পাঠ ১৪
আমাৰ ক্ষুদ্ৰ উদ্যোগ


১। উত্তৰ লিখা-

(ক) কুটীৰ শিল্প কাক বোলে?
উঃ কম মূলধনৰ সহায়ত শাৰীৰিক শ্ৰমৰ জৰিয়তে যন্ত্ৰ-পাতিৰ ব্যৱহাৰ প্ৰায় নকৰাকৈ মানুহৰ দৈনিক প্ৰয়োজনীয় সামগ্ৰীসমূহ উৎপাদন কৰি লোৱাৰ ব্যৱস্থাক কুটীৰ শিল্প বোলে।

(খ) মৃতশিল্পৰ বিশেষ আকৰ্ষণ কি?
উঃ মৃতশিল্পৰ বিশেষ আকৰ্ষণ হৈছে- টেৰাকোটা

(গ) বাগানত চাহপাত কেনেকৈ তৈয়াৰ কৰা হয়?
উঃ বাগানৰ পৰা কুমলীয়া পাত ছিঙি, শুকুৱাই বিশেষ পদ্ধতিৰে মেচিনত চাহপাত তৈয়াৰ কৰা হয়।

২।চমু উত্তৰ লিখা-

(ক) অসমত থকা দুবিধ কুটীৰ শিল্পৰ নাম।
উঃ অসমত থকা দুবিধ কুটীৰ শিল্পৰ নাম হ'ল-
      -চাহ শিল্প
      -বয়ন শিল্প।

(খ) চাহখেতি কৰা তিনিখন জিলাৰ নাম।
উঃ চাহখেতি কৰা তিনিখন জিলাৰ নাম- তিনিচুকীয়া, ডিব্ৰুগড় আৰু গোলাঘাট।

(গ) অসমত কোনটো উদ্যোগে অধিক পৰিমাণে আমাৰ দেশক আৰ্থিক উন্নয়নত সহায় কৰিছে?
উঃ অসমত চাহ উদ্যোগে অধিক পৰিমাণে আমাৰ দেশক আৰ্থিক উন্নয়নত সহায় কৰিছে।


(ঘ) অসমৰ কোনখন ঠাইক বস্ত্ৰনগৰী বোলে?
উঃ অসমৰ শুৱালকুছিক বস্ত্ৰনগৰী বুলি কোৱা হয়।

(ঙ) মৃৎশিল্প কেন্দ্ৰ থকা তিনিখন ঠাইৰ নাম।
উঃ মৃৎশিল্প কেন্দ্ৰ থকা তিনিখন ঠাইৰ নামহ'ল-
      -আশাৰীকান্দ
      -হাজো আৰু
      -কৰিমগঞ্জ।


(চ) বয়ন কেন্দ্ৰত উৎপাদন হোৱা দুবিধ কাপোৰৰ নাম।
উঃ  বয়ন কেন্দ্ৰত উৎপাদন হোৱা দুবিধ কাপোৰৰ নাম - পাট-মুগা আৰু এৰী কাপোৰ।

৩। শুদ্ধ বাক্যত শুদ্ধ দিয়া-

(ক) কুটীৰ শিল্পত যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বেছি।
উঃ অশুদ্ধ।

(খ) অসমৰ চাহ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্য়োগ।
উঃ শুদ্ধ।

(গ) ঢকুৱাখানাত বয়নকেন্দ্ৰ আছে।
উঃ শুদ্ধ।

(ঘ) অসমৰ পাট-মুগা কাপোৰে দেশে-বিদেশে আদৰ পাইছে।
উঃ শুদ্ধ।

(ঙ) বয়নকেন্দ্ৰৰ অন্যতম আকৰ্ষণ টেৰাকোটা।
উঃ অশুদ্ধ।

৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

        'ক'            -          'খ' 
সৰ্থেবাৰী            -        কাঁহৰ শিল্প
ঢকুৱাখানা         -        বয়নশিল্প
আশাৰীকান্দি    -        পিতলৰ শিল্প
হাজো               -        মৃৎশিল্প

৫। কাঁহৰ বাচন তৈয়াৰ কৰা মানুহজনক কি বোলে?
উঃ কাঁহৰ বাচন তৈয়াৰ কৰা মানুহজনক কঁহাৰ বোলে।

৬। অসমত চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ কি?
উঃ অসমৰ জলবায়ু আৰু মাটি চাহ খেতিৰ বাবে উপযোগী। ইয়াত বহুকেইখন চাহ বাগান আছে। এই বাগানসমূহৰ পৰা প্ৰচুৰ পৰিমাণে চাহপাত উৎপন্ন হয়। সেইবাবে ইয়াত চাহ উদ্যোগ গঢ় লৈ উঠিছে।



Answered By Hiru Moni Bora

Last Update By Dipawali Bora (07.05.2022)




Post ID : DABP005922