পাঠ ৩

পানী


১। উত্তৰ লিখা-

(ক) পানীৰ উৎসসমূহ কি কি?

উত্তৰঃ- পানীৰ ৎসবোৰ হ'ল- সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, জান-জুৰি, পুখুৰী, খাল-বিল, ভূ-গৰ্ভ আদি। ইয়াৰ উপৰিও ওখ পৰ্বতৰ শীতল অঞ্চলতো বৰফ হিচাপে থাকে।


(খ) ভূ-গৰ্ভত পানী নাটনি হ'ব পৰাৰ দুটা কাৰণ উল্লেখ কৰা।

ত্তৰঃ- ভূ-গৰ্ভত পানী নাটনি হ'ব পৰাৰ দুটা কাৰণ হৈছে-

    - গছ-গছনিৰ সংখ্যা কমি আহিছে।

    - খৰালি কালত বৰষুণ একেবাৰে কম হোৱাৰ বাবে।


(গ) বতাহত ভাঁহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয়?

ত্তৰঃ- বতাহত ভাঁহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক ডাৱৰ বুলি কোৱা হয়।


(ঘ) কুৱাঁৰ পানীৰ ৎস কি?

ত্তৰঃ- কুৱাঁৰ পানীৰ ৎস হৈছে-ভূ-গৰ্ভ।


(ঙ) নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে?

ত্তৰঃ- নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক তাপে ভাপলৈ পৰিৱৰ্তন কৰে।


২। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া-

(ক) পুখুৰীৰ পানীৰ ৎস হৈছে ভূগৰ্ভৰ পানী / ভূ-পৃষ্ঠৰ পানী।

ত্তৰঃ- ভূ-পৃষ্ঠৰ পানী।


(খ) বৰষুণৰ পানী মাটিৰে নিগৰি / দমকলেৰে ভূ-গৰ্ভ পায়।

ত্তৰঃ- মাটিৰে নিগৰি।


(গ) পকী ঠাইৰে  / মাটিৰে পানী সহজে নিগৰি ভূ-গৰ্ভলৈ যাব পাৰে।

ত্তৰঃ- মাটিৰে ।


(ঘ) শিল বৰষুণত শিল / বৰফ থাকে।

ত্তৰঃ- বৰফ।


৩। খালী ঠাই পূৰণ কৰা-


(ক) দমকলৰ পানীৰ ৎস হৈছে ভূ-গৰ্ভ


(খ) পৰ্বতৰ শীতল অঞ্চলত পানী বৰফ হিচাপে থাকে।


(গ) সাগৰৰ পানী লুণীয়া


৪। ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। 

ত্তৰঃ- ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা হৈছে-

- গছ-গছনি ৰূপন।

- মুকলি পথাৰ, পিতনি আদি সংৰক্ষণ কৰা উচিত।


৫। সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি?

ত্তৰঃ- সাগৰৰ পানী লুণীয়া হোৱাৰ বাবে ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি।


৬। ভূ-গৰ্ভৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয়?

ত্তৰঃ- ভূ-গৰ্ভৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰা হয়-

- মানুহৰ ঘৰুৱা বিভিন্ন কামৰ লগতে খোৱা পানী হিচাপেও ব্যৱহাৰ কৰা হয়।

- খেতি-পথাৰত দিয়া হয়।

- বিভিন্ন ঔদ্যোগিক কামত ব্যৱহাৰ কৰা হয়।


৭। শিল-বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য লিখা।

ত্তৰঃ- শিল-বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য হ'ল-

     শিল-বৰষুণত বৰষুণ হিচাপে পৃথিৱীত বৰফ পৰে।

     আনহাতে বৰষুণত পৃথিৱীত পানী পৰে।


Answered by -Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)