Lesson 8 

                                       আমাৰ দৰকাৰী উদ্ভিদ

⬜  প্ৰশ্নাৱলী

(১) শস্য কোনবোৰ ? 

উত্তৰঃ মানুহৰ প্ৰধান খাদ্য় তৃণজাতীয় উদ্ভিদৰ পৰা পায়। তৃণজাতীয় উদ্ভিদৰ গুটিক শস্য় বোলে। যেনেঃ ধান, মাহ,ঘেঁহু ইত্য়াদি।

(২) পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ পাঁচবিধ শস্য উদ্ভিদৰ নাম হ'ল- ধান, মাহ, ঘেঁহু, গোমধান, বজ্ৰা আদি।

(৩) আঁহ থকা গছ কেইবিধমানৰ নাম লিখা ।

উত্তৰঃ আঁহ থকা গছ কেইবিধমানৰ নাম হ'ল- কপাহ, শিমলু, মৰাপাত, চিচি, ৰেমি, মাটিকঁঠাল আৰু নাৰিকল।

(৪) অসমৰ কোনবোৰ গছৰ পৰা কাঠ পোৱা যায় ?

উত্তৰঃ অসমৰ শাল, চেগুন, গমাৰি,বনচোম, তিতাচঁপা আদি গছৰ পৰা কাঠ পোৱা যায়।

(৫) শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?

উত্তৰঃ শস্য় থকা পুষ্টিকৰ দ্ৰব্য়বিধ হ'ল- প্ৰ'টিন।

(৬) দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?

উত্তৰঃ দাইলত প্ৰ'টিন নামৰ পুষ্টিকৰ দ্ৰব্য়বিধ বেছিকৈ থাকে।

(৭) মাটিকাঁদুৰি, দুপৰটেঙা, চিৰতা, মানিমুনি, জাৰ্মানি বন,  আদা, ব্ৰাক্ষী, আদি উদ্ভিদৰ কি ঔষধি ণ্ডণ আছে তোমাৰ ছাৰ/বাইদেউ  আৰু আনক সুধি লাখা ।

উত্তৰঃ মাটিকাঁদুৰিঃ মাটিকাঁদুৰি খালে দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ছাল সুন্দৰ হয়। ই পেটৰ কাৰণেও ভাল। 

দুপৰটেঙাঃ দুপৰটেঙা পাত পিহি ৰাতিপুৱা খালী পেটত খালে পাথ্বৰ নহয়।

চিৰতাঃ চিৰতা কৃমি নাশক।

মানিমুনিঃ মানিমুনি ৰস খালে পেট ভালে থাকে।

জাৰ্মানি বনঃকাটা-ছিঙাত তেজ ওলোৱা বন্ধ কৰে।

আদাঃ আদা খালে পাচন শক্তি বৃদ্ধি হয় ।

ব্ৰাহ্মীঃ স্মৃতি শক্তি বৃদ্ধি কৰে।

(৮) খালী ঠাই পূৰণ কৰা ।

(ক) ঘেঁহু এবিধ _________ উদ্ভিদ ।

উত্তৰঃ তৃণজাতীয় উদ্ভিদ।

(খ) ছয়াবিনত __________ থাকে ।

উত্তৰঃ ছয়াবিনত প্ৰ'টিন থাকে।

(গ) ছিনক'না গছৰ পৰা ________ প্ৰস্তুত কৰা হয় আৰু ই ______          বেমাৰ ভাল কৰে ।

উত্তৰঃ কুইনাইন। মেলেৰিয়া।

(ঘ) _________ গছৰ পৰা শণ  সূতা পোৱা যায় ।

উত্তৰঃ চিচি গছৰ পৰা।

(ঙ) প্ৰকৃতিৰ পৰা  পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম _________ সূতা ।

উত্তৰঃ ৰেমি সূতা।

(চ) যৱৰ আন এটা নাম ________ ।

উত্তৰঃ বাৰ্লি।

 ◼️

 

Type :  Priyam Jyoti Patar


Post ID : DABP005852