বিজ্ঞানী ড°ৰোহিণীকান্ত বৰুৱা
👉MCQ Online Exam
অনুশীলনী
১। শব্দ-অৰ্থঃ
গৱেষণা - কোনো এটা বিশেষ বিষয়ৰ আঁতিগুৰি মাৰি জানিবলৈ কৰা অধ্যায়ন।
বৌদ্ধিক - পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান সম্পৰ্কীয়।
'ষ্টাৰ মাৰ্ক' - শিক্ষান্ত পৰীক্ষাত মুঠতে শতকৰা ৭৫ নম্বৰ লাভ কৰিলে 'ষ্টাৰ মাৰ্ক' পোৱা বুলি কোৱা হয়।
জলপানি - পঢ়া-শুনাৰ খৰচৰ বাবে খোৱা আৰ্থিক সাহাৰ্য্য।
'লেটাৰ মাৰ্ক' - শিক্ষান্ত পৰীক্ষাত কোনো এটা বিষয়ত শতকৰা ৮০ নম্বৰ পালে বিষয়টোত 'লেটা মাৰ্ক' পোৱা বুলি কোৱা হয়।
অনাৰ্ছ শ্ৰেণী - কলেজত কোনো এটা বিষয় খৰচি মাৰি পঢ়িবলৈ লোৱা বিশেষ অনাৰ্ছ শ্ৰেণী বুলি কোৱা হৈছিল। এতিয়া এই শ্ৰেণীটোক 'মেজৰ' বা 'প্ৰধান' বুলি কোৱা হয়।
প্ৰশাসনিক সেৱা পৰীক্ষা - এই পৰীক্ষাত উত্তীৰ্ণ হ'লে উচ্চপদস্থ চৰকাৰী বিষয়াৰূপে নিযুক্তি পাব পাৰি।
বিপাকীয় ক্ৰিয়া - জীৱদেহত ঘটি থকা জৈৱৰাসায়নিক পৰিৱৰ্তনবোৰ।
জীৱৰসায়ন - জীৱদেহত ঘটা ৰাসায়নিক পৰিৱৰ্তনবোৰৰ সম্বদ্ধে অধ্যয়ন কৰা বিষয়টো।
২। ড° ৰােহিণীকান্ত বৰুৱা কোন আছিল?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা অসমৰ এগৰাকী খ্যাতনামা ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ আৰু সাহিত্যক আছিল।
৩। ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় কি আছিল? তেওঁ বিদেশৰ কোন বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় আছিল ভিটামিন -এ আৰু মানৱ দেহৰ বিপকীয় ক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ।
৪। ভিটামিন-এ কোন কোন খাদ্যত থাকে? এই ভিটামিনৰ অভাৱত মানুহৰ কি কি ৰােগ হ'ব পাৰে?
উত্তৰঃ- ভিটামিন-এ কণী, গাখীৰ, কড মাছৰ যকৃৎত থাকে।
৫। কেৰ'টিনইড কি আৰু ই ক'ত থাকে? কেৰ'টিনইডে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে?
উত্তৰঃ- কেৰ'টিনইড হৈছে আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিযাত ভিটামিন-এ উৎপন্ন কৰা পদাৰ্থ আৰু ই গাজৰ অমিতা আদিত থাকে।
৬। ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ'ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।
৭। ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম কি আছিল আৰু তেওঁ কোন কোন আলােচনীত লিখিছিল?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম লাজকুৰীয়া আছিল আৰু তেওঁ অকন, লাজকুৰীয়া আলােচনীত লিখিছিল।
৮। ‘আৱাহন’আলােচনীখনৰ প্ৰকাশৰ চন আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ নাম লিখা।
উত্তৰঃ- ‘আৱাহন’আলােচনীখনৰ ১৯২৯ চনত প্ৰকাশ আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ দীননাথ শৰ্মা।
৯। ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন কি কি?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন হ'ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।
১০। ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে কেনেকুৱা আছিল?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে এজন হাড়ে-হিমজুৰে এজন নিষ্ঠাৱান শিক্ষাবিদ আছিল।
১১। চমু উত্তৰ দিয়াঃ
(ক) ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক কি বুলি অভিহিত কৰিছিল?
উত্তৰঃ- ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক "ভাৰতৰ জৈৱ ৰাসায়ন বিজ্ঞান গৱেষণাৰ অগ্ৰণী বিজ্ঞানী" বুলি অভিহিত কৰিছিল।
(খ) ড° ৰােহিণীকান্ত বৰুৱাৰ কোনবােৰ গুণ সকলােৱে ভাল পাইছিল?
উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ মনোমোহা ব্যক্তিত্ব আৰু ভাস্বৰ প্ৰতিভাৰ গুণ সকলােৱে ভাল পাইছিল।
(গ) “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এইখন কেনেধৰণৰ আলােচনী আছিল?
উত্তৰঃ- “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হেমচন্দ্ৰ গোস্বামী আছিল। এইখন শিশুৰ বাবে গল্প-কবিতাৰ আলােচনী আছিল।
(ঘ) গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা কেনেদৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল?
উত্তৰঃ- গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা খেলা-ধূলাৰ মাজেৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল।
১২। বাক্য ৰচনা কৰাঃ
(ক) একনিষ্ঠ - একনিষ্ঠ ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে।
(খ) প্রতিনিধি - ৰাজনৈতিক দলসমূহত বহুতো প্ৰতিনিধি থাকে।
(ঘ) সুদক্ষ - জুবিন গাৰ্গ এজন সুদক্ষ গায়ক।
(ঙ) স্বীকৃতি - ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ'ল।
(চ) হৃষ্টপুষ্ট - ৰাম এজন হৃষ্টপুষ্ট ব্যক্তি।
১৩। বিপৰীত শব্দৰ বিষয়ে শিকাঃ
ভাল - বেয়া
মেধাবী - ভোঁতা
প্রশংসা - নিন্দা
আশা - নিৰাশা
সুদক্ষ - অদক্ষ
অনুকূল - প্রতিকূল
গভীৰ - তৰল
সৃষ্টি - ধ্বংস
Mampi Kakati
Check by - Mukesh Borah
Post ID : DABP006063
*****