Lesson 4 

কাৰ্য্য আৰু বল

☐  প্ৰশ্নাৱলী

(১) কাৰ্য্য কেতিয়া কৰা হয় ?

উত্তৰঃ বস্তু এটা লৰচৰ কৰিলে কাৰ্য্য কৰা হয় ।

(২) বল কাক বোলে ?

উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা,থেকেচা, আদিবোৰকে বল বোলা হয়।

(৩) চুম্বক কি ?

উত্তৰঃ চুম্বক এবিধ বিশেষ বস্তু। ই লোহা ,নিকেল আদি পদাৰ্থৰে তৈয়াৰী।

(৪) শাৰীৰিক বল কাক বোলে ?

উত্তৰঃ জীৱই মাংসপেশীৰে বল দিয়ে, ইয়াকে শৰীৰিক বল বোলে।

(৫) চুম্বকৰ দুটা বিশেষ গুণ লিখা ।

উত্তৰঃ চুম্বকৰ দুটা বিশেষ গুণ হ'ল-

১)চুম্বকে লোৰ বস্তু আকৰ্ষণ কৰে ,এই বলবিধৰ নাম চুম্বকীয় বল ।ই এটা চুম্বকৰ বিশেষ গুণ ।

২) চুম্বক এডাল ওলমাই দিলে ইয়াৰ এটা মূৰ সদায় উত্তৰফালে আৰু আনটো আনটো মূৰ দক্ষিণফালে মুখ কৰি থাকে, ই চুম্বকৰ আন এটা বিশেষ গুণ । 

(৬) সৰল সঁজুলি কি ? চাৰিবিধ উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ সঁজুলি বৈদ্যুতৰ দ্বাৰা চালিত নহয় সৈইবোৰ সঁজুলিক সৰল সঁজুলি বোলে।

    চাৰিবিধ সৰল সঁজুলি নাম হ'ল- বিচনী, দা, কটাৰী,কেঁচি আদি।

(৭) যন্ত্ৰ কি ? কেইবিধ উদাহৰণ দিয়া ।

উত্তৰঃ সহজতে বেছি কাম কৰা সঁজুলি বোৰক যন্ত্ৰ বোলে। যেনে- ফেন, গাড়ীৰ ইন্জিনটো, ছাইকেল, কম্পিউটাৰ আদি।        

(৮) কাৰ্য্য মানে কি ?

উত্তৰঃ কাৰ্য্য় মানে কাম। কাৰ্য্য় কৰা মানে কাম কৰা। উদাহৰণ স্বৰূপে- দৌৰা, জপিওৱা, কাপোৰধোৱা আদি প্ৰতিটোৱেই কাম ।

(৯) বলৰ কেতিয়া প্ৰয়োজন হয় ? দুটা উদাহৰণ সৈতে লিখা ।

উত্তৰঃ যিকোনো এটা কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে- টেবুলখন টনাটো এটা কাম। টেবুলখন টানিবলৈ বলৰ প্ৰয়োজন হয়।ছাইকেলখন পেডেল মাৰিবলৈ বলৰ প্ৰয়োজন হয়।

(১০) জীৱই কিহৰ সহায়ত কাৰ্য্য কৰে ?

উত্তৰঃ জীৱই বলৰ সহায়ত কাৰ্য্য কৰে ।

(১১) সঁজুলি কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ সঁজুলিৰে কাম সহজতে কৰিব পাৰি বাবে সঁজুলি ব্যৱহাৰ কৰে।

(১২) (ক) মাধ্যাকৰ্ষণ বল কি ?

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে ইয়াকে মাধ্যাকৰ্ষণ বল বোলে ।
(খ) বস্তু ওজন কিয় থাকে ?

উত্তৰঃ পৃথিবীৰ আকৰ্ষণৰ বাবেই বস্তুৰ ওজন থাকে।

(১৩) শুদ্ধ উত্তৰটোৰ ওপৰত(✓) চিন দিবা :

(ক)  বস্তু এটা লৰচৰ নকৰিলে কাৰ্য্য কৰা হয়/ নহয় ।

উত্তৰঃ নহয় ।

(খ) বিপৰীতফালে থকা সমান সমান বলে কাৰ্য্য কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে

(গ) বিপৰীতফালে থকা অসমান বলে কাৰ্য্য কৰিব পাৰে/নোৱোৰে  ।

উত্তৰঃ পাৰে ।

(ঘ) বলে বস্তুক গতি দিব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(ঙ) বলে বস্তুক বেগ বঢ়াব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(চ) বলে বস্তু বেগ কমাব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।


কৰবী কাকতি 



Post ID : DABP005863