Lesson 3
বতৰ, বায়ু পানী
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
◻️ প্ৰশ্নাৱলী
(১) মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে দহটা শাৰী লিখা ।
উত্তৰঃ মানুহৰ বহু কাম বতৰৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ বতৰত পথাৰত পানী পৰিলেহে ধান খেতি ভাল হয়। ধান খেতিত লগা পানী ঘাইকৈ বৰষুণৰ পৰাই পোৱা যায়। কিছুমান খেতিৰ কাৰণে আকৌ বেছি বৰষুণ ভাল নহয়। শাক-পাচলিৰ খেতিত বেছি বৰষুণ নালাগে।জহকালিৰ বৰষুণৰ বতৰত এনে খেতি কৰা ভাল নহয়।জাৰকালিৰ শুকান বতৰতহে এনে খেতি ভাল হয়।ডাঙৰ নদী বা সাগৰত মাছ মাৰিবলৈ যোৱা মানুহৰ কাৰণে ধুমুহা অতি ভয়াৱহ। ধুমুহাত মানুহৰ বহু ক্ষয়-ক্ষতি হয়। সেয়েহে বতৰ সম্পৰ্কে জানিবলৈ মানুহে অতীতৰেপৰা যত্ন কৰি আহিছে।
(২) আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়াৰ ৰ'দত তাপতকৈ কম কিয় ?
উত্তৰঃ সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডল ভেদ কৰি পৃথিৱী পায়হি। সেই কাৰণে বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে কম পৰিমানৰ ৰশ্মি আৰু কম দূৰ আহিলে বেছি পৰিমানৰ ৰশ্মি ভূ-পৃষ্ঠ পায়। ভৰ দূপৰীয়া সূৰ্য্য় ঠিক মূৰৰ ওপৰত থাকে। এই সময়ত সূৰ্য্য়ৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কম দূৰত্ব পাৰ হৈ আহে। আবেলি সূৰ্য্য় মূৰৰ ওপৰত নাথাকে। আবেলি সূৰ্য্য়ৰ ৰশ্মি হেলনীয়াকৈ আহে। সেইবাবে সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব পাৰ হৈ আহে। সেই কাৰণে এনে ৰশ্মিয়ে কঢ়িয়াই অনা তাপৰ পৰিমান কম।
(৩) বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা ।
উত্তৰঃ বতৰ পৰিৱৰ্তনৰ বিভিন্ন কাৰণ পোৱা যায়-
১) বায়ুমণ্ডত থকা জলীয় ভাপৰ কাৰণে বতৰ পৰিৱৰ্তন হয়।
২) পানীয়ে বতৰ পৰিৱৰ্তনত সহায় কৰে।
৩) বৰষুণ সকলো ঠাইত সমান নোহোৱাৰ ফলত বতৰ পৰিৱৰ্তন হয়।
(৪) পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ এটা প্লাষ্টিকৰ মোনাত এচামুচমান পানী ভৰাই লোৱা। সূতা এডালেৰে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰি লোৱা। ইয়াৰ পিছত মোনাটো ৰ'দত থোৱা। তাৰ পিছত মোনাটো ভিতৰলৈ আনিলে দেখা যাৱ মোনাটোৰ ভিতৰফালে পানীৰ সৰু টোপাল দেখা যাব। পানী চামুচৰ কিচু অংশ ভাপ হৈ মোনাৰ দাঁতিত লাগি টোপাল বান্ধে। মোনাটো ৰ'দত নথৈ ঘৰৰ ভিতৰত ৰাখিলেও এনেদৰে পানীৰ টোপাল দেখা যাব। ইয়াৰ পৰা ইয়াকে বুজা যায় যে পানীৰপৰা অনবৰতে ভাপ ওলাই থাকে।
(৫) বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ সহায়ত দেখুওৱা ।
উত্তৰঃ এটা গিলাচত পানী লৈ তাত কেইটুকুৰামান বৰফ বা অলপ আইছক্ৰীম লৈ পেলাই দিয়া। অলপ পিছতে গিলাচৰ বাহিৰফালে ধোঁৱাৰ নিচিনা চামনি এটা পৰে। হাতেৰে চুই চালে গিলাচৰ বাহিৰফালটো ভিজা ভিজা লাগে। আচলতে এই চামনিটো পানীৰ সৰু সৰু কণিকাৰে গঠিত। বতাহত থকা জলীয় ভাপ ঠাণ্ডা গিলাচত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। ইয়াৰ পৰা বুজা যায় যে বায়ুমণ্ডলত অনবৰতে জলীয় ভাপ থাকে।
(৬) মেঘ কি ? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় ?
উত্তৰঃ দিনৰ ভাগত সূৰ্য্য়ৰ তাপত লাহে লাহে পানী বাষ্প হয়। পানীৰ বাষ্পক জলীয় ভাপ বোলে। বতাহে জলীয় ভাপ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। পৃথিৱীৰ যিমান ওপৰলৈ যোৱা হয়, বায়ু সিমান চেঁচা হয়।জলীয় ভাপ চেঁচা হ'লে পুনৰ পানী হয়। পানীৰ ভাপ চেঁচা বায়ুৰ লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল। আকাশত এই কণিকাবোৰ ভাঁহি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়েই মেঘ।
আকাশত ভাঁহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰ লগ লাগি মেঘ বা ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ কণিকাবোৰত জলীয় ভাপ যাগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি যায়। কণিকাবোৰ ডাঙৰ হ'লে পানীৰ টোপাল হৈ পৰে। পানীৰ টোপালবোৰ তেতিয়া গধুৰ হয় আৰু আকাশত থাকিব নোৱাৰা হয়। তেতিয়া এই টোপালবোৰ তললৈ সৰি পৰে। এনেকৈ মেঘৰ পৰা বৰষুণ সৃষ্টি হয়।
(৭) জলচক্ৰ কাক বোলে ?
উত্তৰঃ পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী ঘূৰি অহাটো চলিয়েই থাকে। ইয়াকে জলচক্ৰ বোলে।
(৮) জলচক্ৰ চলি নাথিকিলে কি হ'ব ?
উত্তৰঃ জলচক্ৰ চলি নাথাকিলে পৃথিৱীত বৰষুন নহব আৰু মৰুভূমিৰ সৃষ্টি হ'ব।
(৯) কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখা ।
উত্তৰঃ বায়ুমণ্ডলত সকলো সময়তে পানীৰ কণিকাৰ বাহিৰেও সৰু সৰু আন কণিকা ওপঙি থাকে। এইবোৰ হ'ল ধূলি, ধোঁৱা, বৰফৰ সৰু সৰু গুড়ি আদি। কেতিয়াবা ধূলি, ধোঁৱাৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাপ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগতে থকা এই কণিকাবোৰে বায়ুমণ্ডত ছাটি ধৰে। এয়েই কুঁৱলি।
জাৰকালি সূৰ্য্য় অস্ত যোৱাৰ পাছত মাটি, গছ-গছনি, শিল, আদি চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়ষ এই চেঁচা মাটি, শিল, আদিতো কুঁৱলিৰ কণিকা বা বায়ুৰ জলীয় ভাপ লগ লাগি পানীৰ টোপালত পৰিণত হয়। ইয়াকে নিয়ৰ বোলে।
(১০) জলবতাহ আৰু স্থলবতাহ কি ?
উত্তৰঃ দিনৰ ভাগত মাটিভাগ পানীতকৈ গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে।জলবতাহ দিনৰ ভাগত বলে।
ৰাতি পানী ভাগ মাটিতকৈ বেছি গৰম হৈ থাকে। সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়। এই ঠাই পূৰাবলৈ মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে। ইয়াকে স্থলবতাহ বোলে।
(১১) পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা ।
উত্তৰঃ খাল-বিল পুখুৰীৰ পানী বৈ নাথাকে। এনে পানীত উদ্ভিদৰ পঁচা পাত-শিপা, লেতেৰা আৱৰ্জনা, ধূলি-মাকতি মিহলি হৈ পানী দূষিত হ'ব পাৰে। বাহিৰৰ পৰা লেতেৰা পানী সোমালেও পানী দূষিত হয়। কিছুমান বীজানু পানীত থাকে। ইও পানী দুষিত কৰে। মগৰ অঞ্চলৰ কল- কাৰখানাৰ অপকাৰী পদাৰ্থও পানী দূষিত কৰে।ইয়াৰ উপৰিও খেতি-বাতিত ব্য়ৱহাৰ হোৱা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য় আদি পানীত মিহলি হৈও পানী দূষিত হয়।
(১২) দুখন গ্ৰীষ্মপ্ৰধান আৰু শীতপ্ৰধান দেশৰ নাম লিখা ।
উত্তৰঃ দুখন গ্ৰীষ্ম প্ৰধান দেশ হ'ল-- ভাৰত, শ্ৰীলংকা।
দুখন শীতপ্ৰধান দেশ হ'ল-- ৰাছিয়া, নৰৱে।
(১৩) বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীত পৰা সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণ কম হয় কিয় ?
উত্তৰঃ সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে সৰকি আহোঁতে কিছু অংশ বায়ুমণ্ডলত থকা বিভিন্ন কণিকাত খুন্দা খাই সিঁচৰিত হৈ যায়। ফলত বায়ুমণ্ডলৰ মাজেৰে বেছি দুৰ আহিলে কম পৰিমানৰ ৰশ্মি পৃথিৱীত পৰেহি।
(১৪) খৰাং বতৰ কি ?
উত্তৰঃ জহকালি বহু দিন বৰষুন নোহোৱাকৈ থাকিলে খৰাং হয়। খৰাং বতৰত পথাৰৰ পানী শুকায়, পথাৰত ফাট মেলে। খৰাং বতৰ বেছি দিন থাকিলে খাল-দোং আদিও শুকায়।
(১৫) শিল-বৰষুণ কেনেকৈ হয় ?
উত্তৰঃ কেতিয়াবা কেতিয়াবা বায়ুমণ্ডলৰ ওপৰফালে বায়ু অতিপাত চেঁচা হয়। তেতিয়া মেঘৰ কণিকাবোৰ গোট মাৰি বৰফ হয়। বৰফৰ কণিকা পৃথিৱীত পৰেহি। বৰফৰ কণিকাবোৰ ডাঙৰ হৈ পৃথিৱীত পৰিলে শিল-বৰষুণ হয়।
(১৬) শুদ্ধত ✓ চিন দিয়া ।
(ক) মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(খ) জলীয় ভাপ পানীৰ গেছীয় অৱস্থা । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(গ) বন্ধ কোঠাত কাপোৰ সোনকালে শুকায় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(ঘ) মাটিতকৈ পানী সোনকালে গৰম হয় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(ঙ) পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(১৭) একোটা শব্দেৰে পূৰোৱা ।
(ক) বতৰ পৰিৱৰ্তনত ___________ মুখ্য ভূমিকা লয় ।
উত্তৰঃ সূৰ্য্য়ৰ তাপ আৰু পোহৰে।
(খ) শুকান বতৰ ____________ পাওঁ ।
উত্তৰঃ জাৰকালি।
(গ) পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক __________বোলে ।
উত্তৰঃ জলবতাহ।
(ঘ) ডাৱৰীয়া বতৰত জলীয় ভাপ ______________থাকে ।
উত্তৰঃ বেছি।
(ঙ) বৰষুণ জোখাৰ একক হ'ল _____________ ।
উত্তৰঃ ছেণ্টিমিটাৰ।
Type : Priyam Jyoti Patar
Post ID : DABP005847