ধনপতি
১। শব্দ-অৰ্থঃ
দেশব্যাপী - গোটেই দেশজুৰি
স্বজাতি - নিজৰ দেশ বা সমাজ
ন্যায়-নিৰূপিত - নিয়ম অনুসাৰে
কলংক - দাগ, চেকা, কুখ্যাতি
কলংকবৰ্জিত - দাগ নথকা
ধনপতি - ধনৰ গৰাকী, চহকীলোক
মূলমন্ত্ৰ - মূল নীতি
২। প্ৰকৃত ধনীলোক কোনজন?
উত্তৰঃ- যি লোকে সত উপায়েৰে ধন আৰ্জে তেওঁলোকহে প্ৰকৃত ধনীলোক।
৩। 'ধনবান আছে বহু দিশে-বিদেশত'
- ইয়াত কবিয়ে কেনে ধনীলোকৰ কথা কৈছে?
উত্তৰঃ- ইয়াত কবিয়ে স্বদেশৰ লোকে বিদেশত গৈ ধন খৰচ কৰা ধনীলোকৰ কথা কৈছে।
৪। কেনে ধন কলংক বৰ্জিত?
উত্তৰঃ- যিজন ধনীলোকে সজ উপায়েৰে ধন উপাৰ্জন কৰে আৰু সমাজৰ উন্নতিৰ হকে ধন খৰচ কৰে, তেনে ধনীলোকৰ ধন কলংক বৰ্জিত।
৫। বাক্য ৰচনা কৰাঃ
দেশব্যাপী - কৰ'না মহামাৰী দেশব্যপী বিয়পী পৰিছে।
মূলতন্ত্ৰ - উন্নতিৰ মূলমন্ত্ৰ হৈছে অধ্যয়ন।
দেশ-বিদেশ - অসম এশিঙীয়া গড়ৰ বাবে দেশে-বিদেশে জনাজাত।
কলংক - সত উপায়েৰে উপাৰ্জন কৰা ধন কলংক বৰ্জিত।
Mampi Kakati
Check by - Mukesh Borah
********
Post ID : DABP006044
2 Comments