শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া | SOUTH ASIA IN THE POST COLD WAR ERA | অধ্যায় ৫ | Chapter 5 | Class 12 Political Science Question And Answer Assam | Higher Secondary Second Year Political Science Assamese Medium | শৰ্মা- জামান - বৰুৱা |



 শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া


১। দেশখন চিনাক্ত কৰাঃ

(ক) ৰাজতন্ত্ৰৰ সমৰ্থক, গণতন্ত্ৰৰপ্ৰেমী গোটসমূহৰ মাজত সংঘৰ্ষ আৰু সন্ত্ৰাসবাদীয়ে ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা দেশ।

Ans: পাকিস্তান।


(খ) ভূমি পৰিবেষ্টিত (Landlocked) বহু দলীয় প্রতিযােগিতা দেশ। 

Ans: ভূটান।


(গ) দক্ষিণ- এছিয়া অঞ্চলত প্রথম মুক্ত অর্থনীতি প্রচলন কৰা দেশ। 

Ans: ভাৰত।


(ঘ) সামৰিক বাহিনী আৰু গণতন্ত্র সমর্থকৰ মাজত সংঘাত আৰু সামৰিক শাসন গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত।

Ans: পাকিস্তান।


(ঙ) মধ্যভাগত অৱস্থিত আৰু বেছিভাগ দক্ষিণ এছিয়া দেশৰ সীমাৰ সৈতে সংলগ্ন।

Ans: ভাৰত।


 (চ) বর্তমান গণৰাজ্য, পূর্বতে দ্বীপটোত চুলতান ৰাষ্ট্ৰৰ মুৰব্বী আছিল।

Ans: মালদ্বীপ।


(ছ) ভূমি পৰিবেষ্টিত ৰাজতন্ত্র প্রচলিত দেশ।

Ans: নেপাল ।


২। তলত উল্লেখিত কোনবােৰ উক্তি দক্ষিণ এথিয়া সন্দৰ্ভত অশুদ্ধঃ

(ক) দক্ষিণ এছিয়াৰ সকলােবােৰ দেশ গণতান্ত্রিক। 

(খ) বাংলাদেশ আৰু ভাৰতৰ মাজত পানীক ভাগ - বটোৱাৰাক লৈ এখন চুক্তি স্বাক্ষৰ হৈছিল।

(গ) চক্টা ( SAFTA ) দ্বাদশ ছাৰ্কৰ সন্মিলনত ইছলামাবাদত স্বাক্ষৰিত হৈছিল।

(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীন আৰু আমেৰিকাই প্ৰভাৱশালী ভূমিকা পালন কৰিছে। 

Ans: (ক) দক্ষিণ এছিয়াৰ সকলােবােৰ দেশ গণতান্ত্রিক । 


৩।  গণতান্ত্রিক অভিজ্ঞতা থকা বাংলাদেশ আৰু পাকিস্তানৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবােৰ লিখা।

Ans: দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানৰ মাজত বহুতো সাদৃশ্য আৰু বৈসাদৃশ্য পৰিলক্ষিত হয়। তলত সেইসমূহ উল্লেখ কৰা হ'ল-

সাদৃশ্যসমূহঃ

(ক) গণতান্ত্ৰিক অভিজ্ঞতা থকা দুই ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানৰ অধিক সংখ্যক জনসাধাৰণে মুছলমান ধৰ্মাৱলম্বী ;

(খ) দুই গণতান্ত্ৰিক ৰাষ্ট্ৰৰে একোখন নিজা সংবিধান আছে ;

(গ) দুই ৰাষ্ট্ৰতেই সময়ে সাপেক্ষে সেনাৰ দখল বা অধিকাৰ চলি আহিছে ;

(ঘ) দুইখন দেশতে সন্ত্ৰাসবাদী কাৰ্য-কলাপ ব্যাপক হাৰত চলি আহিছে।

বৈসাদৃশ্যসমূহঃ

(ক) পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ আছে কিন্ত বাংলাদেশৰ হাতত তেনে অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ মজুত নাই।

 (খ) বালাংদেশ ইয়াৰ সংবিধানত ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, সমাজবাদী আদৰ্শৰ প্ৰতি বিশ্বাসৰ কথা ঘোষণা কৰিছে। কিন্ত পাকিস্তানে এতিয়াও ইছলামিক ৰাষ্ট্ৰ হিচাপ বৰ্তি আছে। 

(গ) ৰাষ্ট্ৰসংঘই আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে অতীতত নিজৰ স্বাৰ্থৰ কাৰণৰ বাবে পাকিস্তানত সেনাৰ কতৃত্বৰ শাসনক উদগনি দিছিল কিন্ত বাংলাদেশৰ ক্ষেত্ৰত সেয়া সত্য নহয়।

     এনেদৰে দুই ৰাষ্ট্ৰৰ মাজত বহুতো সাদৃশ্য আৰু বৈশাদৃশ্য পৰিলক্ষিত হয়।


৪। নেপালৰ গণতন্ত্র প্রতি অহা তিনিটা ভাবুকি লিখা ।

Ans: নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা তিনিটা ভাবুকি হ'ল-

(ক) ৰাজতন্ত্ৰ সমৰ্থনকাৰী সকলঃ নেপালত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ আগতে যিহেতু ৰাজতন্ত্ৰ ব্যৱস্থাৰ প্ৰচলন আছিল। সেয়ে বৰ্তমানো নেপালৰ বহু লোকে বা গোটে ৰাজতন্ত্ৰৰ পোষকতা কৰে। বহু লোকে এতিয়াও ভাবে যে অতীতৰ লগত সম্পৰ্ক অটুট ৰখাৰ বাবে ৰাজ পৰিয়ালৰ বাবে নামমাত্ৰ শাসনকৰ্তা পদ এটা থকা বাঞ্ছনীয়।

(খ) মাওবাদী সকলঃ নব্বৈৰ দশকত নেপালৰ গণতান্ত্ৰিক চৰকাৰ বিপদগ্ৰস্ত হয় আৰু মাওবাদীসকলে তেওঁলোকৰ প্ৰভাৱ গোটেই দেশত বিয়পাই দিছিল। ফলত ৰাজকীয় সেনা, গণতন্ত্ৰবাদী আৰু মাওবাদীসকলৰ মাজত যুদ্ধ আৰম্ভ হয়। অৱশেষত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ মাওবাদীসকলে বিদ্ৰোহ ৰখাৰ বাবে সন্মত হয় যদিও তেওঁলোকে সংবিধান সংশোধনৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক আঁচনি গ্ৰহণৰ দাবী জনাইছিল । সেয়ে মাওবাদী সকলো নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা এক বৃহৎ ভাবুকি।

(গ) গণতন্ত্ৰবাদী সকলঃ গণতন্ত্ৰ সমৰ্থক সকলেও নেপালত বহু সময়ত বহু আন্দোলনৰ সূচনা কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল।

   এনেদৰে নেপালৰ গণতন্ত্ৰলত বহুতো ভাবুকিয়ে দেখা দিছিল।


৫। শ্রীলংকাত জাতিগত গােষ্ঠী সংঘাতৰ প্ৰধান নায়ক কোন আছিল? এই সংঘাতৰ নিষ্পত্তিকৰণৰ সম্ভাৱনীয়তা তুমি কেনেদৰে মূল্যায়ন কৰিবা। 

Ans: শ্ৰীলংকাত সৃষ্টি হোৱা নৃ-জাতীয় গোষ্ঠী সংঘাতৰ প্ৰধান হোতা আছিল ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্ৰীলংকাত বসবাস কৰা তামিল সকল । এই গোষ্ঠী সংঘাতৰ মূল কাৰণ হ'ল স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতিত আধিপত্য চলাই অহা সিংহলী সম্প্ৰদায়ৰ লোকসকলে এই তামিল সকলক শত্ৰু  জ্ঞান কৰিছিল আৰু ভাবিছিল যে শ্ৰীলংকাই তামিলসকলক সুবিধা দিয়াটো অনুচিত কিয়নো শ্ৰীলংকা সিংহলী জনসাধাৰণৰহে আৱাসভূমি। এনে ধৰণৰ ঘৃণা আৰু শত্ৰুতাৰ ফলতে তামিলসকলৰ মাজত মাজত তামিল সামৰিক জাতীয়তাবাদ গঢ়ি উঠে আৰু ১৯৮৩ চনৰ পৰা সামৰিক সংগঠন লিবাৰেচন টাইগাৰ্চ অব তামিল ইলাম (LTTE) গঠন হৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে। শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চল  LTTE ৰ নিয়ন্ত্ৰনাধীনত থাকে।

      শ্ৰীলংকাৰ সংঘটিত এই নৃ-গোষ্ঠীয় সংঘাতৰ মূল প্ৰস্তাৱ শ্ৰীলংকাৰ তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমিৰ দাবী বা প্ৰস্তাৱক সমূৰ্ণৰূপে নাকচ কৰিবও নোৱাৰি কাৰণ ই একপক্ষে যুক্তিযুক্তই আছিল। কাৰণ শ্ৰীলংকাত  সংখ্যাগৰিষ্ঠ সিংহলী সকলৰ ৰাজত্ব আছিল আৰু তেওঁলোকে সংখ্যালঘু তামিলসকলক শত্ৰু জ্ঞান কৰি তেওঁলোকক দমন কৰিছিল আৰু সংঘাতত লিপ্ত হৈছিল। এনে পৰিস্থিতিত শ্ৰীলংকাত তামিল সকলৰ অস্তিত্ব আৰু জীৱন বিপদগ্ৰস্ত আৰু ভয়াবহ হৈ পৰিছিল। তেনে পৰিস্থিতিত বাধ্য হৈ তামিল সকলেও অৱশেষত বিদ্ৰোহৰ পথ অৱলম্বন কৰি নিজৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে তেওঁলোকৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰিছিল য'ত তেওঁলোক সুৰক্ষিত হয় । কিন্ত এটা কথা ক'ব লাগিব যে তেওঁলোকে অৱলম্বন কৰা বিদ্ৰোহৰ পথ শুদ্ধ নাছিল। তেওঁলোকে চৰম পন্থা অৱলম্বন নকৰি অহিংসা, শান্তি আৰু আলোচনাৰ মাজেৰেও শ্ৰীলংকাৰ চৰকাৰৰ সৈতে বিষয়তোৰ মীমাংসা কৰি নিজৰ সুৰক্ষা নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিল হেঁতেন। 


৬।  ভাৰত আৰু পাকিস্তানৰ মাজত হােৱা বৰ্তমানৰ কেইখনমান চুক্তি উল্লেখ কৰা। আমি নিশ্চিতভাৱে ক'ব পাৰােনে যে দুয়ােখন দেশে বন্ধুত্ব স্থাপনৰ ক্ষেত্ৰত সঠিক পথেৰে আগবাঢ়িব পাৰিছে? 

Ans: ভাৰত আৰু পাকিস্তান দুই  ৰাষ্ট্ৰৰ মাজত পৰস্পৰ এক সন্দেহবাদী আৰু সংঘাতময় সম্পৰ্ক আছে আৰু পৰস্পৰে পৰস্পৰক অতীতৰে পৰা শত্ৰুতাৰ দৃষ্টিৰে চাই আহিছে। তথাপি কিন্ত  শত্ৰুভাৱ আৰু সংঘাত নিৰাময়ৰ বাবে সময়ে সময়ে বহু চুক্তি দুই দেশৰ চৰকাৰৰ মাজত স্বাক্ষৰিত আৰু সম্পাদিত হৈ আহিছে। শেষতীয়াকৈ দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবৰ বাবে বহু চুক্তি স্বাক্ষৰিত হৈছে। সেই সমূহ তলত উল্লেখ কৰা হ'ল-

(ক) ইন্দাচ জল চুক্তিঃ  ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে পাকিস্তানৰ কাৰাচিত ভাৰতৰ প্ৰধানমন্তী জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ আয়ুব খানৰ মাজত ইন্দাচ জল চুক্তি স্বাক্ষৰ হয়। এই চুক্তি বিশ্ব বেংকৰ সহায়ত দুই ৰাষ্ট্ৰৰ মাজত ইন্দাচ-বেচিনৰ নদীৰ পানীৰ ভাগ-বতৰাক লৈ স্বাক্ষৰিত হয় ।

(খ) পাৰমাণৱিক শক্তি ব্যৱহাৰ প্ৰতিৰোধকৰণ চুক্তিঃ ১৯৮৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভূটো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত এই চুক্তি প্ৰস্তত কৰা হয় পাৰমাণৱিক শক্তি প্ৰতিৰোধকৰণৰ হেতু। এই দ্বি-পাক্ষিক চুক্তিয়ে দুই ৰাষ্ট্ৰ মাজত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ সীমিতকৰণ আৰু  পৰস্পৰে পৰস্পৰৰ ৰাষ্ট্ৰৰ পাৰমাণৱিক প্ৰতিষ্ঠান আৰু  সা-সুবিধা বিলাকৰ ওপৰত যাতে বাহ্যিক শক্তিক আক্ৰমণ কৰিবলৈ সহায় নকৰে তাৰ ওপৰত গুৰুত্ব দিছিল। ১৯৯১ চনত এই চুক্তি কাৰ্যকৰী হয়।

(গ) লাহোৰ ঘোষণাঃ ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে এই দ্বি-পাক্ষিক লাহোৰ ঘোষণা বা চুক্তি সম্পাদন কৰা পাকিস্তান আৰু ভাৰতৰ মাজত। এই চুক্তি অনুসৰি পাৰমাণৱিক সশস্ত্ৰীকৰণ আৰু এই পাৰমাণৱিক অস্ত্ৰৰ আকস্মিক আৰু অবৈধ বা বে-আইনী অভিযানত ব্যৱহাৰ পৰিত্যাগৰ ক্ষেত্ৰত দুই দেশৰ মাজত এক বুজাবুজিৰ সৃষ্টি আৰু সূচনা কৰা হয়। 

(ঘ) আগ্ৰা সন্মিলনঃ পাকিস্তান আৰু ভাৰত দুই ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক দুদিন জোৰা সন্মিলন অনুষ্ঠিত হয় ২০০১ চনত ভাৰতৰ আগ্ৰাত। এই সন্মিলনত চুক্তি আলোচনা কৰা হয় ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা কিছুমান সমস্যা সমাধানৰ বাবে। এই আলোচনাত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা  হয় সেই সমস্যাসমূহ সমাধানৰ বাবে যেনে- পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ বৃহৎ পৰিমাণে সীমিতকৰণ, কাশ্মীৰ সংঘাত, সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদ আদি।  কিন্ত এই আলোচনা ফলপ্ৰসূ নহ'ল সেয়ে আগ্ৰা চুক্তিও স্বাক্ষৰ কৰা নহ'ল। 

         এনেদৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত নিৰাময় আৰু  সম্পৰ্ক উন্নতিকৰণৰ  বাবে বহুতো চুক্তি স্বাক্ষৰিত হৈছে। দুই ৰাষ্ট্ৰই পৰস্পৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ চেষ্টাও চলাইছে আৰু কম বেছি পৰিমাণে সফলতাও অৰ্জন কৰিছে । কিন্ত দুই ৰাষ্ট্ৰৰ মাজত বহু   বিষয়ক লৈ সংঘাত এতিয়াও নিৰ্মূল হোৱা নাই। যেনে কাশ্মীৰ সমস্যা, সীমাবিবাদ, সীমান্তত আক্ৰমণ আৰু যুদ্ধ আদি। বৰ্তমানো ভাৰতৰ বহুলোকে বিশ্বাস কৰে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উশ্থাপিত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। সেয়ে দেখা গ'ল যে দুই পক্ষৰ মাজত উপৰিউক্ত ধৰণেৰে বিভিন্ন চুক্তিৰ দ্বাৰা দীৰ্ঘদিনীয়া সমস্যা সমূহ দূৰ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আগবাঢ়িবলৈ  চেষ্টা কৰা হৈছে যদিও ই সম্পূৰ্ণৰূপে সফল হোৱা নাই ।এতিয়াও দুই দেশৰ মাজত  বহু বিষয়ক লৈ প্ৰায় সংঘাতৰ উদ্ভৱ হৈয়ে থাকে আৰু পৰস্পৰৰ মাজত বিশেষ এক ভাল সম্পৰ্কও থকা দেখা নাযায়।


৭।  সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ আলােচনা কৰা। 

Ans: পাকিস্তান এক গণতান্ত্ৰিক ৰাষ্ট্ৰ যদিও ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা দৰে সফল নহয়। দুই ৰাষ্ট্ৰই যদিও সমসাময়িকভাৱে স্বাধীনতা লাভ কৰিছিল তথাপি পাকিস্তানে এক সুস্থিৰ আৰু সফল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিফল হৈছে। পাকিস্তানৰ ৰাজনৈতিক ইতিহাস উশ্থান-পতন আৰু অস্হিৰতাৰ ইতিহাস । ১৯৪৭ চনত স্বাধীনতা লাভ কৰা পাকিস্তানে ১৯৫৬ চনতহে প্ৰথম সংবিধান গ্ৰহণ আৰু বলৱৎ কৰিবলৈ সক্ষম হয়। সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান ব্যৰ্থ হোৱাৰ অন্তৰালত বহুতো কাৰণ আছে। তাৰে ভিতৰত দুটা কাৰণ তলত উল্লেখ কৰা হ'ল--

(ক) পাকিস্তানে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ এক অন্যতম কাৰণ হ'ল  ইয়াত বিৰাজমান সন্ত্ৰাসবাদ । পাকিস্তানত অনবৰতে বিৰজমান  কূটাঘাতমূলক আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপে ইয়াৰ পৰিৱেশ অনবৰত অস্হিৰ কৰি ৰাখে যিয়ে পাকিস্তানৰ গণতান্ত্ৰিক ব্যৱস্থাটোকো প্ৰায় অস্হিৰ কৰি ৰাখে।

(খ) পাকিস্তানৰ এক অনিশ্চিত, অস্হায়ী আৰু অস্হিৰ সংবিধানেও ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অস্হিৰ কৰি ৰাখে। কাৰণ এখন সুস্থিৰ গণতান্ত্ৰিক সংবিধানৰ ওপৰতে এটা সুস্থিৰ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তি থাকে।

      এনে বহু কাৰণৰ বাবে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান ব্যৰ্থ হৈছে।


৮।  দক্ষিণ এছিয়াৰ দ্বিপাক্ষিক সম্পর্কত বাহিৰা শক্তিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে ; এটা উদাহৰণ দি বুজাই দিয়া।

Ans: বৰ্তমান বিশ্বৰ কোনো ঠাই ,কোনো প্ৰান্ত, কোনো দেশে একাষৰীয়াকৈ বৰ্তি থকা নাই আৰু থকাতো সম্ভাৱো নহয়। বিশ্বৰ প্ৰতিখন দেশৰে ইখন দেশৰ আনখনৰ লগত বিভিন্ন ধৰণেৰে সম্পৰ্ক গঢ়ি উঠিছে আৰু ইয়াৰ মূলতে  হ'ল গোলকীকৰণ প্ৰক্ৰিয়া যি সমগ্ৰ  বিশ্বক এখন সৰু গাওঁত পৰিণত কৰিছে।

      ঠিক তেনেদৰে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি উঠাৰ উপৰি এই দেশসমূহৰ বাহিৰৰ দেশৰ লগতো দ্বি -পাক্ষিক সম্পৰ্ক গঢ়ি উঠিছে। অৰ্থাৎ দক্ষিণ এছিয়াৰ বাহিৰৰ ৰাষ্ট্ৰসমূহে এই অঞ্চলত নিজৰ শক্তিৰ ফলত আধিপত্য বা প্ৰভাৱ বিস্তাৰ কৰি আহিছে। তেনে এখন ৰাষ্ট্ৰ হ'ল শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ লগত দক্ষিণ এছিয়াৰ ভাৰত,পাকিস্তান আদি দেশৰ বন্ধুত্বপূৰ্ণ দ্বি-পাক্ষিক সম্পৰ্ক বৰ্তি আছে । শীতল যুদ্ধৰ পিছত আমেৰিকাৰ দক্ষিণ এছিয়াত তৎপৰতা বৃদ্ধি পাইছে। শীতল যুদ্ধৰ পিছত ভাৰত আৰু পাকিস্তানৰ লগত আমেৰিকাৰ উন্নত সম্পৰ্ক স্থাপন হৈছে। সৰল অৰ্থনৈতিক নীতি দুয়োখন দেশে অনুসৰণ কৰাৰ ফলত আমেৰিকাৰ লগত উভয় দেশৰ সম্পৰ্ক আৰু গভীৰ হৈছে। তদুপৰি আমেৰিকাই অৰ্থনৈতিক,সাংস্কৃতিক, শৈক্ষিক সকলো দিশৰ পৰাই নিজৰ আধিপত্য সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহৰ ওপৰতো বিস্তাৰ কৰিছে। দক্ষিণ এছিয়াৰ ভাৰত আৰু পাকিস্তানৰ লগত আমেৰিকাৰ বৰ্তমান যথেষ্ট এক উন্নত সম্পৰ্ক আছে। শীতল যুদ্ধৰ পৰৱৰ্তি কালত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিবলৈ আগুৱাই যোৱাৰ পৰাই আমেৰিকাৰ লগত ভাৰতৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক বজাই ৰাখিছে । সেয়া হ'ল – কাৰিকৰী যাত্ৰা আৰু দ্বিতীয়টো মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা। তদুপৰি দুয়ো ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ উন্নতিৰ বাবে আৰু  বিভিন্ন  ক্ষেত্ৰত সহায় সহযোগিতাৰ বাবেও বহু চুক্তি সম্পাদিত হৈছে। ঠিক তেনেদৰে পাকিস্তানৰ সৈতেও আমেৰিকাই নিৰাপত্তা বিষয়ক চুক্তি স্বাক্ষৰিত কৰিছিল আৰু কাশ্মীৰ সমস্যাত আমৰিকাই পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰি সহায় আগবঢ়াইছিল। ভাৰতৰ দৰে পাকিস্তানৰ লগতো আমেৰিকাই পাৰমাণৱিক ক্ষেত্ৰত চুক্তি স্বাক্ষৰিত কৰিছে। দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক মুক্ত আৰু বিশ্ব অৰ্থনীতিয়ে সুদৃঢ় কৰি ৰাখিছে। বৰ্তমানো আমেৰিকাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে অৰ্থনৈতিক, বাণিজ্যক,নিৰাপত্তা আদি সকলো দিশতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তি আছে আৰু ভৱিষ্যতৰ আঞ্চলিক নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ দেশৰ সৈতে শক্তিশালী আমেৰিকাৰ সহযোগিতা ফলদায়ক হ'ব।এই দৰে দক্ষিণ এছিয়াৰ দ্বি-পাক্ষিক সম্পৰ্কত বাহিৰা শক্তি আমেৰিকাই গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।


৯। দক্ষিণ এছিয়াৰ দেশবােৰৰ মাজত অর্থনৈতিক সঞ্চযোগিতা স্থাপন ক্ষেত্ৰত ছাৰ্ককে এখন মঞ্চ হিচাপে পালন কৰা ভূমিকা আৰু ইয়াৰ সীমাবদ্ধতাৰ ওপৰত এঠি চমুটোকা লিখা ।

 ১০। ভাৰতৰ প্রতিবেশী দেশবাৰে পাৰে যে ভাৰত চৰকাৰে এই অঞ্চলৰ আৰু ৰাষ্ট্ৰবোৰক বশ কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু ইহঁতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে। এইটো এটা সঠিক ধাৰণানে?  

১১। আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে চার্ক ( SAARC ) ৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা।


১২। ছাফটা (SAFTA) কি উদ্দেশ্যৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা।

Ans: দক্ষিণ এছিয়া অঞ্চলটোত এটা শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য মণ্ডল আৰু ইয়াৰ সম্প্ৰসাৰণ কৰাই ছাফটা গঠনৰ উদ্দেশ্য। এই ছাফটা চুক্তি ছাৰ্কৰ  সৌজন্যত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে এই অঞ্চলত এটা মুক্ত বাণিজ্য মণ্ডল গঠনৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ স্বাক্ষৰিত কৰিছিল। এই চুক্তিৰ মূল নীতিয়ে হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যৰ প্ৰসাৰৰ জৰিয়তৰ অৰ্থনৈতিক দিশত উন্নতি সাধন কৰা।


১৩। পূৱ পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱা কাৰণসমূহ আঙুলিয়াই দিয়া।


চমু প্ৰশ্ন উত্তৰঃ

১। পাকিস্তানৰ সামৰিক শাসন আৰু গণতন্ত্ৰৰ ওপৰত এটি টোকা লিখা। 


 ২। পাকিস্তানত সুস্থিৰ গণতঃৰ বিপৰ্যয়ৰ কাৰণ বর্ণনা কৰা । 


৩। নেপালৰ ৰাজতন্ত্ৰ আৰু গণন্ত্ৰৰ বিষয়ে লিখা ।


 ৪। শ্রীলংকাত জাতিগত সংঘর্ষ কিয় সংঘটিত হৈছিল চমুকৈ লিখা ।


 ৫। ভাৰত আৰু বাংলাদেশ সম্পর্ক চমুকৈ বর্ণনা কৰা । 


৬। ভাৰত আৰু নেপালৰ মাজত কেনেধৰণে সম্পৰ্ক আছে বৰ্ণনা কৰা।


৭। ভাৰতে মালদ্বীপক বিপদৰ সময়ত কেনেদৰে সহায় কৰিছিল এটা উদাহৰণ দি বুজাই লিখা। 


 ৮। দক্ষিণ এছিয়াত শান্তিৰ বাবে কেনেদৰে পদক্ষেপ গ্রহণ কৰিছে অতি চমুকে বর্ণনা কৰা । 


৯। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰত উল্লেখ কৰা।


১০। ' ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।


১১। শ্ৰীলংকাত সংঘাতৰ লিপ্ত থকা সম্প্রদায় দুটাৰ নাম লিখা।

Ans:  শ্ৰীলংকাত সংঘাতৰ লিপ্ত থকা সম্প্রদায় দুটাৰ নাম হ'ল: সিংহলী আৰু তামিল সম্প্ৰদায়।


 ১২। ভাৰত বাংলাদেশৰ  মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।

 

অতি চমু প্ৰশ্ন উত্তৰঃ

১। দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ নাম লিখা।

Ans: দক্ষিণ এছিয়াৰ এখন ৰাষ্টৰ নাম হ'ল: ভাৰত।


২। দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰৰ আছে?

Ans: দক্ষিণ এছিয়াত ৮ খন ৰাষ্ট্ৰ আছে।


 ৩। পাকিস্তানে কোন চনত কোন তাৰিখত স্বাধীনতা লাভ কৰিছিল।

Ans: পাকিস্তানে ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখত স্বাধীনতা লাভ কৰিছিল।


 ৪। পাকিস্থানৰ সংবিধানখন কোন চনত সংবিধান সভাৰ অনুমোদা লাভ কৰিছিল?


৫। পূব পাকিস্তানত কোন চনত গৃহযুদ্ধৰ সুত্ৰপাত্ৰ হৈছিল?

Ans: পূব পাকিস্তানত ১৯৭১ চনত গৃহযুদ্ধৰ সুত্ৰপাত্ৰ হৈছিল?


৬। নেপাল এখন ভূমি পৰিবেষ্টিত (Landlock) দেশ হয়নে?

Ans: হয়।


৭। নেপালত কোন চনত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছে? 

Ans: নেপালত ২০০৮ চনত মে' মাহত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। 


৮। এল টি. টি. টি. ই. ৰ  মূল নেতাজনৰ নাম কি?

Ans: এল টি. টি. টি. ই. ৰ  মূল নেতাজনৰ নাম হ'ল: ভেলুপিল্লাই প্ৰভাকৰণ।


৯। ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা সংঘাতৰ এটা কাৰণ উল্লেখ কৰা।

Ans: বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা অবৈধ প্ৰব্ৰজন ভাৰতৰ বাবে এক জ্বলন্ত সমস্যা। এই বিষয়ক লৈ ভাৰত চৰকাৰ অসন্তষ্ট আৰু সেয়ে এই বিষয়ক লৈ দুই ৰাষ্ট্ৰৰ মাজত সংঘাত বিৰাজমান।


১০। নেপাৰললৈ যাব বাবে পাৰপত্ৰ (Visa) ৰ প্ৰয়োজন হয়নে?

Ans: নেপাৰললৈ যাব বাবে পাৰপত্ৰ (Visa) ৰ প্ৰয়োজন হয়।


১১। 'ছাফটা' (SAFTA) মূল লক্ষ্য কি?

Ans: 'ছাফটা' (SAFTA) মূল লক্ষ্য হ'ল: সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া।


১২। 'ছাৰ্ক' কোন চনত গঠন হৈছিল?

Ans: 'ছাৰ্ক' ১৯৮৫ চনত গঠন হৈছিল।


১৩। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ এটা মূল কাৰণ লিখা।

Ans: ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ এটা মূল কাৰণ হ'ল: কাশ্মীৰ বিবাদ।


১৪। ছাৰ্কৰ সম্পূৰ্ণ অৰ্থ লিখা।


১৫। ছাৰ্কৰ প্ৰথমখন শাৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?


অতিৰিক্ত সাম্ভাৱ্য প্ৰশ্নাৱলী

  অতি চমু উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ১ নম্বৰৰ )

 ১ । দক্ষিণ এছিয়া মানে কি? 

Ans: দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভূটান, ভাৰত, নেপাল, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু মালদ্বীপক বুজায়।


২ । চীন দক্ষিণ এছিয়াৰ অংশ হয়নে?

Ans: চীন দক্ষিণ এছিয়াৰ অংশ নহয়।


৩। দক্ষিণ এছীয় মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল? 

Ans: দক্ষিণ এছীয় মণ্ডলত প্রথমে শ্ৰীলংকা য়ে নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল? 


৪। SAARC ৰ সম্পূর্ণ নামটো লিখা? 

Ans: SAARC ৰ সম্পৰ্ণ নামটো হ'ল  South Asian Association for Regional Co-Oporation.


৫ । হয় নে নহয় লিখা 

ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্য সন্মিলনত SAFTA ত স্বাক্ষৰ কৰা হৈছিল।

Ans: হয়।


৬।  ভাৰতবৰ্ষই কিয় শ্রীলংকালৈ ভাৰতীয় শান্তি বাহিনী ( IPKF ) প্ৰেৰণ কৰিছিল? 

Ans: শ্রীলংকাত থকা ভাৰতীয় তামিলসকলৰ সম্পর্ক সুস্থিৰ কৰাৰ অর্থে। 


৭ । খালী ঠাই পূৰণ কৰাঃ

 শ্রীলংকাৰ ৰাজনীতি                          সংখ্যাগুৰু সম্প্রদায়ৰ দ্বাৰা অৱদমিত। 

Ans:  শ্রীলংকাৰ ৰাজনীতি সিংহলী সংখ্যাগুৰু সম্প্রদায়ৰ দ্বাৰা অৱদমিত। 


৮। হয় নে নহয় লিখা—

 চীন ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ আছিল ।


৯।  ১৯৯৮ চনত ক’ত ভাৰতবৰ্ষই পাৰমাণৱিক অস্ত্র পৰীক্ষা সম্পাদন কৰিছিল?

Ans:  ১৯৯৮ চনত  গুজৰাটৰ পােখৰাণত ভাৰতবৰ্ষই পাৰমাণৱিক অস্ত্র পৰীক্ষা সম্পাদন কৰিছিল।


১০। SAARC ৰ মূল উদ্দেশ্য কি?

Ans: SAARC ৰ মূল উদ্দেশ্য হ'ল: দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাত আছে, এই সংঘাতসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা । 


১১। ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল? 

Ans: ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আৰু পাকিস্তানে ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল।


১২। কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 

Ans: ২০০৭ চনত নতুন দিল্লীত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল।


১৩। কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল? 

Ans:  ১৯৮৭ চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” প্ৰেৰণ কৰিছিল।


১৪। কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল?

Ans: ১৯৯৮ চনত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল।


১৫। শ্রীলংকা কেতিয়া স্বাধীন হৈছিল?

Ans: ১৯৪৮ চনৰ পৰা শ্ৰীলংকা স্বাধীন ৰাষ্ট্ৰ হয়।


১৬। ছাৰ্কৰ প্রথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল? 

Ans: ছাৰ্কৰ প্রথম সন্মিলন ঢাকাত অনুষ্ঠিত হৈছিল? 


১৭ । SAARC কেতিয়া গঠিত হৈছিল?

Ans: SAARC ১৯৮৫ চনৰ ৮ ডিচেম্বৰত গঠিত হৈছিল।


১৮। কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

Ans: ২০০৫ চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

 

১৯। কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 

Ans: ২০০৮ চনত কলম্বােত (শ্রীলংকা) পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল।


২০। কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ বাছ যাত্রা কৰিছিল ?

Ans: অটল বিহাৰী বাজপেয়ীয়ে।


 ২১। শ্রীলংকাৰ ৰাজনীতিত কোনটো সম্প্রদায় আটাইতকৈ বেছি গুৰুত্বপূর্ণ?

Ans:  শ্রীলংকাৰ ৰাজনীতিত সিংহলী সম্প্রদায় আটাইতকৈ বেছি গুৰুত্বপূর্ণ।


• চমু উত্তৰৰ আদর্শ প্রশ্ন ও ( ২ নম্বৰৰ ) 

১ । দক্ষিণ এছিয়াৰ অন্তর্ভুক্ত দুখন দেশৰ নাম লিখা । 


২। খালী ঠাই পূৰণ কৰাঃ 

                 চনৰ পৰা - চনলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল।


৩। শ্ৰীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্ৰদায়ৰ নাম লিখা।


৪। পূৱলৈ চোৱা নীতি কি?


৫। ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ প্ৰত্যুত্তৰ পাকিস্তানে কেনেদৰে দিছিল?


৬। ভাৰত আৰু বাংলাদেশ পৰস্পৰে সহযোগ আগবঢ়োৱা দুটা বিষয় উল্লেখ কৰা।


৭। ভাৰত আৰু নেপালৰ মাজত কিবা বিশেষ সম্পৰ্ক আছে বুলি তুমি ভাবানে? কিয় তেনেদৰে ভাবা?


৮। SAARC ক এটা প্ৰভাৱী সংগঠন কৰি তোলা বাবে ভাৰতে কৰা দুটা প্ৰচেষ্টা বিষয়ে লিখা। 

Ans:  SAARC ক এক প্ৰভাৱী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দুটা প্ৰচেষ্টা হ'ল- 

(ক) ছাৰ্কৰ মূল উদ্দেশ্য আছিল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু ঐকতা স্থাপন কৰা আৰু বৃদ্ধি কৰা। এই উদ্দেশ্য সফল পূৰণৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰণ ভাৰতে ইয়াৰ সদস্যৰাষ্ট্ৰ হিচাপে ইয়াৰ আন সকলো ৰাষ্ট্ৰৰ লগতে এক সৌহাৰ্দ্যপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে।

(খ) ছাৰ্কৰ আন এক লক্ষ্য হ'ল দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক উন্নয়ন আৰু কৰা পাৰস্পৰিক সহায় সহযোগিতা আগবঢ়োৱা। এই ক্ষেত্ৰতো ভাৰতৰ প্ৰচেষ্টা উল্লেখযোগ্য। ভাৰতে দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক আৰু লেনদেন গঢ়ি তুলিছে আৰু বিপদ আপদৰ সময়ত প্ৰয়োজন সাপেক্ষে এই ৰাষ্ট্ৰ সমূহক সহায়ৰ হাত আগবঢ়াই আহিছে।

  এনেবোৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে ছাৰ্কক এক প্ৰভাৱী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।


৯। SAFTA ই কি বুজায়?


১০। LITE ৰ অৰ্থ কি? 


১১। ৰাজতন্ত্ৰৰ পিছত নেপালত গণতন্ত্ৰ কিদৰে প্ৰৱৰ্তন কৰা হৈছে?


১২। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দুটা ক্ষেত্ৰ উল্লেখ কৰা।

Ans: ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হৈছে।তথাপি দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ এতিয়াও সংঘাত বিৰাজমান। ভাৰত আৰু পাকিস্তানৰ মাজত থকা দুটা সংঘাতৰ ক্ষেত্ৰ হ'ল-

(ক) সন্ত্ৰাসবাদী কাৰ্য-কলাপঃ ভাৰত আৰু পাকিস্তানৰ মাজত পৰস্পৰ দেশত সংঘটিত সন্ত্ৰাসবাদমূলক কাৰ্য-কলাপৰ বাবে পৰস্পৰ ওপৰত সন্দেহবাদী দৃষ্টিভংগী আৰু সংঘাত আছে। ভাৰতে অভিযোগ উশ্থাপন কৰে যে পাকিস্তানে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। এই বিষয়ক লৈ দুই ৰাষ্ট্ৰৰ মাজত সংঘাত বিৰাজমান।

(খ) কাশ্মীৰ সংঘাতঃ বিভাজনৰ পিছ মুহূৰ্তৰ পৰা দুই ৰাষ্ট্ৰৰ মাজত কাশ্মীৰক লৈ বিবাদ আৰম্ভ হয়। পাকিস্তান চৰকাৰে কাশ্মীৰক পাকিস্তানৰ অংশ বুলি দাবী কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৪৭-৪৮চনৰ আৰু ১৯৬৫ চনৰ যুদ্ধয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত কৃতকাৰ্য নহ'ল। ১৯৪৭-৪৮ চনৰ যুদ্ধৰ ফলত কাশ্মীৰ প্ৰদেশ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক ১৯৭১ চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে। কিন্ত এই বিবাদ বা সংঘৰ সম্পূৰ্ণ নিৰ্মূল বৰ্তমানো হোৱা নাই।

  এনে বহু ক্ষেত্ৰত বা বিষয়কলৈ এতিয়াও দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু পৰিলক্ষিত হয়।


১৩। SAARC গঠন কৰা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা।

Ans: SAARC ৰ গঠন কৰা সাতখন ৰাষ্ট্ৰ হ'ল- বাংলাদেশ, ভূটান, ভাৰত, নেপাল, মালদ্বীপ, শ্ৰীলংকা আৰু বাংলাদেশ।


১৪। ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তিত অন্তৰ্ভুক্ত হোৱা দেশসমূহৰ নাম লিখা।


১৫।  SAARC দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা।


১৬। SAARC সদস্যবোৰৰ নাম লিখা। 


১৭। দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম লিখা।


১৮। ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা। 


১৯। ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনো দুখন সদস্যৰাষ্ট্ৰৰ নাম লিখা।

Ans: ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনো দুখন সদস্যৰাষ্ট্ৰৰ নাম হ'ল: ভাৰত আৰু বাংলাদেশ।


২০। তাচখণ্ড চুক্তি তাৎপৰ্য লিখা। 


২১। ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাত আৰু সহযোগিতাৰ ক্ষেত্ৰ উল্লেখ কৰা। 


২২। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিৰ্পযয়ৰ দুটা কাৰণ উল্লেখ কৰা। 


চমু উত্তৰৰ আদৰ্শ প্ৰশ্নঃ

১। দক্ষিণ এছিয়াৰ বিভিন্ন দেশে একধৰণৰ ৰাজনৈতিকব্যৱস্থাকে অনুসৰণ কৰে বুলি তুমি ভাৱানে? তোমাৰ উত্তৰ যুক্তিযুক্তা প্ৰতিপন্ন কৰা।


২। এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা।


৩। পূব পাকিস্তানৰ লোকসকলে মুক্তি আন্দোলনৰ প্ৰতি ঢাল খোৱাৰ কাৰণবোৰ আঙুলিয়াই দিয়া। 


৪। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক জটিলতাসমূহ আঙুলিয়াই দিয়া। 


৫। SAARC গঠনৰ মূল কাৰণসমূহ কি কি? 


৬। সাম্প্ৰতিক দৃশ্যপটত শ্ৰীলংকা মৰ্যদাৰ নিৰ্ণয় কৰা। 


৭। বাংলাদেশৰ স্বাধীনতা লাভত ভাৰতে কিদৰে সহায় কৰিছিল?


৮। পঞ্চশীলৰ বিষয়ে এটা টোকা লিখা।


৯। ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ বিষয়ে লিখা।


১০। ২০০১ চনৰ আগ্ৰা শীৰ্ষ সন্মিলনৰ বিষয়ে লিখা।


১১। 'সামৰিক শাসন আৰু গণতন্ত্ৰ পাকিস্তানত একেটা মুদ্ৰাৰে ইফিঠি-সিপিঠি'- ব্যাখ্যা কৰা।


১২।  এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত পাকিস্তানৰ ব্যৰ্থতাৰ বাবে দায়ী কাৰকসমূহ লিখা।


১৩। পাকিস্তানত নদীৰ পানীৰ ভাগ-বটোৱাৰা সম্পৰ্কীয় সমস্যাবোৰ আলোচনা কৰা।


১৪। 'ভাৰত হ'ল নেপাললৈ সাহায্য আগবঢ়োৱা একক বৃহৎ ৰাষ্ট্ৰ- সত্যাসত্য প্ৰমাণ কৰা। 


১৫। SAARC ত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা। 

Ans: ভাৰত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা অৰ্থাৎ  SAARC ৰ এক উল্লেখযোগ্য সদস্য ৰাষ্ট্ৰ। এই সংস্থা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপক ৰাষ্ট্ৰ হিচাপে ভাৰতে এক  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা স্থাপন বাবে গঠন কৰা ঐক্যবদ্ধ সংস্থা ছাৰ্কৰ আন্তঃগাঠনিৰ আৰম্ভণিৰ ব্যৱস্থা আৰু পদক্ষেপ সমূহক সম্পূৰ্ণ সমৰ্থন আৰু সহযোগ কৰিছিল। ছাৰ্কৰ ১৮ খন সন্মিলনৰ ভিতৰত ৩খন ভাৰতে ইয়াৰ ভূ-খণ্ডত অনুষ্ঠিত কৰে। সেয়া হ'ল- ১৯৮৬ চনত বাংগালোৰত ছাৰ্কৰ দ্বিতীয় সন্মিলন, ১৯৯৫ চনত নতুন দিল্লীত অষ্টম সন্মিলন আৰু ২০০৭ চনত নতুন দিল্লীত চতুৰ্থদশ সন্মিলন অনুষ্ঠিত হয়। ভাৰতে ছাৰ্কৰ সমূহ সদস্যৰ সৈতে এক বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক বৰ্তাই ৰাখিছে। ভাৰতে প্ৰথম বিজ্ঞান-প্ৰযুক্তিগত উন্নয়ন  আৰু সা-সুবিধাবোৰ ফলসমূহ সকলো দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ অৰ্থাৎ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে মিলিজুলি সমানভাৱে উপভোগ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইয়াৰ ওপৰতে ভিত্তি কৰি ভাৰতে National Knowledge Network নীতি বা ব্যৱস্থাৰ দক্ষিণ এছিয়ালৈ বিস্তাৰ কৰা আৰম্ভণিৰ আৰু বেছি বিস্তাৰ কৰি ভূটান, বাংলাদেশ আৰু শ্ৰীলংকা পযৰ্ন্ত বিস্তাৰ কৰে। ভূটানত এই ব্যৱস্থাৰ বিস্তৃতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত শুভাৰম্ভ কৰে। তদুপৰি ভাৰতে ২০১৭ চনৰ মে' মাহত South Asian Satellite (SAS) নামৰ এটা চেটেলাইটৰ উদ্দোধন কৰে শ্ৰীহৰিকূটাৰ পৰা। SAS ৰ অন্তিম প্ৰমাণ বা প্ৰদৰ্শনসমূহ ভূটান, মালদ্বীপ, বাংলাদেশ,আফগানিস্তান,নেপাল,শ্ৰীলংকাত স্থাপন বা প্ৰতিষ্ঠা কৰা হৈছে।

      ছাৰ্কলৈ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হ'ল যে দক্ষিণ এছিয়া বিশ্ববিদ্যালয় ভাৰতৰ ভূ-খণ্ডতেই অৱস্থিত। ২০০৮ ছাৰ্ক সন্মিলনৰ জৰিয়তে সকলো সদস্য ৰাষ্ট্ৰৰ চৰকাৰসমূহৰ মাজত সম্পাদিত এক চুক্তিৰ জৰিয়তে সকলো সদস্য ৰাষ্ট্ৰৰ শিক্ষাৰ্থী আৰু গৱেষক সকলৰ বাবে সুবিধাজনক সৰ্বোচ্চমানৰ আৰু উন্নত শিক্ষা ব্যৱস্থাৰ ব্যৱস্থা কৰিবৰ বাবে এই বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয় যাৰ দ্বাৰা এই ৰাষ্ট্ৰসমূহৰ শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা আৰু ডিগ্ৰী-ডিপ্লমা গ্ৰহণ কৰিব পাৰে।

        তাৰোপৰি ভাৰতে ছাৰ্ক আভ্যন্তৰীণ সংস্থা দুৰ্যোগ ব্যৱস্থাপনা অনুষ্ঠানৰ গৃহভূমি যি ভাৰতৰ গুজৰাতৰ গান্ধীনগৰৰ গুজৰাত দুৰ্যোগ ব্যৱস্হাপনা অনুষ্ঠানৰ অন্তৰ্গত। এই অনুষ্ঠান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ২০১৭ চনৰ পৰা। এই অনুষ্ঠান বা সংস্থাই সদস্যৰাষ্ট্ৰ সমূহৰ প্ৰয়োজনীয়তাসমূহ নীতি পৰামৰ্শ, চলিত ব্যৱস্থাসমূহৰ উন্নয়নৰ হকে কাৰিকৰী সমৰ্থন, প্ৰশিক্ষণ আদিৰ জৰিয়তে দুৰ্যোগ আৰু সংকটৰ সমগ্ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় আৰু সেৱা আগবঢ়ায়। ভাৰতে দক্ষিণ এছিয়াৰ প্ৰতি অহা সকলো ভাবুকি আৰু সংকটৰ প্ৰতি সদায় সজাগ আৰু সতৰ্ক হৈ থাকি । তাৰ ভিতৰত উল্লেখযোগ্য দক্ষিণ এছিয়াৰ আৰু ইয়াৰ সীমা অতিক্ৰমি সমস্যা সন্ত্ৰাসবাদী সমস্যাৰ প্ৰতিও সদায় সতৰ্ক।

এনেধৰণেৰে ভাৰতে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে এই অঞ্চলৰ উন্নয়ন , লাভালাভ, সুৰক্ষা আৰু সহযোগিতাৰ বাবে সদায় কাম কৰি আছে। ছাৰ্ক বা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাত ভাৰতে এনেদৰে এক সক্ৰিয় ভূমিকা প্ৰতিষ্ঠাৰ কালৰ পৰা পালন কৰি আছে আৰু দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ লগতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে।


১৬। SAARC এ শেহেতীয়াকৈ গ্ৰহণ কৰা বিষয়েবোৰ উল্লেখ কৰা।


১৭। ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

Ans: দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উল্লেখযোগ্য। বৰ্তমানৰ বাংলাদেশ ব্ৰিটিছ ভাৰতৰ অসম আৰু বংগৰ কিছু অংশ লৈ গঠিত । চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ট ভাল সম্পৰ্কই বৰ্তী আছে। তথাপি দুই ৰাষ্ট্ৰৰ মাজত যে কোনো সংঘাত নাই এনে নহয়। বিভন্ন বিষয়ক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত বহু সংঘাত আছে যি দুই ৰাষ্ট্ৰৰ সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাই। তেনে কিছুমান সংঘাতৰ বিষয় হ'ল-

(ক) দুই ৰাষ্ট্ৰৰ মাজত জল  সংঘাত পৰিলক্ষিত হয়। ভাৰত আৰু পাকিস্তানৰ মাজত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশক লৈ যথেষ্ট মতানৈক্য আছে। বাংলাদেশী চৰকাৰে অনুভৱ কৰে যে ভাৰত চৰকাৰে নদীৰ পানী ভাগ-বতৰাৰ ক্ষেতত আঞ্চলিক বীৰৰ দৰে আচৰণ কৰে।

(খ) বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ প্ৰব্ৰজনক লৈ ভাৰত চৰকাৰ সন্তষ্ট নহয়।  ই ভাৰত বিৰোধী মুছলিম সন্ত্ৰাসবাদী গোটক সহায় কৰে  ।ইয়াক লৈয়ো দুই দেশৰ মাজত সংঘাত বিৰাজমান।

(গ) তদুপৰি দুই ৰাষ্ট্ৰৰ মাজত সংঘাৰ এক মূল হ'ল সীমান্ত অঞ্চল।সীমাক লৈয়ো সংঘাত চলি আছে।

(ঙ) তদুপৰি বাংলাদেশে ইয়াৰ ভূমিৰ মাজেদি ভাৰতৰ উত্তৰ-পূবলৈ সেনাৰ যাতায়ততো বাধা প্ৰদান আৰু ভাৰতলৈ প্ৰাকৃতিক গেছ ৰপ্তানি কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে। বাংলাদেশে ভাৰতে প্ৰাকৃতিক গেছ বল কৰি অনা বুলি অভিযোগ উশ্থাপন কৰে। তদুপৰি ভাৰতে চিটাগং পাহাৰ অঞ্চলত বিদ্ৰোহীসকলক উৎসাহিত কৰে বুলি মত প্ৰকাশ কৰে। 

       এনে বহু বিষয়ক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰু অসন্তষ্টি বিৰাজমান । দুই দেশে এই সমস্যাসমূহ সমাধানৰ জৰিয়তে  সংঘাত নিৰাময় কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাৰ  বাবে বহু চুক্তি সম্পাদিত কৰিছে আৰু পদক্ষেপ হাতত লৈছে । যেনে দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ উন্নতি সাধন কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ দুই ৰাষ্ট্ৰই ১৯৭২ চনত বাংলাদেশৰ ঢাকা ইন্দো-বাংলাদেশ বন্ধুত্ব , সহযোগিতা  আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰে ।এই চুক্তি অনুসৰি দুই ৰাষ্ট্ৰই পানীৰ ভাগ-বতৰাক লৈ থকা বিবাদ দূৰ কৰিবলৈ এখন সংযুক্ত নদী পৰিষদ গঠন কৰে যিয়ে উমৈহতীয়া উদ্দেশ্য পূৰণ আৰু নদীৰ পানীৰ সম ভাগ-বতৰা কৰাৰ ওপৰত কাম কৰিব। তাৰোপৰি দুই ৰাষ্ট্ৰৰ সহযোগিতা আৰু অৰ্থনৈতিক উন্নয়নৰ হেতু দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা ( SAARC) ত অংশগ্ৰহণ কৰি ঐক্যবদ্ধ আৰু উমৈহতীয়া উন্নয়নৰ সহযোগি হৈ পৰিছে ।আৰু অন্য দক্ষিণ এছিয়া দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ দৰে পৰস্পৰ শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ বাবে  SAFTA চুক্তিৰ অংশীদাৰ হৈ পৰে ২০০৪ চনত। এনেদৰে দুই ৰাষ্ট্ৰৰ সম্পৰ্কৰ উন্নতি সাধনৰ বাবে বহু পদক্ষেপ হাতত লৈছে।

   ভাৰত আৰু পাকিস্তানৰ মাজত বিভিন্ন বিষয়ক লৈ বিবাদ, সংঘাত আৰু থাকিলেও দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ সহযোগিতা আৰু ঐকমত আছে। বিগত বছৰবোৰত দুই ৰাষ্ট্ৰৰ মাজত যথেষ্ট উন্নত অৰ্থনৈতিক সম্বন্ধ গঢ়ি উঠিছে।বাংলাদেশ ভাৰতৰ পূবৰ ফালে চোৱা নীতি (Look East Policy)ৰ এটা অংশ যিয়ে ম্যানমাৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াক সংযোগ কৰিব বিচাৰে। দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক বিষয়বোৰৰ ক্ষেত্ৰত দুই দেশে সহযোগ কৰে। বহল ভিত্তিত সহযোগিতা স্থাপন কৰাৰ কাৰণে দুয়োখন দেশ আগ্ৰহী। এনেদৰে ভাৰত আৰু বাংলাদেশ আৰু ভাৰতৰ মাজত বৰ্তমান এক যথেষ্ট উন্নত সম্পৰ্ক বৰ্তি আছে কিন্ত দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানো বহু বিষয়ক লৈ সংঘাত চলিয়ে আছে যেনে ভাৰতলৈ অবৈধ বাংলাদেশী লোকৰ প্ৰব্ৰজন।


১৮। ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বিষয়ে চমুকৈ লিখা।

Ans:  দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তান পৰস্পৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজত শান্তি আৰু বন্ধুত্বতকৈ সংঘাত আৰু শত্ৰুতাহে বেছি। দুই ৰাষ্ট্ৰই স্বাধীনতাৰ সময়ৰ পৰাই পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰি আহিছে।এনে সংঘাত আৰু শত্ৰুতাৰ অন্তৰালত বহুতো বিষয় বা কাৰণ আছে। দুই ৰাষ্ট্ৰৰ মাজৰ সংঘাত হ'ল বিশেষ তাৎপৰ্যপূৰ্ণ ।

         বিভাজনৰ ঠিক পিছ মুহূৰ্ততে কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হয়।পাকিস্তান চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ। ভাৰত আৰু পাকিস্তানৰ মাজৰ ১৯৪৭-৪৮ চনৰ আৰু ১৯৬৫ চনৰ যুদ্ধয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত কৃতকাৰ্য নহ'ল। দুই ৰাষ্ট্ৰই ইখনে সিখনক সন্দেহৰ চকুৰে চাইছিল। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰী সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য কৰিবলৈ উচতনি দিয়াৰ বাবে নিন্দা কৰিছিল। ভাৰতে চৰকাৰে আৰু বিশ্বাস কৰে যে ১৯৮৫ চনৰ পৰা ১৯৯৫ চনৰ কালছোৱাত খালিস্তান বিদ্ৰোহীসকলক ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল ।তদুপৰি ভাৰতে অভিযোগ উশ্থাপিত কৰি আহিছে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী  চোৰাংচোৱাৰ বিভিন্ন সংস্হাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে,পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। দুই ৰাষ্ট্ৰৰ মাজত পানীৰ ভাগ বতৰাক লৈয় আৰু চাৰ ক্ৰীকত থকা ৰাণ আৰু কচ্চ সীমাক লৈ সংঘাত আৰু সমস্যা আছে।

     সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত বহুতো বুজাবুজি আৰু চুক্তি স্বাক্ষৰিত হৈছে। যেনে- ইন্দাচ-বেচিনৰ নদীৰ পানী ব্যৱহাৰ আৰু ভাগ-বতৰাক লৈ থকা সমস্যাৰ সমাধানৰ বাবে ১৯৬০ চনত দুই ৰাষ্ট্ৰৰ মাজত ইন্দাচ জল চুক্তি স্বাক্ষৰিত হয়, ঠিক তেনেদৰে ১৯৮৮ চনৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ প্ৰতিৰোধকৰণ চুক্তি, ১৯৯৯ চনৰ লাহোৰ চুক্তি, ২০০১ চনৰ আগ্ৰা সন্মিলন আদি। এনেদৰে দুই ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু স্বাৰ্থসিদ্ধিৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত চলিত সন্দেহ আৰু সংঘাতৰ নিৰাময় বাবে অহৰহ চেষ্টা কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ আগুৱাই গৈছে আৰু বহু দূৰ সফলো হৈছে।কাৰণ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেহে এখন ৰাষ্ট্ৰ নিৰাপদ আৰু সুৰক্ষিত হৈ থাকিব পাৰে। সেইয়ে দুই ৰাষ্ট্ৰই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে পৰস্পৰ মাজত এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। দুয়ো ৰাষ্ট্ৰ  দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা (SAARC)ৰ সদস্য য'ত  দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে ঐক্যবদ্ধ ভাৱে পাৰস্পৰিক অৰ্থনৈতিক,ৰাজনৈতিক  আৰু সামাজিক উন্নয়ন আৰু সহযোগিতাৰ বাবে কাম কৰি  আছে । দুই ৰাষ্ট্ৰৰ মাজত উত্তেজনা আৰু সংঘাত হ্ৰাস কৰি শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টাৰ উপৰি চেষ্টা চলোৱা হৈছে। দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে দুয়োখন দেশৰ মাজত বিশ্বাসযোগ্যতা অৰ্জনৰ চেষ্টা কৰা হৈছে। সক্ৰিয় সমাজকৰ্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বৰ বাতাৱৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে। নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবুজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাবিলাক সমাধানৰ পথ বিচাৰিছে।দুয়োখন দেশৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে। পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে।এনেদৰে পৰস্পৰ নিৰাপত্তা আৰু লাভালাভৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত পৰস্পৰ লেন-দেন,বাণিজ্যিক সম্পৰ্ক আৰু যোগাযোগ গঢ়ি তোলা হৈছে। বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত পূৰ্বৰ তুলনাত এক যথেষ্ট বন্ধুত্বপূৰ্ণ আৰু উন্নত সম্পৰ্ক গঢ়ি উঠিছে।ইয়াৰ মূলতে হ'ল স্বনিৰাপত্তা,সুৰক্ষা আৰু লাভালাভ। তথাপি সংঘাত আৰু বিবাদৰ সম্পূৰ্ণ অন্ত পৰা নাই।


১৯। ভাৰতবৰ্ষ আৰু নেপালৰ সম্পৰ্ক বিষয়ে লিখা।     


২০। ভাৰত আৰু শ্ৰীলংকাৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

Ans: ভাৰত আৰু শ্ৰীলংকা দুইখন ৰাষ্ট্ৰই দক্ষিণ এছিয়াৰ উল্লেখযোগ্য ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজতে বৰ্তমান এক ভাল সম্পৰ্ক বৰ্তি আছে। দুই ৰাষ্ট্ৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ঐক্যবদ্ধ আৰৰ সহযোগিতা সংস্থা ছাৰ্কৰ সদস্য। দুই ৰাষ্ট্ৰৰ মাজত যদিও এক ভাল সম্পৰ্ক আছে সংঘাত যে নাই এনে নহয়। দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ বহু সংঘাত আছে যিয়ে পৰস্পৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাই ।ভাৰত চৰকাৰ আৰু শ্ৰীলংকাৰ মাজৰ সম্বন্ধৰ মূল প্ৰতিবন্ধকটো হ'ল দ্বীপ ৰাষ্ট্ৰখনৰ নৃ-গোষ্ঠীয় সমস্যা। ভাৰতৰ পৰা প্ৰব্ৰজ্ৰন হৈ যোৱা বহু লোক শ্ৰীলংকাত বসবাস কৰি আছে। স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতি সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ আধিপত্যত পৰিচালিত হৈছিল। তেওঁলোকে ভাৰতীয় মূলৰ এই তামিল সকলক শত্ৰু জ্ঞান কৰিছিল আৰু সিংহলী জাতীয়তাবাদীসকলে ভাবিছিল যে শ্ৰীলংকাই তামিলসকলক সুবিধা দিয়াটো অনুচিত কাৰণ শ্ৰীলংকা সিংহলী জনসাধাৰণহে আৱাসভূমি । এনে ধৰণৰ ঘৃণা বা শত্ৰুতাৰ ফলত তামিলসকলৰ মাজত তামিল সামাৰিক জাতীয়তাবাদ গঢ়ি উঠে। ১৯৮৩ চনৰ পৰা সামৰিক সংগঠন লিবাৰেচন টাইৰ্গাচ অব তামিল ইলাম (LTTE) গঠন হৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে । ই শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চল নিয়ন্ত্ৰনাধীন কৰে। শ্ৰীলংকাৰ এই সমস্যাত ভাৰতীয় বংশোদ্ভৱৰ লোকসকল জড়িত হৈ পৰে। সেই ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্ৰীলংকাৰ তামিলসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে। ভাৰত চৰকাৰে তামিল সমস্যাটোৰ মোকাবিলা কৰাৰ বাবে শ্ৰীলংকাৰ চৰকাৰৰ লগত যোগাযোগ কৰে। ১৯৮৭ চনত ভাৰত চৰকাৰ প্ৰথমবাৰৰ বাবে তামিল সমস্যাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হয়।ভাৰতে শ্ৰীলংকাৰ লগত এক চুক্তি কৰি আৰু তালৈ ভাৰতীয় সেনা পঠিয়াই শ্ৰীলংকা চৰকাৰৰ সৈতে তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে। ঘটনাক্ৰমে  ভাৰতীয় সেনাই LTTE ৰ লগত এক যুদ্ধত লিপ্ত হ’ব লগা হয়। ভাৰতীয় সেনাৰ উপস্থিতি শ্ৰীলংকাবাসীয়ে সহ্য কৰা নাছিল। এইয়া তেওঁলোকে ভাৰতে শ্ৰীলংকাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ  কৰা বুলি অভিহিত কৰিছিল। এনেদৰে যেতিয়াই তামিলসকল ৰাজনৈতিকভাৱে বিতুষ্ট তেতিয়া ভাৰতৰ নেতা আৰু নাগৰিকসকল নিৰপেক্ষভাৱে বহি থাকিব নোৱাৰে। ১৯৮৭ চনৰ সামৰিক হস্তক্ষেপৰ পিছত ভাৰত চৰকাৰে শ্ৰীলংকাৰ আভ্যন্তৰীণ সমস্যাত মুক্ত নীতি গ্ৰহণ কৰাৰ পোষকতা কৰে।

      এনেদৰে পূৰ্বতে দুই ৰাষ্ট্ৰৰ মাজত এনে সংঘাতৰ পৰিৱেশ আছিল যদিও দুই ৰাষ্ট্ৰৰ মাজত লাহে লাহে সম্পৰ্ক ক্ৰমাৎ উন্নতি ঘটে আৰু বৰ্তমান দুই ৰাষ্ট্ৰই বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আছে। দুই ৰাষ্ট্ৰই পৰস্পৰ সম্বন্ধ উন্নতিকৰণ, বাণিজ্যক লেনে-দেন আৰু বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে বহু চুক্তিও সম্পাদন কৰিছে। যেনে- ১৯৭৪ আৰু ১৯৭৬ চন দুই ৰাষ্ট্ৰৰ মাজৰ সামুদ্ৰিক বা সাগৰীয়  সীমা নিৰ্দ্ধাৰণ চুক্তি, দুই ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে ১৯৯৮ চনৰ ভাৰত-শ্ৰীলংকা মুক্ত বাণিজ্য চুক্তি যি ২০০০ চনত কাৰ্যকৰী হয় আদি। এই চুক্তি সমূহে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি ঘটাত যথেষ্ট অৱদান যোগালে। শ্ৰীলংকা আৰু মাজত বৰ্তমান এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিদ্যমান আৰু পৰস্পৰৰ মাজত বিশেষ কোনো সংঘাত দেখা পোৱা নাযায় । কিন্ত পাৰস্পৰিক মতানৈক্য  এতিয়াও কম-বছি পৰিমাণে আছে যেনে- ২০১২ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত উশ্থাপিত মানৱ অধিকাৰ উলংঘনৰ প্ৰস্তাৱত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ভোটদান কৰে।


২১। ছাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা?



• দীঘল উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

  ১। ‘ ভাৰতৰ প্রতিবেশীবােৰে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশবােৰৰ ঘৰুৱা বিষয়সমূহত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে।এই ধাৰণাক তুমি সঠিক বুলি ভাবানে? 


২। SAFT কেতিয়া স্বাক্ষৰিত হৈছিল? SAFTA ৰ মূল উদ্দেশ্য কি ?


৩।  আঞ্চলিক সহযােগিতা মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা । 


৪। দক্ষিণ এছিয়াৰ আটাইবােৰ দেশৰ ক্ষেত্ৰত উমৈহতীয়া , কিন্তু পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা পৃথক কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ।


৫।  বিশ্ব শান্তিৰ বাবে ভাৰতে লােৱা ভূমিকা ব্যাখ্যা কৰা । 


৬। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পর্ক উন্নীত কৰাৰ বাবে কেইটামান পৰামর্শ দিয়া।

Ans: পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক স্বাধীনতাৰ পৰাই উন্নত নহয়। বৃটিছে দুই দেশৰ লোকৰ মনত বিভাজন, সন্দেহ আৰু শত্ৰুতাৰ যি বীজ ৰোপন কৰি সেইয়া এতিয়াও যথেষ্ট পৰিমাণে মজুত আছে। তথাপি এই সন্দেহ আৰু সংঘাতৰ অন্ত কৰিব পৰাতো সম্ভৱ । দুই দেশৰ চৰকাৰে পৰস্পৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে আৰু বহু দূৰ সফলো হৈছে কিন্ত সংঘাত আৰু শত্ৰুতাৰ অন্ত পৰা নাই। দুই ৰাষ্ট্ৰ মাজত চলিত এই সংঘাত সমূহৰ উপযুক্ত আৰু সঠিক নিৰাময় কৰিবলৈ হ'লে বিশেষ কিছুমান পদক্ষেপ আৰু ব্যৱস্থা ল'ব লাগে বা লোৱা উচিত। তেনে কিছুমান পদক্ষেপ আৰু  ব্যৱস্থা তলত উল্লেখ কৰা হ'ল-

(ক) কাশ্মীৰ বিবাদৰ স্হায়ী সমাধানঃ ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা কাশ্মীৰৰ বিভাজনক লৈ যি বিবাদ তাৰ উচিত আৰু স্হায়ী সমাধান কৰিব লাগিব। দুই দেশৰ চৰকাৰ মিলিত হয় দৃঢ় আৰু গভীৰভাৱে এই বিষয়ত শান্তিপূৰ্ণ আলোচনাত বহি দুই ৰাষ্ট্ৰৰ এক বাবে সমান আৰু উপযুক্ত সিদ্ধান্ত ল'ব লাগিব আৰু ভৱিষ্যতে এই বিষয়ক লৈ যাতে পুনৰ সংঘাতৰ উদয় নহয় তাৰ বাবে দুই ৰাষ্ট্ৰৰ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব।

(খ) অনাক্ৰমণৰ প্ৰতিজ্ঞা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধঃ দুই ৰাষ্ট্ৰৰ মাজত আক্ৰমণ প্ৰতিআক্ৰমণৰ যি দ্বন্দ্ব তাৰ অৱসান ঘটাই দুই ৰাষ্ট্ৰৰ চৰকাৰে পৰস্পৰ অনাক্ৰমণৰ বাবে চুক্তিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। লগতে দুই ৰাষ্ট্ৰৰ মাজত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপত দৃঢ়ভাৱে বাধা আৰোপ কৰিব লাগিব যাতে ভাৰতত কোনো পাকিস্তানৰ সন্ত্ৰাসবাদী সংস্থাই কূটাঘাতমূলক কাৰ্য সংঘটিত নকৰে আৰু ভাৰতেও যাতে পাকিস্তানত কোনো সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব।

(গ) পাৰস্পৰিক যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধনঃ পাকিস্তান আৰু ভাৰত দুই ৰাষ্ট্ৰৰ মাজত এক উন্নত সম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে মূলতে দুই ৰাষ্ট্ৰৰ মাজত এক উপযুক্ত যোগাযোগ আৰু আদান-প্ৰদানৰ ব্যৱস্থা গঢ়ি তুলি লাগিব যি দুই ৰাষ্ট্ৰক ক্ৰমাৎ পৰস্পৰৰ ওচৰ চাপি যোৱাত আৰু বুজি উঠাত সহায় কৰিব। সেয়ে ইয়াৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত সুচল যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থা গঢ়ি তুলিব লাগিব। দুই ৰাষ্ট্ৰৰ মাজত বাছসেৱা, বিমান পৰিৱহণ, ৰেল সেৱা আৰু উপযুক্ত আৰু সহজ ব্যৱস্থা কৰিব লাগিব যাৰ জৰিয়তে পৰস্পৰে পৰস্পৰ দেশলৈ অনায়াসে পৰিৱহণ কৰিব পাৰে। ইতিমধ্যে দুই ৰাষ্ট্ৰৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে।

(ঙ) পাৰস্পৰিক উন্নত বাণিজ্যিক ব্যৱস্থাপনাঃ পাকিস্তান আৰু ভাৰতৰ মাজত সম্পৰ্কৰ উন্নতি সাধনৰ অন্য এক উপযুক্ত উপায় হ'ল দুই ৰাষ্ট্ৰৰ মাজত উন্নত বেপাৰ-বাণিজ্যিক লেন-দেন গঢ়ি তোলা। দুই ৰাষ্ট্ৰৰ মাজত বেপাৰ বাণিজ্যৰ বৃহৎ প্ৰসাৰৰ বাবে চৰকাৰে উচিত বজাৰ ব্যৱস্থা সূচনা কৰিব লাগিব যাতে দুই ৰাষ্ট্ৰই নিজৰ উৎপাদিত সামগ্ৰী পৰস্পৰ দেশৰ বজাৰত বিক্ৰী কৰিব পাৰে।এনেদৰে আদান-প্ৰদানৰ জৰিয়তেও দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হ'ব।ইতিমধ্যে পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।

(চ) বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহায় সহযোগিতাৰ প্ৰতিষ্ঠাঃ  দুই ৰাষ্ট্ৰৰ মাজত বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহায় সহযোগিতাৰ সৃষ্টি কৰিয়ো দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰিব পৰা যাব।

      এনেধৰণেৰে পদক্ষেপ বা ব্যৱস্থা গ্ৰহণ কৰি দীৰ্ঘদিনীয়া সংঘাতৰ স্থায়ী সমাধানৰ জৰিয়তে সেই সংঘাতৰ অন্ত পেলাই আৰু নতুনকৈ বিভিন্ন ক্ষেত্ৰত সংযোগ আৰু সম্পৰ্ক স্থাপন কৰি দুই দেশৰ মাজৰ মাজত চলিত সংঘাতময় সম্পৰ্কৰ দূৰ কৰি এক বন্ধুত্বপূৰ্ণ আৰু উন্নত সম্পৰ্কৰ প্ৰতিষ্ঠা কৰিব পাৰি বা পৰাটো সম্ভাৱ ।


৭।  দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযােগিতা গঢ়াৰ মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতাসমূহ লিখা।


৮। দক্ষিণ এছিয়াৰ সমগ্ৰ অঞ্চলটোত গণতন্ত্র এটা গৃহীত আৰ্হি ’ — ব্যাখ্যা কৰা । 


৯। শ্রীলংকাৰ গােষ্ঠীগত দ্বন্দ্বত মূল ভূমিকা লওঁতাসকলৰ নাম লিখা । এই দ্বন্দ্বৰ প্ৰস্তাৱৰ ভৱিষ্যৎ সম্ভাৱনা ঠাৱৰ কৰা ।


১০। SAARC ৰ উদ্দেশ্য কি ? SAFTA ৰ ধাৰণাটো বিশ্লেষণ কৰা ।


 ১১। গণতন্ত্র প্রতিষ্ঠাৰ বাবে পূর্ব পাকিস্তানৰ ( বাংলাদেশ ) দাবীবােৰ কি কি আছিল ? 


১২। সমগ্র দক্ষিণ এছিয়াত গণতন্ত্রৰ ধাৰণা কিমান গ্রহণযােগ্য ?


১৩। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা ।


 ১৪। বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা।


 ১৫। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলােচনা কৰা। 

Ans: দক্ষিণ এছিয়াক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে গণ্য কৰা হয়। কিন্তু আজি দক্ষিণ এছিয়াত অশান্তি আৰু অৰাজকতাৰ সৃষ্টি হৈছে। গতিকে দক্ষিণ এছিয়াত কেনেকৈ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, তলত উল্লেখ কৰা কথাবোৰ আলোচনা কৰা হৈছে:

(i)  দেশসমূহৰ মাজত সহযোগিতাৰ দ্বাৰা।

(ii) দেশসমূহৰ মাজত দ্বিপাক্ষিক সংঘাত আঁতৰাই।

(iii) দক্ষিণ এছিয়াত প্ৰচলিত বৰ্তমানৰ সন্ত্ৰাসবাদক নিৰাময় কৰি।

(iv) দেশসমূহৰ ন্যায্য বিকাশৰ জৰিয়তে।

(v) প্ৰত্যেকৰে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ জৰিয়তে সকলোৱেই হয়।

(vi) সকলো দেশেই সকলো দেশক সন্মান আৰু সন্মান দিলেও ই স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিব।


Type: Nayan Jyoti Bordoloi