১।
(ক) বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম লিখা।
উত্তৰঃ বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম হৈছে - নাইট্ৰজেন, অক্সিজেন আৰু আৰ্গন।
(খ) বায়ুত কম পৰিমাণে থকা গেছ কোনবোৰ?
উত্তৰঃ বায়ুত কম পৰিমাণে থকা গেছবোৰ হৈছে - নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন।
২। বায়ুৰ কেইটামান ধৰ্ম উল্লেখ কৰা।
উত্তৰঃ বায়ুৰ কেইটামান ধৰ্ম হৈছে -
- বায়ুৰ ওজন আছে।
- বায়ুক কোনো পাত্ৰত থ'লে ই গোটেই পাত্ৰটো আগুৰি পেলায়।
- বায়ু বৰ সেৰেঙা। ইয়াৰ মাজৰে পোহৰ পাৰ হৈ যায়।
- বায়ুৰ মাজেৰে সাধাৰণতে বিদ্য়ুৎ পাৰ হৈ নাযায়।
৪। বায়ুৰ চাপ দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা আইনাৰ গিলাচত অলপ পানী লোৱা হ'ল। অলপ বহল মুখৰ সৰু বটল এটাৰ ভিতৰত এটুকুৰা কাপোৰ হেচি তলত থূপ খোৱাই লোৱা হ'ল। এটিয়া বটলটোওভোটাই থিয়ৈ থিয়ৈ পানীৰ ভিতৰত সুমুৱাই দিয়া হ'ল। বটলটো আকৌ থিয়ৈ থিয়ৈ উলিয়াই আনিলে দেখা যাব য কাপোৰখিনি নিভিজে। বটলটো পানীত ডুবি থকাৰ সত্বেও ভিতৰলৈ পানী সোমাব পৰা নাই। কাৰণ বটলটোৰ ভিতৰত বায়ু আছে। কিন্তু বটলটো পানীৰ ভিতৰতে অলপ হেলনীয়া কৰি দিলে বায়ুখিনি বুদবুদ আকাৰতওলাই আহে। তেতিয়া তাত পানী সোমায় আৰু কাপোৰখিনি তিতি যায়।
৫। বায়ুৰ চাপ কেনেকৈ সৃষ্টি হয় লিখা। বেলুন এটা ফুঁৱালে কিয় ফুলি উঠে?
উত্তৰঃ বায়ুৰ উপাদানবোৰ অতি সূক্ষ্ম কণিকাৰে গঠিত। কণিকাবোৰৰ বৈজ্ঞানিক নাম অণু। অণুবোৰ একে ঠাইতে নাথাকে।অণুবোৰ যেনি-তেনি, সকলো দিশত গতি কৰি থাকে। অণুবোৰৰ মাজত খুন্দাখুন্দি লাগি থাকে। সকলো সময়তে একাংশ অণুৱে পাত্ৰটোৰ ভিতৰৰ বেত খুন্দিয়াই থাকে। বেৰত মৰা খুন্দাবোৰেই হেঁচা বা চাপৰ সৃষ্টি কৰে।
বেলুন এটা ফুঁৱালে বেলুনটোৰ ভিতৰলৈ বায়ু সোমায়। বায়ুৰ অণুবোৰে বেলুনটোৰ ভিতৰৰ বেৰত খুন্দিয়ায়। সেই হেঁচা বা চাপত বেলুনটো ফুলি উঠে।
৬। ষ্ট্র এডালৰ সহায়ত জুলীয়া পদার্থ শুহি নিওঁতে বায়ুৰ চাপে কেনেদৰে সহায় কৰে ব্যাখ্যা কৰা।
উত্তৰঃ ষ্ট্র এডালৰ সহায়ত জুলীয়া পদার্থ শুহি নিওঁতে ষ্ট্ৰৰ ভিতৰৰ বায়ুৰ চাপতকৈ বাহিৰৰ বায়ুৰ চাপ বেছি হয়। বেছি চাপে পানী ষ্ট্ৰৰ ওপৰলৈ ঠেলি পঠিয়ায়। এনেদৰে ষ্ট্ৰৰ ব্য়ৱহাৰ কৰি জুলীয়া পদাৰ্থ শুহি নিব পাৰি।
৭। মাটিত থকা নাইট্র'জেন উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে আকৌ মাটিলৈ ঘূৰি যায়। এই বৈজ্ঞানিক তথ্যটো ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰাণীয়ে উদ্ভিদৰ পৰা নাইট্ৰ'জেন গ্ৰহণ কৰে। প্ৰাণীয়ে উদ্ভিদ- প্ৰ'টিন গ্ৰহণ কৰি নিজৰ দেহত নতুন প্ৰ'টিন তৈয়াৰ কৰে। এইবোৰত নাইট্ৰ' জেন থাকে। প্ৰাণীৰ পায়সানাৰ লগত সেইবোৰ আকৌ মাটিলৈ যায়। উদ্ভিদ মৰি-পঁচি মাটিৰ লগত আকৌ মিহলি হয়। এনেদৰে মাটিত থকা নাইট্ৰ'জেন উদ্ভিদ আৰু প্ৰাণীৰ যোগেদি আকৌ মাটিলৈ যায়।
৮। অক্সিজেনে প্রাণীক কেনেকৈ সহায় কৰে লিখা।
উত্তৰঃ অক্সিজেন অতি দৰকাৰী পদাৰ্থ। ইয়াক জুই জ্বলোৱাৰ বাবে ব্য়ৱহাৰ কৰা হয়। অক্সিজেনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে - প্ৰাণীয়ে উশাহত অক্সিজেন লয়।
৯। কার্বন ডাই-অক্সাইড উদ্ভিদৰ বাবে কিয় প্রয়ােজন ব্যাখ্যা কৰা।
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়। উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ লয়। গছৰ পাতে কাৰ্বন-ডাই-অক্সাইডৰ পৰা আহাৰ প্ৰস্তুত কৰে।
১০। এজোপা গছত লাগি থকা কেইখিলামান পাত এটা প্লাষ্টিকৰ মােনাৰ ভিতৰত সুমুৱাই থ'লে পিছত কি দেখা যাব লিখা আৰু কিয় তেনে হয় ব্যাখ্যা কৰা।
উত্তৰঃ এজোপা গছত লাগি থকা কেইখিলামান পাত এটা প্লাষ্টিকৰ মোনাৰ ভিতৰত সুমুৱাই থ'লে মোনাটো ঘামি যাব।
উদ্ভিদৰ পাতে নিশাহত এৰি দিয়া বায়ুত জলীয় ভাপ থাকে। জলীয় ভাপে পৰিৱেশটো গৰম কৰি ৰাখে। সেয়েহে গৰমৰ প্ৰভাৱত মোনাটো ঘামি যায়।
১৩। শুদ্ধ উত্তৰত ✓ চিন দিয়া।
(ক) বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ'ল - অক্সিজেন নাইট্ৰ'জেন পানীৰ ভাপ
উত্তৰঃ নাইট্ৰ'জেন।
(খ) গছত লাগি থকা আমটোৰ ওপৰত বায়ুৰ হেঁচা সকলো দিশত -
পৰে নপৰে অনবৰতে নপৰে
উত্তৰঃ পৰে।
(গ) পাত্ৰত আবদ্ধ গেছীয় পদাৰ্থৰ অণুবোৰ গতিশীল অৱস্থাত
i)থাকে ii) নাথাকে iii) কিছুমান থাকে, iv) কিছুমান নাথাকে
উত্তৰঃ থাকে।
(ঘ) বাহিৰৰ পৰা প্ৰভাৱ নেপেলালে এটা পাত্ৰত আবদ্ধ থকা বায়ুখিনিৰ চাপ সদায়
একে থাকিব লাহে লাহে কমিব লাহে লাহে বাঢ়িব
উত্তৰঃ একে থাকিব।
(ঙ) জনসংখ্যা বৃদ্ধি লগে লগে মাটিত থকা নাইট্ৰ'জেনৰ পৰিমাণ
কমিব বাঢ়িব একে থাকিব
উত্তৰঃ একে থাকিব।
১৪। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।
(ক) ফুলোৱা বেলুনৰ ভিতৰত থকা বায়ুখিনিক পৃথিৱীয়ে আকৰ্ষণ নকৰে।
উত্তৰঃ শুদ্ধ।
(খ) বন্ধ পাত্ৰ এটাৰ ভিতৰত এডাল ধূপকাঠি জ্বলালে ধোৱাখিনি আপোনা আপুনি পাত্ৰটোৰ এটা চুকত জমা হ'ব পাৰে।
উত্তৰঃ শুদ্ধ।
(গ) বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।
উত্তৰঃ শুদ্ধ।
(ঘ) আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ।
(ঙ) একেখিনি বায়ু সৰু পাত্ৰ এটাৰ পৰা নি ডাঙৰ পাত্ৰ এটাত থ'লে বায়ুখিনিৰ চাপ বাঢ়িব।
উত্তৰঃ অশুদ্ধ।
(চ) কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ'দত থ'লে বায়ুখিনিৰ চাপ কমিব।
উত্তৰঃ অশুদ্ধ।
(ছ) প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ'জেন লয়।
উত্তৰঃ অশুদ্ধ।
- Hiru Moni Bora
Check By- Mukesh Borah