অধ্যায় ১৫

কিছুমান প্ৰাকৃতিক পৰিঘটনা

 

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQs Answer

১) শুদ্ধ ( শু ) নে অশুদ্ধ ( অ ) লিখাঃ

ক) ঘর্ষণৰ ফলত সৃষ্টি হােৱা আধানক স্থৈতিক আধান বােলে।

উত্তৰঃ শুদ্ধ।

খ) এটা আহিত বস্তুৰপৰা ভূমিলৈ আধান স্থানান্তৰক ভূমিসংযােগ বােলে।

উত্তৰঃ শুদ্ধ।

গ) ভূমিকম্পৰ কথা আগতীয়াকৈ ক'ব পৰা যায়। 

উত্তৰঃ অশুদ্ধ।

ঘ) কাঁচৰ দণ্ড পাটৰ কাপােৰেৰে ঘঁহি পােৱা আধানক ঋণাত্মক আধান বােলে।

উত্তৰঃ অশুদ্ধ।


২) আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৱে কিয় আধান হেৰুৱায় ব্যাখ্যা কৰা।

উত্তৰঃ- পৃথিৱী সকলো আধানৰ ভঁৰাল । আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী । হাতেৰে স্পৰ্শ কৰাৰ লগে লগে আহিত বস্তুৰ ঋণাত্মক আধান বোৰ পৃথিৱীলৈ যায় আৰু পৃথিবীৰ পৰা ঋণাত্মক আধান শৰীৰৰ মাজেৰে গতি কৰি আহিত বস্তুৰ ধনাত্মক আধান বোৰ উদাসীন হয় । গতিকে বস্তুটোৰ আধান বোৰ হেৰুৱায়  হয় ।


৩) ভূমিকম্পৰ ধ্বংসকাৰী শক্তি জোখা স্কেলডালৰ নাম লিখা, এই স্কেলত পােৱা ৭ ৰ ওপৰ ভূমিকম্প ক্ষতিকাৰনে? 

উত্তৰঃ-  ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হল – ৰিখটাৰ । কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাব । ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছে । এনে ভূমিকম্পই ঘৰ – দুৱাৰ ক্ষতি সাধন কৰিব পৰা বিধৰ কম্পনৰ সৃষ্টি নকৰে ।


৪) বজ্ৰপাতৰপৰা নিজকে সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থাৰ আভাস দিয়া। 

উত্তৰঃ-  বজ্ৰপাতৰ পৰা সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থা হ'ল-

(১) বিজুলী-ঢেৰেকনিৰ সময়ত মুক্ত স্থান সুৰক্ষিত নহয়।

(২) ঢেৰেকনিৰ সময়ত শব্দ শুনিলেই সুৰক্ষিত স্থানলৈ যাব লাগে।

(৩) ঢেৰেকনিৰ শব্দ শুনি কিছুসময় ৰৈ হে বাহিৰলৈ ওলাব লাগে।


৫) আহিত বস্তু এটা নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো চিত্ৰৰ সহায়েৰে বৰ্ণনা কৰা।

উত্তৰঃ-  [ FOR STUDENTS ]


৬) অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়নে? ভাৰতবৰ্ষৰ ভূমিকম্পপ্রৱণ তিনিখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ- অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়। ভাৰতবৰ্ষৰ ভূমিকম্পপ্ৰৱণ তিনিখন ৰাজ্যৰ নাম হ'ল- গুজৰাটৰ ভুজ জিলা, কাশ্মীৰৰ উৰি আৰু টাংধৰ টাউনত।


৭) চ্যুতি অঞ্চল কাক বােলে? এই অঞ্চলত সহজে ভূমিকম্প হয়নে?

উত্তৰঃ- পৃথিৱীত ভূমিকম্প হ'ব পাৰে। বেছিভাগ ভূমিকম্পই অৱশ্যে পৃথিৱীৰ খোলাৰ ফলকবোৰৰ গতিশীলতাৰ বাবেই হয়। সেইবাবে ফলকবোৰৰ পৰিসীমাবোৰ দূৰ্বল অঞ্চল হয় য'ত সহজে ভূমিকম্প হয়। দূৰ্বল অঞ্চলবোৰক ভূমিকম্প প্ৰৱণ বা চ্যুতি অঞ্চল বোলে। এই অঞ্চলত সহজে ভূমিকম্প হয়।


৮) ভূমিসংযােগ কি? অট্টালিকাত কিয় ভূমিসংযােগ কৰিব লাগে বহলাই লিখা। 

উত্তৰঃ- এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰক কৰাকে ভূমি সংযোগ বোলে। বিদ্যুৎ প্রবাহত যিকোনো নিঃসৰণৰ বাবে হোৱা বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা পাবৰ বাবে অট্টালিকা বা গৃহবোৰত ভূমি সংযোগ কৰা হয়। অর্থাৎ বিদ্যুৎ প্ৰৱাহৰ অবাঞ্চিত ক্ষৰণৰ ফলত হোৱা বৈদ্যুতিক আঘাতৰ পৰা কোনো অট্টালিকা ৰক্ষা কৰিবলৈ তাত ভূমি সংযোগ কৰা হয়

৯) পৃথিৱীৰ গঠনৰ চিত্র আঁকি বিভিন্ন অংশসমূহৰ নাম লিখা।

উত্তৰঃ-  


১০) পৃথিৱীৰ ফলকবােৰৰ গতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- পৃথিৱীৰ সু-দূৰতম স্তৰ এটা খণ্ডৰ দ্বাৰা গঠিত নহয়। ই খণ্ডিত। প্রতিটো খণ্ডকে ফলক বোলে। এই ফলকবোৰ অবিৰতভাৱে গতিশীল। যেতিয়া এখন ফলকে আন এখন ফলকৰ গাত ঘঁহা খায়, নাইবা এখন ফলক আন এখন ফলকৰ খুন্দাত তলত সোমাই যায়, তেতিয়া সেইবোৰ ভূত্বকত আলোড়নৰ সৃষ্টি কৰে, ফলত পৃথিৱীৰ বহিঃপৃষ্ঠত ভূমিকম্প হয়।


 


Type- Nayan Jyoti Bordoloi

Author: Himashree Bora.

Check by - Mukesh Borah


Post ID : DABP006188