Lesson 9 

প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

◻️ প্ৰশ্নাৱলী

(১) প্ৰাণীক আহাৰ কিয় লাগে ?

উত্তৰঃ সকলো প্ৰাণী জীয়াই থাকিবলৈ আহাৰ লাগে। আহাৰ খালেহে গাত শক্তি পায় আৰু প্ৰাণীৰ দেহ গঠন হ'বলৈও আহাৰৰ প্ৰয়োজন।

(২)তৃণভোজী প্ৰাণী কাক বোলে ? পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ যিবোৰ প্ৰাণীয়ে কেবল ঘাঁহ-বন খাই জীয়াই থাকে সৈই বোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে। যেনেঃ গৰু, হৰিণা, পহু, হাতী, ম'হ।

(৩) পাঁচবিধ মাংসভোজী প্ৰাণী নাম লিখা ।

উত্তৰঃ পাঁচবিধ মাংসভোজী প্ৰাণীৰ নাম হ'ল- বাঘ, সিংহ, ফেঁচা, চিলনী, ভেকুলী আদি।

(৪) উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণী নাম লিখা ।

উত্তৰঃ উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণীৰ নাম হ'ল- মানুহ, শিয়াল, কুকুৰ, এন্দুৰ, নিগনি আদি।

(৫) পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ প্ৰাণীয়ে আন প্ৰাণীৰ দেহৰ পৰা আহাৰ শুহি লয়, সেইবোৰ প্ৰাণীক পৰজীৱী প্ৰাণী বোলে। যেনেঃ পেলু, কৃমি, ওকণি, উৰহ আদি।

(৬) পেলনীয়া বস্তুবোৰ কিয় গেলি-পাঁচি যায় ?

উত্তৰঃ পেলনীয়া খোৱা বস্তু আৰু জাৱৰ-জোঁথৰত কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়া গজে ইহঁতে এইবোৰৰ পৰাই আহাৰ পায় ভেঁকুৰ বেক্টেৰিয়া য'ত গজে, সেইবোৰ বস্তু গেলি-পঁচি যায়।

(৭) পাগুলি খোৱা মানে কি ? পাগুলি খালে কি হয় ?

উত্তৰঃ গৰু,ম'হৰ দৰে তৃণভোজী প্ৰাণীবোৰে যথেষ্ট পৰিমানে ঘাঁহ খায়। ঘাঁহ প্ৰথমে পেটলৈ যায় পিছত আকৌ পেটৰ পৰা মুখলৈ উলিয়াই আনি চোৱাই খায়। এনেদৰে খোৱাকে পাগুলি খোৱা বোলে।

              পাগুলি খালে ঘাঁহ-বন বোৰ ভালদৰে হজম হয়।

(৮) উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিবনে ? যদি নাথাকে, কিয় ?

উত্তৰঃ উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই নাথাকিব কাৰণ মাংসভোজী প্ৰাণীবোৰে তৃণভোজী প্ৰাণীৰ মাংস খাই জীয়াই থাকে।তৃণভোজী প্ৰাণীৰ প্ৰধান খাদ্য় হ'ল উদ্ভিদ গতিকে উদ্ভিদ নাথাকিলে তৃণভোজী প্ৰাণী জীয়াই  নাথাকিব আৰু তৃণভোজী নাথাকিলে মাংসভোজী প্ৰাণী জীয়াই নাথাকিব।

(৯) উদ্ভিদে কি কি পদাৰ্থ উৎপন্ন পৰে ?

উত্তৰঃ উদ্ভিদে কাৰ্ব'হাইড্ৰেট বা শৰ্কৰা, প্ৰ'টিন, তেল, চৰ্বী আৰু ভিটামিন ৎপন্ন কৰে।

(১০) জৈৱ-ৰায়াসনিক শক্তি কাক বোলে ?

উত্তৰঃ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, তেল, চৰ্বী, ভিটামিন আদিত থকা শক্তিক জৈৱ-ৰাসায়নিক শক্তি বোলে।

(১১) শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় ? দুবিধ শস্য খোৱা  চৰাই নাম লিখা ।

উত্তৰঃ শস্য় খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান।

                    দুবিধ শস্য় খোৱা চৰাইৰ নাম হ'ল- ঘৰচিৰিকা, পাৰ।

(১২) পেলিকান চৰায়ে কিদৰে আহাৰ খায় ?

উত্তৰঃ পেলিকান চৰাইৰ ঠোঁট দীঘল আৰু বৰশীৰ দৰে বেঁকা। তলৰ ঠোঁটটোত ৰবৰৰ মোনাৰ দৰে এটা টোটোলা থাকে। টোটোলাত পানী সোমায়। পানীখিনিত মাছ থাকিলে ঠোঁট দুটা চেপি দিয়ে। তেতিয়া পানীখিনি ওলাই যায়।

(১৩) শুদ্ধ বাক্যটো লিখা ।

(ক) পখিলা আৰু জোকৰ আহাৰ গোটা/জুলীয়া ।

উত্তৰঃ জুলীয়া।

(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা চোবাই খায়/গোটে  গোটে গিলি থয় ।

উত্তৰঃ গোটে গোটে গিলি খায়।

(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান/সমান নহয় ।

উত্তৰঃ সমান নহয়।

(ঘ) প্ৰ'টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে/নাথাকে ।

উত্তৰঃ থাকে।

(ঙ) ওকণি পৰজীৱী প্ৰাণী হয়/নহয় । 

উত্তৰঃ হয়।

◼️


Type :  Priyam Jyoti Patar



Post ID : DABP005853