পাঠ ৬

উদ্ভিদ আৰু পৰিৱেশ


১। উত্তৰ লিখা-

(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ক'ৰ পৰা পানী পায়?
উঃ উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী মাটিৰ পৰা পায়।

(খ) উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয়?
উঃ উদ্ভিদৰ কোন শিপাই মাটিৰ পৰা পানী শুহি লয়।

(গ) উদ্ভিদৰ পাতৰ কাম কি?
উঃ উদ্ভিদৰ পাতৰ কাম হৈছে খাদ্য প্ৰস্তুত কৰা।

(ঘ) কি কি কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল?
উঃ উশাহ আৰু নিশাহ লোৱাৰ কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

(ঙ) গছে মাটিৰ পৰা পানীৰ লগতে আৰু কি শুহি লয়?
উঃ গছে মাটিৰ পৰা পানীৰ লগতে খনিজ লৱণ শুহি লয়।

(চ) উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে?
উঃ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয়। আকৌ নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ একে থাকে। এনেকৈ উদ্ভিদে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে।


২। শুদ্ধ উত্তৰটোত শুদ্ধ দিয়া-

(ক) উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে।
উঃ অশুদ্ধ।

(খ) জধে-মধে গছ কটা অনুচিত।
উঃ শুদ্ধ।

(গ) উদ্ভিদে বায়ুুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে।
উঃ অশুদ্ধ। 


৩। খালী ঠাই পূৰ কৰা

উত্তৰঃ
(ক) সূৰ্যৰ পোহৰত পাতে আহাৰ প্ৰস্তুত কৰে।

(খ) পাতত হৰিৎকণা থকাৰ বাবে এইবোৰ সেউজীয়া বৰণৰ হয়।

(গ) উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ-দীঘল হ'বলৈ উশাহ-নিশাহ লাগে।

(ঘ) পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয়।

(ঙ) বেছিকৈ গছ-গছনি ৰুব লাগে।


৪। উদ্ভিদে আহাৰ কেনেকৈ তৈয়াৰ কৰে?
উঃ উদ্ভিদৰ পাতে পানী আৰু বায়ুৰ পৰা লোৱা কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে।


Answered by Hiru Moni Bora

Last Update By Dipawali Bora (07.05.2022)