পাঠ ৪

 ৰাষ্ট্ৰীয় দিৱস 


১। উত্তৰ লিখা।


(ক) ভাৰতৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয়?

উঃ ভাৰতৰ জাতীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয়।


(খ) জাতীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰো?

উঃ জাতীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাক-টিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰাটো বাধ্যতামূলক।


(গ) ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে?

উঃ ভাৰতবৰ্ষই  ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে।


(ঘ) জাতীয় পতাকাখন ব্যৱহাৰৰ তিনিটা নিয়ম ।

উঃ জাতীয় পতাকাখন ব্যৱহাৰৰ তিনিটা নিয়ম হৈছে - 

জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুঁৱা ৰংটো সদায় ওপৰত থাকিব লাগে।

- সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগত নমাব লাগে।

- সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে।


(ঙ) জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা।

উঃ জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম হৈছে- স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।


২। জাতীয় পতাকাৰ ৰং কেইটাই কি বুজায়? 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

        'ক'       -                        'খ'

সেউজীয়া    -        কৃষি আৰু প্ৰগতিৰ প্ৰতীক।

বগা             -         সত্য আৰু শান্তিৰ প্ৰতীক।

গেৰুৱা        -         ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক।

গাঢ় নীলা    -         আকাশ আৰু সমুদ্ৰক বুজায়।


৩। খালী ঠাই পূৰ কৰা-

(ক) মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। 

(খ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত নেহৰু খুড়া বুলি পৰিচিত।

(গ) ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়।


(ঘ) ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 


(ঙ) আমাৰ জাতীয় প্ৰতীকটোক অশোক স্তম্ভ বোলে।


- Hiru Moni Bora