Lesson 2
শিল, মাটি আৰু খনিজ পদাৰ্থ
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
□ প্ৰশ্নাৱলী
(১) গেদীয় শিল কাক বোলে ?
উত্তৰঃ বাৰিষা পাহাৰৰ পৰা পানী বেগাই তললৈ নামি আহোঁতে শিলৰ টুকুৰা, বালি, সৰু গছ-গছনি, আদি উটুৱাই লৈ আহে। এইবোৰ পাহাৰৰ নামনিত বা নদীৰ বুকুৱেদি বৈ গৈ সাগৰৰ তলিত তৰপে তৰপে জমা হয়। এই তৰপবোৰৰ ওপৰত বহু বছৰ ধৰি হেঁচা পৰি থকাৰ বাবে এইবোৰ এসময়ত শিললৈ পৰিৱৰ্তন হয়। ইয়াকে গেদীয় শিল বোলে।
(২) ৰূপান্তৰিত শিলৰ বিষয়ে লিখা ?
উত্তৰঃ গেদীয় আৰু আগ্নেয় শিল কেতিয়াবা পৃথিৱীৰ ভিতৰলৈ সোমাই যায়।ভূমিকম্পৰ ফলতে তেনে হ'ব পাৰে।।পৃথিৱীৰ ভিতৰভাগ অতি তপত।আকৌ ভিতৰত ওপৰভাগৰ ভীষণ হেঁচা পৰে।তাপ আৰু হেঁচাই আগ্নেয় আৰু গেদীয় শিলৰ পৰিৱৰ্তন ঘটায়।ফলত নতুন শিলৰ সৃষ্টি হয়।এনে শিলক ৰূপান্তৰিত শিল বোলা হয়।স্লেট (চিলথ),মাৰ্বল,নাইছ আদি ৰূপান্তৰিত শিল।
(৩) মণিক কি ?
উত্তৰঃ শিলত কিছুমান বিশেষ পদাৰ্থ থাকে।এনেবোৰ পদাৰ্থৰ নিৰ্দিষ্ট গাঁথনি থাকে আৰু এই পদাৰ্থবোৰকে মণিক বোলে।
(৪) শিল কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ শিল তিনি প্ৰকাৰৰ। ১) আগ্নেয় শিল। ২) গেদীয় শিল। ৩) ৰূপান্তৰিত শিল।
(৫) আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীৰ একেবাৰে ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াক মেগ্মা বোলে । কেতিয়াবা কিছুমান কাৰণত এইবোৰ পৃথিৱীৰ বাহিৰলৈ ওলাই আহে। এইবোৰক লাভা বোলা হয়। লাভাবোৰ চাৰিওফালে বৈ গৈ চেঁচা হয় আৰু টান শিলত পৰিণত হয়। এনে শিলৰ নাম আগ্নেয় শিল।গ্ৰেনাইট এবিধ আগ্নেয় শিল।
(৬) মাটি কেনেকৈ সৃষ্টি হয় লিখা ।
উত্তৰঃ ধূলি-বালিৰ লগত মৰা-পঁচা জীৱবোৰ মিহলি হৈ মাটিৰ সৃষ্টি হয়।
(৭) মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ হ'ল-
১) বৰষুণ বা জান-জুৰিৰ পানীয়ে পাহাৰৰ মাটি খহাই নিয়ে।সেইবোৰ পাহাৰৰ তলত বা সমান অঞ্চলত জমা হয়।
২) বতাহে ধূলি-বালি উৰুৱাই নিয়ে।মৰুভূমিৰ বালি উৰুৱাই নি বতাহে নতুন মৰুভূমিৰ সৃষ্টি কৰে।
৩) মানুহেও ঘৰ-বাৰী,ৰাস্তা-ঘাট,সাজিবলৈ মাটি স্থানান্তৰ কৰে।
(৮) শিলৰ মাজে মাজে পানী জমা হ'লে তেনে শিল ফাটিব পৰে । কিয় ?
উত্তৰঃ শিলবোৰৰ ফাটৰ মাজত পানী জমা হয়। পানী বেছি চেঁচা হ'লে বৰফ হয়। পানী বৰফ হ'লেও আয়তন বাঢ়ে।তেতিয়া শিলৰ ওপৰত হেঁচা পৰে। তাৰ ফলতো শিল ফাটে।
(৯) শিল গৰম-চেঁচা হৈ থাকিলে ভাঙে । তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ
(১০) মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা ।
উত্তৰঃ মাটিৰ প্ৰধান উপাদান দুটা হ'ল- ১) কঠিন খনিজ পদাৰ্থ ২) জৈৱিক পদাৰ্থ।
১) মাটিত সৰু শিল, বালি আৰু বোকা-কণিকা মিহলি হৈ থাকে। চকুৰে নেদেখা সৰু সৰু বালিৰ কণিকাবোৰকে বোকা-কণিকা বোলে।এই আটাইখিনিকে কঠিন খনিজ পদাৰ্থ বোলা হয়।
২) জীৱ-জন্তু, গছ-গছনি গেলি-পঁচি মাটিত মিহলি হয়।এইবোৰক জৈৱিক পদাৰ্থ বোলা হয়।
(১১) সাৰুৱা মাটি কাক বোলে ?
উত্তৰঃ মাটিত গেলি-পঁচি যোৱা জীৱ-জন্তু বেছি পৰিমাণে মিহলি হ'লে তাক সাৰুৱা মাটি বোলে।
(১২) সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ পদাৰ্থই মাটি সাৰুৱা কৰে,সেইবোৰকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ। ১) জৈৱিক সাৰ আৰু ২) ৰাসায়নিক সাৰ।
১) জৈৱিক সাৰৰ তিনিটা উদাহৰণ হ'ল- গৰু-ম'হৰ গোবৰ, গৰ-ম'হৰ মূত, শুকান পচন সাৰ।
২) ৰাসায়নিক সাৰৰ তিনিটা উদাহৰণ হ'ল- ইউৰিয়া, এম'নিয়াম ছালফেট, ছুপাৰ ফছফেট।
(১৩) পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?
উত্তৰঃ এটা বাল্টি বা টিন লোৱা। চাৰি ভাগৰ এক অংশ জাবৰ-জোঁথৰেৰে পূৰ কৰা। তাৰ ওপৰত চাৰি ভাগৰ এক অংশ কেঁচা পাতেৰে আৰু চাৰি ভাগৰ এক অংশ কেঁচা গোবৰেৰে পূৰোৱা। একেবাৰে ওপৰত মাটি দি বাল্টিটো চেঁচা ঠাইত থোৱা। মাজে-সময়ে পানী দিবা। তিনি মাহমানৰ মূৰত বস্তুখিনি মিহলি কৰি দিয়া। পাঁচ-ছয় মাহৰ মূৰত আটাইবোৰ পঁচি সাৰ হয়। এনেকৈ পচন সাৰ তৈয়াৰ কৰিব পাৰি।
(১৪) মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা ।
উত্তৰঃ মাটিৰ গুণ আৰু পৰিমাণ ৰক্ষা কৰাকে মাটি সংৰক্ষণ বোলা হয়। মাটি সংৰক্ষণৰ দুটা উপায় হ'ল-
১) বাৰিষা নদ-নদীত পানী বেছি হ'লে তেতিয়া পানী বেগাই বয়। নদীৰ সোঁতে পাৰৰ মাটি খহায়। এনে খহনীয়া ৰোধ কৰিবলৈ পাৰত শিলৰ বান্ধ দিয়া হয়। নদীৰ পাৰত বেছিকৈ গছ-গছনি ৰুলেও খহনীয়া বন্ধ হয়।
২) সৰু-বৰ উদ্ভিদে বেছ ভালদৰে সংৰক্ষণ কৰে। গছ-বনৰ শিপাই মাটিত খামুচি ধৰি থাকে। গছ-গছনি থকা মাটি বৰষুণৰ পানীত উটি নাযায়। বতাহেও উৰুৱাই নিব নোৱাৰে। গছ-গছনি যিমানে কমিব, মাটিৰ গুণ আৰু পৰিমাণ সিমানে কমিব।
(১৫) মেগ্মা কি ?
উত্তৰঃ পৃথিৱীৰ একেবাৰে ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াক মেগ্মা বোলে।
(১৬) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।
(ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/ নহয় ।
উত্তৰঃ হয়।
(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয় ।
উত্তৰঃ নহয়।
(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/ নাথাকে ।
উত্তৰঃ নাথাকে।
(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/ নাৰাখে ।
উত্তৰঃ ৰাখে।
(ঙ) সাৰে মাটি কোমল কৰে/ নকৰে ।
উত্তৰঃ কৰে।
(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/ নহয় ।
উত্তৰঃ নহয়।
(১৭) খালী ঠাই পূৰণ কৰাঁ ।
(ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে আগ্নেয়গিৰি বোলে ।
(খ) স্লেট এবিধ ৰূপান্তৰিত শিল ।
(গ) ছিলিকাৰ আন এটা নাম কোৱাৰ্টছ ।
(ঘ) মাৰ্বলত কাৰ্বনেট নামৰ পদাৰ্থবিধ পোৱা যায় ।
(ঙ) পানী বৰফ হ'লে আয়তন বাঢ়ে ।
(চ) বোকা-কণিকা হ'ল চকুৰে নেদেখা বালিৰ সৰু সৰু কণিকা ।
(ছ) এম'নিয়াম ছালফেট এবিধ ৰাসায়নিক সাৰ ।
(জ) ধান আলতীয়া মাটিত হয় ।
(১৮) মাটিৰ স্থানান্তৰণৰ তিনিটা কাৰণ লিখা ।
(১৯) তলত বাক্যটো লিখি বাক্যটোত নাথাকিবগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া ।
শীতকালত জিকা, আলু, কবি, ভেণ্ডি, পালেং, নিলাজী, আদি পাচলি হয় ।
উত্তৰঃ জিকা আৰু ভেণ্ডি শীতকালত নহয়।
(২০) দুটা আগ্নেয়গিৰিৰ নাম লিখা ।
উত্তৰঃ দুটা আগ্নেয়গিৰিৰ নাম হ'ল- আফ্ৰিকাৰ কিলিমাঞ্জাৰো, ইটালীৰ ভিছুভিয়াছ।
(২১) পচন সাৰ কাক বোলে ?
উত্তৰঃ জৈৱ পদাৰ্থক প্ৰাকৃতিক ভাৱে বিঘটন ঘটাই প্ৰস্তুত কৰা এবিধ জৈৱিক সাৰকেই পচন সাৰ বোলে।
Type : Priyam jyoti Patar
Answer by: Parishmita Hazarika
Post ID : DABP005846