৰা কম হয়।

(ছ) তিতা হাতেৰে বিজুলী ছুইচ নুচুবা।

(জ) দা, কটাৰীৰ ধাৰ থকা ফালটো ধৰিব নালাগে।


৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

উত্তৰঃ

            'ক'                           -                          'খ'

মূৰ্ছা গলে                             -      চকুৱে মুখে পানী চটিয়াব লাগে।

পানীত ডুবা মানুহক           -       তলমূৰকৈ মাটিত শুৱাই দিব লাগে।

মোচোকা খালে                   -       ঠাণ্ডা পানী ঢালিব লাগে।

মৌ নাইবা বৰলে বিন্ধিলে    -    আদা নাইবা পিঁয়াজৰ ৰস লগাব লাগে।

দমকল মাৰোঁতে                     লাহে লাহে মাৰিব লাগে

ওখোৰা-মোখোৰা ঠাইত       -    খেলিব নালাগে


৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-


(ক) চিকিৎসাৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক/প্ৰাথমিক চিকিৎসা বোলে।

উঃ প্ৰাথমিক।


(খ) বৰফ লগালে তেজ ওলোৱা বন্ধ হয়/নহয়।

উঃ হয়।


(গ) জুয়ে পোৰা ঠাইত অমিতাৰ/ছালকুঁৱৰীৰ পাত খুন্দি প্ৰলেপ দিব লাগে।

উঃ ছালকুঁৱৰীৰ পাত।


(ঘ) তেজ ওলোৱা বন্ধ হ'বলৈ অপৰাজিতাৰ শিপা/বিশল্যকৰণীৰ পাত লগাব লাগে।

উঃ বিশল্যকৰণীৰ পাত।


(ঙ) হাত-ভৰি মোচোকা খালে হালধি পিহি/আলু ৰুকি লগাব লাগে।

উঃ হালধি পিহি।


Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)