আগতে নিজে নিকা হ' 


১। শব্দ-অৰ্থঃ

নিকা - পৰিস্কাৰ, মল নথকা, স্পষ্ট, নিৰ্মল।

পখালি - ধুই নিকা কৰি, পানীৰে মেলি গুচাই।

আত্মিক - আপোন, নিজৰ, কুটুম 

হিয়া - হৃদয়, অন্তৰ 

তেনে - তেতিয়াহে, তেন্তে 

দৃঢ়তা - স্থিৰতা, কঠিন, লৰচৰ নকৰা

মলি - মল, ধূলি মাকতি, ওখল।


১। প্ৰশ্নঃ
(ক) কি কৰিলে অইনৰ মন নিকা কৰিব পাৰি?
উত্তৰঃ- নিজৰ মনৰ মলি আঁতৰাই ল'ব পাৰিলে অইনৰ মন নিকা কৰিব পাৰি।


(খ) কেতিয়া আমি সঁচা ক'ব লাগে?
উত্তৰঃ- আমি আনক সঁচা ক'বলৈ দিয়াৰ আগতে আমি সঁচ ক'ব লাগে।


(গ) সঁচা ক’বলৈ আমি কি কৰিব লাগিব?
উত্তৰঃ- সঁচা ক’বলৈ শিকি আমি দৃঢ়তাৰে তাৰ অনুশীলন কৰিব লাগিব।



(ঘ) কি কি কৰিলে ধন-সােণবােৰ আহি জমা হ'ব? 
উত্তৰঃ- সত্যৰ ওপৰত আধাৰিত নিৰ্মল মনৰ অধিকাৰী হ'লে ধন-সােণবােৰ আহি জমা হ'ব।



(ঙ) কবিয়ে কথাখিনি কাক উদ্দেশ্য কৰি কৈছে ?
উত্তৰঃ- কবিয়ে কথাখিনি সেইবোৰ মানুহক উদ্দেশ্য কৰি কৈছে যিবোৰ মানুহ নিজে বেয়া হৈ আনক ভাল হোৱাৰ কথা কৈ থাকে।



২। বাক্য ৰচনা কৰা? 
সঁচা - আমি সদায় সঁচা কথা ক'ব লাগে। 

পখালি আমি সদায় গা ধুই-পখালি থাকিব লাগে। 

দৃঢ় - নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ দৃঢ়তা থাকিব লাগিব। 

ভৰাই - ৰহিমে গছৰ পৰা আম পাৰি পাচিত ভৰাই থলে। 

মলি - আনক ভাল হ'বলৈ দিয়াৰ আগতে আমি নিজৰ হিয়া-মনৰ মলি ধুই-পখালি ল'ব ৰলাগে।



৩। কবিতাটিত কেবাটাও যৌগিক ক্রিয়া আছে । তাৰে তিনিটা বাছি উলিওৱা।
উত্তৰঃ নিকা, পখালি, সঁচা, দৃঢ়তাৰে, হোৱা, লোৱা, কোৱা, ৰোৱা।


Mampi Kakati 

*****



Post ID : DABP006051