পাঠ ৬

গতি আৰু দূৰত্বৰ জোখ-মাখ


১। মৰুভূমি, বৰফ, জল, স্থল আৰু আকাশীপথেৰে চলা এখনকৈ বাহনৰ নাম লিখা।

উত্তৰঃ মৰুভূমি, বৰফ, জল, স্থল আৰু আকাশীপথেৰে চলা এখনকৈ বাহনৰ নাম হৈছে ক্ৰমে - ঘোঁৰাগাড়ী, শ্লেজগাড়ী, জাহাজ, বাছ আৰু উৰাজাহাজ।


২। প্ৰাচীন কালত কি কি জীৱ-জন্তুক পৰিবহণৰ বাবে ব্যৱহাৰ কৰিছিল লিখা।

উত্তৰঃ প্ৰাচীন কালত গৰু, ঘোঁৰা, ম'হ আদিক পৰিবহণৰ বাবে ব্যৱহাৰ কৰিছিল।


৩। জোখ-মাপ মানে কি?

উত্তৰঃ জোখ-মাপ মানে কোনো এটা নজনা ৰাশিৰ সৈতে কিছুমান জনা ৰাশিৰ তুলনা কৰা।


৪। জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োজন কিয় দৰকাৰ?

উত্তৰঃ সুষম জোখ-মাপৰ সুবিধাৰ্থে প্ৰমাণ এককৰ প্ৰয়োজন।


৫। তোমাৰ ঘৰৰপৰা বিদ্যালয়লৈ দূৰত্ব 2500 মিটাৰ। এই দূৰত্বক কিল'মিটাৰলৈ প্ৰকাশ কৰা।

উত্তৰঃ 

দিয়া আছে,

মোৰ ঘৰৰ পৰা বিদ্য়ালয়লৈ দূৰত্ব = 2500 মিটাৰ।

যিহেতু, 1000 মিটাৰ = 1 কিলোমিটাৰ।

এতেকে, মোৰ ঘৰৰ পৰা বিদ্য়ালয়লৈ দূৰত্ব = 2500/1000 কিলোমিটাৰ

                                                                     = 2.5 কিলোমিটাৰ।


৬। আন্তৰ্জাতিক একক পদ্ধতি কাক বোলে?

উত্তৰঃ বৰ্তমান ব্য়ৱহাৰ হোৱা জোখ-মাপৰ প্ৰমাণ একক পদ্ধতিক আন্তৰ্জাতিক একক পদ্ধতি বোলে।


৭। খালী ঠাই পূৰ কৰাঃ

(ক) ১৯০০ শতিকাৰ প্ৰাৰম্ভত উৰাজাহাজৰ বিকাশ ঘটে।

(খ) জোখ-মাপসমূহ দুটা অংশত প্ৰকাশ কৰা হয়।

(গ) ক্ষেত্ৰফল = দীঘ X প্ৰস্থ।

(ঘ) মেট্ৰিক শব্দটো আহিছে মিটাৰৰ পৰা।

(ঙ) আন্তৰ্জাতিক একক পদ্ধতিৰ দৈৰ্ঘ্য়ৰ একক হৈছে মিটাৰ।


-Hiru Moni Bora


Post ID : DABP006004