প্ৰশ্নাৱলীঃ
1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ- দৈ গাখীৰত লেকটিক এছিড থাকে। আনহাতে, টেঙা খাদ্যবস্তুটো এছিড থাকে।
আমি জানো যে, সকলোবোৰ এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে। পিতল আৰু তামৰ পাত্ৰৰ লগত এইবোৰ দ্ৰৱ্যৰ ব্ৰিক্ৰিয়া ঘটে। ফলত ইয়াৰ সোৱাদ বেয়া হয়। গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়।

3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল'ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম'ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
প্ৰশ্নাৱলীঃ
4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰঃ- পানী এছিডত যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয়। যাৰ ফলত পানীৰ বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণৰ সৃষ্টি হয়। গতিকে এছিড লঘু কৰোঁতে পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়।
প্ৰশ্নাৱলীঃ
4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ'ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰঃ- পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম অক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) এই তিনিওবিধ যৌগই ক্ষাৰকীয়। ক্ষাৰে মাটিৰ অম্লতা কমাই মাটিখিনি উদাসীন কৰে। যাৰ ফলত খেতিৰ অনিষ্ট নহয়। গতিকে যেতিয়া মাটিৰ অম্লতা বাঢ়ে, তেতিয়াই কৃষকে মাটিত পোৰা চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰে।
প্ৰশ্নাৱলীঃ
3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা।
উত্তৰঃ- ছ’ডিয়াম কাৰ্ব’নেট বা ৱাছিং ছ’ডা।
4. ছ’ডিয়াম হাইড্ৰ'কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।
উত্তৰঃ- ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট উত্তপ্ত কৰিলে ছ'ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন-ডাই
- অক্সাইড উৎপন্ন হয়।
বিক্ৰিয়াৰ সমীকৰণটো হ’ল ―
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰঃ- পাতিত পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে। গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’বলৈ কোনো আয়নৰ সৃষ্টি নহয়। কিন্তু বৰষুণৰ পানীত থকা অম্লৰ আয়ন মুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চালিত হয়। গতিকে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।
8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰঃ- পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন উৎপন্ন কৰিব নোৱাৰে। গতিকে পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।
BUY NOW














