Lesson 11
চক্ৰধ্বজ সিংহ
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
1. উত্তৰ লিখাঁ।
(a) আহােম ৰজা জয়ধ্বজ সিংহ আৰু মােগল সেনাপতি মিৰজুমলাৰ মাজত ১৬৬৩ খ্রি.ত কোন ঠাইত সন্ধি হৈছিল?
উত্তৰঃ- আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰজুমলাৰ মাজত ১৬৬৩ খ্ৰি.ত ঘিলাধাৰী নামৰ ঠাইত সন্ধি হৈছিল।
(b) মােগল সম্রাটে চক্ৰধ্বজ সিংহলৈ উপহাৰ দি পঠোৱা কটকী দুজনৰ নাম কি কি আছিল?
উত্তৰঃ- মোগল সম্ৰাটে চক্ৰধ্বজ সিংহলৈ উপহাৰ দি পঠোৱা কটকী দুজনৰ নাম হৈছে- দুৰবেগ আৰু ৰস্তমবেগ।
(c) শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমসকলৰ মহামন্ত্রী কোন আছিল?
উত্তৰঃ- শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ মহামন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই।
2. খালী ঠাই পূৰ কৰাঁ ।
(a) ______ বৰফুকন আছিল মােমাই তামুলী বৰবৰুৱাৰ পুত্র ।
উত্তৰঃ লাচিত।
(b) চক্ৰধ্বজ সিংহৰ আহােম নাম আছিল _______।
উত্তৰঃ চুপুংমুঙ।
(c) ১৬৬৯ খ্রি.ত________যুদ্ধ হৈছিল।
উত্তৰঃ আলাবৈ।
3. চমু উত্তৰ দিয়া।
(a) বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিওঁ কথাষাৰ কোনে কাক কি প্রসংগত কৈছিল?
উত্তৰঃ- বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিওঁ- এই কথাষাৰ লাচিত বৰফুকনে মোগলৰ সেনাপতি ৰামসিংহক কৈছিল। আলবৈ ৰণত সফল হৈ ৰাংসিংহই লাচিতক সন্ধিৰ প্ৰস্তাৱ দিছিল যদিও স্বাধীনচিতীয়া লাচিতে 'বিনা যুদ্ধক আঙুল মাটিও বঙালক এৰি নিদিয়াৰ'ৰ প্ৰতিজ্ঞাত অটল হৈ থাকিল।
(b) আলাবৈ যুদ্ধত হৰাৰ পিছত মহামন্ত্রীয়ে লাচিত বৰফুকনক কি বুলি বুজনি দিছিল?
উত্তৰঃ- আলৈব যুদ্ধত হৰাৰ পিছত মহামন্ত্ৰীয়ে লাচিত বৰফুকনক এনেদৰে বুজনি দিছিল- 'বাৰীৰ চুকত পুখুৰী সিঁচোতে যদি ৮/১০টা মানুহক শিঙি মাছে বিন্ধিব পাৰে, তেন্তে এইখন যুদ্ধহে, মানুহ মৰিবই। তাত দুখ কৰি থকাতকৈ অধিক দৃঢ়তা আৰু মনোবলেৰে পুনৰ নিজক সংশোধন কৰি যুদ্ধৰ বাবে সাজু হ'ব লাগে।'
4. আলাবৈ যুদ্ধৰ এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ-'আলাবৈ' নামে ঠাইত ১৬৬৯ খ্ৰি.ত আহোম আৰু মোগলৰ মাজত এখন যুদ্ধ হয়। চক্ৰধ্বজ সিংহৰ কঠোৰ আৰু জৰুৰী আদেশত লাচিত বৰফুকনে অনিচ্ছাস্বত্তেও যুদ্ধত নামিছিল। মোগলৰ বাবে সূচল হৈ থকা এই যুদ্ধত আহোমে পৰাজয় বৰণ কৰি প্ৰায় ১০,০০০ সৈন্য় হেৰুৱাব লগা হ'ল। এই কথাত লাচিত বৰফুকনে অধিক আঘাত পালে।পৰাজয়ৰ বাৰ্তা পোৱাৰ কিছুদিন পিছতেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই শোকত প্ৰাণত্য়াগ কৰে। এই যুদ্ধৰ পাছত লাচিতক মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে বুজনি দিছিল এনেদৰে- 'বাৰীৰ চুকত পুখুৰী সিঁচোতে যদি ৮/১০টা মানুহক শিঙি মাছে বিন্ধিব পাৰে, তেন্তে এইখন যুদ্ধহে, মানুহ মৰিবই। তাত দুখ কৰি থকাতকৈ অধিক দৃঢ়তা আৰু মনোবলেৰে পুনৰ নিজক সংশোধন কৰি যুদ্ধৰ বাবে সাজু হ'ব লাগে।' মহামন্ত্ৰী আতন বুঢ়াগোহাঁইৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত হৈ লাচিত বৰফুকনে দুগুণ উৎসাহেৰে যুদ্ধৰ প্ৰস্তুতি চলালে।
5. চক্ৰধ্বজ সিংহই শৰাইঘাট যুদ্ধৰ প্রস্তুতি কেনেদৰে কৰিছিল লিখা।
উত্তৰঃ- মোগল সম্ৰাটে পঠোৱা অপমানজনক উপহাৰ আৰু কটু ভাষাৰে কৰ পৰিশোধ কৰিবলৈৈ দিয়া চিঠিয়ে চক্ৰধ্বজ সিংহক মৰ্মাহত কৰিছিল। সেয়ে তেওঁ মোগলক আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। কিন্তু মন্ত্ৰী সহিতোন আন বিষয়াসকলে তেওঁক লগে লেগ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা উচিত নহ'ব বুলি পৰামৰ্শ দিলে। সেয়েহে চক্ৰধ্বজ সিংহই কৌশল কৰি মোগল কটকীক কিছু দিনৰ পিছতহে কৰপ পৰিশোধ কৰিব পাৰিব বুলি কৈ বিদায় দিলে।
সেই সময়তে বানচঙ্গীয়া নগা আৰু মিৰিবিলাকে ডফলাৰ লগ হৈ আহোম ৰাজ্য় আক্ৰমণ কৰিছিল। পৰিস্থিতিৰ গুৰুত্ব বুজি আহোম ৰজাই সৈন্য় পঠাই দুয়োটা বিদ্ৰোহ দমন কৰিছিল।
এই দুয়োটা বিদ্ৰোহ দমন কৰি এইবাৰ মোগলক আক্ৰমণ কৰিবৰ বাবে সাজু হ'ল। তাৰ বাবে তেওঁ শত্ৰুৰ চকুত ধূলি দি তলে তলে যুদ্ধৰ আয়োজন কৰিছিল। এই গুৰু দায়িত্ব মহামন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনক দিছিল।
স্বাধীনচিতীয়া চক্ৰধ্বজ সিংহ মোগলৰ কৰতলীয়া হৈ থাকিবলগীয়া হোৱাত মৃত্য়ুসম আঘাত পাইছিল। তেওঁ নিজে যুদ্ধৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ তদাৰক কৰিছিল। তেওঁ যাতায়তৰ সুবিধাৰ বাবে জাঁজীলৈ এটা আলি বন্ধালে। ৰজাই নিজে সৈন্য়বাহিনীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত আগভাগ ল'লে। কাঁড়ীক কাঁড় মাৰিবলৈ, হিলৈদাৰীক হিলৈ মাৰিবলৈ, নাওশালত নাও সজা পৰিদৰ্শন কৰি প্ৰতিজন আহোম সৈন্য়ক উৎসাহ যোগালে।
এনেদৰে চক্ৰধ্বজ সিংহই শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি কৰিছিল।
Author: Chinmay Kakati
Check by - Mukesh Borah