পাঠ-১৩

শস্যৰ উৎপাদন আৰু সংৰক্ষণ


১। উত্তৰ লিখা-

(ক) মাটি কেইপ্ৰকাৰৰ আৰু কি কি ?

উঃ মাটি তিনি প্ৰকাৰৰ-

      -বোকা মাটি

      -পলসুৱা মাটি আৰু

      -বালি মাটি।


(খ) কোনবিধ মাটিত গছ পুলিৰ বৃদ্ধি ভাল হয়?

উঃ পলসুৱা মাটিত গছ পুলিৰ বৃদ্ধি ভাল হয়।


(গ) খৰালি কালত কিহৰ সহায়ত খেতিপথাৰত পানী যোগান ধৰা হয়?

উঃ খৰালি কালত বিজুলী বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী, আৰু নলী নাদৰ পৰা পানী যোগান ধৰি খেতি পথাৰত পানী দিয়া হয়।


(ঘ) দুবিধ জৈৱিক সাৰৰ নাম।

উঃ দুবিধ জৈৱিক সাৰ হৈছে-

      কেঁচুসাৰ আৰু গোবৰ।


(ঙ) বোকা মাটিৰ গঠন কেনেকুৱা?

উঃ বোকামাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি। এই মাটিয়ে বহু সময় পানী ধৰি ৰাখিব পাৰে।


(চ) অধিক শস্য উৎপাদনৰ বাবে কি কি ব্যৱহাৰ কৰিব লাগে?

উঃ অধিক শস্য উৎপাদনৰ বাবে উন্নতজাতৰ বীজ, জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়।


(ছ) শস্যবোৰ ক'ত ক'ত সংৰক্ষণ কৰিব লাগে?

উঃ শস্যবোৰ ভঁৰাল, ডুলি, চোম আদিত সংৰক্ষণ কৰিব লাগে।


২। খালী ঠাই পূৰ কৰা-

উত্তৰ-

(ক) বালিচঁহীয়া মাটি বিন্ধাযুক্ত আৰু ই পানী ধৰি ৰাখিব নোৱাৰে।


(খ) বোকা মাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি।


(গ) পলসুৱা মাটিত বালি আৰু বোকাৰ পৰিমাণ সমান।


(ঘ) পলসুৱা মাটিত জৈৱিক সাৰ থাকে।


৩। শুদ্ধ উত্তটোত শুদ্ধ দিয়া-

(ক) কেঁচুসাৰ এবিধ জৈৱিক সাৰ ।

উঃ শুদ্ধ।


(খ) পলসুৱা মাটিত জৈৱিক সাৰ নাথাকে।

উঃ অশুদ্ধ।


(গ) অসমৰ বেছিভাগ খেতিয়কে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে।

উঃ শুদ্ধ।


(ঘ) উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণৰ উপৰি সূৰ্যৰ তাপ, পোহৰ আৰু পানীৰ আৱশ্যক।

উঃ শুদ্ধ।


৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

উত্তৰ-

    'ক'                -                    'খ'

পাম্প               -    খেতি পথাৰত পানী দিয়া হয়।

ট্ৰেক্টৰ              -    মাটি চহ কৰা হয়।

টোম                -     বীজ সংৰক্ষণ কৰা হয়।

শীতল ভঁৰাল    -    শাক-পাচলি, ফল-মূল আদি বহুত দিনলৈ সতেজ                                  কৰি ৰাখে।


৫। শীতল ভঁৰাল, পণ্যাগাৰ আৰু টোমৰ বিষয়ে চমুকৈ বৰ্ণণা কৰা।

উঃ শীতল ভঁৰালঃ সোনকালে নষ্ট হৈ যোৱা সামগ্ৰীসমূহ বহুদিনলৈ সতেজ কৰি ৰাখিবলৈ যি ভঁৰালত থোৱা হয়, সেই ভঁৰালক শীতল ভঁৰাল বুলি কোৱা হয়।

পণ্যাগাৰঃ কৃষিজাত শস্যসমূহ বহুতদিন ভালে ৰাখিবৰ বাবে বিশেষভাৱে নিৰ্মিত এটা ঘৰত ৰখা হয়। এই ঘৰটোক পণ্যাগাৰ বুলি কোৱা হয়।

টোমঃ শস্যৰ বীজবোৰ বাঁহেৰে তৈয়াৰী এটা পাত্ৰত ৰখা হয়। পাত্ৰটোৰ ভিতৰত খেৰৰ এটা পাতল তৰপ দিয়া হয়। বীজ সংৰক্ষণ কৰা এই পাত্ৰটোৱেই হৈছে টোম।


Answered by Hiru Moni Bora 

Last Update by Dipawali Bora (07.05.2022)



Post ID : DABP005905