আঞ্চলিক ভূগোল অসম | Lesson 17 | সপ্তদশ অধ্যায় | Class 6 Social Science Assam Jatiya Bidyalay Solution | Class VII Social Science Suggestions AJB | জাতীয় বিদ্যালয় সমাজ বজ্ঞানৰ প্ৰশ্ন উত্তৰ


পাঠ ১৭

আঞ্চলিক ভূগোল অসম


১। একোটাকৈ বাক্যত উত্তৰ দিয়া।

(ক) আঞ্চলিক ভূগােল কাক বােলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে।


(খ) অসমৰ চাৰিসীমাত থকা যি কোনাে এখন বিদেশী ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ অসমৰ চাৰিসীমাত থকা যি কোনাে এখন বিদেশী ৰাষ্ট্রৰ নাম হৈছে - ভূটান।


(গ) বৰাইল পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম লিখা।

উত্তৰঃ বৰাইল পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম হৈছে 一 লাইকেই।


২। খালী ঠাই পূৰ কৰা।

(ক) ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত।

( খ ) অসমৰ কালি প্রায় ৭৮,৪৩৮ বর্গ কিল'মিটাৰ।

(গ) প্রাকৃতিক বৈশিষ্ট্যবােৰ লক্ষ্য কৰি অসমক তিনিটা টা ভৌগােলিক অঞ্চলত ভগাব পাৰি।

(ঘ) বৰাক সমতল অসমৰ দক্ষিণ অংশত অৱস্থিত।

(ঙ) কার্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগ দুটাৰ নাম সিংহাসন আৰু দাম্বুকছো

(চ) ২০১১ চনৰ লােক পিয়ল মতে অসমৰ মুঠ জনসংখ্যা প্রায় ৮৬ শতাংশ গাঁও অঞ্চলত বাস কৰে।

(ছ) অসমৰ প্রধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাক

(জ) অসমৰ ভিতৰতে ওখ পাহাৰখনৰ নাম বৰাইল

(ঝ) কার্বি মালভূমি মেঘালয় মালভূমিৰ অংশ।

(ঞ) ব্রহ্মপুত্র উপত্যকাৰ কালি ৫৪৪০০ বর্গ কিল'মিটাৰ।


৩। যথাযথ উত্তৰ লিখা। ( ২০-২৫টা মান শব্দৰ ভিতৰত )

(ক) আঞ্চলিক ভূগােল বুলিলে কি বুজা? আঞ্চলিক ভূগােল অধ্যয়নৰ উদ্দেশ্য লিখা।

উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে।

    পৃথিৱীৰ অঞ্চল সমূহৰ বিষয়ে আমি জনাটো নিতান্ত প্ৰয়োজনীয়। আন নহ'লেও আমি বাস কৰা ৰাজ্য়খন, দেশখন আৰু দেশখনৰ বিভিন্ন ঠাইৰ বিষয়ে আমি জানিব লাগে। সেয়েহে আমি আঞ্চলিক ভূগোল অধ্য়য়ন কৰিব লাগে।


(খ) অসমৰ চাৰিসীমা লিখা।

উত্তৰঃ অসমৰ উত্তৰে ভূটান, অৰুণাচল প্ৰদেশ, পূবে অৰুণাচলৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ, দক্ষিণে মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমে মেঘালয়, পশ্চিমবংগ আৰু বাংলাদেশ।


(গ) প্রাকৃতিক বৈশিষ্ট্যবােৰ লক্ষ্য কৰি অসমক কেইটা ভৌগােলিক ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ প্রাকৃতিক বৈশিষ্ট্যবােৰ লক্ষ্য কৰি অসমক তিনিটা ভৌগােলিক ভাগত ভগাব পাৰি আৰু সেইকেইটা হৈছে 一 (i) ব্ৰহ্মপুত্ৰ উপত্য়কা, (ii) বৰাক উপত্য়কা আৰু (iii) কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া জিলা।


(ঘ) কাৰ্বি আংলং আৰু ডিমা-হাচাও পাহাৰীয়া অঞ্চলৰ অৱস্থান চমুকৈ লিখা।

উত্তৰঃ কাৰ্বি আংলং আৰু ডিমা-হাচাও পাহাৰীয়া অঞ্চলটো ৰাজ্য়খনৰ মাজ ভাগত অৱস্থিত। অঞ্চলটোৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ উপত্য়কা আৰু দক্ষিণে আছে বৰাক সমতল। অঞ্চলটো কাৰ্বি মালভূমি আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলেৰে আগুৰা।


৪। অসমৰ জলবায়ুৰ বিষয়ে ছটামান বাক্য লিখা।

উত্তৰঃ অসম ৰাজ্য়খন মৌচুমী জলবায়ুৰ অন্তৰ্গত ৰাজ্য়। মৌচুমী জলবায়ু অঞ্চলৰ সাধাৰণ গুণবোৰ ইয়াত অনুভূত হয় যদিও জলবায়ুৰ ক্ষেত্ৰ ৰাজ্য়খনৰ কিছু সুকীয়া বৈশিষ্ট্য় আছে। দেশৰ আন আন ৰাজ্য়ৰ তুলনাত অসমত বৰষুণ বেছিকৈ হয়। মাৰ্চ-এপ্ৰিল মাহত বৰদৈচিলা নামৰ এক বিশেষ বতাহ প্ৰবাহিত হয়। বাৰিষা অতিপাত বৰষুণে যিদৰে ৰাজ্য়খনত বানপানীৰ সৃষ্টি কৰে সেইদৰে খৰালি বৰষুণৰ অভাৱত খৰাং অৱস্থাৰো সৃষ্টি কৰে।


৫। চমু টোকা লিখা।

(ক) অসমৰ নদ-নদী আৰু বিলসমূহ

উত্তৰঃ অসম এখন নদী প্রধান ৰাজ্য। ইয়াৰ প্ৰধান নদী দুখন হ’ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। নদী দুখনৰ উপনৈসমূহে উপত্যকা অঞ্চল দুটাক কৃষিৰ বাবে উপযোগী কৰি তুলিছে। এই নদীসমূহে অসমৰ জনসাধাৰণক বিভিন্ন ধৰণে সহায় কৰি আহিছে। খেতিপথাৰত পানী যোগান, যাতায়াতৰ সুবিধা আদিৰ উপৰিও নদী তথা বিলসমূহৰ প্রাকৃতিক সম্পদ মানুহে বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছে।


(খ) অসমৰ বনাঞ্চল।

উত্তৰঃ অসমৰ বনাঞ্চল তথা বনজ সম্পদত দেশখনৰ ভিতৰতে এখন চহকী ৰাজ্য। অসমৰ অৰণ্যত বিভিন্ন ধৰণৰ মূল্যবান বনসম্পদ পোৱা যায়। ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহ বনজ সম্পদৰ ভঁৰাল বুলিব পাৰি। এই বনাঞ্চলসমূহত পোৱা মূল্যবান জীৱ-জন্তু, গছ-বন-উদ্ভিদ আদি ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ পৰ্য্যটকৰ ঘাই আকর্ষণ।


(গ) বৰাক উপত্যকা

উত্তৰঃ এই সমতলখন অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই হ’ল বৰাক উপত্যকা বা বৰাক সমতল। অঞ্চলটোৰ পূব দিশত আছে মণিপুৰৰ পাহাৰবোৰ, পশ্চিমে আছে বাংলাদেশৰ কিছু অংশ আৰু ত্ৰিপুৰাৰ কিছু অংশ। উত্তৰে উত্তৰ কাছাৰ পাহাৰ আৰু দক্ষিণে মিজোৰাম পাহাৰ।


(ঘ) অসমৰ প্রাকৃতিক বিভাগ 

উত্তৰঃ অসমৰ ভূমিভাগ অসমান হোৱাৰ বাবে ৰাজ্যখনৰ নামটো বহুতে অসম হোৱা বুলি মত পোষণ কৰে। পাহাৰ, সমভূমি, উপত্যকা, নদ-নদী, পর্বত, বিল-খাল আদিৰে ভৰি থকা আমাৰ ৰাজ্যখনৰ মাটিভাগ অসমান। এনে ধৰণৰ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি ৰাজ্যখনক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি।

ক) ব্রহ্মপুত্র উপত্যকা বা ব্রহ্মপুত্র সমতল অঞ্চল।

খ) বৰাক উপত্যকা বা বৰাক সমতল অঞ্চল।

গ) কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া অঞ্চল।


(ঙ) অসমৰ অৱস্থান

উত্তৰঃ আমি বাস কৰা ৰাজ্যখন বিশাল ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য। এই ৰাজ্যখন ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশত অৱস্থিত। ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ মাটিকালিৰ এই ৰাজ্যখনক দুখন বিদেশী ৰাষ্ট্ৰ আৰু ৭ খন আমাৰ দেশৰ আন আন ৰাজ্যই আগুৰি আছে। বিদেশী ৰাষ্ট্ৰ দুখন হ’ল — ভূটান আৰু বাংলাদেশ। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য় হ'ল 一 অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আআৰু পশ্চিমবংগ।


(চ) আঞ্চলিক ভূগোল

উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে।


৬। অসমৰ ভৌগােলিক বিভাগসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি অসমখনক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি।

ক) ব্রহ্মপুত্র উপত্যকা বা ব্রহ্মপুত্র সমতল অঞ্চলঃ নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহক উপত্যকা অঞ্চল বোলে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োকাষে থকা বহল মাটিভাগক ব্রহ্মপুত্র উপত্যকা বোলে। এই মাটিভাগ প্রায় সমান হোৱা বাবে ইয়াক ব্রহ্মপুত্র সমতল বুলিও কোৱা হয়। ব্রহ্মপুত্র সমতলখন ঠেক আৰু দীঘলীয়া। সমতলভাগৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্রদেশ। দক্ষিণে আছে মেঘালয়, নাগালেণ্ড আৰু কাৰ্বি মালভূমি। অঞ্চলটোৰ মাটিভাগ সাৰুৱা। বাৰিষা সৃষ্টি হোৱা বানপানীয়ে অঞ্চলটোত পলস পেলাই ইয়াক খেতিৰ বাবে অধিক উপযোগী কৰি তোলে। অঞ্চলটোৰ বহু অংশত অৱশ্যে বাৰিষা বানপানীয়ে খেতি-বাতিৰ বিস্তৰ ক্ষতি কৰে।

খ) বৰাক উপত্যকা বা বৰাক সমতল অঞ্চলঃ এই সমতলখন অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই হ’ল বৰাক উপত্যকা বা বৰাক সমতল। অঞ্চলটোৰ পূব দিশত আছে মণিপুৰৰ পাহাৰবোৰ, পশ্চিমে আছে বাংলাদেশৰ কিছু অংশ আৰু ত্ৰিপুৰাৰ কিছু অংশ। উত্তৰে উত্তৰ কাছাৰ পাহাৰ আৰু দক্ষিণে মিজোৰাম পাহাৰ।

গ) কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া অঞ্চলঃ এই প্রাকৃতিক বিভাগটো ৰাজ্যখনৰ মাজ অংশত অৱস্থিত। অঞ্চলটোৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দক্ষিণে আছে বৰাক সমতল। অঞ্চলটো কাৰ্বি মালভূমি আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰে গঠিত অঞ্চলটোত সমতল খুব কম। পাহাৰীয়া অঞ্চলেৰে আগুৰা অঞ্চলটোত ঝুম খেতি কৰা হয়।


- Hiru Moni Bora