Lesson 16

মানুহৰ স্বাস্থ্য

◻️ প্ৰশ্নাৱলী 

১∣ মানুহে কিয় আহাৰ খাব লাগে ?

উত্তৰঃ মানুহে আহাৰ নিজৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে খাব লাগে।

∣ ভাল স্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ খোৱা উচিত ?

উত্তৰঃ ভাল স্বাস্থ্য়ৰ বাবে ভাত, ৰুটি, দাইল, শাক-পাচলি, মাছ-মাংস, ফলমূল, কণী, গাখীৰ, মাখন ইত্য়াদি খোৱা বস্তুবোৰত ঠিক পৰিমাণে, নিয়মীয়াকৈ পুষ্টিকৰ বস্তু পোৱা যায়। এনে ধৰণৰ আহাৰক সুষম আহাৰ বোলে।

∣ খোৱাবস্তু বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত ?

উত্তৰঃ শৰীৰৰ অংগ - প্ৰত্য়ংগবোৰে ঠিকমতে কামবোৰ কৰি থাকিলে মানুহৰ স্বাস্থ্য় ভালে থাকে।

∣ খোৱাবস্তু কিয় ভালকৈ ধুই লোৱা উচিত ?

উত্তৰঃ খোৱাবস্তু ভালকৈ ধুই লোৱা উচিত কাৰণ তাত বিধিন্ন ধৰণৰ বীজাণু সোমাই থাকিব পাৰে।

∣ খোৱাপানী কিয় উতলাই খাব লাগে ?

উত্তৰঃ খোৱাপানী উতলাই খাব লাগে কাৰণ তাত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে।

∣ চাফ-চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় ?

উত্তৰঃ 

∣ অংগ মানে কি ?

উত্তৰঃ মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক অংগ বোলে।

∣ মানুহৰ শৰীৰৰ সহজে চকুত পৰা পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ মানুহৰ শৰীৰৰ সহজে চকুত পৰা পাঁচবিধ অংগৰ নাম হ'লঃ নাক, কাণ, মুখ, ডিঙি, বুকু ইত্য়াদি। 

∣ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ পাঁচবিধ অংগৰ নাম হ'লঃ কলিজা, মগজু, যকৃৎ, বৃক্ক, হাও - ফাও ইত্য়াদি।

১০∣ পুষ্টিকৰ বস্তু কাক বোলে ? 

উত্তৰঃ শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে।

১১। হৃৎপিণ্ডৰ কাম কি ?

উত্তৰঃ হৃৎপিণ্ডই শৰীৰৰ সকলো অংশলৈ তেজ পঠিয়ায়।

১২  মগজুৰ কাম কি ? ◼️

উত্তৰঃ মগজুৱে শৰীৰৰ সকলো অংগৰে কামকাজ নিয়াৰিকৈ চলাই নিয়ে।




Post ID : DABP005912